বৰষা শৰ্মা
দিনবোৰ সলনি হৈছে। পৰিৱৰ্তনে চুই গৈছে আমাক। নতুন সময়ৰ চাকনৈয়াত হেৰাই গৈছে পুৰণিবোৰ। আধুনিকতাৰ প্ৰলেপ সানি আমি দৌৰিছো নতুনত্বৰ সন্ধানত, কিবা এটা পোৱাৰ আশাত। এনেকৈয়ে গৈ আছে সময়, য'ত কোনোবাখিনিত আমি হেৰাই পেলাইছো নিজকে।
সময় শব্দটিত সোমাই আছে সমস্ত। চকুৰ পচাৰতে সময় কেনেদৰে গুচি যায় গমকে পোৱা নাযায়। যাওঁ বুলিলেই গুচি যায় সময়। ধৰি ৰাখো বুলিতো আৰু হাতৰ মুঠিত ধৰি ৰাখিব নোৱাৰি।
পুৰণি দিনবোৰলৈ আমাৰ এতিয়াও মনত পৰে। ভাবি চালে সেই দিনবোৰেই ভাল আছিল। আজিৰ দিনৰ দৰে যান্ত্ৰিকতা নাথাকিলেও আছিল আন্তৰিকতা। মানুহৰ মাজত দেখা গৈছিল দায়িত্ববোধ আৰু মূল্যবোধ। কিন্তু এতিয়া যেন কোনে কাক কিমান মিছা মাতিব পাৰে তাৰ হে প্ৰতিযোগিতা চলে।
পুৰণি দিনবোৰত নাছিল কাৰো ওচৰতে ইমান ধন-সম্পত্তি। তথাপিও যেন সুখী আছিল। কিন্তু এতিয়া যেন এনে নহয়। কেইদিনমান আগতে এজন যুৱকে ছ'চিয়েল মিডিয়াত পোষ্ট দিছিল যে, তেওঁ সুখী নহয়। তেওঁৰ ওচৰত ভাল চাকৰি আছে, বছৰি আয় তেওঁ প্ৰায় ৫৮ লাখ টকা। তাৰ পাছতো তেওঁ অকলশৰীয়া। গতিকে কেনেকৈ ক'ব টকা-পইচাই মানুহক সুখ দিব পাৰে বুলি?
মানুহৰ ওচৰত এতিয়া সময় কম। এনেকুৱা পৰিস্থিতি আহি পৰিছে যে নিজৰ পিতৃ-মাতৃৰ লগত সময় কটাবলৈও চৰকাৰে সময় বান্ধি দিছে। ল'ৰা-ছোৱালীক পঢ়াই শুনাই ডাঙৰ-দীঘল কৰিছে, কিন্তু সেই ল'ৰা ছোৱালীয়ে পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত ৰাখিছে।
কেইমাহমান পূৰ্বে দিল্লীৰ পৰা এক বাতৰি আহিছল। য'ত এহাল বৃদ্ধ দম্পত্তিক তেওঁলোকৰ জীৱনৰ সফলতাৰ বাবে বঁটা দিয়া হৈছিল। কিন্তু তাৰ পাছতো তেওঁলোকে কৈছিল অকলশৰীয়া জীৱনৰ কথা। তেওঁলোকৰ পুত্ৰ-জীয়ৰি বিদেশত ভাল সংস্থাপন লাভ কৰিছে। বিদেশতে বিবাহ-পাশত আৱদ্ধ হৈছে। কিন্তু এতিয়ালৈকে তেওঁলোকে নিজৰ নাতিক ওচৰৰ পৰা দেখা নাই। তদুপৰি পুত্ৰই বছৰ বছৰ ধৰি তেওঁলোকলৈ ফোন কৰিব সময় নাপায়। জীয়ৰীৰ ক্ষেত্ৰতো একেই কথা।
অৱশ্যে সকলো এনে নহয়। হাতৰ ৫ টা আঙুলি যেনেদৰে সমান নহয়, ঠিক তেনেদৰে সকলো মানুহো সমান নহয়। যান্ত্ৰিকতাৰ যুগতো আমি কেনেদৰে নিজৰ খোপনি ভাল ঠাইত ৰাখিব পাৰো সেয়া আমাৰ নিজৰ ওপৰত।
প্ৰতিদিনেই বাতৰি শুনিবলৈ পাঁও। নিজৰ পিতৃ-মাতৃ বা সন্তানকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে একাংশই। তেন্তে আস্থা আৰু বিশ্বাস ক'ত হেৰাল? আচলতে বেয়াবোৰৰ মাজত ভালবোৰ হেৰাই গৈছে। কিবা এটা নোপোৱাৰ দুখে খুলি খাই আমাক। আমাৰ প্ৰতিদিনে বৃদ্ধি হোৱা লালসাই সুখ নামৰ শব্দটিত আকৌ এটি প্ৰলেপ সানি থৈ যায়।
যান্ত্ৰিকতা মানে জানো এয়া? মানুহে মানুহক চিনি নাপাই, কেৱল নিজৰটো ভৱা, আনক সহায় নকৰা আদিয়েই যদি যান্ত্ৰিকতা তেন্তে এই যান্ত্ৰিকতা হয়তো কাৰোৱেই কাম্য নাছিল!
পুৰণি দিনবোৰত যৌথ পৰিয়ালতো লাভ কৰিছিল অনাবিল সুখ। ঘৰবোৰ সৰু হ'লেও মানুহে আনন্দ কৰি দিন কটাইছিল। কিন্তু এতিয়া যেন ঘৰবোৰ ডাঙৰ হৈ গৈছে আৰু ঠেক হৈ গৈছে মানুহৰ মনবোৰ। এতিয়া ঘৰবোৰত কোঠা বহুত, কেৱল নাই কোনো তাত থাকবিলৈ। আছে ডাঙৰ ডাঙৰ চোফা-বিচনা। কিন্তু তাত বহি সন্ধিয়াৰ চাহ কাপৰ জুতি ল'বলৈ অভাৱ আপোনজনৰ।
আগৰ দিনবোৰত দেখা গৈছিল যে ওচৰৰ মানুহৰ কিবা এটা হ'লে দৌৰি যায়। বিয়া সবাহৰ পৰা আদি কৰি বেয়া দিনলৈকে প্ৰতিটো সময়তে ওচৰত থাকে আত্মীয়জন। যদি কোনোবাই কাৰোবাৰ ভাল দিনত শান্তি পাইছে বেয়া দিনত কান্দিছে।
কিন্তু এতিয়া প্ৰকৃত অৰ্থত সময় সলনি হৈছে। আপোনাৰ সুখত সুখী হোৱা, দুখত দুখী হোৱা ওচৰ-চুবুৰীয়া আপুনি ক'মেই পাব। সকলোৱে কেৱল এক অঘোষিত প্ৰতিযোগীতাত নামি পৰিছে। কোনোবাই কাৰোবাৰ বেয়াতো দেখি মুখ টিপি হাঁহিছে।
সহায় কৰাৰ মানসিকতা মানুহে যেন হেৰাই পেলাইছে। ইমানখিনি আধুনিক হোৱাৰ পাছতো যেন কোনোবা খিনিত কোনোবাই নিকৃষ্ট মন এটি লৈ ঘূৰি ফুৰিছে।
মানুহক জীৱশ্ৰেষ্ঠ আখ্যা দিয়া হয়। কিন্তু আমি বৰ্তাই ৰাখিব পাৰিছোনে আমাৰ জীৱশ্ৰেষ্ঠৰ মৰ্যদা? আধুনিকতাৰ লগে লগে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। হত্যা, ধৰ্ষণ, লুণ্ঠন আদিয়ে জৰ্জৰিত কৰিছে সমাজখনক।
সম্পত্তিৰ বাবে পিতৃক হত্যা, নিজ সন্তানত হত্যা, ধৰ্ষণ প্ৰায় স্বাভাৱিক হৈ পৰিছে। কিয় মানুহ এনে হৈ গৈছে? কিয় একাংশই হেৰুৱাই পেলাইছে মানৱতা? কোনে কাক কেতিয়া ক'ত বিপদত পেলাই ধৰিবই নোৱাৰি।
অন্ধবিশ্বাস, কু-সংস্কাৰটো আছে। একাংশই কোনো অভিযোগৰ ভিত্তিতেই কাৰোবাক মৰিয়াই মৰিয়াই হত্য়া কৰাৰ ঘটনা এই অসমতে বহুত আছে। সেই ঘটনাক্ৰমৰ বলি হোৱা লোকজনক সহায় কৰিবলৈ মানুহ খুব কমেই ওলাব। একাংশ ব্যস্ত থাকে ফটো, ভিডিঅ' লোৱাত। এয়া ডিজিটেলৰ যুগ। যাৰ মাজত মানুহে যেন হেৰুৱাই পেলাইছে নিজৰেই অস্তিত্ব।
আজিৰ জীৱন আমাৰ হাতত। ইয়াক কেনেদৰে নিয়ন্ত্ৰণ কৰো সেয়া আমাৰ ব্যক্তিগত কথা। কিন্তু এজন এজন মানুহক লৈ গঠন হয় এখন সমাজ। গতিকে ভাল সমাজ এখন গঢ়াত প্ৰতিজন ব্যক্তিৰে অৱদান প্ৰয়োজনীয়। মানৱতা হেৰাই যাব দিব নোৱাৰি। আজি যদি কাৰোবাৰ বেয়াটো চাই আমি হাঁহিছো, কাইলৈ আমাক হাঁহিব।
আমাৰ সুখ আমাৰ হাততেই আছে। মানুহ হিচাবে জীয়াই থকাৰ সংগ্ৰাম খনত ভাল বেয়া, দোষ গুণ থাকিবই। কিন্তু আপুনি কেনেদৰে জীৱনটো আগুৱাই নিব সেয়া হ'ব গুৰুত্বপূৰ্ণ। কোনটো পথ গ্ৰহণ কৰিব, কোনটো পথ বৰ্জন কৰিব সেই সিদ্ধান্ত কেৱল আপোনাৰ।
সময় সঁচাকৈয়ে নিষ্ঠুৰ নহয়নে? আপুনিতো ঘূৰি যাব নোৱাৰে অতীতলৈ। কিন্তু এতিয়াও সময় আছে, পৰিয়ালটোৰ ওচৰত এবাৰ বহি কথা পাতিবলৈ, লগৰজনক কেনে আছা বুলি সুধিবলৈ। আপোনাৰনো কি যাব? আপোনজনে সুখ পাব। হতাশাত ভুগি বন্ধ কোঠাত নিজকে আৱদ্ধ কৰি ৰখা আপোনাৰ আপোন জনে সাহস পাব যে 'মোৰো আপোন আছে'।
ক্ৰমান্বয়ে হেৰাই যাব ধৰা জীৱশ্ৰেষ্ঠৰ মৰ্যদা ধৰি ৰখাতো আমাৰ হাতত। মূল্যবোধ তথা প্ৰমূল্যবোধৰ হাতত ধৰি আধুনিকতাৰ লগত খোজ মিলাই কেনেদৰে আমি এখন প্ৰকৃত আধুনিক সমাজ গঢ়িব পাৰো সেয়া আমাৰ প্ৰতিজনৰ হাতত। এয়া আমাৰ সমাজৰ প্ৰতি দায়িত্ব।