বৰষা শৰ্মা
তেওঁ এতিয়া অপৰিপক্ক হৈ থকা নাই। তেওঁ সবল যুক্তি, সাৱলীল বৰ্ণালনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁৰ দুৰ্দান্ত ভাষণৰ মাজতে উত্তেজিত হৈ পৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। তেওঁৰ মাত্ৰ কেইটামান প্ৰশ্নই ঠকা-সৰকা কৰিছে শাসকীয় পক্ষৰ শিবিৰ।
ছ'চিয়েল মিডিয়াতো তেওঁক লৈ উচ্চ প্ৰশংসা। প্ৰায় প্ৰতিগৰাকীয়ে কৈছে গৌৰৱ গগৈ এতিয়া অপৰিপক্ক হৈ থকা নাই। ভৱিষ্য়তে এজন সুদক্ষ ৰাজনীতিবিদ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব গগৈয়ে।
মঙলবাৰে সদনৰ মজিয়াত সাংসদ গৌৰৱ গগৈয়ে উদত্ত ভাষণ ৰাখে। মণিপুৰ কাণ্ডকলৈ বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱৰ ভাষণ ৰাখে নেতা গৰাকীয়ে। গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰি কয় যে, মণিপুৰলৈ অমিত শ্বাহ, ৰাহুল গান্ধী আন বহু নেতা গ'ল। কিন্তু প্ৰধানমন্ত্ৰী নগ'ল।বাকী ঠাই কিন্তু তেওঁ ঠিকেই ভ্ৰমণ কৰিছে। মণিপুৰ সন্দৰ্ভত মাত মাতিবলৈ তেওঁক কিয় ৮০ দিনৰ প্ৰয়োজন হ'ল। তাকো মাত্ৰ ৩০ ছেকেণ্ডৰ বাবে।
যদিহে ভিডিঅ' ভাইৰেল নহ'লহেতেন তেন্তে তেওঁ মৌন হৈয়ে থাকিলহেতেন। তেওঁ লগতে কয় যে, বিৰোধীয়ে বিচাৰিছিল মণিপুৰ সন্দৰ্ভত মোডীয়ে কিবা কওক। কিন্তু তেওঁ সদায় নীৰৱ হৈ থাকিল। যাৰ বাবে অনাস্থা প্ৰস্তাৱ আনিবলৈ বাধ্য হৈছে বিৰোধীয়।
মণিপুৰ আজি জ্বলি আছে। মণিপুৰ জ্বলিছে মানে ভাৰত জ্বলিছে। কিন্তু মোডী মৌন হৈয়ে আছে। কাৰণ তেওঁ মুখ খুলিলে সকলোৱে গম পাব যে ডাবল ইঞ্জিনৰ চৰকাৰ ব্যৰ্থ হৈছে।
সদনত গৌৰৱ গগৈয়ে এই ভাষণ প্ৰদান কৰাৰ পাছতেই শাসকীয় পক্ষত এক জোকাৰণিৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদ মেল সম্বোধন কৰি কংগ্ৰেছক তূলাধুনা কৰে। গৌৰৱ গগৈ সন্দৰ্ভতো তেওঁ কটাক্ষ মূলক মন্তব্য কৰা দেখা যায়।
মণিপুৰৰ পূৰ্বৰ সংঘৰ্ষৰ হিচাপ উল্লেখ কৰি কয় যে, মণিপুৰত যোৱা ৭৫ বছৰ ধৰি গোষ্ঠীগত সংঘৰ্ষ চলি আহিছে। কংগ্ৰেছ চৰকাৰৰ সময়তো ৰাজ্যখনত এনে সংঘৰ্ষ চলিছিল। এনে গোষ্ঠীগত সংঘৰ্ষৰ ফলতেই ১৯৯০ ত ৩০০, ১৯৯৩ ত ১০০১, ২০১২ ত ১৬৫ গৰাকী লোকৰ মৃত্যু হৈছিল। লগতে কয় যে কংগ্ৰেছ মণিপুৰখনত তিনি ভাগত কৰি থৈছে। কিন্তু মোডীয়ে একলগ কৰাৰ চেষ্টা কৰিবলৈ কাম কৰি গৈছে।
আনকি শৰ্মাই এয়াও কয় যে সেই সংঘৰ্ষৰ সময়ত কংগ্ৰেছে মণিপুৰ ভ্ৰমণ কৰা নাছিল। ইয়াৰ পাছতে কোকৰঝাৰ সংঘৰ্ষৰ কথা উল্লেখ কৰি কয় , কোকৰাঝাৰত সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ বাহিৰে আন কোনো এটা সংঘৰ্ষৰ সময়তে কংগ্ৰেছে খবৰ নল'লে। তেওঁ নেলীৰ ঘটনাৰ সময়ত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ৫ মিনিটৰ বাবে আহিছিল বুলি উল্লেখ কৰি কয় সেই সময় অসমীয়াকে দোষাৰোপ কৰিছিল। এয়া চৰকাৰৰ দায়িত্ব নহয় বুলি কৈছিল। চীনে ভাৰত দখল কৰিবলৈ চেষ্টা চলোৱাৰ সময়তো তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে অসম ভ্ৰমণ কৰা নাছিল বুলি উল্লেখ কৰে। মনমোহন সিঙৰ সময়ৰ চৰকাৰৰ হিচাপ দিবলৈও পাহৰি নগ'ল শৰ্মাই।
সাংসদ গৌৰৱ গগৈক শিশুৰ সৈতে তুলনা কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে তেওঁ ইতিহাস নাজানে। তেওঁ সদনত বহু ভুল বাখ্যা দাঙি ধৰিছে। কিয় ৰাজ্যসমূহ ভাগ কৰিলে বুলি প্ৰশ্ন শৰ্মাৰ। ইয়াৰোপৰি উত্তৰ-পূৰ্বাঞ্চলৰ সকলো সংঘাত কংগ্ৰেছৰ কামৰে পৰিণতি বুলি কয়। কংগ্ৰেছে উত্তৰ-পূৱক কন্দুৱাই আৰু বিজেপিয়ে চকুপানী মচিছে বুলি মন্তব্য কৰে শৰ্মাই।
তাৰপাছতে আজি ৰাহুল গান্ধীয়ে সদনত উদত্ত ভাষণ দিয়ে। মোডীক কটাক্ষ কৰি ৰাৱনৰ সৈতে তুলনা কৰি কয় যে, লংকা হনুমানে জ্বলোৱা নাছিল। ৰাৱণৰ অহংকাৰৰ বাবে জ্বলিছিল লংকা। তেওঁ কয়, ৰাৱণক ৰামে হত্যা কৰা নাছিল তেওঁৰ অহংকাৰেহে তেওঁক হত্যা কৰিছিল। ৰাৱণে দুজনৰ কথা শুনিছিল। মেঘনাদ আৰু কুম্ভকৰ্ণৰ। মোডীয়েও দুজনৰ কথা শুনে। এজন অমিত শ্বাহ আৰু আনজন পুঁজিপতি আদানীৰ।
মোডীয়েও সেইদৰেই গোটেই দেশত কেৰাছিন ঢালি আছে। মণিপুৰত কেৰাচিনৰ সৈতে জুইও লগাই দিছে। মোডীক দেশদ্ৰোহী আখ্যা দি গান্ধীয়ে কয় য়ে মণিপুৰ জ্বলি আছে। মণিপুৰত ভাৰতক হত্যা কৰা হৈছে। আপুনি ভাৰত মাতাৰ ৰক্ষক নহয়, ভাৰতমাতাৰ হত্যাকাৰী।
ৰাহুল গান্ধী, আৰু গৌৰৱ গগৈৰ ভাষণত দেখা গৈছে সবল যুক্তি। যাৰ ওচৰত ধৰাশায়ী হৈছে শাসকীয় পক্ষ। হিমন্ত বিশ্বই কোৱাৰ দৰে এতিয়া আৰু অপৰিপক্ক হৈ থকা নাই গৌৰৱ গগৈ। শিশুও হৈ থকা নাই তেওঁ। তেওঁ এতিয়া যুক্তিৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ মুখৰ মাত উলিয়াব পৰা হ'ল।
আনহাতে ৰাহুল গান্ধীও যেন এতিয়া পাপ্পু হৈ থকা নাই। ৰাহুল গান্ধীৰ বলিষ্ঠ যুক্তিয়ে যেন শংকিত কৰিছে শাসকীয় পক্ষক। মন কৰিলে দেখা যায় যে বিগত কেইটামান বছৰত ৰাহুল গান্ধীয়ে ৰাজনৈতিক ক্ষেত্ৰখনত অতি পৰিপক্কতাৰে স্থিতি স্পষ্ট কৰিছে।
ভাৰত জোড়ো যাত্ৰাৰ পৰা আৰম্ভ কৰি সদনত তেওঁৰ ভাষণলৈ, সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। সামাজিক মাধ্যমত ইয়াকলৈ চলিছে এতিয়া ব্যাপক চৰ্চা। একাংশই কোৱাৰ দৰে ভৱিষ্যতে গান্ধী সুদক্ষ ৰাজনীতিবিদ হৈ পৰিব।
ইয়াৰ সমান্তৰালকৈ একাংশই সমালোচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। যি সময়ৰ কথা কৈ তেওঁ কংগ্ৰেছক সমালোচনা কৰিছে সেই সময়ত তেওঁৱো এজন কংগ্ৰেৰ নেতায়ে আছিল। যদি শৰ্মাই পাহৰিছে এয়া মনত কৰা অত্যন্ত প্ৰয়োজন যে তেওঁ উল্লেখ কৰা কিছু সময়ত তেওঁ কংগ্ৰেছৰ মন্ত্ৰী হৈয়ে আছিল।
অপৰিপক্ক কোন? গৌৰৱ গগৈ, হিমন্ত বিশ্ব, নে ৰাহুল গান্ধী? সেয়া উত্তৰ জনতাৰ হাতত। জনতাই দেখি আহিছে সকলো। হিমন্ত বিশ্ব শৰ্মাক উত্তৰ-পূৱৰ ৰাজনীতিত 'চানক্য' বুলি কোৱা হয়। কিন্তু বিজেপিৰ কিছু কাণ্ডৰ পাছত অস্বস্তিত ভুগিছে জনতা। আনহাতে গৌৰৱ আৰু ৰাহুল এতিয়া উন্নতিৰ ফালে আগবাঢ়িছে।
২০২৪ চনৰ লোকসভা নিৰ্বাচন আহি আছে। গতিকে ইয়াৰ পূৰ্বে দেশত অৰাজকতাৰ সৃষ্টি হোৱাতো স্বাভাৱিক। কেইবাখনো ৰাজ্য এতিয়া জ্বলি আছে। কিন্তু কানসাৰ নাই শাসকীয় পক্ষৰ। চৰকাৰৰ নিদ্ৰা ভাঙিবলৈ জনতা তথা বিৰোধীয়ে চেষ্টা কৰি আছে যদিও জগা নাই চৰকাৰ।
বৰ্তমান বিৰোধীয়েও এক মজবুত স্থিতি গ্ৰহণ কৰি আহিছে। বিৰোধী মৰ্চা 'ইণ্ডিয়া'ত আছে এটাৰ পাছত আন এটা শক্তিশালী দল। আনহাতে বিশেষকৈ মণিপুৰ সন্দৰ্ভত চৰকাৰৰ স্থিতিক লৈ একাংশই বহু প্ৰশ্নও উত্থাপন কৰিছে। যদিহে বিৰোধী এনেদৰে মজবুত হৈ আগবাঢ়ি যায় তেন্তে আগন্তুক সময়ত অপ্ৰতিৰোধ্য হ'ব বিৰোধী।
কেৱল বিৰোধী নহয়, জনতাইও বিচাৰিছে মণিপুৰ সন্দৰ্ভত ব্যৱস্থা লওক চৰকাৰে। জনতাৰ কথা শুনক। এবাৰ মণিপুৰলৈ আহত। অষ্টলক্ষ্মী আখ্যা দিয়াৰ পাছত মণিপুৰৰ অৱস্থাক লৈ কিয় চৰকাৰে সঠিক সিদ্ধান্ত গ্ৰহণ কৰা নাই সেয়া এক ডাঙৰ প্ৰশ্ন। মণিপুৰত সদায় মানুহ পৰিছে। প্ৰতিদিনেই বৃদ্ধি পাইছে অপৰাধৰ ঘটনা। গতিকে এয়া জনতাৰ কণ্ঠস্বৰ শুনাতো চৰকাৰৰ এক কৰ্তব্য।
Also Read: মৰুভূমি হৈ যাওঁক অসম ! মোডীক দিয়া কথা মতেই হ'ব লাগিব পাম খেতি...