''শিল্পী তুমি তিনিও কালৰ। অতীত,বৰ্তমান আৰু ভৱিষ্যতৰ'' সংগীতে হেনো নিগৰাই লৈ আনে স্বৰ্গীয় সুখ। ৮০ৰ দশকতেই গুৱাহাটীত স্থাপন হৈছিল এটি সংগীত ষ্টুডিঅ'। নাম অ'ডিটেক।
গুৱাহাটীৰ মাজমজিয়াত ১৯৮৯ চনত এই ষ্টুডিঅ' সাজি উলিয়াইছিল যশস্বী সংগীত পৰিচালক ভূপেন উজীৰে। অ'ডিটেকত কেৱল অসমীয়া গায়কেই নহয়, বলিউডৰ চনু নিগম, ছান, উদিত নাৰায়ন, তেওঁৰ পত্নী শান্তা উজীৰ আদি বিভিন্নজনৰ গীত বাণীবদ্ধ হৈছিল।
এইগৰাকী যশস্বী সংগীত পৰিচালক, বাদ্যযন্ত্রী, সুৰকাৰ, গীতিকাৰ, শব্দযন্ত্রী ভূপেন উজীৰে ৯ জানুৱাৰী ২০২৪ ত ইহলীলা সম্বৰণ কৰে। অসমীয়া সংগীত জগতত বিশাল শূণ্যতাৰ সৃষ্টি কৰি নেদেখাজনৰ ওচৰলৈ তেওঁ গ'লগৈ।
বহু বছৰ পূৰ্বে তেওঁ প্ৰেমত পৰিছিল এটা গীটাৰৰ। নিজ হাতেৰেও গীটাৰ নিৰ্মাণ কৰি শিকিবলৈ লৈছিল। নিজে গীটাৰ সাজি উলিয়াব পৰাতো তেওঁৰ আছিল আন এক দক্ষতা।
যোৰহাটত থকা অৱস্থাত বিশিষ্ট সংগীত পৰিচালক যুটি জিতু-তপনৰ সান্নিধ্য লাভ কৰিছিল ভূপেন উজীৰে। তেওঁলোকৰ হাত ধৰিয়েই প্ৰৱেশ কৰিছিল সংগীতজগতত। ইয়াৰ মাজতে উজীৰে গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত পঢ়া সাং কৰি ভাৰত চৰকাৰৰ খাদ্য নিগম বিভাগত চাকৰি কৰিছিল।
অৱশ্য সংগীতৰ সাত সুৰৰ আমন্ত্ৰণ তেওঁ নাকচ কৰিব পৰা নাছিল। যেতিয়া তেওঁক সুৰে হাত বাউল দি মাতিলে তেতিয়া আৰু তেওঁৰ চাকৰি কৰা নহ'ল। মাত্ৰ এমাহৰ দৰমহা লৈ তেওঁ চাকৰি এৰি গুচি গৈছিল সংগীত জগতলৈ। চাকৰি এৰাৰ পাচতে তেওঁ ১৯৮৪ চনত 'দেৱী' কথাছবিৰ যোগেদি সংগীত পৰিচালনাত প্ৰথম খোজ দিছিল।
এয়াই আছিল আৰাম্ভণি। তাৰ পাছত আৰু কেতিয়াও থমকি ৰোৱা নাছিল যাত্ৰা। লিখি গৈছিল সংগীত জগতৰ এক বৰ্ণিল অধ্যায়। সংগীতৰ যাদুৰে দশকৰ পাছত দশত মানুহক মুহিত কৰি গ'ল ভূপেন উজীৰে। ২০ খনৰো অধিক ছবিত সংগীত পৰিচালনা কৰি অসমীয়া সংগীত প্ৰেমিৰ হৃদয়ত স্থান লাভ কৰিছিল তেওঁ।
যোৰহাটৰ পৰা আৰম্ভ হৈছিল তেওঁৰ সংগীতৰ যাত্ৰা। সেই যাত্ৰাৰ অন্ত পৰিল নেমকেয়াৰ হাস্পতালৰ বিচনাত। হাওঁফাওঁ, বৃক্ক আৰু যকৃতৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল তেওঁ। আইচিইউত থকা অৱস্থাত হাৰ্ট এটেক হৈ ইহলীলা ত্যাগ কৰে বিশিষ্ট সংগীত পৰিচালকগৰাকীয়ে।
ভূপেন উজীৰৰ জন্ম গৈছিল ১৯৫৩ চনৰ ৫ এপ্ৰিলত যোৰহাটত। তেওঁৰ পিতৃৰ নাম আছিল নৰেন উজীৰ আৰু মাতৃৰ নাম আছিল কমলা উজীৰ। বিশিষ্ট সংগীত শিল্পী ভূপেন উজীৰৰ প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকৰ শিক্ষা সম্পন্ন হয় যোৰহাটতে। পৰৱৰ্তী শিক্ষা তেওঁ গুৱাহাটীত সাং কৰে।
১৯৭৭ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক হিচাপে নির্বাচিত হৈছিল ভূপেন উজীৰ। বহুসংখ্যক খ্যাতনামা ছবিত সংগীত পৰিচালনাৰ কাম কৰা উজীৰে ''ভাইব্রেচন'' নামেৰে এটা নিজৰ ব্ৰেণ্ড খুলি অসমীয়া সংগীতক অনন্য মাত্রা প্রদান কৰিছিল।
ভূপেন উজীৰে আন এগৰাকী প্রখ্যাত শিল্পী শান্তা উজীৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। সংগীত ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিভিন্ন বঁটাৰেও তেওঁক সন্মানিত কৰা হৈছিল।
১৯৮২ চনত 'দেৱী' ছবিৰে তেওঁ সংগীত পৰিচালনাৰ জগতত ভৰি দিছিলি। শম্ভু গুপ্তা আৰু দাৰা আহমেদৰ পৰিচালনাৰে নিৰ্মাণ হৈছিল ছবিখন। একেদৰে ১৯৮৪ চনত তেওঁ 'জীৱন সুৰভি' নামৰ ছবিখনত সংগীত পৰিচালনা কৰিছিল। আনহাতে, ১৯৮৫ চনত 'ব'হাগৰ দুপৰীয়া', 'পূজা', ১৯৮৭ চনত 'প্রতিদান', ১৯৮৮ চনত 'পিতা-পুত্র', ১৯৮৯ চনত 'ভাই ভাই', 'বৰদৈচিলা', ১৯৯০ চনত 'ধ্রুবতৰা', ১৯৯১ চনত 'যখিনী', ১৯৯৪ চনত 'অগ্নিগড়', ১৯৯৫ চনত 'পানী', 'উর্বশী, নিশাৰ অৰণ্য', ১৯৯৮ চনত 'যৌৱনে আমনি কৰে', ১৯৯৯ চনত 'বুকুৰ মাজত জ্বলে', ২০০১ চনত 'এই মৰম তোমাৰ বাবে', ২০০২ চনত 'যখম', 'মৰমী হ'বানে লগৰী', ২০০৩ চনত 'সত্যম শিৱম সুন্দৰম', ২০০৫ চনত 'অঘৰী আত্মা' আদি ছবিত সংগীত পৰিচালনা কৰি ভূপেন উজীৰে শ্রোতা-দর্শকৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।
কেৱল ছবিত গীত পৰিচালনা কৰাতেই সীমাবদ্ধ নাছিল তেওঁৰ যাত্ৰা। বিভিন্ন ধাৰাবাহিকৰ বাবে কাম কৰিছিল তেওঁ। আনকি মাজে মাজে গীতো লিখিছিল ভূপেন উজীৰে।
এবাৰ এটা সাক্ষাৎকাৰত তেওঁ কৈছিল, মই মাজে মাজে পাহৰি গৈছিলো চাকৰিত যাবলৈ। এবাৰ ডেৰ বছৰৰ বাবে পাহৰি গৈছিল। তেতিয়া মোক বৰ্খাস্ত কৰা হৈছিল। কিন্তু মই মেডিকেল চাৰ্টিফিকেট লৈ যোগদান কৰি পুনৰ পদত্যাগ কৰিছিলো। চাকৰিৰ পৰা পদত্যাগ কৰাৰ পাছত কেছেটৰ ব্যৱসায় কৰিছিলো।
এয়াই ভূপেন উজীৰ। সংগীতৰ বাবে সকলো পাহৰি গৈছিল তেওঁ। সংগীতৰ বাবে এৰি দিছিল সকলো। সংগীতৰ এই যাত্ৰা তেওঁৰ সহজ নাছিল। এই সকলোবোৰত তেওঁক সংগ দিছিল পত্নী শান্তা উজীৰে। তেওঁ কৈছিল, শান্তা উজীৰৰ দৰে পত্নী নহ'লে তেওঁৰ এই দীঘলীয়া পৰিক্ৰমা আৰু কষ্টকৰ হৈ পৰিলহেতেন।
অসমীয়া সংগীত জগতখনক অন্যতম বাট দেখুৱাওঁতা আছিল উজীৰ। তেওঁৰ মৃত্যুত যেন উকা হৈ গ'ল অসমীয়া সংগীত জগত। অসমীয়া সংগীত জগতখনৰ অন্যতম ব্যক্তি, বিশিষ্ট সংগীত পৰিচালক, শব্দযন্ত্ৰী , সংগীত শিল্পীলৈ প্ৰণাম।
Also Read: কংকনৰ কিতাপখন ওলাল...