মাত্ৰ কেইটামান ক্ষণ! দুৱাৰদলিত ৰৈ আছে এটি নতুন বছৰ। অতীতক এৰি নতুনলৈ আগবঢ়াটোৱে প্ৰকৃতিৰ নিয়ম। সেয়া আগত ৰাখিয়েই আগবাঢ়ি আছে মানৱ জাতি। কেইটামান ঘন্টাৰ পাছতে ২০২৩ বৰ্ষ শেষ হৈ আৰম্ভ হ'ব ইংৰাজী নৱবৰ্ষ ২০২৪।
নতুন মানেই আশাৰ ৰেঙনি। নতুন মানেই সম্ভাৱনাৰ চিকমিকনি । নতুন মানেই শুভ আৰম্ভণি। সময় নিৰন্তৰ, নিৰবধিৰ সময়ৰ গতি। পাৰ হৈ যোৱা সময়বোৰ নাহে উভতি। সম্ভৱনা, আশা আৰু নতুনত্বৰ বাটেৰে আহিছে ২০২৪।
শেষ আৰু এটা বছৰ। কিন্তু শেষ বুলিবলৈ জানো কিবা থাকে? এয়া আৰাম্ভণি নতুনৰ। এয়া আৰাম্ভণি নতুন সপোন, নতুন আশাৰ। কিয়নো য'ত আশা আছে, য'ত সপোন আছে তাত জীয়াই থকাৰ আনন্দ আছে।
জীৱনটো ধুনীয়া। ইয়াক ভালদৰে গঢ়ি তুলিব পাৰিলে ই আৰু অধিক ধুনীয়া হৈ পৰে। যান্ত্ৰিকতাৰ এই পৃথিৱীত মানুহবোৰ অত্যন্ত ব্যস্ত হৈ পৰিছে। আধুনিকতা, প্ৰতিযোগীতাৰ দৌৰখনত হেৰাই যোৱাৰ উপক্ৰম হৈছে।
কিন্তু মানুহ নহ'লে মানুহ জানো চলিব পাৰে? মানুহক মূল্য দিয়াৰ প্ৰয়োজন। মানুহ অবিহনে মানুহ চলা টান। সেয়ে প্ৰতিগৰাকীয়ে বুজিব লাগে সকলোৰে মূল্য।
জীৱনত সুখ-দুখ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। দুয়োটাকে লগত লৈয়ে আমি চলিব লাগিব। কিন্তু সুখক বেছি প্ৰাধান্য দিলে যে লাভ বেছি হয় সেয়া আমাৰ সকলোৰে জ্ঞাত। জীৱনৰ পৰা আমি বহুত বেছি একো আশা কৰিব নালাগে।
প্ৰাপ্তি-অপ্ৰাপ্তিৰ হিচাপ কৰাৰ সময়তেই খেলি মেলি লাগিব পাৰে জীৱন যুদ্ধত। সেয়ে জীৱনক কেৱল আগুৱাই নিব লাগে। নেদেখাজনৰ ওচৰত চিৰ কৃতজ্ঞ হ'ব লাগে যে আমাক ইমান ধুনীয়া পৃথিৱীখন চোৱাৰ সুযোগ দিছে, আমাক ইমান ধুনীয়া জীৱন দিছে।
আজি এই যান্ত্ৰিক-ব্যস্ত দুনিয়াত সম্পৰ্ক এটাৰ মূল্য অধিক। সেয়া লাগিলে আপোনাৰ পৰিয়ালৰ লগত , বন্ধু বান্ধৱ অথবা প্ৰেমৰ সম্পৰ্ক নহওক কিয়। আমাৰ মনত থকা কথাবোৰ কবলৈ কাৰোবাৰ প্ৰয়োজন হয়। আপুনি যদি কাৰোবাক বিচাৰিছে আপুনিও কাৰোবাক কথা শুনক, উপলব্ধি কৰক আৰু সহায় কৰক। আপোনাৰ ওচৰত থকা মানুহবোৰত সযতনে ৰাখক।
জীৱনত এনে বহু সময় আহে যেতিয়া ভাগৰি পৰা যায়। জীৱনটোৰ পৰা এটা অসন্তুষ্টি আহে। কিন্তু গভীৰভাৱে ভাবি চালে দেখা যায় আমি আচলতে কিমান পাইছো, কিমান ভাগ্যবান।
যদি পুত্ৰ-কন্যাই এলাগী কৰি বৃদ্ধাশ্ৰমত থকা পিতৃ-মাতৃ সুখী হ'ব পাৰে, অপোনজনক হেৰুৱাই মানুহ সুখী হ'ব পাৰে, ফুটপাথত নিশা কটোৱা মানুহ এজন সুখী হ'ব পাৰে তেন্তে আমি কিয় নোৱাৰো? নোৱাৰো বুলি জানো কিবা এটা আছে? কেৱল প্ৰয়োজন মনোবলৰ।
যাৰ বাবে আপুনি নিজক সন্মান কৰিব লাগিব, নিজক ভাল পাব লাগিব। যেতিয়া নিজেই নিজক সন্মান কৰিব, নিজৰ প্ৰিয় হ'ব তেতিয়া জীৱনৰ পৰা অসন্তুষ্টি অনুভৱ হোৱাৰ কোনো প্ৰশ্নই নাহে।
কেতিয়াবা ষ্টেচনলৈ গৈ পাইছেনে বা ৰাজপথৰ জীৱবোৰক লক্ষ্য কৰিছেনে? কেনেদৰে দিন ৰাতি কটাইছে মানুহবোৰে? এটুকুৰা পকাৰ ওপৰত জীৱন পাৰ কৰিছে। তাতকৈ জানো আপোনৰ বিচনাখনৰ উম জানো শ্ৰেষ্ঠ নহয়?
কেতিয়াবা দেখিছেনে ডাষ্টবিনৰ পৰা টুকুৰবোৰ বুটলি খোৱা মানুহবোৰক? সেই মানুহবোৰক চাই দয়া ওপজাৰ সলনি আপুনি উপলব্ধি কৰিব লাগে যে আপুনি সুখেৰে এমুঠি খাই আছে। ধন্যবাদ এনে জীৱন।
সময় কাৰো বাবে ৰৈ নাথাকে। জীৱন এটাই। এই জীৱনটোত সুখী হোৱাৰ বাবে অন্য কোনো বিকল্প নাই। আমাৰ সুখ আমাৰ হাততেই আছে। মানুহ হিচাপে জীয়াই থকাৰ সংগ্ৰাম খনত ভাল বেয়া, দোষ গুণ থাকিবই। কিন্তু আপুনি কেনেদৰে জীৱনটো আগুৱাই নিব সেয়া হ'ব গুৰুত্বপূৰ্ণ। কোনটো পথ গ্ৰহণ কৰিব, কোনটো পথ বৰ্জন কৰিব সেয়া সিদ্ধান্ত কেৱল আপোনাৰ।
কেতিয়াবা অনুভৱ হয় নে যে সকলো সলনি হ'ল? মানুহবোৰ সলনি হ'ল? বন্ধু বান্ধৱবোৰ আগৰ দৰে নাই? আচলতে সলনি বুলিবলৈ একো নাই। কেৱল যান্ত্ৰিকতাই আমাক ইমান হেঁচি ধৰিছে যে আপোনজনৰ পৰা কেতিয়া দূৰত অহা যায় গ'মেই পোৱা নাই।
নতুন বছৰলৈ মাত্ৰ কেইটামান ক্ষণ। মাত এষাৰ দিয়কচোন হেৰাই যাব ধৰা সেই আপোনজনক। হয়তো সেইজনেও আপোনাৰ দৰেই অপেক্ষা কৰি আছে এষাৰি মাতৰ। হয়তো আপোনাৰ আপোনজনকো প্ৰয়োজন হৈছে আপোনাৰ।
কিন্তু এই সকলোবোৰৰ আগত আছে আপুনি। আপোনাতকৈ ভাল, আপোনাতকৈ গুৰুত্বপূৰ্ণ কোনো হ'ব নোৱাৰে। আমি নিজক ভালপোৱাৰ পাছতহে আনক মৰম দিব পাৰিম। সেয়ে ভাল পাবলৈ শিকক জীৱনটোক, শিকক জীয়াই থাকিবলৈ, সুখী হ'বলৈ । জীৱনটো ধুনীয়া। ভালে থাকক আপুনি। আপোনালৈ শুভকামনা নতুন বছৰৰ...
Also Read: সন্তুষ্টি নে দয়া !