অসুস্থ ড০ চন্দন মহন্ত...

অসুস্থ ড০ চন্দন মহন্ত...
Published on
Updated on

মৃদুল কুমাৰ সন্দিকৈ

এজন শিক্ষাগুৰুৰ বাবে অলপ আশীৰ্বাদ আৰু সহায়ৰ প্ৰয়োজন। অসুস্থ হৈ চিকিৎসাধীন হৈ থকা এইগৰাকী শিক্ষাগুৰু অসমৰে নহয়, দেশৰ সম্পদ। নাম তেওঁৰ ড০ চন্দন মহন্ত।

হাঁহিমুখীয়া মানুহজনক দেখিলেই তেওঁৰ ব্যক্তিত্বৰ আভাস পাব পাৰি। বৰ্তমান শ্ৰেণীকোঠা বা গৱেষণা কক্ষত নহয়, তেওঁ ভৰ্তি হৈ আছে এপল ইন্টাৰনেশ্যনেল হাস্পাতালৰ ক্ৰিটিকেল কেয়াৰত।

তেওঁ আক্ৰান্ত হৈছে গ্লাইঅ'ব্লাষ্টামা মাল্টিফৰ্মত। এয়া এক ব্ৰেইন টিউমাৰজনিত ভয়ানক ৰোগ। প্ৰায় দুবছৰ ধৰি এই ৰোগত আক্ৰান্ত হৈ আছে তেওঁ। চিকিৎসা বিজ্ঞানৰ প্ৰায়বোৰ চিকিৎসা পদ্ধতিৰে তেওঁক চিকিৎসা কৰা হৈছে।

শেহতীয়াকৈ তেওঁক জাপানৰ অংকলাইটিক ভাইৰাছ থেৰাপীৰ দ্বাৰা চিকিৎসা প্ৰদান কৰাৰ কথা ভৱা হৈছে। এই চিকিৎসা অতি ব্যয়বহুল। ইয়াৰ বাবে যথেষ্ট ধনৰ প্ৰয়োজন। এইখন জীৱন যুঁজত জয়ী হ'বলৈকে তেওঁৰ পৰিয়ালক সহায়-সহযোগৰ প্ৰয়োজন।

বহুতে নাজানিব পাৰে ড০ চন্দন মহন্তক। গুৱাহাটী আইআইটি চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী অধ্য়াপক প্ৰফেচাৰ মহন্ত। তেওঁ আছিল গুৱাহাটী আইআইটি চেন্টাৰ ফৰ এনভায়ৰমেন্টৰ প্ৰাক্তন মুৰব্বী তথা অধ্যাপক।

চিক্কিম, নাগালেণ্ড চৰকাৰৰ গৱৰ্ণৰ অফ এনআইটিৰ তেওঁ সদস্য। UTAH water research laboratory ৰ তেওঁ ভিজিটিং ফেল' । জাৰ্মানী, আমেৰিকাৰ বহু বিশ্ববিদ্যালয়ৰ তেওঁ অতিথি অধ্যাপক।

অষ্ট্ৰেলিয়ান লিডাৰশ্বিপ এৱাৰ্ড ফেলশ্বিপ প্ৰগ্ৰেমৰ হাইড' ডিপ্লমেছি প্ৰশিক্ষণ কাৰ্যসূচীৰো তেওঁ অংশীদাৰ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে আন্তৰাষ্ট্ৰীয় বহু কমিটীৰ সৈতে তেওঁ জড়িত।

তেওঁঁৰ নেতৃত্বত বিভিন্ন প্ৰকল্পৰ কাম কৰা হৈছে। MHRD, MoUD,MoEF, DST, SIDA,EURINDA, UNICEF, WWF আৰু IUCN আদি সংস্থাৰ দ্বাৰা ৰূপায়ন কৰা ৱাটাৰ ৰিচৰ্জ মেনেজমেন্ট, নেশ্যনেল ৰিচাৰ্জ মেনেজমেন্ট আদি কাৰ্যসূচীৰ তেওঁ আছিল অন্যতম মুখ্য মানুহ।

৭০ খনৰো অধিক গৱেষণা পত্ৰ ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় জাৰ্নেলত প্ৰকাশ পাইছে। চিভিল ইঞ্জিনিয়াৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হ'লেও তেওঁ এজন প্ৰকৃতিপ্ৰেমী। আমেৰিকা, অষ্ট্ৰেলিয়া, কানাডা, ফ্ৰান্স,ইটালী,চুইডেইন, নেডাৰলেণ্ড, চীন, টাইৱান, নেপাল,শ্ৰীলংকা আদি দেশৰ তেওঁ বহু চেমিনাৰত অংশ লৈছে।

অসমৰো পানী আৰু প্ৰকৃতিৰ আন্তঃগাঁথনি সম্পৰ্কীয় বহু প্ৰকল্পৰ সৈতেও প্ৰফেচাৰ মহন্ত জড়িত। নামনি সোৱণশিৰি জলবিদ্যৎ প্ৰকল্পৰ বাবে শক্তি মন্ত্ৰনালয়ে গঠন কৰি দিয়া কমিটিখনৰো তেওঁ আছিল সদস্য।

খোৱাপানী সম্পৰ্কীয় গৱেষণাৰ সৈতেও তেওঁ ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগক সহায় কৰি আহিছে। ব্ৰহ্মপুত্ৰৰ সম্পৰ্কীয় গৱেষণাত হাইড'লজিকেল ইনফৰ্মেশ্যন চিষ্টেমৰ তথ্য অন্বেষণতো তেওঁৰ অৰিহণা আছে।

এইগৰাকী গৱেষক, শিক্ষকে আজি গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ আছে নীৰৱে। ব্যয়বহুল এই চিকিৎসাত সাঁচতীয়া ধন শেষ হৈ পৰিছে। তেওঁৰ দুই পুত্ৰ-কন্যা বৰ্তমান অধ্য়য়নৰত।

১৯৮৫ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ড০ মহন্তই বিএচচি ডিগ্ৰী লৈ ১৯৮৮ চনত দিল্লী বিশ্ব বিদ্যালয়ৰ পৰা হাইড'লজী বিভাগত এমএচচি ডিগ্ৰী লৈছিল। ১৯৯০ চনত জেএনইউৰ পৰা এমফিল আৰু ১৯৯৪ চনত তেওঁ জেএনইউৰ পৰা এনভায়ৰমেন্টেল হাইডলজীত পিএইছডি ডিগ্ৰী লাভ কৰে।

১৯৯৯ চনত তেওঁ আই আই টি গুৱাহাটীত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰিছিল। ২০০৭ চনত তেওঁ আইআইটি গুৱাহাটীৰ সহযোগী অধ্যাপক হিচাপে পদন্নোতি লাভ কৰে।

২০০৯ চনৰ পৰা ২০১৫ চনলৈ তেওঁ আইআইটিত অধ্যাপক হিচাপে সেৱা আগবঢ়োৱাৰ পাছত ২০১৮ চনৰ ফেব্ৰুৱাৰীত আইআইটি চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে দায়িত্ব লয়।

তেওঁ আইআইটি গুৱাহাটী চুডেন্ট এফায়াৰ্চৰ ডীন আছিল। প্ৰাকৃতিক সম্পদ সমূহৰ সু-ব্যৱস্থাপনাৰ ক্ষেত্ৰত, জল আৰু পৰিৱেশ সম্পৰ্কীয় গৱেষণাত, আন্তঃগাঁথনি নিৰ্মাণত তেওঁৰ বৰঙণি মন কৰিবলগীয়া।

এইগৰাকী শিক্ষক তথা গৱেষকক প্ৰয়োজন এতিয়া চিকিৎসাৰ বাবে কিছু সহায়ৰ। ৰাজ্য চৰকাৰে এই দিশত ল'ব লাগে পদক্ষেপ। একেদৰে সহায় কৰিব পৰা জনেও ব্যক্তিগতভাৱে ড০ মহন্তৰ চিকিৎসাৰ বাবে আগবঢ়োৱাৰ প্ৰয়োজন হৈছে সহায়ৰ হাত।

তেওঁৰ পত্নীৰ নাম অঞ্জলী মহন্ত। বেংক একাউন্ট নম্বৰ- ৩০০৭৩২৮৫৯৫৩, ব্ৰাঞ্চ কোড- ১৪২৬২, আইএফচি- SBI0014262

সমাজৰ বাবে, দেশ আৰু ৰাজ্যৰ বাবে প্ৰভুত বৰঙণি আৰু সেৱা আগবঢ়াই অসুস্থ হৈ পৰা মানুহজনৰ পৰিয়ালক অকনমান সহায়ে দিব বহু সকাহ।

অসুস্থ ড০ চন্দন মহন্ত...
লুকা-ভাকু ভাল নালাগে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in