কিয় কিশোৰ-কিশোৰী বিপথে পৰিচালিত হয়? কিয় সপোন পূৰণ কৰা বাবে চৰ্ট কাট বিচাৰে? কি হৈ আছে সমাজখনত? কিছুমান কথা এৰি দিও বুলিও দিব নোৱাৰি। 'কিয়' শব্দটোৰ উত্তৰ বিচাৰি হাবাথুৰি খাই পুনৰ প্ৰশ্ন কৰিব লগা হয় কিয়?
মানুহে সপোন দেখিব লাগে। দেহে-কোহে কৰা চেষ্টাৰ পাছতহে পূৰণ হয় সপোন। কিন্তু তাৰ বাবে চমু পথ কাষ চপাই লোৱাতো কিমান যুক্তি সংগত?
মানুহ আধুনিক হৈছে। ছ'চিয়েল মিডিয়াতে প্ৰায়ভাগ মানুহৰ দিন আৰম্ভ হৈ শেষো হয়। জীৱনৰ প্ৰতিটো পলৰ আপডেট এতিয়া ছ'চিয়েল মিডিয়াত। কিন্তু ইয়ে আমাৰ সমাজ আৰু আমাৰ ব্যক্তিগত জীৱনত কি প্ৰভাৱ পেলাই আছে সেয়া হয়তো বহুতে অনুভৱ নকৰো।
বিগত কেইটামান দিনত ৰাজ্যত আচৰিতভাৱে বৃদ্ধি পাইছে অপহৰণ কাণ্ড। সৰস্বতী পূজাৰ দিনা মহানগৰীৰ দুগৰাকী কিশোৰী সন্ধানহীন হৈছিল। তাৰ পাছত উদ্ধাৰ হৈছিল টিহুৰ পৰা। দুই কিশোৰীক মাধৱ নামৰ লোকজনে আইএএছ , আইপিএছ বনাম বুলি লৈ গৈছিল। তেওঁলোক অষ্টম শ্ৰেণীৰ ছাত্ৰী। প্ৰেম সম্পৰ্কীয় এটা দিশো পোহৰলৈ আহিছে এই ঘটনাত।
মৰিয়নিৰ দুই কিশোৰীৰ ক্ষেত্ৰতো একেই। অলপ ওলাই যাঁও বুলি দুই কিশোৰী বাংগালুৰু পালেগৈ। মাক-দেউতাক এতিয়াও অপেক্ষাত ছোৱালী ঘূৰি আহিব বুলি।
একাংশই দাবী কৰিছে যে উচ্চ শিক্ষাৰ বাবে তেওঁলোক ঘৰৰ পৰা ওলাই গৈছে। কিন্তু যদি সেয়াই হয় তেন্তে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ নহ'ল কিয়?
কিশোৰী দুগৰাকীৰ ফোনকলো ইতিমধ্যে ভাইৰেল হৈছে। কিশোৰীগৰাকীয়ে মাতৃৰ লগত কৰা ব্যৱহাৰ আচৰিত। অনুতপ্ততো নাছিল সেই কথাখিনিত! আছিল কেৱল ক্ষোভ আৰু পৰিয়ালৰ প্ৰতি থকা ঘৃণা।
কিয় এনে হৈছে সকলোফালে? এই দুটা মাত্ৰ সৰু উদাহৰণ।এনে হয়তো আৰু বহু ঘটনা আমাৰ চাৰিওফালে ঘূৰি আছে।
এই সময় জীৱন গঢ় দিয়াৰ, এই সময় খেলা-ধূলা কৰাৰ।তেন্তে কিয় এই সময়ত কিশোৰীগৰাকীয়ে ঘৰ এৰি যোৱাৰ কথা ভাবিছে? দশম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীয়ে জানে কিমান এই জগতৰ কথা। এই ঘটনাত নাৰী চক্ৰ জড়িত থকা বুলিও অভিযোগ উঠিছে।
কাৰণ যিয়েই নহওক। ঘৰৰ অজ্ঞাতে এগৰাকী কিশোৰীয়ে কেনেদৰে ইমান ডাঙৰ পদক্ষেপ ল'ব পাৰে? পিতৃ-মাতৃ বা পৰিয়ালৰ জনাতো দৰকাৰ নহয়নে তেওঁলোকৰ ল'ৰা-ছোৱালীয়ে কি কৰি আছে, কি চলি আছে তেওঁলোকৰ জীৱনত ?
উত্তৰবিহীন প্ৰশ্ন বহুত। যিমানেই সমাজ আধুনিক হৈছে সিমানেই যেন সকলোবোৰ খেলি-মেলি হৈ আছে। আমি আধুনিকতাৰ লগত খোজ মিলাই চলিব লাগিব কিন্তু আধুনিক হ'বলৈ গৈ নিজস্বতা এৰি দিলে কেনেকৈ হ'ব?
ছ'চিয়েল মিডিয়া বাস্তৱ নহয়! সেই কথা বহুতে জানে কিন্তু কিমানে উপলব্ধি কৰে? ছ'চিয়েল মিডিয়াত যিমানেই ভাল খবৰ ওলাই সিমানেই বেয়া খবৰো ওলায়। যিমান বেয়া মানুহ আছে সিমান ভাল মানুহো আছে।
এগৰাকী অষ্টম বা দশম শ্ৰেণীত অধ্যয়নৰত কিশোৰীৰ জীৱনত কি চলি আছে সেয়া জনাতো পিতৃ-মাতৃৰ কৰ্তব্য। এই সময়খিনি শিক্ষা লোৱাৰ সময়। জীৱন সম্পৰ্কে, সমাজ সম্পৰ্কে। সমাজৰ ভালতো দেখাই দিয়াৰ লগতে বেয়া দিশটোৰ লগতো চিনাকী কৰাই দিয়াতো পিতৃ-মাতৃ তথা শিক্ষক-শিক্ষয়িত্ৰীৰ কৰ্তব্য।
এতিয়া মানুহবোৰ ছ'চিয়েল মিডিয়ামুখী হৈছে। তাৰ বিপৰীতে মানুহৰ বন্ধু-বান্ধৱ কমি গৈছে। কিন্তু মানুহক মানুহৰ প্ৰয়োজন। ঠিক তেনেদৰে এজন কিশোৰ বা কিশোৰীকো প্ৰয়োজন হয় এগৰাকী ভাল বন্ধুৰ। সেই ভাল বন্ধুজন তেওঁৰ পিতৃ-মাতৃ বা অইন কোনোবাও হ'ব পাৰে।
এতিয়া কিশোৰ-কিশোৰী বা যুৱ সমাজৰ মাজত বৃদ্ধি পাইছে ছ'চিয়েল মিডিয়াৰ প্ৰতি প্ৰীতি। দৈনিক ৭-৮ ঘন্টা একাংশই কটাই ছ'চিয়েল মিডিয়াৰ নামত। ছ'চিয়েল মিডিয়াৰ বাবে মানুহে ৰীলৰ দুনীয়াখনত পপুলাৰ হৈ পৰাৰ বিপৰীতে বাস্তৱ পৃথিৱীখনত হৈ পৰিছে অকলশৰীয়া। মানুহবোৰ যেন নিজৰ মাজতেই হেৰাই গৈছে।
ইয়াৰে সুযোগ লৈ একাংশ দুষ্ট চক্ৰই সংঘটিত কৰে অপৰাধমূলক কাম। ছ'চিয়েল মিডিয়া নিয়ন্ত্ৰণ কৰিব নোৱাৰি। কিন্তু আমি নিজক নিয়ন্ত্ৰণ কৰিব পাৰো। বেয়া দিশবোৰ বাদ দি ভাল দিশবোৰ বাছি লোৱাতোৱেই আমাৰ বাবে কাম্য।
সন্তানৰ ভৱিষ্যতকলৈ উদ্বিগ্ন পিতৃ-মাতৃৰ মনত অনবৰতে লাগি থকা প্ৰশ্নটোৱেই হ’ল- ‘ইহঁতৰ কি হ’ব,কি কৰি খাব ? তেনে ক্ষেত্ৰত এনেবোৰ ঘটনাই পিতৃ-মাতৃক দুখ দিয়ে। ব্যস্ত সময়ৰ মাজত সংবেদনশীল এনে বিষয়বোৰে কেতিয়াবা সকলোকে ব্যথিত কৰে।
সমস্যাৰ সমাধান আছে। সমাধান আছে কেনেদৰে এই যান্ত্ৰিক পৃথিৱীত হেৰাই নগৈ সপোনৰ সন্ধান কৰিব পাৰি।
সপোন দেখাৰ অধিকাৰ সকলোৰে আছে। সপোনে মানুহক সুখ দিয়ে। কিন্তু সুখৰ জানো চৰ্ট কাট আছে? ছ'চিয়েল মিডিয়া নহয় মানুহৰ জীৱনৰ মূল আধাৰ। মানুহৰ জীৱন জড়িত থাকে পিতৃ-মাতৃ, আপোনজনৰলগত। আমাৰ ভৰিৰ তলৰ মাটিখিনিয়েই যদি হেৰাই যায় আমাৰ অস্তিত্ব থাকিব ক'ত?
আশা, এদিন উত্তৰবিহীন প্ৰশ্ন শেষ হ'ব! ভাল সময় আহিব। এদিন সকলোৰে ভাল হ'ব...