প্ৰেম এতিয়া বিপ্লৱ!

প্ৰেম! এক শ্বাস্বত,স্বৰ্গীয় অনুভূতি! প্ৰেমৰ নাই কোনো পৰিভাষা। কিন্তু প্ৰেম কেৱল পুৰুষ-মহিলাৰ মাজতে যে হয় সেই ধাৰণা এতিয়া পুৰণি

author-image
Asomiya Pratidin
New Update
প্ৰেম এতিয়া বিপ্লৱ!

বৰষা শৰ্মা

প্ৰেম! এক শ্বাস্বত,স্বৰ্গীয় অনুভূতি! প্ৰেমৰ নাই কোনো পৰিভাষা। কিন্তু প্ৰেম কেৱল পুৰুষ-মহিলাৰ মাজতে যে হয় সেই ধাৰণা এতিয়া পুৰণি। প্ৰেম পুৰুষ-পুৰুষ, মহিলা-মহিলা অৰ্থাত একে লিংগৰ লোকৰ মাজতো হ'ব পাৰে।

অৱশেষত সকলো অপেক্ষাৰ অন্ত পেলাই ১৭ অক্টোবৰ ২০২৩ ত সমলিংগ বিবাহৰ ওপৰত ৰায়দান কৰিলে উচ্চতম ন্যায়ালয়ে। সমলিংগৰ লোকক বিবাহ বা সন্তান তুলি লোৱাৰ অনুমতি দিয়াত অস্বীকাৰ কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে।

এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশি ডি ৱাই চন্দ্ৰচূড়ে কয় যে, বিশেষ বিবাহ আইনৰ ব্যৱস্থাসমূহ সলনি কৰিব নে নাই সেয়া সংসদৰ ওপৰত নিৰ্ভৰ কৰিব। ন্যায়ালয়ে কেৱল আইন ব্যাখ্যা কৰি ইয়াক বলবৎ কৰিব পাৰে। অৱশ্যে মুখ্য ন্য়ায়াধীশ গৰাকীয়ে সমলিংগৰ লোকসকলৰ বিভিন্ন অধিকাৰৰ বিষয়ে কয়। ইয়াৰ লগতে এয়াও কয় যে সমলিংগৰ লোকসকল কেৱল তেওঁলোকৰ প্ৰকৃতিৰ ওপৰত লক্ষ্য কৰি হাৰাশাস্তি কৰিব নালাগে।

ভাৰতীয় সমাজব্যৱস্থাত আজিলৈকে সমলিংগৰ সম্পৰ্কত স্বীকৃতি প্ৰদান কৰা নাই। তাৰ পাছতো এই সমূদায়ৰ লোকসকলে নিজৰ অধিকাৰৰ বাবে অহৰহ যুঁজি আহিছে। এই সমূদায়ৰ লোক সকলক LGBTQIA+ বুলি কয়। এই প্ৰতিটো আখৰেৰে আছে এখন নিজৰ পৃথিৱী।

L: এল আখৰটোৰে লেছবিয়ান সকলক বুজোৱা হয়। যিসকল মহিলাই পুৰুষ নহয়, কেৱল মহিলাৰ প্ৰতিহে আকৰ্ষিত হয় তেওঁলোকক লেছবিয়ান বুলি কোৱা হয়। ইয়াৰ আকৌ দুটা ভাগ থাকে। এটা হৈছে বাটছ আৰু আনটো হৈছে ফেম্মে। যেতিয়া এগৰাকী মহিলাই পুৰুষৰ দৰে আচৰণ, পোছাক আদি পৰিধান কৰে তেতিয়া তেওঁ বাটছ আৰু যি যেতিয়া দুয়োগৰাকী সংগী মহিলাৰ দৰে আচৰণ কৰে তেওঁলোকক ফেম্মি বুলি কয়।

G : জি আখৰটোই গে সকলক প্ৰতিনিধিত্ব কৰে। এই শ্ৰেণীৰ পুৰুষসকলে অন্য পুৰষৰ প্ৰতি আকৰ্ষিত হয়। এই শব্দটো ছাতি হিচাপে ব্যৱহাৰ কৰা হয়।

B: বি আখৰটোই বায়চেক্সুৱেল বুজায়। এই শ্ৰেণীৰ লোকসকলে পুৰুষ, মহিলা উভয়ৰে প্ৰতি আকৰ্ষণ অনুভৱ কৰে।

T: টি আখৰটোই ট্ৰান্সজেণ্ডাৰ সকলক বুজায়। এনে লোকসকলৰ আচৰণ জন্মৰ পৰাই তেওঁলোকৰ লিংগৰ বিপৰীত হয়। যদি লৰা হিচাপে জন্ম লয় তেন্তে নাৰীসুলভ আচৰণ আৰু ছোৱালী হলে পুৰুষ সুলভ আচৰণ কৰে।

Q: কিউ আখৰে কুইৰ বুজায়। এই লোকসকল সাধাৰণতে দ্বিধাত থাকে। তেওঁলোকে সিদ্ধান্ত লব নোৱাৰে যে তেওঁলোকৰ আকৰ্ষণ মহিলা নে পুৰুষৰ প্ৰতি আছে। তেওঁলোকৰ মনত সদায় প্ৰশ্ন থাকে। যাৰ বাবে প্ৰশ্নৰ শাৰীত ৰখা হৈছে তেওঁলোকক।

I: আই আখৰে ইন্টাৰচেক্স সকলক বুজায়। ই এক শাৰীৰিক অৱস্থাত। জন্মৰ সময়ত তেওঁলোকৰ এক বা একাধিক যৌন সম্পৰ্কীয় বৈশিষ্ট্য থাকে। লিংগ, আভ্যন্তৰীণ প্ৰজনন অংগ আদি।

A: এ আখৰটোৱে এচেক্সুলেক বুজায়।এই শ্ৰেণীৰ লোকসকলে কোনো লিংগৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰে। আৰু + য়ে সকলোকে সামৰি লয়।একা

LGBTQIA+ শ্ৰেণীৰ লোকসকলে বহু বছৰ ধৰি নিজৰ অধিকাৰৰ বাবে লাগি আছে। ভাৰতত বিভিন্ন ধৰ্মৰ বাবে পৃথককৈ বিবাহ আইন আছে। কিন্তু কোনো আইনে এই বিবাহত স্বীকৃতি প্ৰদান নকৰে। আনকি বিশেষ বিবাহ আইনৰ অধীনটো এই লোকসকলে বিয়া হ'ব নোৱাৰে।

অৱশ্যে ২০১৮ চনত ভাৰতত সমলিংগ বিবাহক অপৰাধ শ্ৰেণীৰ পৰা বাহিৰ কৰা হৈছিল। ইয়াৰ পূৰ্বে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৭ অনুসৰি সমলিংগ বিবাহক অপৰাধৰ শ্ৰেণীত ধৰা হৈছিল। সমলিংগৰ বিবাহক লৈ ১০ বছৰ জেল পৰ্যন্ত শাস্তিৰ ব্যৱস্থা আছে।

অৱশ্যে আমেৰিকা, জাৰ্মানী, কানাডা,ফ্ৰান্স আদিত সমলংগিৰ বিবাহক বৈধতা প্ৰদান কৰা হৈছে। কিন্তু ভাৰতত এতিয়াও সমলিংগসকলৰ প্ৰতি মতভেদ থকা দেখা যায়।

একাংশৰ মতে আজিকালি সমকামীতা এক ফেশ্বনলৈ ৰূপান্তৰিত হৈছে। আধুনিকতাৰ নামত একাংশই নিজতে LGBTQIA+ ৰ বুলি কৈ ভাল পায়। বিগত কেইটামান বছৰত ভাৰতত LGBTQIA+ সমূদায়ৰ লোকৰ সংখ্যা বৃদ্ধি পাইছে।

বহুতে এই শ্ৰেণীৰ লোকসকল আকোৱালি লৈছে যদিও বিৰোধিতা কৰাৰ সংখ্যা টাকৰ। চহৰীয়া সমাজ ব্যৱস্থাৰ ধামখুমীয়াৰ বিপৰীতে গাঁও অঞ্চলত এতিয়াও এই শ্ৰেণীৰ লোকসকলক অপৰাধ বুলি গন্য কৰা হয়।

কেন্দ্ৰীয় চৰকাৰেও ইতিমধ্যে কৈছে যে কোনো পধ্যেই সমলিংগ বিবাহক বৈধতা প্ৰদান কৰিব নোৱাৰি। ই ভাৰতীয় সমাজ ব্যৱস্থাৰ পৰিপন্থী।

এই সকলোবোৰৰ মাজতে এটা কথা কব লাগিব যে সমাজ ব্যৱস্থা সলনি হৈ আছে। মানুহৰ বিচাৰধাৰা সলনি হৈ আছে। তদুপৰি কাৰোবাৰ আবেগ অনুভূতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ কাৰো অধিকাৰ নাই।

সংবিধানৰ নিয়ম অনুসৰি সকলোৰে নিজৰ ইচ্ছা মতে জীয়াই থকাৰ অধিকাৰ আছে। সংবিধানৰ অনুচ্ছেদ ১৪,১৯ আৰু ২১ অনুসৰি মানুহৰ জীৱন আৰু সমতাৰ অধিকাৰ আছে। গতিকে এই শ্ৰেণীৰ লোকসকলৰ লগত বলপূৰ্বক আচৰণ কৰাৰ অধিকাৰো কাৰো ওচৰত নাই।

বিশ্বৰ প্ৰায় ৩০ খনকৈ দেশত সমলিংগৰ বিবাহক বৈধ বুলি ধৰা হয়। ভাৰতৰ দৰে দেশৰ সমাজব্যৱস্থাত পৰিবৰ্তন দেখা যায়। ভাৰতীয় সমাজ ব্যৱস্থাই বাধাৰ শিকলি চিঙি নতুনৰ সন্ধান কৰিবলৈ জানে।

একাংশই আধুনিকতাৰ গ্ৰাসতে হওত বা পশ্চিমীয়া সভ্যতা সংস্কৃতিৰ প্ৰভাৱতেই হওত সমকামিতাক গ্ৰহণ কৰিছে। কিন্তু একাংশ লোকৰ বাবে এই সমূদায়টোক আঁতৰাই ৰাখিব নোৱাৰি। শাৰীৰিক সম্পৰ্ক থাকিলেও তেওঁলোকৰ আৱেগৰ বান্ধোনো থাকে। আৰু আৱেগ সকলোৰে থাকে।

নিজৰ অধিকাৰৰ বাবে এই সমূদায়ৰ লোকসকলৰ যুঁজখন নিশ্চয় দীঘলীয়া হ'ব। কিন্তু তাৰপাছতো এই লোকসকলৰ এটাই আশা যে ভাৰতীয় সমাজ ব্যৱস্থাই গ্ৰহণ কৰিব তেওঁলোকক। তেওঁলোকৰ আৱেগ, অনুভূতিয়ে পাব আইনী স্বীকৃতি ।

তেওঁলোকৰ আশা, মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত যেনেকৈ ভাৰত গণতান্ত্ৰিক তেনেদৰে সমলিংগৰ ওপৰতো এদিন গণতান্ত্ৰিক হ'ব। প্ৰেমৰ মাজত আহি পৰা জটিলতা আঁতৰ হ'ব।

Also Read: নতুন পোচাক পিন্ধি মায়াময় হৈ পৰিছে মহানগৰী...

supreme court same sex LGBTQIA+