"যদি বিচৰা পুথিভঁৰালসমূহ বন্ধ কৰি দিয়া, কিন্তু মোৰ মনৰ স্বাধীনতাক আৱদ্ধ কৰি ৰাখিব পৰাকৈ কোনো তলা, কোনো দুৱাৰ, কোনো গজাল সৃষ্টি হোৱা নাই ।" - ভাৰ্জিনিয়া ৱুল্ফ।
নাৰীৰ অধিকাৰ অৱদমন কৰিবলৈ অতীজৰে পৰা চেষ্টা কৰি অহা হৈছে। কিন্তু নাৰী ভাগৰি পৰা নাই। কিমান সহিব, কেতিয়ালৈকে সহ্য কৰিব? এট সময়ত ইয়াৰ বহিঃপ্ৰকাশ ঘটা স্বাভাৱিক। ১৮৫৭ চনত মজুৰি বৈষম্য, কৰ্মঘণ্টা নিৰ্দিষ্ট কৰা, কামৰ অমানৱিক পৰিৱেশৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ সূতা কাৰখানাৰ নাৰী শ্ৰমিক সকলে আন্দোলন কৰিছিল। সেয়াই আছিল আৰম্ভণি।
তেতিয়াৰ পৰা নাৰীয়ে নিজৰ অধিকাৰৰ হৈ যুঁজি আছে আৰু যুঁজি যাব। নাৰীৰ বাবে পুৰুষতান্ত্ৰিক সমাজ এখনত তিস্তি থকাতো সহজ নাছিল কেতিয়াও। কিন্তু নাৰীক জানো আৱদ্ধ কৰি ৰাখিব পাৰি।
সাহিত্যয়েই হওক বা উদ্যোগিক, বজাৰ আদি কৰ্মক্ষেত্ৰতে হওক, নাৰীয়েই সকলোফালেই নিজৰ বহিঃপ্ৰকাশ ঘটাইছে।
পুৰুষতান্ত্রিক ব্যৱস্থাই নাৰীক হীন দৃষ্টিৰে চাই সকলো অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছিল। সতীদাহ, বালা বিবাহ, বিধবা বিবাহত প্রতিবন্ধকতা আৰোপ কৰা আদি ঘটনা সৌ সিদিনালৈকে বৰ্তি আছিল। কিয় কেৱল নাৰীয়েহে ভুগিব লাগে শাস্তি?
পুৰুষতান্ত্রিকতা বলবৎ আজিও আছে। ফলত বিভিন্ন ধৰণে নিগৃহীত, শোষিত-বঞ্চিত হৈ থকা বহু নাৰীয়ে নিজৰ নাৰী জীৱনটো অভিশাপ বুলি খেদ আক্ষেপ কৰাৰ বাদে গত্যন্তৰ নোহোৱা হৈছে। ভাৰতীয় পৰিয়ালত কন্যা সন্তান এতিয়াও একাংশৰ বাবে এলাগীস্বৰূপ।
পৰিয়ালত ল'ৰা সন্তান এটি নহ'লে বংশ কোনো আগবঢ়াব তাক লৈ চিন্তা। এতিয়াও জাবৰৰ দমত উদ্ধাৰ হয় কোনোবাই দলিয়াই থৈ যোৱা কন্যা সন্তান। কিন্তু নাৰীক যে কোনোৱে ৰধিব নোৱাৰে তাৰ প্ৰমাণ দি গৈছে সময়ে।
নাৰীৰ প্ৰতি এই অন্যায় ৰোধ কৰাৰ বাবে অতীজৰে পৰা বহু নাৰীয়ে ত্যাগ কৰি আহিছে। পুৰুষতান্ত্ৰিকতাৰ শিকলি চিঙি নাৰীসকল বিয়পি পৰিছিল সাহিত্য, সংস্কৃতি, উদ্যোগ আদি সকলোতে। সেয়া লাগিলে কনকলতাৰ পৰা আৰম্ভ কৰি মামনি ৰয়ছম গোস্বামীয়ে নহওক কিয়। নাৰীয়ে দিয়া ত্যাগ কেইটামান মাত্ৰ উদাহৰণৰ দ্বাৰা কৈ শেষ কৰিব নোৱাৰি।
সমাজ পুৰুষতান্ত্ৰিক হ'লেও নাৰীৰ ওপৰত পুৰুষ নিৰ্ভৰশীল। সেয়া লাগিলে সংসাৰ বা অন্য কাৰণতেই নহওক কিয়। দ্বিতীয় মহাসমৰৰ সময়ত যেতিয়া পুৰুষ সকল যুদ্ধৰ কামত নিযোজিত হৈ পৰিছিল তেতিয়া আমেৰিকা-ইউৰোপৰ উদ্যোগ সমূহ বন্ধ হোৱাৰ উপক্ৰম হৈছিল। সেই সময়তে প্ৰয়োজন হৈছিল যুদ্ধত ব্যৱহাৰ কৰিব লগীয়া সা সামগ্ৰী। যাৰ বাবে গঠন কৰা হৈছিল ''দা ৱাৰ মেন কমিছন'' । এই কমিচনত শ্ৰমিক হিচাপে নিয়োজিত কৰিছিল নাৰী সকলক। তেতিয়াৰ পৰা ইউৰোপ আৰু আমেৰিকাৰ উদ্যোগবোৰত নাৰীক পুৰুষতকৈ অধিক পৰিশ্ৰমী আৰু কাৰ্যক্ষম হিচাপে গণ্য কৰি আহিছে।
কিন্তু সকলো নাৰী জানো স্বাধীন? স্বৰাজোত্তৰ আধুনিক ভাৰত ৰাষ্ট্ৰই বহু আইন-কানুন তৈয়াৰ কৰি সমঅধিকাৰ প্রদানেৰে সমাজত নাৰীৰ মর্যাদা প্রতিষ্ঠাৰ প্ৰয়াস কৰি আহিছে। হ'লেও বাস্তৱক্ষেত্ৰত ৰাষ্ট্ৰৰ এই প্রয়াসে পৰিপূর্ণতা লাভ কৰিবলৈ এতিয়াও বহু দূৰ বাকী।
নাৰীৰ স্বাধীন বুলি ক'ব পাৰি জানো? আজি বিশ্বই পালন কৰিছে নাৰী দিৱস। আজি সকলোৱে মহিলাৰ হিংসাৰ বিৰুদ্ধে মাত মাতিছে, টুইট কৰিছে বা ভাষণ দিছে। নাৰী দিৱস উদযাপন কৰিবলৈ বহুতৰে বহু ধৰণৰ পদক্ষেপ।
হয়তো নাৰী দিৱস বুলি আজি কোনোবাই তেওঁৰ প্ৰেয়সীক ভাল ৰেষ্টুৰেন্টল লৈ যাব, কোনোবা স্বামীয়ে কেক কাটিব, পুৱাৰ চাহ কাপ বনাই দিব, ভাল উপহাৰ দিব। কিন্তু কাইলৈৰ পৰা সেই নাৰীয়েই উপক্ষিত হ'ব!
প্ৰায়েই একাংশই কয়, স্বতন্ত্ৰ নাৰী ভাল পাঁও। কিন্তু নাৰী স্বতন্ত্ৰ হোৱাতো কিমানে সহ্য কৰিব পাৰে? এতিয়াও এগৰাকী মহিলা নিশা ঘৰলৈ দেৰিকৈ আহিলে প্ৰশ্ন কৰা হয়, ল'ৰাৰ লগত হাতত হাত ধৰি ঘূৰিলে নাৰীৰ চৰিত্ৰ ওপৰত প্ৰশ্ন উঠে, সমাজত আগভাগ ল'লে পিছুৱাই অনা হয়। আৰু বহু কিবা কিবি। তেন্তে আমি কিহৰ বাবে সমতাৰ কথা কও? সেয়ে এলিজাবেথ গেৰেট এণ্ডাৰচনে কৈছিল- প্ৰকৃত সমতা তেতিয়া আহিব যেতিয়া মহিলাসকলে জীৱনৰ সকলো দিশতে পুৰুষৰ দৰে একে সুযোগ আৰু সন্মান পাব।
ছোৱালী জনীৰ বাবে ভাল ল'ৰা এটা চাব লাগিব, ছোৱালী জনীয়ে ইমান দূৰ অকলে কেনেকৈ যাব, চা চোন স্বামী নোহোৱা মাইকীজনীয়ে কেনেকৈ ঘূৰি ফুৰিছে- এনেবোৰ প্ৰশ্ন কৰা সমাজ এখনৰ পৰা লিংগ বৈষম্য আঁতৰ পৰা জানো সম্ভৱ?
লিংগ বৈষম্য হ্ৰাস কৰাৰ বাবে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ লোৱা হৈছে। কিন্তু কেৱল কিতাপ বা নীতিতেই এয়া সীমাবদ্ধ হৈ থাকিলে নহ'ব। প্ৰতিগৰাকী নাৰীয়ে বুজিব লাগিব নিজৰ গুৰুত্ব, প্ৰতিগৰাকীয় নাৰীয়ে বুজিব লাগিব স্বাধীনতা কি।
ঠেকা মনৰ একাংশ পুৰুষক নাৰীয়ে দেখুৱাই দিব লাগিব নাৰী নহয় কোনো ভোগৰ সামগ্ৰী, নহয় পন্য । নাৰী অনন্য, সৌন্দৰ্য, ত্যাগ, সহনশীলত, ধৈৰ্য, সাহস, শক্তিৰ প্ৰতীক। নাৰী অৰ্ধ আকাশ।
ইয়াৰ বাবে প্ৰয়োজন শিক্ষাৰ। কেৱল মাত্ৰ শিক্ষাৰ দ্বাৰাহে আমি এখন ভাল সমাজৰ কল্পনা কৰিব পাৰো। কেৱল শিক্ষাৰ দ্বাৰাহে নাৰীয়ে বুজি পাব জীয়াই থাকিবলৈ, ভালদৰে জীৱন নিৰ্বাহ কৰিবলৈ কেৱল নিজেই যথেষ্ঠ। সেয়ে এগৰাকী নাৰাবাদীয়ে কৈছিল- শিক্ষা হৈছে মহিলাসকলৰ বাবে সৱলীকৰণৰ মূল চাবিকাঠি।
''মহিলাসকলে তেওঁলোকৰ ওচৰলৈ সুযোগ অহাৰ বাবে অপেক্ষা কৰিব নালাগে। সেয়া তেওঁলোকে নিজেই সৃষ্টি কৰা উচিত''-এলিজাবেথ গেৰেট এণ্ডাৰচন।
নাৰী স্ব-নিৰ্ভৰশীল হ'লেহে সমাজ আগবাঢ়িব। এখন সমাজ সমৃদ্ধ কৰিবলৈ নাৰী-পুৰুষ উভয়ৰে যোগদান লাগিব। নাৰী আগবাঢ়িছে আৰু আগবাঢ়িব। এনে দিন আহিব প্ৰতিগৰাকী নাৰীয়ে প্ৰকৃত অৰ্থত দলিয়াই দিব পুৰুষতান্ত্ৰিকতাৰ শিকলি, আৰু পিন্ধি ল'ব স্বাধীনতাৰ মুকুট...