বৰষা শৰ্মা
দেশৰ ৰাজনীতিত এতিয়া উত্তপ্ত পৰিস্থিতি।ভাৰতক দুৰ্নীতিমুক্ত কৰাৰ লক্ষ্য একাংশ নেতা অধঃপতনৰ কাৰণ হৈ পৰিছে। এজনৰ পাছত আনজন ৰাজনৈতিক নেতা কবলত পৰিছে ইডিকে ধৰি বিভিন্ন কেন্দ্ৰীয় সংস্থাৰ।
এইবাৰ আম আদমী পাৰ্টীৰ ওপৰত চকু পৰিছে ইডিৰ। আপৰ দুজন প্ৰাক্তন মন্ত্ৰী ইতিমধ্যেই কাৰাগাৰত আছে। সুৰা কেলেংকাৰীৰ অভিযোগ প্ৰাক্তন মন্ত্ৰী সৈতেন্দ্ৰ জৈন, প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিচোদিয়াৰ পাছত এইবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বেয়া দিন আৰম্ভ হৈছে।
ঠন ধৰি উঠা আপৰ ঠাৰি চিঙাৰ উপক্ৰম হৈছে। যেন দলটো নিশেষ হৈ পৰাৰ পিনে গতি কৰিছে। কিয়নো আপে এই অভিযোগসমূহৰ পৰা নিজকে আঁতৰাই ৰখাতো নিশ্চয়কৈ কঠিন হ'ব। আৰু ইয়ে দলটোৰ উত্থানত প্ৰভাৱ পেলাব।
মনীষ ছিচোদিয়াই জামিন পাব বুলি দলটোৰ নেতা সমৰ্থকসকলে আশা কৰিছিল কিয়নো উচ্চতম ন্যায়ালয়ে কৈছিল যে তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ নাছিল। অৱশ্যে তেনে নহ'ল। ন্যায়লয়ে ৰায়ত ইংগিত দিছে যে নেতাগৰাকীৰ বিৰুদ্ধে প্ৰাথমিক গোচৰ চলি আছে। উচ্চতম ন্যায়ালয়ে ইডিৰ এই কথা স্বীকাৰ কৰিছে যে সুৰা বিতৰকসকলকৰ কমিছন ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি কৰাটো কেৱল তেওঁলোকৰ লাভালাভৰ বাবে কৰিছিল। যাৰবাবে লাভৰ ৩৩৮ কোটি টকা একাউণ্টত সোমাইছিল।
এই কথাই এয়াই বুজাই যে ইডিৰ প্ৰতিবেদন ন্যায়ালয়ে গ্ৰহণ কৰিছে। নগদ ধন লাভ নকৰিলেও ধন লাভ কৰাৰ অন্য পথ এটা বিচাৰি পাইছে। যিয়ে তদন্তত ইডিক সহায় কৰিব আৰু ছিচোদিয়াৰ বিৰুদ্ধে গোচৰ শক্তিশালী হৈ পৰিব।
এই ৰায়ৰ কেইটামান ঘন্টাৰ পাছতে ইডিয়ে চমন জাৰি কৰিছে আপৰ অধ্যক্ষ অৰবিন্দ কেজৰিৱালক। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱণা অধিক। যদি এনেকুৱা হয় তেন্তে জনতাই এয়া কোৱাতো অসুবিধা হ'ব যে মোডী চৰকাৰে চৰকাৰী সংস্থা ব্যৱহাৰ কৰি এই কাম কৰিছে। কিয়নো মনীষ ছিচোদিয়াৰ বিৰুদ্ধে শক্তিশালী গোচৰ আছে আৰু উচ্চতম ন্যায়ালয়ৰ পৰাও জামিন লাভ কৰা নাই। তেনে ক্ষেত্ৰত এনে এটা কেলেংকাৰীত মুখ্যমন্ত্ৰী জড়িত হোৱাৰ কথাও অস্বীকাৰ কৰিব নোৱাৰি। আপত অৰবিন্দ কেজৰিৱালৰ অনুমতি অৱিহনে গছৰ পাত এটাইও লৰচৰ নকৰে। তেওঁৱেই হৈছে দলটোৰ মুখ্য।
দুৰ্নীতিমুক্ত কৰাৰ লক্ষ্যৰে কেজৰিৱাল ক্ষমতালৈ আহিছিল। তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীলৈ ইডিৰ চমন দুৰ্ভাগ্যজনক।
যদি কেজৰিৱাল গ্ৰেপ্তাৰ হয় তেন্তে এয়া দলটোৰ বাবে সংকটৰ কাৰণ হৈ পৰিব। তেওঁৰ পাছত কোনো ল'ব আপৰ দায়িত্ব? কোন হ'ব দিল্লীৰ মুখ্যমন্ত্ৰী?
ভাৰতৰ ৰাজনীতিত এজন মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাতো ডাঙৰ কথা নহয়। পশু কেলেংকাৰী অভিযোগত গ্ৰেপ্তাৰ হৈছিল বিহাৰৰ মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ। সেই সময়ত তেওঁৰ পত্নী ৰাৱড়ী দেৱীয়ে মুখ্যমন্ত্ৰীৰ কামান চম্ভালিছিল আৰু দল-চৰকাৰ বাছি গৈছিল। ঠিক তেনেদৰে গ্ৰেপ্তাৰ হৈছিল জয়াললিতা।
পুনৰাবৃত্তি হ'ব নেত ইতিহাসৰ? যদি হয় আপে কি কৰিব? কিয়নো আৰজেডি, এআইএডিএমকেৰ দৰে আপৰ ৰাজনীতি এতিয়াও ইমান অভিজ্ঞ হৈ উঠা নাই।কেজৰিৱালৰ গ্ৰেপ্তাৰ কেৱল আপৰ নহয়, বিৰোধী শক্তি ইণ্ডিয়াৰ বাবেও এক ডাঙৰ সংকট হৈ পৰিব ।
অৱশ্যে ইয়াত এটা কথা কব লাগিব যে অৰবিন্দ কেজৰিৱাল এজন শক্তিশালী আৰু জনপ্ৰিয় নেতা। তেওঁৰ গ্ৰেপ্তাৰৰ ফলত চৰকাৰ ক্ষোভৰ সন্মুখীন হ'ব পাৰে। সদ্যহতে একো কব নোৱাৰি। এয়া আপৰ বাবে অতি কঠিন সময়। হয়তো আপত কোনো এনে নেতা ওলাব পাৰে যিয়ে দলটোক স্থিৰতা দি আগুৱাই লৈ যাব পাৰে।
ইয়াৰ মাজতে আপৰ নেত্ৰী অতিশীয়ে কৈছে যে, কেজৰিৱাল গ্ৰেপ্তাৰ নহয়। কিয়নো তেওঁ বিৰুদ্ধে কোনো গোচৰেই নাই। বিজেপিয়ে আপক ভয় কৰে সেইবাবে আপে গ্ৰেপ্তাৰ কৰিব বিচাৰিছে। বিজেপিয়ে আপক নিৰ্বাচনত হৰুৱাব নোৱাৰে যাৰ বাবে মোডীয়ে কেজৰিৱালক জেললৈ প্ৰেৰণ কৰাৰ যো-যা কৰিছে।
যি নহওক। অপেক্ষা মাঁথো ২ নৱেম্বৰলৈ। যদি কেজৰিৱাল গ্ৰেপ্তাৰ হয় তেন্তে দলৰ কামান কোনো চম্ভালিব সেয়া হ'ব ডাঙৰ প্ৰশ্ন। এই সন্দৰ্ভত আপে এতিয়ালৈকে কোনো স্থিতি প্ৰকাশ কৰা নাই।
বিগত কেইটামান বৰ্ষত আপে জনতাৰ মাজত যথেষ্ঠ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। দিল্লীতে কেৱল আৱদ্ধ নাথাকি দেশৰ অন্য ৰাজ্যতো নিজৰ স্থিতি প্ৰকাশ কৰিছে।
এতিয়া একাংশই ইয়াৰ মাজতে প্ৰশ্ন উত্থাপন কৰিছে যে এয়া সুযোগ লৈছে নেকি মোডী চৰকাৰে? সঁচাকৈয়ে ভয় খাই কেজৰিৱালৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছে নেকি শাসকীয় দলটোৱে? কিয়নো বিগত সময়ত কেজৰিৱালে প্ৰত্যাহ্বান জনাই আহিছে। আনকি চিবিআই পঠাবলৈও আহ্বান কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। তেনে ক্ষেত্ৰত ইডিৰ চমনে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে দলটোলৈও সংকট নমাই আনিছে।
চিবিআই বা ইডিক শাসকীয় পক্ষই ব্যৱহাৰ কৰি অহাৰ অভিযোগ আজিৰ নহয়। কংগ্ৰেছ চৰকাৰে হওক বা বিজেপি চৰকাৰে, বিভিন্ন সময়ত শাসকীয় দলৰ বিৰুদ্ধে কেন্দ্ৰীয় সংস্থা ব্যৱহাৰ কৰি অহাৰ অভিযোগ জনতাই উত্থাপন কৰি আহিছে।
সন্মুখত লোকসভা নিৰ্বাচন। এই সময়চোৱাত একত্ৰিত হৈছে বিৰোধী। কেইবাটাও দলে লগ লাগি গঠন কৰা বিৰোধী মৰ্চা ইণ্ডিয়া শক্তিশালী হৈ আহিছে। তেনে সময়তে বিৰোধীক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ কৰিছে নেকি কেন্দ্ৰীয় চৰকাৰে সেয়া এক ডাঙৰ প্ৰশ্ন।
Also Read: ৰাইজেই ৰজা...