আপুনি চিনি পাইনে চাতি-মাতি বাইক...

সাহিত্যিক ৰীতা চৌধুৰীয়ে তেওঁৰ গ্ৰন্থ 'মায়াবৃত্ত'ত উল্লেখ কৰিছিল 'তেজিমলা'ৰ সাধুই দিয়া নীতিশিক্ষাৰ কথা। 'তেজিমলা'ই আমাক শিকাই মৰাৰ পৰা জী উঠিবলৈ।

author-image
বৰষা শৰ্মা
New Update
আপুনি চিনি পাইনে চাতি-মাতি বাইক...

তেতিয়া জোনাক সৰিছে। জোনাকী পৰুৱাৰ ধিমিক ধামাক পোহৰে তাতেই সোণত সুৱগা চৰাইছে। গৰমত থাকিব নোৱাৰি পঢ়া সামৰি বাহিৰলৈ ওলাই আহিছে কনমানি কেইটা। চোতালত আইতাকে ঢাৰিখন পাৰি লৈ তামোল খুন্দিছে। লাহে লাহে কনমানি কেইটা গৈ আইতাকৰ ওচৰত বহিছেগৈ। খুন্দা তামোলখিনি মুখত ভৰাই বিচনিখন হাতত লৈ আইতাকে আৰম্ভ কৰিছে সাধু- এয়া পুৰণি গাঁৱৰ পৰিৱেশৰ এক জলন্ত ছবি। ককা-আইতাকৰ সাধু নুশুনিলে নাযায় নুপুয়ায়।

কাৰোবাৰ যদি 'তেজিমলা'ৰ সাধু প্ৰিয়, কাৰোবাৰ আকৌ প্ৰিয় 'চাতি আৰু মাতি বাই'ৰ সাধু। এই সাধুকথা সমূহৰ নৈতিক আধাৰ নথকা নহয়। সৰুতে ককা-আইতাৰ মুখত শুনা সাধুকথা বোৰে আমাক সাহস দিয়ে, উচিত শিক্ষা দিয়ে জীৱন যুদ্ধৰ। প্ৰতিটো সাধুৰে থাকে নীতিশিক্ষা। সাহিত্যিক ৰীতা চৌধুৰীয়ে তেওঁৰ গ্ৰন্থ 'মায়াবৃত্ত'ত উল্লেখ কৰিছিল 'তেজিমলা'ৰ সাধুই দিয়া নীতিশিক্ষাৰ কথা। 'তেজিমলা'ই আমাক শিকাই মৰাৰ পৰা জী উঠিবলৈ।

সাধুকথাবোৰ অনিৰ্দিষ্ট কালৰ পৰা চলি অহা লোককথা। সাধুকথাবোৰৰ নাই কোনো স্থিৰ ৰূপ যাৰ বাবে সাধু কওঁতাই নিজৰ অভিৰুচী আৰু সামৰ্থ অনুসৰি ইয়াক বুজাই কয়। অসমৰ সাধুকথাৰ ভঁৰাল যথেষ্ঠ চহকী। অসমীয়া ভাষাৰ উপৰিও অন্য জনজাতীয় ভাষাতো এই সাধুকথাৰ প্ৰচলন অতি পুৰণি।

অসমত বহুকেইটা ভাগত ভাগ কৰিব পাৰি সাধুকথাক। কিছুমান সাধু জীৱ-জন্তু,কিছুমান আলৌকিক, কিছুমান নৈদানিক, আন কিছুমান মিছলীয়া , নিষিদ্ধ সাধুকথা, মুৰ্খৰ সাধু, ক্ষুদ্ৰ সত্য কাহিনী আদিত ভগাব পাৰি।

অসমীয়া সাহিত্য বুৰঞ্জীত সাধুকথাৰ বিষয়ে বেছি উল্লেখ নাথাকিলেও সমাজতত্বৰ অধ্যয়নৰ ফালৰ পৰা ইয়াক নুই কৰিব নোৱাৰি। সাধুকথা সংগ্ৰহৰ বাবে বহু ব্যৱস্থা হাতত লোৱা হৈছে, বহু পুথি প্ৰকাশ হৈছে যদিও এতিয়া বহু সাধু পাহৰণিৰ গৰ্ভত। হয়তো সাহিত্যত উচিত স্থান পোৱা নাই সাধুকথাই।

কিন্তু এতিয়া প্ৰায়ে কমি গৈছে সাধুকথাৰ প্ৰচাৰ। কিছুমান বিদ্যালয়ৰ পাঠ্যক্ৰমত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু, টলষ্টয়ৰ সাধু, ইছপৰ সাধু আদি সন্নিবিষ্ট কৰা হৈছে যদিও কাহিনী শুনাৰ ৰস আজাকালিৰ ল'ৰা-ছোৱালীৰ মাজত কম।

যান্ত্ৰিক হৈ পৰিছে পৃথিৱী। এতিয়াৰ শিশুয়ে সাধু শুনাতকৈ মোবাইলত ব্যস্ত হ'ব বিচাৰে। চাব বিচাৰে কাৰ্টুন, ৰীল বা অন্য কিবা।

বিলুপ্তিৰ দিশে সাধুকথাৰ এই যাত্ৰাত কেৱল শিশুসকলকে দোষাৰোপ কৰিলে নহয়। ব্যস্ত পৃথিৱীত সময়ৰ লগত খোজত খোজ মিলাই চলিব লগা হোৱা পিতৃ-মাতৃৰ কাষতো আছে জানো সাধু কথাৰ বাবে সময়?

এতিয়া মানুহ ছ'চিয়েল মিডিয়াৰ অভ্যস্ত হৈ পৰিছে। এতিয়া মানুহে বিচাৰে ৰং চঙীয়া। এতিয়া নাই চোতালত ঢাৰি পাৰি বহি থকা আইতাজনী, নাই সেই শেৱালীৰ গোন্ধ, নাই আইতাই তামোল খুন্দি খোৱা খুন্দনাতো।

কিন্তু সাধুকথাৰ প্ৰয়োজনীয়তা আমাৰ জীৱনত অধিক। সাধুকথাই দিয়ে আমাক নীতি শিক্ষা, সাধুকথাই আমাক চিনাকী কৰাই সমাজ জীৱন বা বহু কিংবদন্তীৰ সৈতে। সাধুকথাক লৈ বহু ছবিও নিৰ্মাণ হৈছে। এই ক্ষেত্ৰত চম্পাৱতীৰ সাধু, তেজীমলাৰ সাধু আদিৰ কথা ক'ব পাৰি। কিন্তু যিমানখিনি মানুহৰ মৰম লাভ কৰিব লাগিছিল সেয়া সম্ভৱ নহ'ল।

সাধুক সংৰক্ষণ কৰি ৰখাতো সাহিত্যিক সকলৰ দায়িত্ব আছিল। কেৱল বাস্তৱ ভিত্তি নথকাৰ বাবেই সাহিত্যত সাধুই উচিত স্থান নোপোৱাতো গ্ৰহণযোগ্য নহয়। সাধুক মান্যতা দিয়া প্ৰয়োজন। তাৰ বাবে সাহিত্যিক সকলে চিন্তা-চৰ্চা কৰাৰ প্ৰয়োজন।সাধুক লৈ আলোচনা হ'ব লাগে।

সাধুত আমাৰ আত্মা বিচাৰি পোৱা যায়। সাধুক এনেকৈ হেৰাই যাব দিব নোৱাৰি। কেৱল আমাৰ মাজতে নহয়, সমগ্ৰ বিশ্বত সাধুকথাৰ গুৰুত্ব অধিক আছিল। কিন্তু এতিয়া সময়ৰ সোঁতত হেৰাই গৈছে সাধুকথা।

সাধু কোৱা আৰু সাধু শুনাতো প্ৰয়োজন। সাধুকথাই আমাৰ সৃষ্টিশীল মনৰ বিকাশ ঘটায়। সাধুয়ে শিশুৰ কল্পনা শক্তি বৃদ্ধি কৰে, ই ইন্দ্ৰিয়বোৰ জাগ্ৰত কৰে অধিক সৃষ্টিশীল বনায়।

কাহিনীবোৰ মানৱ জাতিৰ এক অন্তৰ্নিহিত অংশ, ই ইতিবাচক যোগাযোগৰ আধাৰশিলা স্থাপন কৰে। আমাৰ চাৰিওফালেই আছে কাহিনীবোৰ। কেৱল ইয়াক শব্দৰ জৰিয়তে কেনেকৈ সজাই তুলিব পাৰি তাৰ ওপৰত গুৰুত্ব দিব লাগে। সাধু কোৱা বা সাধু শুনাৰ পৰা এজন শিশুৰ গল্পকৰা হ'বলৈ অনুপ্ৰাণিত হ'ব পাৰে।

কেৱল মাত্ৰ ''বিশ্বসাধু কথা দিৱস'' হিচাপে পালন কৰিলেই সম্পূৰ্ণ হৈ নাযায় আমাৰ দায়িত্ব। সাধুকথা জীয়াই ৰাখিব হ'লে ইয়াক আমি সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব। নৱ-প্ৰজন্মৰ মাজত সৃষ্টি কৰিব লাগিব সজাগতাৰ।

ৰেডিঅ', টিভি, পডকাষ্ট বা অন্যান্য ছ'চিয়েল মিডিয়াৰ যোগেদি সাধুসমূহ ৰাইজৰ মাজলৈ নিব লাগে। সাধুত শক্তি থাকে, সাধুত নীতি থাকে, সাধুত থাকে অনুপ্ৰেৰণা।

পিতৃ-মাতৃয়ে শিশুক মোবাইলটোত খেলিবলৈ দিয়াৰ সলনি সাধুকথা কোৱাৰ অভ্যাস কৰিব লাগে। শিশুয়ে চিনাকী হোৱাৰ প্ৰয়োজন সাধুকথাৰ সৈতে। তেতিয়াহে শিশুয়ে সুধিব- কোন আছিল চাতি-মাতি বাই...

Also Read: কেম্পেইন বাছ...

assamese literature World Storytelling Day