অমিত শ্বাহৰ বাবে এটা কাহিনী...

অমিত শ্বাহৰ বাবে এটা কাহিনী...
Published on
Updated on

এই কাহিনী কৈছিল নাছিৰ খানে। বিশ্ব বিভিন্ন প্ৰান্তৰ মানুহে এজন সন্ন্যাসী আৰু সাংবাদিকৰ মাজত হোৱা কথোপকথনখিনি চিন্তাৰ নতুন অৱকাশ পাইছিল। সন্ন্যাসীজনৰ এটা সাক্ষাতকাৰ ল’বলৈ গৈছিল সাংবাদিকজনে।

সাংবাদিকজনে সন্ন্যাসীজনক উদ্দেশ্যি সোধা এটা প্ৰশ্ন আছিল- আপুনি শেষৰটো আপোনাৰ ভাষণত সংযোগ আৰু যোগাযোগৰ বিষয়ে কৈছিল। যোগাযোগ অৰ্থাৎ CONTACT আৰু সংযোগ অৰ্থাৎ CONNECTIONৰ  মাজত মূলতঃ কি পাৰ্থক্য আছে বুজাই ক’ব নেকি?

নিউয়ৰ্কৰ এক স্থানত বহি এই সাক্ষাতকাৰ লৈছিল সাংবাদিকগৰাকীয়ে। সন্ন্যাসীগৰাকীয়ে প্ৰশ্নটো শুনি হাঁহিলে আৰু সাংবাদিকজনক উদ্দেশ্যি আন কিছু কথা উত্থাপন কৰিলে।

সাংবাদিকজনক তেঁও সুধিলে- আপুনি নিউয়ৰ্কৰ নে ? সাংবাদিকজনে ক’লে- হয়। তাৰপাছত সন্ন্যাসীজনে সুধিলে- আপোনাৰ ঘৰত কোন কোন আছে ? সাংবাদিকজনে মনতে ভাবিলে সন্ন্যাসীগৰাকীয়ে তেঁওৰ প্ৰশ্নৰ উত্তৰ নিদি এইবোৰ কি কথা সুধিবলৈ আৰম্ভ কৰিছে !

তথাপিও তেঁও উত্তৰ দিলে সন্ন্যাসীজনক। যদিও এই প্ৰশ্ন সাংবাদিকজনৰ ব্যক্তিগত বিষয়ক, তেঁও সোধা প্ৰশ্নটোৰ সৈতে কোনো সম্পৰ্ক নাই তথাপিও ভদ্ৰতাৰ খাতিৰতে সাংবাদিকজনে কৈ গ’ল- মোৰ মা এতিয়া নাই, দেউতা আছে, তিনিজন ভাই আৰু এগৰাকী ভন্টি আছে। সকলো বিবাহিত।

সন্ন্যাসীজনে হাঁহিলে। আকৌ সুধিলে তেঁও সাংবাদিকজনক আন এক প্ৰশ্ন- আপুনি আপোনাৰ দেউতাৰ সৈতে কথা-বতৰা পাতে ? প্ৰশ্নটো শুনি সাংবাদিকজনৰ খং বাঢ়িল। সংযমতা ৰক্ষা কৰি ক’লে- পাতোঁ। তাৰ পাছত সন্ন্যাসীগৰাকীৰ আকৌ প্ৰশ্ন- শেষৰবাৰ আপুনি দেউতাৰ সৈতে কেতিয়া কথা পাতিছিল ? সাংবাদিকজনে চমু উত্তৰ দিলে- এমাহৰ পূৰ্বে।

সন্ন্যাসীজনৰ প্ৰশ্ন শেষ হোৱা নাছিল। আপোনালোকৰ পৰিয়ালৰ প্ৰতিজন সদস্যই একেলগ কেতিয়া হৈছিল ? এই প্ৰশ্ন শুনি সাংবাদিকজনৰ মনত খেলাই গৈছিল এটা কথা- সাক্ষাতকাৰ মই লৈ আছো নে এও লৈ আছে ! সন্ন্যাসীজনক তেঁও খঙেৰে উত্তৰ দিলে- দুবছৰ পূৰ্বে আমি পৰিয়ালৰ প্ৰতিজন সদস্য একেলগ হৈছিলো।

সন্ন্যাসীজনৰ পৰৱৰ্তী প্ৰশ্ন আছিল- কিমান দিন একেলগে আছিল ? সাংবাদিকজনে চকুৰপানী মচি উত্তৰ দিছিল- ৩দিন আছিলো একেলগে। সন্ন্যাসীজনে এইবাৰ সুধিলে- আপোনালোকৰ ভাই-ভনীসকলে দেউতাৰ একেবাৰে কাষত বহি কিমান সময় কটাইছিল? সাংবাদিকজন অস্বস্তিত পৰিল।

হাতত থকা কাগজখনত কিবা কিবি লিখি মৌন হৈ ৰৈছিল। সন্ন্যাসীজনে জানিব বিচাৰিলে এই সময়ছোৱাত দেউতাকৰ সৈতে একেলগে বহি তেঁওলোকে ব্ৰেকফাষ্ট, লাঞ্চ কৰিছিল নে ? সকলো পাহৰি আত্মীয়তাৰে দেউতাকৰ সৈতে কথা পাতিছিল নে ? দেউতাকৰ কান্ধত হাত থৈ সুধিছিল নে- দেউতা তুমি কেনে আছা ?

মাকৰ মৃত্যুৰ পাছত দেউতাকৰ সেই নিঃসংগতা অনুভৱ কৰিব পাৰিছিল নে ? নাইবা কৰিব চেষ্টা কৰিছিল নে ? সাংবাদিকজন ভাবুক হৈ পৰিছিল। সন্ন্যাসীজনে সাংবাদিকজনৰ হাতখন খামুচি ধৰিছিল। তাৰ পাছত কৈছিল- মই দুঃখিত। যদি আপোনাক অজানিতে মনত আঘাত দিছো। কিন্তু আপুনি কৰা প্ৰশ্নটো উত্তৰ এয়াই।

আপুনি হয়তো বুজিছে এতিয়া সংযোগ আৰু যোগাযোগৰ পাৰ্থক্য। আপুনি দেউতাৰ সৈতে যোগাযোগত আছে কিন্তু সংযোগত নাই। সংযোগ সদায় আত্মাৰ সৈতে আত্মাৰ হয়। একেলগে বহি কথা পতা, এসাঁজ খোৱা, চকুৰ সৈতে সংযোগ, দুহাত স্পৰ্শ আদিয়ে এক সংযোগ গঢ়ি তোলে।

সাংবাদিকজনে সন্ন্যাসীজনক ধন্যবাদ দিলে। বুজি পালে তেঁও সংযোগ আৰু যোগাযোগৰ মাজৰ পাৰ্থক্য। সাংবাদিকজনক জীৱনৰ এই পাঠ দিয়া সন্ন্যাসীজনেই আছিল স্বামী বিবেকানন্দ।

এতিয়া সকলোৰে সকলোৰে সৈতে যোগাযোগ থাকে। কিন্তু সংযোগ নাথাকে। কোনো বিচাৰ-বিবেচনাহীন নকল পৃথিৱী আৰু বাস্তৱৰ যেন বাসিন্দা হৈ পৰিছো আমি। দেখাত ক্ষুদ্ৰ হৈ পৰিছে এই পৃথিৱী। আয়তন বৃদ্ধি নহ’লেও এতিয়া আমি এজন আনজনৰ পৰা এই সংযোগহীনতাৰ বাবে বহু দূৰলৈ গুচি গৈছো।

কি ৰাজনীতি, কি সমাজ সকলোতে ইয়াৰ প্ৰভাৱ দেখা গৈছে। অসমৰ বান পৰিস্থিতিৰ কথাকে ধৰক। ২৪ লাখ লোক বানত আক্ৰান্ত হৈছে। ৬৮জন লোকে বানত প্ৰাণ হেৰুৱাইছে। বানত হাজাৰ হাজাৰ কোটি টকা সা সম্পত্তি ক্ষতি হৈছে। বানপানী সমস্যাই অসমক ভাৰাক্ৰান্ত কৰি তুলিছে।

২০১৮-১৯ বৰ্ষত বানপানীৰ বাবে ৰাজ্য চৰকাৰে ২৫০৯ কোটি টকা কেন্দ্ৰৰ পৰা সাহাৰ্য বিচাৰিছিল। কিন্তু এটা টকাও সেই বছৰ নাপালে। ২০১৯-২০ বৰ্ষত ৰাজ্য চৰকাৰে কেন্দ্ৰৰ পৰা ৩,২৩৭কোটি টকা সাহাৰ্য বিচাৰি আকৌ বিফল হ’ল।

২০২০-২১ বৰ্ষত ৰাজ্য চৰকাৰে কেন্দ্ৰৰ পৰা বান সাহাৰ্য হিচাপে ২৬৪০ কোটি টকা বিচাৰি পালে মাত্ৰ ৪৪ কোটি টকা। ২০২১-২২ বৰ্ষত ১০৮৮ কোটি টকাৰ বাবে অনুৰোধ কৰিছিল ৰাজ্য চৰকাৰে। কিন্তু সেই বছৰ ৫১ কোটি টকাহে বান সাহাৰ্য আহিল।

২০২২-২৩ বৰ্ষত ৰাজ্য চৰকাৰে ১৩০৯ কোটি টকা কেন্দ্ৰৰ পৰা সাহাৰ্য বিচাৰি লাভ কৰিলে ১৬০ কোটি টকা। সেই বৰ্ষবোৰতকৈ ২০২৪ বৰ্ষত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে অসমত। এইবাৰ কেন্দ্ৰই কি সহায়ৰ হাত আগবঢ়াই সেয়াও অনিশ্চিত।

অসমৰ এই পৰিস্থিতিৰ খবৰ দিল্লীয়ে পাইছে। কিয়নো এক্স হেণ্ডলত গৃহমন্ত্ৰীয়ে লিখিছে তেঁও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এই বিষয়ে কথা পাতিছে। অৱশ্যে ইয়াক বান বুলি নেলেখি বান সদৃশ পৰিস্থিতি আখ্যা দিছে গৃহমন্ত্ৰীয়ে।

তেঁও লিখিছে- On account of the heavy rains, a flood-like situation has occurred in Assam. Spoke with Assam CM Shri @himantabiswa Ji about the ongoing situation. The NDRF and the SDRF are working on a war footing, providing relief and rescuing the victims. PM Shri @narendramodiJi stands firmly with the people of Assam and is committed to providing all possible assistance to the state in these challenging times.

তেঁওলোকৰ বাবে এয়া বান সদৃশ পৰিস্থিতি। অসমবাসীৰ বাবে কিন্তু এয়া ভয়াৱহ বানপানী। নিৰ্বাচনৰ বতৰত তেঁওলোকে ভোট বিচাৰি সপ্তাহত অসমলৈ আহে। ইজনৰ পাছত সিজন নেতা-মন্ত্ৰী আহি ভোট ভিক্ষা কৰে। কিন্তু বানপানীৰ সময়ত তেঁওলোকে অসমলৈ আহিবলৈ, অসমবাসীৰ খবৰ ল’বলৈ অৱকাশ নাপায়।

বানাক্ৰান্তৰ বাবে সাহৰ্য দিবলৈ কুণ্ঠাবোধ কৰে। মুখ্যমন্ত্ৰীলৈ নিয়মমাফিক এটা ফোন কৰিয়েই দায়িত্ব সামৰে। সামাজিক মাধ্যমত অসমৰ বানাক্ৰান্তৰ খবৰ লোৱা বুলি পোষ্ট দিয়ে। তাতেই আমাৰ সন্তুষ্টি।

নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ কেইবাৰ আহিছিল আৰু বানপানী বা আন বিপৰ্যয়ৰ সময়ত তেঁওলোক কিমানবাৰ অসমলৈ আহে সেই হিচাপৰ তুলনা কৰিলে তেঁওলোকৰ অসম প্ৰীতিৰ উমান পোৱা যায়। সেই সন্ন্যাসীজনে কোৱাৰ যোগাযোগ আৰু সংযোগৰ কথাখিনি এইসকলৰ সৈতে তুলনা কৰিব পাৰি।

তেঁওলোকে অসমৰ সৈতে যোগাযোগ ৰাখে, মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনত কথা পাতে, কিন্তু সংযোগ নাৰাখে। সেয়েহে বানপানীয়ে অসমত অসমবাসী কি পৰিস্থিতিৰ সন্মুখীন হৈছে উপলব্ধি কৰিব নোৱাৰে বা নিবিচাৰে।

অসমৰ ভয়াৱহ বানপানীক তেঁওলোকে বানপানী সদৃশ পৰিস্থিতিৰ সৈতে তুলনা কৰে। বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাহাৰ্য বিচাৰিলে কণা হাঁহক পতান দিয়াৰ দৰে আচৰণ কৰে।

অমিত শ্বাহৰ বাবে এটা কাহিনী...
মহাপুৰুষ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in