২১টা বসন্ত বাকীঃ মৃত্যু হ'ব মৃত্যুৰ!

২১টা বসন্ত বাকীঃ মৃত্যু হ'ব মৃত্যুৰ!
Published on
Updated on

ডিম্পুল বৰগোহাঁই

সকলো কথাতে ৰাজনীতিৰ পাক। ওলাই বুলিও ওলাব নোৱাৰি, বিচাৰিও বিচাৰি নোপোৱা এই বাটত পাক হেৰুৱাই আৰু কিমান সোমাই থাকিব! আহক আজি আন এটা বাতৰিলৈ যাও। এই বাতৰিয়ে জীৱনৰ প্ৰতি আপোনাক কৰি তুলিব অধিক আশাবাদী। চিৰসত্যও তেতিয়া হৈ পৰিব অসত্য। আপুনি মই যজ্ঞ, মন্দিৰত মহিলাৰ প্ৰৱেশ, হিন্দু-মুছলমানক লৈ লাগি থকাৰ সময়তে বিশ্বৰ বিজ্ঞানীসকলে আমাৰ বাবেই কৰি গৈছে বহু নিৰলস সাধনা।

এই সাধনাৰ ফল লাভলৈ আৰু মাত্ৰ ২১টা বসন্ত বাকী। ২০৪৫ চনৰ বসন্তৰ কোনো এটা দিনত হঠাৎ গৱেষণাগাৰত দেখা যাব সেই বিশেষ ফল। কিন্তু কি সেই ফল? সাধনাই বা কৰিছে কি বিষয়ক লৈ? বিষয় জীৱন। জীৱনক লৈয়ে দিনৰ পিছত দিন বিজ্ঞানীসকলে অব্যাহত ৰাখিছে নিৰলস সাধনা।

সাধনাৰ বীজ ৰোপণ হৈছিল ২০১১ চনতে। প্ৰকাশ পাইছিল বিশ্বৰ আগশাৰীৰ 'টাইম' আলোচনীত। হাঁহিৰে উৰুৱাই দিছিল বহুতে। সময় সলনি হ'ল। চকুৰ আগতে বাস্তৱ হৈ পৰিল বহু অবাস্তৱ। দুৰাৰোগ্য হাজাৰ-বিজাৰ ৰোগৰ চিকিৎসা এতিয়া মাত্ৰ দুদিনতে সম্ভৱ। তেনে পৰিপ্ৰেক্ষিতত গৱেষণাৰ বিষয়টো জানিব পাৰিলে জীৱনৰ প্ৰতি আপুনি-মই সকলোৱে হৈ পৰিম অধিক আশাবাদী। অৱশ্যে তেতিয়া ধৰ্মৰ বহু বিশ্বাস ঠাইতে নাইকিয়া হ'বলৈ এটি মাত্ৰ ক্ষণো নালাগিব।

ধৰ্মৰ বহু বিশ্বাসত আউল লগাৰ পূৰ্বেই আহকচোন আমি ধৰ্মৰ কল্পনাৰেই কথাষাৰিৰ আৰম্ভ কৰো। দেৱতা আৰু অসুৰৰ তুমুল যুদ্ধ। অসুৰৰ হাতত দেৱতাৰ পৰাজয়। উপায় কি? উপায় অমৃত। আৰম্ভ হ'ল অমৃত মন্থন। হলাহল বিষৰ পিছত সমুদ্ৰত সন্ধান ওলাল অমৃতৰ। অমৃত মন্থনত দেৱতাক সহায় কৰিলে অসুৰেও। পিছে দেৱতাই চক্ৰান্তৰে বঞ্চিত কৰিলে অসুৰক। নিজে অমৃত পান কৰি অমৰ হোৱা দেৱতাই নিজৰ প্ৰাপ্য আদায় কৰিবলৈ চেষ্টা চলোৱা ৰাহু আৰু কেতুক ডিঙি কাটি হ'লেও বাধা দিলে।

অমৰ হোৱা দেৱতাসকলক পিছে আমি কাহানিও দেখা নাই। আমি দেখিছো মৰণশীল মানুহক। কোনে জানে হয়তো মানুহেই কিজানি অহংকাৰী দেৱগণৰ দৃষ্টিত অসুৰ। সেয়ে আমাক অমৃতৰ পৰা বঞ্চিত কৰি জাপি দিয়া হৈছে ৰোগ-ব্যাধি, জৰা আৰু মৃত্যু। পিছে আৰু কিমান দিনলৈ?

জ'ছ লুই কাৰ্দেইৰো আৰু ডেভিদ উড। লুই মাছাছুটছ ইনষ্টিটিউট অব টেকন'লজিৰ জিনীয় বিজ্ঞান বিভাগৰ অধ্যাপক। উড কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ গণিত আৰু জেনেটিক্স বিভাগৰ অধ্যাপক। দীৰ্ঘদিন ধৰি দুয়ো মানৱ দেহৰ জিনক লৈ কৰি আহিছে বিস্তৃত গৱেষণা। তেওঁলোকৰ তত্বাৱধানত কেবাগৰাকী বিজ্ঞানীয়ে অহৰহ অব্যাহত ৰাখিছে মহা মৃত্যুঞ্জয়ী (যজ্ঞ!) সাধনা।

মৃত্যু হ'ব নেকি মৃত্যুৰ? এতিয়া নিশ্চয় এই প্ৰশ্নটো উদ্ভট যেন লগা নাই। লাগিলেও এদিন যে তেনে উদ্ভট ভাব নাইকিয়া হ'ব সেয়া নিশ্চিত বুলিও দাবী কৰিছে কিছুদিন পূৰ্বে দুই বিজ্ঞানীয়ে প্ৰকাশ কৰি উলিওৱা বিশেষ গৱেষণামূলক গ্ৰন্থ 'দ্য ডেথ অফ ডেথ'ত। ইংৰাজীৰ লগতে এই গ্ৰন্থখন প্ৰকাশ পাইছে স্পেনিছ, পৰ্তুগীজ আৰু কোৰিয়ান ভাষাতো।

বিজ্ঞানী দুগৰাকীয়ে নিজৰ গ্ৰন্থখনত দাবী কৰিছে যে ২০৪৫ চনত মানুহৰ আৰু মৃত্যু নঘটে। সকলোধৰণৰ স্বাভাৱিক মৃত্যুকে তেতিয়া জয় কৰিবলৈ সমৰ্থ হ'ব মানুহ। নাথাকিব বাৰ্ধক্য। মানুহ হৈ পৰিব চিৰ যৌৱনপ্ৰাপ্ত। অৱশ্যে দুৰ্ঘটনাজনিত অস্বাভাৱিক কাৰণত তেতিয়াও মানুহৰ মৃত্যু অব্যাহত থাকিব। একেদৰে ইচ্ছা কৰা সকলে নিজৰ ইচ্ছা অনুযায়ী বৰণ কৰিব পাৰিব মৃত্যু।

পিছে এয়া কেনেকৈ সম্ভৱ? লুই আৰু উডে স্পেইনৰ বাৰ্ছিলোনাত ইকোষ্ট্ৰিয়ান চাৰ্কোলত প্ৰকাশ কৰা মতে জিনক নিয়ন্ত্ৰণৰ জৰিয়তে সম্ভৱ হৈ উঠিব এই অসম্ভৱ। যি পদ্ধতিৰে এয়া সম্ভৱ হৈ উঠিব বিজ্ঞানৰ ভাষাত সেয়া হৈছে জেনেটিক ইঞ্জিনীয়াৰিং।

জেনেটিক ইঞ্জিনীয়াৰিঙৰ জৰিয়তে এয়া কিদৰে সম্ভৱ হৈ উঠিব?

বিষয়টোক গ্ৰন্থখনত তাত্বিকভাৱে উপস্থাপন কৰাৰ লগতে সহজ ভাষাতো বৰ্ণনা কৰিছে। শিশুসকলৰ মাজত যিদৰে ভাল আৰু দুষ্ট থাকে, জিনৰ মাজতো দেখা যায় একে পৰিৱেশ। দুষ্ট শিশুটিক মৰম আৰু শাসনৰ জৰিয়তে যিদৰে ভাল কৰিব পাৰি তেনেকৈ দুষ্ট জিনবোৰকো জেনেটিক ইঞ্জিনীয়াৰিঙৰ জৰিয়তে উপকাৰী কৰি তুলিব পাৰি।

জিনীয় প্ৰযুক্তিৰ যাদুৰ বলতে জীয়াই তুলিব পৰা যাব শৰীৰৰ মৃত কোষবোৰক। আনকি হৃদযন্ত্ৰ, বৃক্ক, পাকস্থলী, অগ্ন্যাশয়ৰ দৰে গুৰুত্বপূৰ্ণ অংগ-প্ৰত্যংগ অকামিলা হৈ পৰিলে তাৰ ঠাইত সহজে সংৰোপণ কৰিব পৰা যাব থ্ৰী-ডি প্ৰিণ্টেড অংগ-প্ৰত্যংগ। এনেদৰেই ৰোধ কৰিব পৰা যাব কোষৰ মৃত্যু। কোষৰ মৃত্যু ৰোধ মানেইটো বাৰ্ধক্য ৰোধ আৰু বাৰ্ধক্য ৰোধ মানেই মৃত্যু জয়।

'এদিন মানুহ বেমাৰৰ দাস আছিল। ৰোগত আক্ৰান্ত লোকক পৰিত্যক্ত ঠাইত এৰি সুস্থসকল আন ঠাইলৈ গুচি গৈছিল। এতিয়া মানুহ মৃত্যুৰ দাস। মৃত লোকক জীৱিতসকলে কবৰস্থানত পেলাই নিজৰ ঘৰলৈ ঘূৰি যায়। পিছে সেই দিনো সলনি হ'ব। মানুহ আৰু মৃত্যুৰ দাস হৈ নাথাকে। আমি ইতিমধ্যে ঠিক কৰি পেলাইছো যে আমি আৰু নমৰো। আমি হৈ পৰিব মৃত্যুঞ্জয়ী মানৱ।'- ২৭ বছৰ পিছত মৃত্যুনো কি বুলি প্ৰশ্ন কৰিব লাগিব বুলি উল্লেখ কৰি এইদৰে কয় বিজ্ঞানী উডে।

বাৰ্ধক্যৰ অৱসান কেতিয়া…

উড আৰু লুই দৃঢ় বিশ্বাসী যে বাৰ্ধক্যৰ অৱসানেৰেই মৃত্যুক বাধা দিব পৰা যাব। এক অনুষ্ঠানত দুয়োকে প্ৰশ্ন কৰিছিল একাংশ ছাত্ৰই। প্ৰশ্ন আছিল বাৰ্ধক্য ৰোধ সম্ভৱ জানো? তেতিয়া বিজ্ঞানী লুইয়ে উত্তৰ দিছিল সাধাৰণ কথাৰে, 'এই প্ৰশ্নটো তাহানি পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে নে সূৰ্য পৃথিৱীৰ চাৰিওফালে ঘূৰে সদৃশ। এটা সময়ত কোনোৱে বিশ্বাস কৰা নাছিল যে পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰে। সকলোৱে ভাবিছিল যে সূৰ্যইহে পৃথিৱীক প্ৰদক্ষিণ কৰে। সেই ধাৰণা আজি সলনি হৈ পৰিল। সেই ধাৰণাক সত্য বুলি ক'লে এতিয়া মানুহে তেওঁক হাঁহিব।'

উড আৰু লুইৰ দাবী, মৃত্যুক লৈ আজি তেওঁলোকে যি ধাৰণা কৰিছে এদিন সেয়াই বাস্তৱ হৈ পৰিব। 'আজি যিটো কথা কেতিয়াবা হ'বও পাৰে বুলি মানুহে কৈছে সেই কথাটো ২৭ বছৰ পিছত আমি ভবা ধৰণে, গৱেষণা কৰা ধৰণে এদিন একমাত্ৰ সত্য হৈ পৰিব।'-বিজ্ঞানীদ্বয়ে কয়।

বাৰ্ধক্য আহেনো কিয়? যৌন কোষ আৰু ৰক্ত কোষৰ বাদে মানৱ দেহৰ প্ৰতিটো কোষতে থাকে ২৩যোৰ ক্ৰম'জম। শৰীৰৰ ক্ৰম'জমত যি ডিএনএ থাকে তাৰ আছে এডাল নেজ যাৰ নাম টেলোমেয়াৰ। আমি যিমানেই বাৰ্ধক্যৰ দিশে আগুৱাই গৈ থাকো সিমানেই সেই টেলোমেয়াৰৰ আকাৰ টুটি আহে। জিনীয় প্ৰযুক্তিৰ মাধ্যমৰে সেয়া বৃদ্ধি কৰিব পাৰিলেই মুহূৰ্ততে মৃত্যু হৈ পৰিব বাৰ্ধক্য নামৰ ৰাক্ষসটোৰ। তাৰ পিছতেই মানুহে লাভ কৰিব বহু প্ৰত্যাশিত সেই অমৰত্ব।

বিজ্ঞানীদ্বয়ৰ মতে, কেৱল যে বয়স বঢ়াৰ লগে লগে প্ৰাকৃতিক নিয়ম অনুযায়ী টেলোমেয়াৰৰ দৈৰ্ঘ্য হ্ৰাস পাই সেয়া নহয়, বায়ু প্ৰদূষণ, ধূম্ৰপান, সুৰাপানৰ ফলতো টেলোমেয়াৰৰ দৈৰ্ঘ্য হ্ৰাস পাই মানুহ মৃত্যুৰ দিশে অগ্ৰসৰ হয়। এনে পৰিস্থিতিত বৰ্তমান যি হাৰত জিনীয় প্ৰযুক্তিত গৱেষণা অব্যাহত আছে সেই গৱেষণাৰ ফলত অহা ১০ বছৰৰ ভিতৰত ইয়াৰ চিকিৎসা সম্ভৱ হৈ উঠিব বুলিও আশা প্ৰকাশ কৰে বিজ্ঞানী দুগৰাকীয়ে।

মানুহে অমৰত্ব লাভ কৰিলেও তাৰ ফলত পৃথিৱীত বসবাসৰ ঠাই হ্ৰাস পাব বুলি বহুতে কৰা ধাৰণা ভুল বুলিও মন্তব্য কৰে বিজ্ঞানীদ্বয়ে। বিজ্ঞানী দুগৰাকীৰ মতে অমৰত্ব লাভৰ পিছত মানুহৰ বাবে বংশবৃদ্ধিৰ বিষয়টোও বৰ্তমানৰ তুলনাত সুকীয়া হৈ পৰাতো নিশ্চিত। তেনে ক্ষেত্ৰত অমৰত্বই পৃথিৱীত জনসংখ্যাৰ অস্বাভাৱিক বৃদ্ধি ঘটাব বুলি কৰা আশংকা অমূলক বুলিও দাবী কৰিছে জিনীয় বিজ্ঞানী দুগৰাকীয়ে। মুঠৰ ওপৰত ২০৪৫ চনৰ ৪-৫ বছৰ পূৰ্বেই জিনীয় বিজ্ঞানীসকলে লাভ কৰিব মানৱ জাতিৰ ইতিহাস সলনি কৰি তুলিব পৰা এক বিশেষ সাফল্য। সেই সাফল্যৰ পিছতে অসত্য হৈ পৰিব বৰ্তমানৰ এক সত্য। আহক, জিনীয় বিজ্ঞানীসকলৰ গৱেষণাত সহায় কৰাতো আমাৰ পক্ষে সম্ভৱ নহ'লেও বহু প্ৰত্যাশিত দিনটোলৈকে জীয়াই থকাৰ সাধনাকে কৰো! নে কি কয়?

২১টা বসন্ত বাকীঃ মৃত্যু হ'ব মৃত্যুৰ!
গান নহয়, এতিয়া আৰু একোৱেই শুনা নাপায় তেঁও !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in