''মই এতিয়া মৃত্যু হৈ পৰিছো, পৃথিৱী ধ্বংসকাৰী''

কর্মনিয়েৱধিকাৰতে মা ফলেষু কদাচন। মা কর্মফলহেতুভূমা তে সদগোৎস্তত্বকর্মণি।(कर्मण्येवाधिकारस्ते मा फषु कदाचन।मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि।।)

author-image
Asomiya Pratidin
New Update
''মই এতিয়া মৃত্যু হৈ পৰিছো, পৃথিৱী ধ্বংসকাৰী''

বৰষা শৰ্মা

কর্মনিয়েৱধিকাৰতে মা ফলেষু কদাচন। মা কর্মফলহেতুভূমা তে সদগোৎস্তত্বকর্মণি।(कर्मण्येवाधिकारस्ते मा फषु कदाचन।मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि।।)

অর্থাৎ মানুহৰ কেৱল নিজৰ কৰ্মৰ ওপৰতহে অধিকাৰ আছে। কৰ্মৰ ফলৰ বিষয়ে আপুনি নাজানে আৰু জানিবও নোৱাৰে। সেইবাবেই শ্ৰীকৃষ্ণই কৈছিল যে কামবোৰ কৰি থাকক, ফলাফলৰ বাবে চিন্তা নকৰিব। মাঁথো এলাহ নকৰি একাগ্রচিত্তে কাম কৰক- এয়া এক গীতাৰ শ্লোক।

শ্ৰীমদ্ভগৱতগীতা- হিন্দু ধৰ্ম,দৰ্শন আৰু সাহিত্যৰ ইতিহাসত গীতা এক বিশেষ স্থানত অধিষ্ঠিত।  শ্ৰীমদ্ভাগৱত গীতা মানৱীয় জ্ঞান আৰু উপলব্ধিৰ সৰ্বোত্তম ফল। কোৱা হয় গীতাত জীৱনৰ সকলো সমস্যাৰ সমাধান পোৱা যায়। গীতাক ভাৰতীয় সংস্কৃতিৰ আধাৰশিলা বুলি ক'ব পাৰি। বিশ্বাস, গীতাৰ কথা পালন কৰিলে জীৱনত সুফল পাব পাৰি।

বহু সময়ত বৈজ্ঞানিক,নামী-দামী ব্যৱসায়ী, বা চিনেমা আদিতো গীতাৰ কথা শুনিবলৈ পোৱা যায়। এনে এজন বৈজ্ঞানিক প্ৰভাৱিত হৈছিল গীতাৰ শ্লোকৰ দ্বাৰা। যিগৰাকী বৈজ্ঞানিকে বৃহৎ সৃষ্টি কৰাৰ পাছতো গীতাৰ এটা শ্লোক মনত পেলাইয়ে উপলব্ধি কৰিছিল তেওঁ কি ভুল কৰিলে।

তেওঁ এক সৃষ্টিৰ পাছত এটা সাক্ষাৎকাৰত কৈছিল- মই এতিয়া মৃত্যু হৈ পৰিছো, মই এতিয়া এজন পৃথিৱীৰ ধ্বংসকাৰী। তেওঁ গীতাৰ ১১ অধ্যায়ৰ ৩২তম শ্লোক উল্লেখ কৰিছিল।য'ত শ্ৰী কৃষ্ণই কৈছিল- "काल: अस्मि लोकक्षयकृत्प्रविद्धो लोकान्समाहर्तुमिह प्रवृत्त ।

এই বৈজ্ঞানিক গৰাকী আছিল পাৰমাণৱিক বোমাৰ সৃষ্টিকাৰী বিজ্ঞানী জুলিয়াছ ৰবাৰ্ট অপেনহাইমাৰ। এই মহান বৈজ্ঞানিকগৰাকীৰ জীৱনৰ ওপৰত ভিত্তি কৰিয়েই ক্ৰিষ্টোফাৰ নোলানৰ নিৰ্দেশনাত নিৰ্মাণ হৈছে ছবি অপেনহাইমাৰ। এই ছবিখনে এতিয়া একাংশৰ মাজত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। বৈজ্ঞানিকগৰাকীৰ জীৱন কাহিনীয়ে আপ্লু কৰিছে ছবি প্ৰেমীক।

অপেনহাইমাৰৰ জন্ম এটা ধনী পৰিয়ালত হৈছিল। কিন্তু তেওঁৰ জীৱন সৰলতাৰে ভৰি আছিল। যেতিয়া তেওঁ কেৰিয়াৰৰে কাম কৰি আছিল তেতিয়াই তেওঁ হিন্দু শাস্ত্ৰ শ্ৰীমদ্ভাগৱত গীতাৰ প্ৰতি আকৰ্ষিত হৈছিল। গীতাক সংস্কৃত ভাষাতেই পঢ়িব বিচাৰিছিল বৈজ্ঞানিকজনে, যাৰ বাবে তেওঁ সংস্কৃত শিকি গীতাৰ জ্ঞান লৈছিল।

ৰবাৰ্ট অপেনহাইমাৰৰ জন্ম ১৯০৪ চনৰ ২২ এপ্ৰিলত নিউয়ৰ্কত হৈছিল। তেওঁ জাৰ্মানীৰ এজন ইহুদী অনুপ্ৰৱেশকাৰীৰ পুত্ৰ আছিল যি আমেৰিকাত বসতি স্থাপন কৰিছিল। তেওঁ পৰিয়ালে কাপোৰৰ ব্যৱসায় কৰিছিল।

অপেনহাইমাৰে ১৯২৫ চনত হাৰ্বাৰ্ড ইউনিভাৰ্চিটিৰ পৰা ৰাসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰ পাছত ১৯২৭ চনত জাৰ্মানীৰ এখন বিশ্ববিদ্যালয়ৰ পৰা তেওঁ পদাৰ্থ বিজ্ঞানত পিএইছডি ডিগ্ৰী লাভ কৰিছিল।পঢ়া-শুনা সম্পূৰ্ণ কৰাৰ পিছত অপেনহাইমাৰে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত গৱেষক হিচাপে যোগদান কৰে। পিছলৈ ১৯৩৬ চনত তেওঁ ইয়াত অধ্যাপক হয়।

অপেনহাইমাৰে চিগাৰেট যথেষ্ঠ পৰিমাণে সেৱন কৰিছিল। কোৱা হয়, প্ৰায়েই তেওঁ ডিপ্ৰেছনত ভুগি আছিল কিন্তু তেওঁ কাম কৰা এৰি দিয়া নাছিল।  তেওঁ কামৰ প্ৰতি ইমানেই ডুবি গৈছিল যে কেতিয়াবা খোৱা বোৱাও পাহৰি গৈছিল।

জীৱনৰ প্ৰায়ভাগ সময় তেওঁ হতাশাৰ মাজতেই পাৰ কৰিছিল। তেওঁ এবাৰ ভাতৃক কৈছিল- মোক বন্ধুতকৈ ফিজিক্সৰ প্ৰয়োজন।

দ্বিতীয় বিশ্ব যুদ্ধৰ সময়।  ১৯৪১ চনৰ অক্টোবৰ মাহত, আমেৰিকা যুক্তৰাষ্ট্ৰই  বিশ্বযুদ্ধত যোগদান কৰাৰ দুমাহ পূৰ্বে ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ৰুজভেল্টে পাৰমাণৱিক বোমা নিৰ্মাণৰ অনুমতি দিছিল।১৯৪২ চনৰ মে' মাহত ডিফেন্স ৰিচাৰ্ছ  কমিটীৰ অধ্যক্ষ জেমছ বি. কানান্টে দ্ৰুত নিউট্ৰণ গণনা কৰিবলৈ অপেনহাইমাৰক যোগাযোগ কৰিছিল। অপেনহাইমাৰে যোগ দিছিল ম্যানহাটান প্ৰজেক্টত।

ছেপ্টেম্বৰত, জেনেৰেল লেছলি গ্ৰোভছক ম্যানহাটান প্ৰজেক্টৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হয়। তেওঁ অপেনহাইমাৰক গোপন অস্ত্ৰ পৰীক্ষাগাৰ চম্ভালিবলৈ দায়িত্ব অৰ্পণ কৰিছিল। গ্ৰোভছৰ এই সিদ্ধান্তই বহুতক আচৰিত কৰিছিল। কাৰণ অপেনহাইমাৰ বাঁওপন্থী বিচাৰধাৰাৰ আছিল। আৰু অপেনহাইমাৰে ইয়াৰ পূৰ্বে কোনো ডাঙৰ প্ৰকল্পত কাম কৰা নাছিল।

তাৰপাছত গ্ৰোভছ আৰু অপেনহাইমাৰে গৱেষণা কৰিবলৈ মেক্সিকোৰ এখন ঠাইত বাছনি কৰিছিল। পৰমাণৱিক বোমা পৰিক্ষণ কৰিবলৈ এই ঠাই উচিত আছিল।

অপেনহাইমাৰ আৰু তেওঁৰ দলটোৱে বহু বছৰ ধৰি পাৰমাণৱিক বোমা নিৰ্মাণৰ কাম কৰিলে। এটা সময় বোম তৈয়াৰ হৈছিল যদিও পৰিক্ষণ কৰিবলৈ বাকী আছিল।

দিন ঠিক হ'ল। সেই মৰ্মে পৰমাণৱিক বোমাৰ পৰীক্ষণৰ দিন ঠিক কৰা হ'ল  ১৮৪৫ চনৰ ১৬ জুলাই। যি ঠাইত পৰীক্ষণ কৰাৰ বাবে ঠিক কৰা হৈছিল সেই ঠাই নিউ মেক্সিকোৰ অলামোগোৰ্ডৰ ওচৰত আছিল।  অপেনহাইমাৰে এই পৰীক্ষণৰ কোড 'ট্ৰিনিটি'।

সেইদিনা অপেনহাইমাৰ খুব চিন্তিত আছিল। প্ৰায় ৩ বছৰ কাম কৰাৰ পাছত বোমাটোৰ ওজন ৫২ কিলোগ্ৰাম হৈছিল।পৰীক্ষণ হোৱাৰ পাছত সকলো স্তম্ভিত হৈ পৰিছিল। বিস্ফোৰণটো ২১ কিলোটন টিএনটি শক্তিৰে সংঘটিত হৈছিল। ইয়াৰ কম্পন ১৬০ কিলোমিটাৰ দূৰ পৰ্যন্ত অনুভৱ হৈছিল।

সফল পৰীক্ষণ দেখাৰ পাছতেই গীতাৰ এক শ্লোক মনত পেলাইছিল অপেনহাইমাৰে। যিটো শ্লোকত কোৱা হৈছিল-যদি হাজাৰ হাজাৰ সূৰ্যৰ পোহৰ একেলগে আকাশত বিস্ফোৰিত হয়, তেন্তে ই শক্তিশালীৰ গৌৰৱৰ দৰে হ'ব।"

কিন্তু পাছত অপেনহাইমাৰে দুখিত অনুভৱ কৰিছিল। এক সাক্ষাৎকাৰত তেওঁ কৈছিল 'মই এতিয়া পৃথিৱী ধ্বংসকাৰী হৈ পৰিছো'।

পৰমাণৱিক বোমাৰ সফল পৰীক্ষণৰ পাছত প্ৰায়েই চিন্তিত আছিল অপেনহাইমাৰ। কিয়নো তেওঁ জানিছিল ইয়াৰ পৰিণাম কি হ'ব। আৰু সেই পৰিণাম দেখিছিল দুনীয়াই। জাপানৰ হিৰোশিমা আৰু নাগাচাকি ছাইলৈ ৰূপান্তৰিত হৈ পৰিছিল। য'ত বছৰ বছৰ ধৰি এজন সুস্থ মানুহ জন্ম হোৱা নাছিল।

জাপানৰ বোমা বিস্ফোৰণৰ পাছত আমেৰিকাৰ তৎকালীন ৰাষ্ট্ৰপতি হেৰী এছ ট্ৰুমেনে সাক্ষাৎ কৰিছিল অপেনহাইমাৰক। সেই সাক্ষাৎকাৰত অপেনহাইমাৰে তেওঁক কৈছিল- মোৰ হাতত এতিয়া কেৱল তেজৰ দাগ। তাৰপাছত গুচি গৈছিল ৰাষ্ট্ৰপতি গৰাকী।

অপেনহাইমাৰ ডিঙিৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ কোমাত গৈছিল। অৱশেষত বুকুত এক বোজা লৈ ১৯৬৭ চনৰ ১৮ ফেব্ৰুৱাৰীত বৈজ্ঞানিক গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল।

Also Read: ঘৰ ঘৰ কী বাত, হেৰাই মাত...

geeta oppenheimer