নায়ক নে খলনায়ক?

নায়ক নে খলনায়ক?
Published on
Updated on

বৰষা শৰ্মা

চাৰিওফালে কেৱল জুই আৰু জুই। হাজাৰ হাজাৰ মানুহ ওলাই আহিছে ৰাজপথলৈ। ইন্টাৰনেট কৰ্তন, কাৰ্ফিউ। পুৰুষ-মহিলাকে ধৰি হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে ভিৰ কৰিছে লতাশিল খেলপথাৰ। আৰক্ষীৰ লাঠিৰ কোব খোৱাৰ পাছতো সকলোৱে একেমুখে চিঞৰিছে ''কা (নাগৰিকত্ব সংশোধনী আইন) আমি নামানো''।

এয়া ২০১৯ চনৰ গুৱাহাটীৰ ৰাজপথৰ দৃশ্য। য'ত শ্বহীদ হৈছিল ৫ জনকৈ নিৰীহলোক।বহু মানুহ এতিয়াও ঘূণীয়া হৈ ৰ'ল। সাহিত্যিকৰ পৰা আৰম্ভ কৰি অভিনেতা-অভিনেত্ৰী সকলোৱে যোগ দিছিল এই আন্দোলনত।

ইয়াৰ মাজতে আছিল অভিনেতা যতীন বৰা। একাংশৰ দৰে অসমৰ জনতাৰ হাত ধৰি যতীন বৰাই বিৰোধিতা কৰিছিল 'কা'ৰ। সকাহ পাইছিল জনতাই। এৰা জনপ্ৰিয় অভিনেতা গৰাকী জনতাৰ লগত আছে। জনতাৰ আবেগ বুজিছে যতীন বৰাই।

কিন্তু মানুহ সদায় আৱেগৰ বশৱৰ্তী হৈ নাথাকে। যতীন বৰাও নাথাকিল। বহুতে কয় টকা-পইচা, ধন-সম্পত্তি নহ'লে সকলো মিছা। যতীন বৰাৰ ভুল ভাগিল! নিজৰ ভুল মানি সমৰ্থন কৰিলে 'কা'ৰ।

পুনৰ বিজেপিত যোগদান কৰি বৰাই কয় ''মই ২০১৫ চনত বিজেপিত আহিছিলো। ৰাজনীতি লৈ মোৰ কোনো উচ্চাকাংক্ষা নাই। শিল্পীসকলৰ বাবে কিবা এটা কৰাৰ স্বাৰ্থত বিজেপিত যোগ দিলো।  অসমৰ সংস্কৃতিক জগতখন আগুৱাই নিবলৈ বিজেপিৰ বাদে অন্য বিকল্প নাই''।

কাৰ বিৰোধিতা কৰা তেওঁৰ ভুল বুলি সোৱৰাই বৰাই কয় যে,কা আন্দোলনৰ সময়ত মই ভীতিগ্ৰস্ত হৈ বিজেপি ত্যাগ কৰিছিলো।

কেৱল যতীন বৰাই নহয়, পৰৱৰ্তী সময়ত বহু শিল্পীৰ ভুল ভাগিছিল! যতীন বৰাৰ এনে কাণ্ডত সকলোৱে আচৰিত হৈছিল। কৈছিল মানুহে ক্ষমতাৰ বাবে নিজৰ জাতিক বিশ্বাসঘাটকতা কৰিব পাৰেনে?

তাৰ কিছুদিন পাছত আহিছিল আন এক খবৰ। যতীন বৰাই নিযুক্তি লাভ কৰিলে এ পি ডি চি এলত। অভিনেতাগৰাকীক প্ৰদান কৰা হ'ল এ পি ডি চি এলৰ সঞ্চালক পদৰ দায়িত্ব। পুনৰ গৰম হ'ল ছ'চিয়েল মিডিয়া। একাংশই বুজি পালে অভিসিন্ধিৰ কথা। সমালোচনা কৰিলে।

এই সমগ্ৰ ঘটনাৰাজি ২-৩ বছৰৰ। জনতাৰ বুকুত, আৱেগত চুৰীৰে আঘাত কৰা দি যতীন বৰাই কৰি গৈছিল কামবোৰ। জনতাৰ চকুৰ মণি যতীন বৰা যে হৈ পৰিল জনতাৰ চকুৰ কুটা।

কথাত কোৱা হয়, আপোনজনে দিয়া দুখ পাহৰিব নোৱাৰে কোনোৱে। যিমানেই পুৰণি ঘা নহওক কি, সমস্যা দিবই। চকুৰ পচাৰতে বহুতৰ প্ৰিয় অভিনেতাগৰাকীয়ে ৰাইজৰ আগত তেওঁৰ স্থান হেৰুৱালে।

কেৱল যতীন বৰাই নহয়, আৰু বহুলোক আছিল তেওঁ দৰে। যিয়ে প্ৰথম অৱস্থাত 'কা'ৰ বিৰোধিতা কৰি পাছত সমৰ্থন কৰিছিল। ইয়াৰে একাংশ গ'ল ৰাজনীতিলৈ, একাংশ বহি আছে উচ্চ স্থানত। কিন্তু মানুহে সকলো পাহৰি মনত ৰাখিছে একালৰ প্ৰিয় অভিনেতাগৰাকীক।

ইয়াৰ মাজতে আহিছে এক ভাল খবৰ। ২৭ অক্টোবৰত ছবি গৃহলৈ আহিব যতীন বৰাৰ ছবি 'ৰাঘৱ'। ইতিমধ্যে ছবি খনৰ টিজাৰ মুক্তি লাভ কৰিছে। টিজাৰৰ মুক্তিৰ পাচতে বিভিন্ন মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

ছ'চিয়েল মিডিয়াত এতিয়া 'ৰাঘৱ'ক লৈ চৰ্চা। একাংশই যদি সমৰ্থন জনাইছে একাংশই বিৰোধিতা কৰিছে। বহুতে লিখিছে যে প্ৰিয় অভিনেতাগৰাকীয়ে কৰা ভুল, বিশ্বাসঘাটকতাৰ বাবে তেওঁলোকে চিনেমা নাচায়।

কোনোৱো কৈছে-মানুহৰ ৰাজনৈতিক আৰু সাংস্কৃতিক দিশটো বেলেগ বেলগ। গতিকে এগৰাকী ভাল অভিনেতাৰ অসমীয়া ছবি চাবলৈ আগ্ৰহেৰে বাট চাই আছে। অভিনেতা হিচাপে যতীন বৰাৰ দক্ষতা কোনোৱে নুই কৰিব নোৱাৰে।

ইয়াৰ পূৰ্বে ২০১৯ চনত ছবিগৃহলৈ আহিছিল যতীন বৰাৰ ছবি 'ৰত্নাকাৰ'। সকলো লোকৰ মুখে মুখে 'ৰত্নাকৰ'ৰ সংলাপকে শুনিবলৈ পোৱা গৈছিল। হিল দ'ল ভাঙি ছবিগৃহলৈ দৰ্শকৰ সোঁত বৈছিল দৰ্শকৰ। প্ৰত্যকৰে মুখত কেৱল ৰত্নাকৰৰ নাম। জুবিন গাৰ্গৰ মিছন চাইনা, কাঞ্চনজংঘাৰ পিছত সগৌৰৱেৰে ছবিগৃহত চলিছিল যতীন বৰাৰ ৰত্নাকৰ।

বাণিজ্যিকভাৱে সফল হৈছিল ছবিখন। পূৰ্বৰ সকলো অসমীয়া ছবিৰ অভিলেখ ভংগ কৰিছিল ৰত্নাকাৰে। ছবি নিৰ্মাণৰ বাবে আত্মবিশ্বাস মিছন চাইনা, কাঞ্চনজংঘা অথবা ৰত্নাকৰে দৃঢ় কৰি তুলিছিল। ১৯৩৫ চনত জন্ম লাভ কৰা অসমীয়া ছবিৰ উদ্যোগটোক পুনৰ সাৰ পানী যোগাইছিল এইসমূহ ছবিয়ে।

বলিউডৰ ছবিক নেওচিও আগুৱাই আছে অসমীয়া ছবি উদ্যোগ। দৰ্শকৰ অভাৱ-চিত্ৰগৃহৰ অভাৱৰ বাবে বহু নিৰ্মাতা হতাশো হৈছে। তথাপিও নিৰ্দিষ্ট সময়ত ছবি নিৰ্মাণ হৈ আহিছে।

শেহতীয়া এক প্ৰমাণ- 'শ্ৰী ৰঘূপতি'। ৰবি শৰ্মাৰ এই ছবিখনে গঢ়িলে অন্য এক অভিলেখ।প্ৰায় ১০ কোটি টকা অৰ্জন কৰি অসমীয়া ছবি উদ্যোগত এক বিশেষ স্থান বনাই ল'লে।

অসমীয়া ছবি উদ্যোগক চহকী কৰিবলৈ একাংশ চেষ্টা চলাই গৈছে। সেয়া লাগিলে ড° ভবেন্দ্ৰ নাথ শইকীয়া , জাহ্নু বৰুৱাৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গলৈ নহওক কিয়।  'মিছন চাইনা'ক লৈ জুবিন গাৰ্গে কৰা সকলো কষ্ট দুখ জনতাই দেখিছিল। সকলোৰে মুখত আছিল কেৱল মিছন চাইনাৰ কথা, মিছন চাইনাৰ গীত। কাঞ্চনজংঘাৰ ক্ষেত্ৰতো একেই।

এইবাৰ আহিছে যতীন বৰাৰ ছবি ৰাঘৱ। প্ৰথমবাৰৰ বাবে অসমীয়া ছবিজগতত যতীন বৰাই ভুমুকি মাৰিছিল ১৯৮৯ চনত। আব্দুল মজিদ পৰিচালিত ছবি "উত্তৰকাল"ৰ যোগেদি প্ৰথমবাৰৰ বাবে তেওঁ ভুমুকি মাৰিছিল। ২০০০চনত মুনীন বৰুৱাৰ দ্বাৰা পৰিচালিত ছবি "হিয়া দিয়া নিয়া"ৰ যোগেদি বিশেষ এক পৰিচিতি লাভ কৰিছিল শিল্পীগৰাকীয়ে।

ইয়াৰ পাছত শিল্পীগৰাকীয়ে দি গৈছে এখনৰ পাছত আন এখন ছবি। কিন্তু নায়ক হৈ জনতাৰ মাজত থকা শিল্পী গৰাকী যেন এতিয়া একাংশৰ বাবে খলনায়ক হৈ পৰিছে।

অৱশ্যে ইয়াৰ মাজত এটা কব লাগিব যে এই সকলো সমূহ ছবিয়েই সমালোচনাৰ সন্মুখীন হৈ আহিছে। সেয়া লাগিলে কাহিনী, চিত্ৰ বা আন কিবায়ে নহওক কিয়। ভুলৰ পৰাই মানুহে শিকি। এনেদৰে শিক্ষালৈয়ে আগুৱাই গৈছে অসমীয়া ছবি।

'শ্ৰী ৰঘূপতি' ছবিখনৰ কাহিনী একাংশই ভাল নাপালেও অন্য দিশ সমূহে মানুহক আকৰ্ষিত কৰিছিল। ৫০ বছৰ গৰকা ৰবি শৰ্মাক দেখি সকলো আচৰিত হৈ পৰিছিল।অন্য অভিনেত-অভিনেত্ৰী বা কলা কুশলীসকলৰ অভিনয়েও ৰাইজক মুহিত কৰিছিল। সকলো অভিনেতাকে পৃথকভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছিল ছবিখনত।

'ৰাঘৱ'ৰ টিজাৰ মুকলি কৰাৰ পাছতো ছবিখন কিছু পৰিমাণে সমালোচনাৰ সন্মুখীন হৈছে। যতীন বৰাৰ এটা ফটো যথেষ্ঠ ভাইৰেল হৈছে। য'ত যতীন বৰাক যথেষ্ঠ পৰিমাণে শকত দেখা গৈছে। এক কথাত ক'বলৈ হ'লে মানুহে আজিৰ দিনত মানুহজনৰ চেহেৰা, দৈহিক গঠনৰ ওপৰত ভিত্তি কৰিও বহু দিশ নিৰ্ণয় কৰে।

নিশ্চিতভাৱে যতীন বৰা এগৰাকী সফল অভিনেতা। অভিনয়ৰ বাবে ৰাইজে হৃদয়ত স্থান দিছিল তেওঁক। আশা এটাই, খলনায়ক হৈ পৰা যতীন বৰা পুনৰ নায়ক হৈ পৰিব। তেওঁৰ অভিনয়েৰে পুনৰ ৰাইজৰ হৃদয় জিনিব আৰু ৰাঘৱে অসমীয়া ছবিজগতক আৰু এখোজ আগুৱাই নিব।

নায়ক নে খলনায়ক?
হে' ধৰ্মবীৰ, জেহাদীৰে তোমাৰ পাৰ্থক্য কি?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in