বৰষা শৰ্মা
যুদ্ধ কাৰো কাম্য নহয়। যুদ্ধ মানেই ক্ষতি, যুদ্ধ মানেই মৃত্যুৰ কিৰিলি। যুদ্ধই ঘূণীয়া কৰে এখন সমাজ, এটা প্ৰজন্ম, ভাঙি পেলাই লাখ লাখ মানুহৰ সপোন। যুদ্ধৰ দ্বাৰা কাৰো উপকাৰ নহয়। ধ্বংসস্তুপত পৰিণত হয় সকলো।
ইজৰাইলতো এতিয়া একেই অৱস্থা। চাৰিওফালে যেন কেৱল মৰিশালী। ইজৰাইলৰ পৰা আহিছে কেৱল বেয়া খবৰ। ইজৰাইলত মানুহ মৰিছে, নাৰীৰ ওপৰত চলিছে অকথ্য নিৰ্যাতন। মহিলাক ৰাজপথৰ পৰা টানি নিছে। মহিলাৰ মৃতদেহ উলংগ কৰি ট্ৰাকত বান্ধি পেৰেড কৰাইছে। এক ভয়ংকৰ, বিভৎস দৃশ্য। যি দৃশ্য সুস্থ চকুৰে চাব নোৱাৰি।
কিয় এই যুদ্ধ? কিয় এই অৰাজকতা? এই কথা বিস্তাৰভাৱে আলোচনা কৰিবলৈ বহু বছৰ পাছলৈ ঘূৰি যাব লাগিব। যেতিয়া পেলেষ্টাইন আছিল এখন ডাঙৰ ৰাষ্ট্ৰ। তেতিয়া ইজৰাইল বুলিবলৈ একো নাছিল। বিশ্বৰ বিভিন্ন প্ৰান্তত বিশেষকৈ ইউৰোপৰ বিভিন্ন স্থানত সিঁচৰিত হৈ থকা ইহুদিসকল পেলেষ্টাইনলৈ প্ৰৱজ্ৰন কৰা আৰম্ভ কৰিছিল।
প্ৰৱজ্ৰনকাৰী লাহে লাহে বৃদ্ধি পাইছিল। তেতিয়াই এজন ইহুদি ব্যক্তিয়ে পেলেষ্টাইনত ব্যৱসায় কৰাৰ বাবে অনুমতি বিচৰাত অনুমতি দিছিল পেলেষ্টাইনে। প্ৰায় তেতিয়াৰ পৰাই আৰম্ভ হৈছিল পেলেষ্টাইনৰ বেয়া দিন।
ব্যৱসায়ৰ চলেৰে লোকজনে এটা ট্ৰাষ্ট গঠন কৰিছিল। সেই ট্ৰাষ্টৰ কাম আছিল বিশ্বত সিঁচৰিত হৈ থকা ইহুদি সকলক একত্ৰিত কৰা। লাহে লাহে পেলেষ্টাইনত ইহুদিৰ সংখ্যা বৃদ্ধি হৈ ১০,০০০ হৈছিলগৈ। তেতিয়াই জিউচসকলে নিজৰ কলনী সদৃশ ঠাই খুলি লৈছিল।
ইহুদিৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হৈ পৰিছিল। আৰু ১৯৪৮ চনত গঠন হৈছিল ইজৰাইল। শক্তি বৃদ্ধি হৈছিল ইজৰাইলৰ। লাহে লাহে পেলেষ্টাইনৰ ভূমি অধিগ্ৰহণ কৰি গৈছিল ইজৰাইলে। মাজত আৰু বহু কথা। এই সকলোবোৰৰ মাজতে ইজৰািল বৰ্তমান হৈ পৰিছে বিশাল ৰাষ্ট্ৰ। চাৰিওফালে মুছলিম দেশে আগুৰি থকাৰ পাছতো ইজৰাইলে কেৱল নিজৰ বিকাশ, উন্নয়ন, তথ্য প্ৰযুক্তিৰে নিজৰ ভৰিত থিয় দি আছে।
কেইবাবছৰ আগতে আৰম্ভ হোৱা এই যুদ্ধ এতিয়াও শাম কটা নাই। ইজৰাইল-পেলেষ্টাইনৰ মানুহৰ বাবে যুদ্ধ সদৃশ পৰিৱেশ স্বাভাৱিক কথা হৈ পৰিছে। কিন্তু এয়া জানো শুভ লক্ষণ?
সমগ্ৰ পৃথিৱীৰ মাটিকালি ৯৫ আৰৱ ২৯ কোটি ৬০ লাখ একৰ। ইয়াত প্ৰায় ৮ আৰৱ মানুহে বাস কৰে। এই বিশাল মাটি কালিৰ ৩৫ একৰ মাটি এনে আছে যাক লৈ বছৰ বছৰ ধৰি যুদ্ধ অব্যাহত আছে, য'ত লাখ লাখ মানুহৰ মৃত্যু হৈছে এই পৰ্যন্ত।
এই ৩৫ একৰ ভূমিৰ মালিক কোন, তাক লৈ এতিয়াও কোনো সিদ্ধান্ত হোৱা নাই। এই ভূমিখিনিকলৈয়ে ইজৰাইল-পেলেষ্টাইনৰ মাজত বছৰ বছৰ ধৰি যুদ্ধ অব্যাহত আছে।
এই যুদ্ধৰ প্ৰকৃত সত্য জানিবলৈ হ'লে ৩৫ একৰ ভূমিৰ বিষয়ে জনাতো অত্যন্ত আৱশ্যক।জেৰুজালেমত থকা এই ৩৫ একৰ ভূমিক লৈ তিনিটা ধৰ্মৰ মানুহৰ মাজত যুদ্ধ অব্যাহত আছে। এই ঠাইখিনিক ইদুহী সকলে হৰ-হৱাইয়ত বা টেম্পল মাউন্ট বুলি কয়। আনহাতে মুছলিম সকলে ইয়াক হৰম-অল-শৰীফ বুলি কয়। খ্ৰীষ্টান লোকসকলেও এই ঠাইখিনি বিচাৰে।
এই ঠাইখিনিত আগতে পেলেষ্টাইনৰ আছিল। পাছত এই ঠাইখিনি ইজৰাইলে অধিগ্ৰহণ কৰে আৰু জেৰুজালেমক ৰাজধানী পাতে। কিন্তু এই ঠাইখিনিক লৈ একো সিদ্ধান্ত লোৱা হোৱা নাছিল। যাৰ বাবে এই ঠাইখিনি সংযুক্ত ৰাষ্ট্ৰৰ অধীনত আছে।
এই ঠাইখিনিত বহু বছৰ আগতে খ্ৰীষ্টান লোকসকলৰ অধীনত আছিল। ১১৮৭ চনৰ পৰা মুছলমানসকলে এই ঠাইখিনি অধীনত ৰাখে। কিন্তু ১৯৪৮ চনত ইজৰাইলৰ জন্ম হয় আৰু মুছলিম লোকসকলে নিজৰ মাটি হেৰুৱায়।
মুছলিম সকলৰ দাবীঃ
মুছলমান বিশ্বাস অনুসৰি, মক্কা আৰু মদিনাৰ পিছত হাৰাম-আল-শ্বৰীফ তেওঁলোকৰ বাবে তৃতীয় পবিত্ৰ স্থান।তেওঁলোকৰ মতে, পয়গম্বৰ মহম্মদে মক্কাৰ পৰা উৰি ঘোঁৰা এটাত হাৰাম আল-শ্বৰীফলৈ আছিল। গতিকে এই ঠাইখিনিত জন্নত লাভ কৰা হয়। এই হাৰাম আল-শ্বৰীফৰ ওপৰত এখন মছজিদ নিৰ্মাণ কৰা হৈছিল। যাৰ নাম আল আকছা মছজিদ। এইটো বিশ্বাস কৰা হয় যে এই মছজিদটো সেই ঠাইত নিৰ্মাণ কৰা হৈছে য'ত পয়গম্বৰ মহম্মদে ভৰি ৰাখিছিল।
ইহুদী সকলৰ দাবীঃ
ইহুদী সকলৰ মতে ইয়াত টেম্পল মাউন্ট আছিল। এই ঠাইতে ইশ্বৰে মাটি ৰাখিছিল। য'ত আদমৰ জন্ম হৈছিল। এই ঠাইত ঈশ্বৰে অব্ৰাহামক কুৰ্বানী বিচাৰিছিল। অব্ৰাহামৰ দুটা পুত্ৰ আছিল। এটা হৈছে ইছমাইল আৰু আনটো হৈছে আইজাক। আব্ৰাহামে আইজাকক কুৰ্বানী দিয়াৰ সিদ্ধান্ত লওতে ইশ্বৰে সেই ঠাইত এটা ভেড়া ৰাখিছিল। যাৰ বাবে সেই ঠাইৰ নাম টেম্পল মাউন্ট ৰখা হয়। আইজাকৰ এটা পুত্ৰ আছিল। যাৰ নাম আছিল জেকব। জেকবৰ আন এটা নাম আছিল ইজৰাইল। মান্যতা অনুসৰি তাৰ পৰাই ইহুদি সাম্ৰাজ্যৰ বিস্তাৰ হৈছিল যাৰ বাবে দেশৰ নাম ইজৰাইল ৰাখে।
খ্ৰীষ্টান সকলৰ দাবীঃ
খ্ৰীষ্টানসকলে বিশ্বাস কৰে যে যীচু খ্ৰীষ্টই এই ৩৫ একৰ ভূমিৰ পৰা উপদেশ দিছিল। এই ভূমিৰ পৰা তেওঁক ক্ৰুচবিদ্ধ কৰা হৈছিল। এই ভূমি অতি পৱিত্ৰ।
কিন্তু এই যুদ্ধ কেৱল সেই মাটিখিনিৰ বাবেই নহয়। পেলেষ্টাইনে নিজৰ মাটি , নিজৰ ঘৰ, নিজৰ ঠাই উভতাই বিচাৰি এই যুদ্ধ কৰে।
১১৮৭ চনৰ পৰা এই ঠাইখিনত মুছলমান সকলে অধিগ্ৰহণ কৰি ৰাখিছিল। কিন্তু সেই সময়ত পেলেষ্টাইনত ইংৰাজে শাসন কৰি আছিল। ১৯৪৮ চনত ইংৰাজে পেলেষ্টাইনক দুটা অংশত ভাগ কৰে। পেলেষ্টাইনৰ সমগ্ৰ ভূমিৰ ৪৫ শতাংশ ইজৰাইলক দিয়া হৈছিল। তাৰ পাছতে ১৯৪৮ চনত ইজৰাইলে নিজকে স্বাধীন দেশ হিচাপে ঘোষণা কৰে আৰু প্ৰথমখম ইহুদী ৰাষ্ট্ৰ নিৰ্মাণ কৰে।
জেৰুজালেমক লৈ কিন্তু বিবাদ অব্যাহত আছিল। কিয়নো সেই ঠাইখিনিক দুয়োখন দেশে ৰাজধানী কৰিব বিচাৰিছিল। তেতিয়া সংযুক্ত ৰাষ্ট্ৰই এই বিবাদত প্ৰৱেশ কৰিছিল আৰু জেৰুজালেমৰ ৮ শতাংশ মাটি সংযুক্ত ৰাষ্ট্ৰৰ অধীনত ৰাখিছিল। আনহাতে ৪৮ শতাংশ মাটি পেলেষ্টাইন আৰু ৪৪ শতাংশ মাটি ইজৰাইলক দিছিল।
এই বুজাবুজিৰ পাছতো পেলেষ্টাইনত ইজৰাইলৰ অধিগ্ৰহণ অব্যাহত আছিল। ১৯৫৬, ১৯৬৭, ১৯৭৩ , ১৯৮৩ চনত ইজৰাইল-পেলেষ্টানৰ যুদ্ধ হয় আৰু ইজৰাইলে নিজৰ পৰিসৰ বৃদ্ধি কৰাই গৈ থাকে। আৰু এতিয়া এনে পৰিস্থিতি আহি পৰিছে যে পেলেষ্টাইনৰ হাতত কেৱল ১২ শতাংশ মাটিহে বাকী আছ। জেৰুজালামক এৰি ইজৰাইলে প্ৰায় ৮০ শতাংশ মাটি নিজৰ অধীনত আনিছে।
পেলেষ্টাইনৰ ওচৰত এতিয়া কেৱল গাজা আৰু ৱেষ্ট বেংকহে আছে। ৱেষ্ট বেংকত বেছি অশান্তকৰ পৰিৱেশ নাথাকিলেও গাজাত প্ৰায়েই যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈ থাকে। কিয়নো গাজাত হামাছ(বিদ্ৰোহী সংগঠন)ৰ অধীনত থকা বুলি কব পাৰি। আৰু বৰ্তমানৰ যুদ্ধ গাজা আৰু ইজৰাইলৰ মাজত হৈ আছে।
ইজৰাইল এখন শক্তিশালী ৰাষ্ট্ৰ। যাৰ বাবে ইজৰাইলে নিজৰ ৰাষ্ট্ৰ নিৰ্মাণ কৰিব পাৰিছে। ইজৰাইলৰ ওচৰত এক বিশাল সেনবাহিনী আছে। ইয়াৰোপৰি ইজৰাইলৰ বায়ু সেনা বা অন্য নিৰাপত্তাৰ দিশ সমূহ সমগ্ৰ বিশ্বতে জনাজাত। ইজৰাইলে ৰকেটৰ পৰা আৰম্ভ কৰি বহু সামগ্ৰী নিজে তৈয়াৰ কৰে।
আনহাতে পেলেষ্টাইন এখন দুৰ্বল ৰাষ্ট্ৰ। কোৱা হয়, ইৰাণে পেলেষ্টাইনত বোমা বাৰুদ যোগান ধৰে। পেলেষ্টাইনৰ নিজা সেনাবাহিনীও নাই। যদি পেলেষ্টাইনৰ নিজা সৈন্য নাই, তেন্তে হামাছে পেলেষ্টাইনৰ হৈ কিয় যুঁজ দিয়ে?
১৯৮৭ চনত পেলেষ্টাইন অঞ্চলৰ পৰা ইজৰাইলী বাহিনীক আঁতৰোৱাৰ উদ্দেশ্যৰে হামাছ গঠন কৰা হৈছিল। তেতিয়াৰ পৰা হামাছে নিজকে মুছলমান সকলৰ বাবে বুলি দাবী কৰি ধাৰাবাহিকভাৱে ইজৰাইলৰ সৈতে যুদ্ধ কৰি আহিছে। হামাছে ইজৰাইলক স্বীকৃতি নিদিয়ে আৰু সমগ্ৰ পেলেষ্টাইন মুছলিম সকলৰ অধীনত আনিব বিচাৰে।
কাৰণ যিয়েই নহওক। এই যুদ্ধ বন্ধ হ'ব লাগে। কাৰোবাৰ ক্ষমতা, কাৰোবাৰ লালসাৰ বাবে লাখা লাখ মানুহে প্ৰাণ হেৰুৱাইছে। কেৱল মানুহ মৰিছে। সকলোফালে কেৱল নৰ কংকাল। সকলোফালে কেৱল কান্দোনৰ ৰোল।
প্ৰথমবাৰৰ বাবে ইজৰাইলে আনুষ্ঠানিক যুদ্ধ ঘোষণা কৰিছে। এই যুদ্ধ হয়তো সহজে শাম নাকাটে। হামাছে ভালদৰে জানে যে ইজৰাইলৰ লগত যুদ্ধ কৰিবলৈ তেওঁলোক সক্ষম নহয়। তাৰ পাছতো ৫০০০ টা ৰকেটেৰে হামাছে কৰা আক্ৰমণৰ আঁৰত নিশ্চয় কিবা উদ্দেশ্য আছে।
এই যুদ্ধত বৰ্তমানলৈকে ১০০০তকৈ অধিক মানুহে প্ৰাণ হেৰুৱাইছে। মহিলাসকলক হামাচ বাহিনীয়ে অত্যাচাৰ কৰিছে। এই দুখ লগা ঘটনা, সমাজ এখনক কষ্ট দিয়া ঘটনা বন্ধ হ'ব লাগে। এনেদৰেই যদি থাকে সকলো তেন্তে ইজৰাইল-পেলেষ্টাইন মানুহৰ বাবে অনুপযোগী হৈ পৰিব। আশা এটাই, এই সকলোবোৰ ঠিক হ'ব আৰু ইজৰাইল-পেলেষ্টাইনে শান্তিৰ উশাহ ল'ব।
Also Read: আহি আছে পৰীক্ষা!