আপোনাৰ ভাল হ'ব...

কেতিয়াবা ট্ৰেফিকত ঘন্টা ঘন্টা ধৰি পাৰ কৰি পাইছেনে? কিমান যে অহস্য লাগে, কিমান যে অস্বস্তিকৰ! কিন্তু যেতিয়াই গাড়ীখন লাহে লাহে আগবাঢ়িব ধৰে,মনটো ভাল লাগে।

author-image
বৰষা শৰ্মা
New Update
আপোনাৰ ভাল হ'ব...

মানুহৰ মনত প্ৰশ্নৰ কোনো সীমা নাই। কিন্তু সীমাহীন প্ৰশ্নৰ প্ৰতিটো উত্তৰ পোৱা কঠিন। আমাৰ প্ৰায়ভাগৰে মনত উদয় হোৱা প্ৰশ্নবোৰৰ ভিতৰত আছে কি হ'ব? কেনেকৈ চলিম? কি কৰিম ইত্যাদি ইত্যাদি। আমি সকলোৱে বিভিন্ন জনক বিভিন্ন বিষয়কলৈ প্ৰশ্ন কৰো। নিজেও সাৰি নাযাঁও ইয়াৰ পৰা।

ইয়াত কোনো ভুলো নাই। কিন্তু ভুল তেতিয়াই হয় যেতিয়া আমি বৰ্তমানতকৈ বেছি ভৱিষ্যতৰ কথা চিন্তা কৰো। আমি কোনোৱে নাজানো ভৱিষ্যতে কি হ'ব, কি ঘটনা-পৰিঘটনাৰ সন্মুখীন হ'ম আমি। তাৰ পাছতো ইমান চিন্তা!

আজিৰে পৰা আৰম্ভ হৈছে নতুন বছৰ। মানুহে আশা কৰিছে নতুন বছৰক লৈ, নতুন সময়ক লৈ। তাৰ মাজতে ভাগৰি পৰিছে কোনোৱে।

পোৱা-নোপোৱাৰ যুঁজখনত হয়তো আপুনিও আৱদ্ধ হৈ পৰিছে। বাট বিচাৰি পোৱা নাই নতুনৰ। সুখী হ'ব বিচাৰিও হ'ব পৰা নাই। ভাবিছে চাগে কিয় এনে হয়? সঁচা কথা ক'বলৈ হ'লে এই পৃথিৱীত কোনো সুখী নহয়।

সকলোৰে বাবে সুখৰ সংজ্ঞা বেলেগ। কোনোবাই যদি কোটি কোটি টকা অৰ্জন কৰি সুখী হৈছে, কোনোবাই হাতত ১০ টকা এটি লৈ সুখী হৈছে। কোনোবাই যদি বৃদ্ধ পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত থৈ সুখী হৈছে আন কোনোবাই পিতৃ-মাতৃক দুনীয়াৰ সকলো সুখ দিয়াৰ বাবে সমস্ত ত্যাগ কৰিছে। সুখত জড়িত হৈ থাকে মানসিক শান্তিৰ। সেই মানসিক শান্তি আপুনি কেনেকৈ লাভ কৰিব পাৰে সেয়া আপোনাৰ হাতত।

আমি কেৱল চেষ্টা কৰিব পাৰো। আমাৰ জীৱনত হৈ থকা ভাল কামবোৰক যেনেকৈ আমি বাধা দিব নোৱাৰো, তেনেকৈ বেয়াবোৰ বাধা দিব পৰা ক্ষমতা আমাৰ নাই। গতিকে কি হ'ব, কিয় এনে হৈ আছে বুলি ভবাতকৈ ভাবিব লাগে- যি হ'ব লগা আছে হৈ থাকিব।

কেতিয়াবা ট্ৰেফিকত ঘন্টা ঘন্টা ধৰি পাৰ কৰি পাইছেনে? কিমান যে অহস্য লাগে, কিমান যে অস্বস্তিকৰ! কিন্তু যেতিয়াই গাড়ীখন লাহে লাহে আগবাঢ়িব ধৰে,মনটো ভাল লাগে। এটা সময়ত আমি আমাৰ গন্তব্যস্থান পাওঁ।

আমাৰ জীৱনটোও এনেকুৱাই। ট্ৰেফিকজামৰ নিচিনা। কেতিয়াবা আমি বছৰ বছৰ ধৰি যন্ত্ৰনা সহিব লাগিব আৰু কেতিয়াবা আগবাঢ়িব লাগিব। এনেকৈয়ে আমি এদিন আমাৰ গন্তব্যস্থান পামগৈ। তেতিয়া উপলব্ধি হ'ব জীৱন যাত্ৰাটো কিমান ধুনীয়া আছিল।

আপুনি ঘূৰি ফুৰি ভাল পাইনে? কেতিয়াবা আমি ঘন্টা ঘন্টা ধৰি লক্ষ্যস্থান পাবলৈ কষ্ট কৰিব লাগে। কেতিয়াবা পকী ৰাস্তা, কেতিয়াবা খলা-বমা। কেতিয়াবা আকৌ বৰষুণে বাট ভেটিছে। তথাপিও জানো ভাগৰি পৰা যায়? তেনেকৈয়ে আগবাঢ়ি পোৱা যায় লক্ষ্যস্থান।

এই যাত্ৰাকালচোৱা বৰ কষ্টকৰ হয়। কিন্তু যেতিয়া আপুনি ভালদৰে বহি উপলব্ধি কৰিব তেতিয়াও দেখিব কিমান অভুতপূৰ্ব আছিল সকলো। তেতিয়া লক্ষ্যস্থানতকৈ যাত্ৰাকাল হৈ পৰে ৰোমাঞ্চকৰ। জীৱন যাত্ৰাও এনেকুৱাই। লক্ষ্যস্থান পালে অনুভৱ কৰিব যাত্ৰাকালৰ মূল্য। এয়াই জীৱন।

মানুহৰ জীৱন যান্ত্ৰিকতাৰে ভৰি পৰিছে এতিয়া। হয়তো মন খুলি কান্দিব বিচৰাৰ পাছতো কিবা এটাই হেঁচা মাৰি ধৰে, মন পচন্দৰ বস্তু এটা আবদাৰ কৰি দিবলৈও কোনো নাই কাষত। কম্প্ৰমাইজেৰে ভৰি পৰিছে সকলো। হয়তো ধেমালী-স্ফূৰ্তি কৰাৰ বয়সত আপুনাৰ উজাগৰী নিশা কটাই চকুৰ গুৰি ক'লা পৰিছে।

কিন্তু প্ৰাণ খুলি কন্দাত জানো বাধা আছে? যদি আপুনি সুখী হ'লে হাঁহিব পাৰে, দুখত থাকিলে কান্দিবও শিকিব লাগিব। জীৱনটোতো আপোনাৰেই।

স্কেল যোৰা লগাই পাহাৰ অকা সময়ত ভবাছিল নেকি পাহাৰ বোৰ ইমান একা-বেকা বুলি? পাহাৰ বগোৱা ইমান টান বুলি? জীৱন যুঁজো একেই। হয়তো আপোনাৰ ওচৰত যি আছে সেয়া আনৰ হাতত নাই, আৰু যি আনৰ ওচৰত আছে সেয়া আপোনাৰ ওচৰত নাই। কিন্তু এটা কথা ঠিক, আপোনাৰ ওচৰত যি আছে সেয়াই যথেষ্ঠ।

জীৱনে দিয়া বেত্ৰাঘাটত মনতো হাউলি পৰিব নিদিব। যেতিয়া আপুনি কোনো বিকল্প দেখা নাপাই তেতিয়া কেৱল মাত্ৰ মনটোৱে থাকে যিয়ে আপোনাক ধৰি ৰাখিব পাৰে। সযতনে।

জীৱনটোক ভাল পাওক। সাংঘাতিক ধৰণে ভাল পাওক। কি পাব তালৈ মন নিদিব, কি নাই সেয়াও গুৰুত্ব নিদিব। আপোনাৰ ওচৰত যি আছে সেয়া আঁকোৱালি ৰাখক। চাব, জীৱনটো ভাল লগা হৈ পৰিব।

পাহাৰ বগালে, বহু বাট খোজ কাঢ়িলে ভাগৰি পৰা যেনেকৈ স্বাভাৱিক, জীৱন যুঁজতো কেতিয়াবা ভাগৰি পৰা যেন অনুভৱ কৰাতো স্বাভাৱিক। কিন্তু আমি শক্তিশালী কৰিব লাগিব মনটোক। অত্যন্ত ভাল পাব লাগিব নিজক।

আনৰ পৰা আবদাৰ কিয় লাগে যদি আপুনি নিজেই নিজৰ আবদাৰ কৰে। নিজক সময় দিয়ক, এবাৰ ওচৰৰ পৰা চাওক। দেখা পাব ইমান ধুনীয়া সকলো। ভাগৰিব লগা, অপ্ৰাপ্তি বুলি প্ৰশ্ন আহিব লগা একোৱেই নাই।

ভাগৰি নপৰিব। চেষ্টা কৰি জীৱন যুঁজত আগবাঢ়ি যাওক। এদিন সকলো ভাল হ'ব। আজিৰ দিনটো আপোনাৰ নহ'ব পাৰে, হয়তো ইয়াতকৈ সুন্দৰ দিন এটাই আপোনাৰ বাবে বাট চাই আছে।

নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা এটাই- সুখী হওত আপুনি, ভালে থাকক আৰু ধুনীয়া জীৱনৰ অধিকাৰী হওক। আপোনালৈ শুভেচ্ছা...

Also Read: পৃথিৱীৰ সবাতোকৈ গুৰুত্বপূৰ্ণ মানুহজন- আপুনি