অসমৰ স্থায়ী বিধানসভা...

অসমৰ স্থায়ী বিধানসভা...
Published on
Updated on

বৰষা শৰ্মা

৩০ জুলাই, ২০২৩। অসমৰ বাবে এটি চিৰ স্মৰণীয় দিন। আজিৰ দিনটোতেই অসমে লাভ কৰিলে স্থায়ী বিধানসভা। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভৱনটো উদ্বোধন কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে কেইবাগৰাকীও নেতা মন্ত্ৰী উপস্থিত থাকে।

প্ৰায় ৩৫১ কোটি টকাৰ ব্য়য় সাপেক্ষে নিৰ্মাণ হৈছে এই বিধানসভা। সচিবালয়ৰ সমীপত থকা মুকলি খেলপথাৰত নিৰ্মাণ হৈছে এই স্থায়ী বিধানসভা। সেই স্থানত ১০ একৰ ভূমিক মুঠ ৩ টা ভৱন নিৰ্মাণ হৈছে। ৪৫৫৩৮.৯৬ বৰ্গমিটাৰ জোৰা এই নিৰ্মাণৰত ভৱন সমূহৰ মুঠ ফ্লৰ এৰিয়া ৩,৬১০০ বৰ্গমিটাৰ। ২৩৪.৮৪ কোটি টকা এই প্ৰকল্পৰ বাবে চৰকাৰে আৱন্টন দিছিল।

চিমপ্লেক্স ষ্ট্ৰাকচাৰে ভৱনটো নিৰ্মাণৰ দায়িত্ব লাভ কৰাৰ লগতে জে ডি ক্ৰিয়েশ্যনে বিধানসভাৰ নতুন ভৱনৰ ইন্টেৰিঅ কাম কৰিছে। কলকাতাৰ ইন্টেৰিঅ' ডিজাইনাৰ দুলাল মুখাৰ্জীৰ নেতৃত্বতে হৈছে এই কামবোৰ।

নতুন বিধানসভা প্ৰকল্পস্থলীৰ মূল বিধানসভা ভৱনটো দুমহলীয়া। ইয়াৰ কাষতে থকা এটা ১৬ মহলীয়া আৰু আনটো ৩ মহলীয়া।

মূল বিধানসভা ভৱনটোৰ ১৮৪৫৯ বৰ্গমিটাৰ হ'ব। ইয়াৰ প্ৰথম মহলাত ১৭২ জন বিধায়ক বহিব পৰাকৈ আসন আৰু উচ্চ সদন গঠন হ'লে ৪৪ জন উচ্চ সদনৰ সদস্য বহিবলৈ আসনৰ ব্যৱস্থা কৰা হৈছে।

বিধানসভাৰ মূল ভৱনত ৭ খনকৈ লিফ্ট আছে। সংযোগী ১ নং ভৱনটোৰ মুঠ কালি ৮,০৫৬ বৰ্গমিটাৰ। ইয়াৰ উচ্চতা প্ৰায় ৭৮ মিটাৰ। তাত আছে বিভিন্ন কমিটী সমূহ বহিব পৰাকৈ চেম্বাৰ, কেফেটেৰিয়া, মন্ত্ৰীৰ চেম্বাৰ, প্ৰেছ লঞ্চ আদি।

১৯৩৭ চনৰ ৭ এপ্ৰিলত শ্বিলঙৰ বৈঠকত অনুষ্ঠিত হোৱা প্ৰথম অধিৱেশনৰ দিনাই অসম বিধানসভাৰ আৰম্ভণি হয় | শ্বিলং হৈছে সংযুক্ত অসমৰ পূর্বকালীন ৰাজধানী|

১৯৭৩ চনতেই শ্বিলঙৰ পৰা দিছপুৰলৈ লৈ অনা হৈছিল অসমৰ ৰাজধানী। ১৯৭৩ চনৰ ১৬ মাৰ্চত দিছপুৰৰ অস্থায়ী ৰাজধানীত অসম চৰকাৰৰ প্ৰথম অধিবেশন অনুষ্ঠিত হয়। ১৯৫২ চনত স্বাধীনতা-উত্তৰ ভাৰতত প্ৰথম নিৰ্বাচন অনুষ্ঠিত হয়। সেয়েহে ১৯৫২ চনত গঠিত হোৱা বিধানসভাখনক স্বাধীনোত্তৰ অসমৰ প্ৰথম বিধানসভা বুলি কোৱা হয়।

সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল শৰৎ চন্দ্ৰ সিংহ। প্ৰথমে তেওঁ সচিবালয়ক জনতা ভৱন নাম দি ৰাইজৰ বাবে মুকলি কৰি দিলে। পৰৱৰ্তী সময়ত নতুন সচিবালয় নিৰ্মাণ হ'ল।

নতুন বিধানসভা নিৰ্মাণৰ কেইবাবাৰো চিন্তা-চৰ্চা হৈ আছিল যদিও সেয়া হৈ উঠা নাছিল। বিগত সময়ত বিধানসভা অনুষ্ঠিত হৈ থকা ঘৰটো প্ৰকৃততে এটা ৱেৰ হাউচহে আছিল। অৰ্থাৎ দীৰ্ঘদিন ধৰি অসমৰ নাছিল স্থায়ী বিধানসভা ভৱন।

২০১১ চনতেই বিধানসভাৰ নতুন ভৱন নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। বহুমহলীয়া ভৱনটোৰ নিৰ্মাণ কিছু পৰিমাণে সম্পন্ন হৈছিল সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত। পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত হিতেন্দ্ৰ নাথ গোস্বামী অধ্যক্ষ হৈ থকাৰ সময়ত এদিনৰ বাবে নতুন ভৱনত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল।

কিন্তু নৱ নিৰ্মিত ভৱনটোত বহুতো খাটি নুটি উলিওৱা হৈছিল। যাৰ বাবে নিৰ্মাণ কাৰ্য বন্ধ কৰাও হৈছিল মাজত। পূৰ্বে যদিও এই বিধানসভা নিৰ্মাণৰ বাবে ২৩৪ কোটি টকা ধাৰ্য কৰা হৈছিল পৰৱৰ্তী সময়ত ইয়াৰ পৰিমাণ ৩৫১ কোটি টকালৈ বৃদ্ধি কৰা হয়।

অৱশেষত আজি সেই দিনটো আহিল । এতিয়াৰে পৰাই অসমে লাভ কৰিলে স্থায়ী বিধানসভা। অত্যাধুনিক সা-সুবিধাৰে নিৰ্মাণ কৰা হৈছে এই বিধানসভা। গণতন্ত্ৰৰ মন্দিৰ স্বৰূপ এই বিধানসভা।

আজিৰ এই বিধানসভাত দেখিবলৈ পোৱা গ'ল এক ব্যতিক্ৰমী স্বৰূপ। পুৱাৰ ভাগত সম্পন্ন কৰা হয় বাথৌ পূজা। ভৱনটোৰ ভিতৰভাগত বৃন্দাৱনী বস্ত্ৰৰ আৰ্হিত সজোৱা হৈছে। বড়ো বস্ত্ৰ-কলাৰ পয়োভৰ দেখা গৈছে। বড়ো কলা- সংস্কৃতিয়েই এক অনন্য ৰূপত সজাই তুলিছে বিধানসভা ভৱনটোক।

অসমৰ থলুৱালোকৰ বাবে এই চৰকাৰখন বুলি কৈ অহা শাসকীয় পক্ষই যে আজিৰ বিধানসভাৰ কাৰু কাৰ্যৰ দ্বাৰা এয়া প্ৰমাণ কৰি দিলে। অসমৰ ভূমিপুত্ৰৰ কলা-কৃষ্টিয়ে আগস্থান পালে বিধানসভাত। সখ্যাগৰিষ্ঠ বড়ো জনগোষ্ঠীক বিধানসভাত সুকীয়া স্থান দি চৰকাৰে যেন প্ৰেৰণ কৰিলে এক বিশেষ বাৰ্তা। অসমক জনগোষ্ঠীয় ৰাজ্যৰ দাবী কৰি অহাৰ মাজতে চৰকাৰৰ এই পদক্ষেপে বহু কথা কৈ গৈছে।

এই চৰকাৰখন জাতি-জনজাতী, জনগোষ্ঠী, প্ৰতিগৰাকী লোকৰ বাবে। এইখন চৰকাৰৰ দিনতেই ৰাইজে লাভ কৰিলে জনজাতীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, জনগোষ্ঠীয় বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীক।

কিন্তু কেৱল জানো বড়ো জনগোষ্ঠীৰ বাবে বাৰ্তা প্ৰেৰণ কৰিলে হ'ব? আন জাতি-জনগোষ্ঠীৰ সভ্যতা, সংস্কৃতি প্ৰতিফলিত হোৱাকৈ কিছু ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে।বিধানসভা এক নিৰপেক্ষ ক্ষেত্ৰ আৰু ইয়াত সকলো জাতি জনগোষ্ঠীৰে সমান অধিকাৰ আছে।

গতিকে কেৱল বিধানসভাকো ভোট বেংকৰ বাবে ব্যৱহাৰ নকৰি প্ৰকৃত অৰ্থত নিৰপেক্ষ হিচাপে নিৰ্মাণ কৰাতো চৰকাৰৰ দায়িত্ব। বিধানসভাত কৰ্মৰত বিষয়া-কৰ্মচাৰীসকলক বড়ো ভাষা শিকাৰ ব্যৱস্থা কৰা হৈছে। এয়া এক ইতিবাচক পদক্ষেপ। কিন্তু সমান্তৰালভাৱে প্ৰতিটো জাতি-জনগোষ্ঠীকে গুৰুত্ব দিয়া প্ৰয়োজন।

অসমৰ স্থায়ী বিধানসভা...
অকস্মাৎ আহিল দুটা খবৰঃ কঁপি উঠিল বিজেপিৰ দুটা শিবিৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in