যদি বিশাল ফুকনো পলাই যায় !

যদি বিশাল ফুকনো পলাই যায় !
Published on
Updated on

এটা ২২ বছৰীয়া ল’ৰা। বিশাল সম্পত্তিৰ গৰাকী এই ল’ৰাজন। ল’ৰাজনে কি কৰে, সেয়া জনা সকলে জানে। পূৰ্বতে নামৰূপত বাস কৰা ল’ৰাটোৱে ভাল সংগীত চৰ্চাও কৰিছিল। বি ভি এফ চি মডেল হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ চল্ট ব্ৰুক একাডেমীত অধ্যয়ন কৰিছিল ল’ৰাটোৱে।

ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ত বাণিজ্য শাখাত স্নাতক শ্ৰেণীত পঢ়িছিল ল’ৰাটোৱে। ৪ নবেম্বৰ ২০০১ত জন্মগ্ৰহণ কৰা ২২ বছৰীয়া ল’ৰাটোৰ আছে কেইবাখনো বিলাসী বাহন। মন গ’লেই ল’ৰাটোৱে গুচি যায় বিদেশলৈ।

ধনৰ অভাৱ নাই তেঁওৰ। চাৰিওফালৰ পৰাই তেঁওলৈ ধনৰ সোঁত বয়। ৩টাকৈ কোম্পানীৰো মালিক এই ল’ৰাটো।

২০২৪ৰ ফেব্ৰুৱাৰীত ল’ৰাটোৱে এটা ফাৰ্মাচিটিকেল কোম্পানী মুকলি কৰিছিল। কোম্পানীটোৰ নাম দিছিল- প্ৰিছেলিয়া ফাৰ্মাচিটিকেল কোম্পানী। মহা ধুমধামেৰে এই কোম্পানীটো আৰম্ভ কৰাৰ লঞ্চিং পাৰ্টি দিছিল। সেই পাৰ্টিত বহু নামী-দামী লোক উপস্থিত আছিল।

ইয়াৰোপৰি তেঁওৰ আছে এটা কনষ্ট্ৰাকছন আৰু প্ৰডাকশ্যন কোম্পানী। ডুবাইত গৈ স্কাই ড্ৰাইভ কৰি ভালপাই ল’ৰাটোৱে। ল’ৰাটোৰ আছে মডেলিংৰ চখ। ল’ৰাটোৰ মাতৃৰ নাম জ্বলী হাজৰিকা ফুকন।

২৯ আগষ্ট ২০২৩ত মাতৃয়ে ক্ৰয় কৰিছিল প্ৰায় ২৩ লাখটকীয়া এখন বিলাসী গাড়ী। এম জি হেক্টৰ সেই গাড়ী সম্ভৱতঃ ল’ৰাটোৱে মাকক উপহাৰ দিছিল। দেখাত সৰু ল’ৰাটোৰ এনে উত্তৰণ বহুতৰ বাবে ঈৰ্ষাৰ কাৰণ হ’ব পাৰে। ল’ৰাটো যথেষ্ট চৌখিন। ক’লা ৰঙৰ গাড়ী তেঁওৰ বৰ প্ৰিয়।

মন গ’লেই কিনি পেলাব পাৰে ৩০ৰ পৰা ৫১ লাখটকীয়া ফৰচুনাৰ গাড়ী। ইয়াৰ আগতে তেঁও ২০২১তে কিনিছিল হাৰিয়াৰ বাহন।

এই কোটিপতি যুৱকজন এতিয়া চৰ্চাত। কিয়নো এক বিলাসী জীৱন কটোৱা আৰু কোটি কোটি টকাৰ সম্পত্তি তথা কোম্পানীৰ মালিক ল’ৰাটোৰ ওপৰত উজনি অসমৰ বহুলোকে গটাই দি থৈছে কোটি কোটি টকা ধন।

মানুহক ল’ৰাটোৱে সপোন দেখুৱাই। ৬০টা কৰ্মদিনত কোনোবাই তেঁওৰ ওচৰত ধন বিনিয়োগ কৰিলে সেই ধনৰ বিপৰীতে ৩০ শতাংশ মুনাফা লাভ কৰাৰ গেৰাণ্টী দিয়ে তেঁও। সেই লোভতেই বহুলোকে নটাৰীযোগে এক চুক্তি কৰি ধনবোৰ ল’ৰাটোৰ হাতত তুলি দিছে।

সহজতে পোৱা সেই ধনেৰে ল’ৰাটোৱে এই বিলাসী জীৱনৰ গৰাকী হৈছে। কোটি কোটি টকা বিভিন্ন স্থানত বিনিয়োগ আৰু ব্যয় কৰিছে। ল’ৰাটোৰ হাতত এনেদৰে ৫শৰো অধিক লোকে ধন তুলি দিছে। সেই ধনৰ সৰ্বমুঠ হিচাপ কোনো কোনোৰ মতে ৬০০ কোটিৰো অধিক।

কেৱল নিজেই জীৱনটোক উপভোগ কৰা নাই ল’ৰাটোৱে। পৰিয়ালৰ বা সম্বন্ধীয় আন লোকৰ বাবেও ল’ৰাটোৱে সহজে অৰ্জা ধনৰ কিছু অংশ ব্যয় কৰিছে।

চৰ্চাত আছিল উদয়পুৰৰ এখন বিয়া। কেনেকৈ সেই বিয়া ইমান ধন ব্যয়ৰে পাতিছিল এগৰাকী অভিনেত্ৰীয়ে তাকলৈ চৰ্চা চলিছিল। এতিয়া বহুতে এই ল’ৰাজন আৰু সেই বিয়াখনৰ মাজত সংযোগ বিচাৰি পায়।

ৰীলছ বনাই চৰ্চাত থকা কৰিঅ’গ্ৰাফাৰ- অভিনেত্ৰীগৰাকীৰ বিয়াত পানীৰ দৰে ধন ব্যয় কৰিবলৈ হয়তো এই উৎসৰ পৰাই ধনৰ সোঁত বৈছিল। কিয়নো তেঁও এই কোটিপতি ল’ৰাজনৰ সম্বন্ধীয় আৰু ঘনিষ্ঠ।

সেই অভিযোগ সঁচা-মিছা এই বিয়াখনৰ ব্যয়কলৈ তদন্ত কৰিলেই ওলাই পৰিব। দীপাংকৰ বৰ্মন নামৰ ডি বি ষ্টক ব্ৰকিঙৰ নামত অনলাইন বিনিয়োগৰ লুণ্ঠন চলোৱা কাহিনী পোহৰলৈ অহাৰ পাছত পোহৰলৈ আহিছে ল’ৰাজনৰ কৰ্মকাণ্ড।

আৰক্ষী আৰু প্ৰশাসনে তদন্ত কৰিলে, বিনিয়োগকাৰীসকলে ল’ৰাজনৰ এই লুণ্ঠনৰ খবৰ ৰাখিলে সকলো ওলাই পৰিব। দীপাংকৰ বৰ্মনৰ কাণ্ডৰ পাছত উজনি অসমৰ এই যুৱকজনৰ ওচৰত ধন বিনিয়োগ কৰা বিভিন্নজন লোক উদ্বিগ্ন হৈ পৰিছে।

তেঁওলোকে বুজি উঠিছে- কোনেও কোনো কাৰণতে ইমান মুনাফা দিব নোৱাৰে। তাতোকৈ ডাঙৰ কথা এই লুণ্ঠনৰ জাল মেলা সকলে এনেদৰে ধন সংগ্ৰহ আৰু বিনিয়োগ কৰিব নোৱাৰে আইনগতভাৱে। ল’ৰাজনৰ নাম বিশাল ফুকন।

পূৰ্ণোদ্যমে ল’ৰাজনে ডিব্ৰুগড়ৰ পৰা চলাই গৈছে অনলাইন লুণ্ঠনৰ এই ব্যৱসায়। নিজে কোটিপতি হৈছে ঠিকেই, এই বিশালে বিনিয়োগকাৰীসকলক যে এদিন সৰ্বহাৰা কৰিব। সেই শিক্ষা দীপাংকৰ বৰ্মনৰ কাণ্ড পোহৰলৈ অহাৰ পাছতো কোনোবাই নল’লে পাছত হায়ৈ-বিয়ৈ কৰি লাভ নহ’ব।

যদি বিশাল ফুকনো পলাই যায় !
আমি এতিয়া যন্ত্ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in