ভয় হয়, বদৰুদ্দিনে আৰু বা কি কয়?

ভয় হয়, বদৰুদ্দিনে আৰু বা কি কয়?
Published on
Updated on

মৃদুল কুমাৰ সন্দিকৈ

মানুহ হ'বৰ বাবে কিছু যোগ্য়তা লাগে। ধন,ক্ষমতা থাকিলেই প্ৰকৃত অৰ্থত এজন মানুহ মানুহ হোৱাৰ বাবে যোগ্য় নহ'বও পাৰে। ৰাজনীতি কৰাৰ নামত লেকামবিহীন অতি সাম্প্ৰদায়িক আৰু নিম্ন ৰুচি মন্তব্য কৰা সকলৰ স্পৰ্ধাই চূড়ান্ত সীমা অতিক্ৰম কৰিছে।

এই সকললোক সমাজৰ বাবে বোজা স্বৰূপ। তেওঁলোক যি দল বা সম্প্ৰদায়ৰ নহওক কিয় এনেলোকক চূড়ান্ত ভাষাৰে গৰিহনা আৰু বৰ্জন কৰাৰ প্ৰয়োজন হৈ পৰিছে। এনেবোৰ কথাৰে সংবাদ মাধ্যমত চৰ্চাত থকাতো তেওঁলোকৰ ৰাজনৈতিক পেচা।

গুৰু-গোঁসাই নামানি অভদ্ৰ আৰু অসভ্য আচৰণ কৰা এই শ্ৰেণীৰ ক্ষমতাশালীলোকৰ বিৰুদ্ধে কি ৰহস্যজনক কাৰণত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে সেয়াও আন এক ৰহস্যৰ বিষয়। প্ৰায় প্ৰতিদিনেই সংবাদ মাধ্যমৰ সন্মুখলৈ আহিলেই কুট কথা কৈ ভালপোৱা এই নেতাসকলৰ চিকিৎসা কৰাৰ দায়িত্ব ৰাইজৰ।

কাৰোবাক কিনিম, কাৰোবাক মাৰিম,কোনোবা ফাল্টু আদি অতি শেহতীয়াকৈ কৰা মন্তব্যবোৰ দুৰ্ভাগ্যজনক। সেই মন্তব্যবোৰে এই ইংগিতো বহন কৰিছে যে তেওঁলোকে জানে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাতো সহজ নহয়।

তাৰ ফলশ্ৰুতিতেই তেওঁলোকৰ এনে মন্তব্য কৰাৰ প্ৰৱণতা বাঢ়ি গৈয়ে আছে। আৰু কি পৰ্যায়লৈ তেওঁলোক নামিবৰ বাবে বাকী আছে। সদায় কিয় এই ধৰণৰ মন্তব্যৰ বাবে তেওঁলোকক ৰেহাই দিয়া হয়।

এখন চিনেমা সন্দৰ্ভত সামাজিক মাধ্যমত মন্তব্য কৰাৰ বাবে যদি গোচৰ ৰুজু হ'ব পাৰে, সেই মন্তব্য দিয়া সকলৰ বাক স্বাধীনতাত হস্তক্ষেপ কৰি তেওঁলোকক জেৰা চলাব পাৰে এই সকল নেতাৰ ক্ষেত্ৰত একো কৰিব নোৱাৰে কিয়?

বহিঃ ৰাজ্যৰ পৰা আপত্তিজনক মন্তব্য কৰাৰ বাবেই যদি বিৰোধী নেতাক গ্ৰেপ্তাৰ কৰি আনিব পাৰে। কবিতা লিখাৰ বাবে এগৰাকী সাধাৰণ ছাত্ৰীক মাহৰ পাছত মাহ ধৰি পোতাশাললৈ পঠিয়াই দিব পাৰে। কিন্তু সেই আৰক্ষী বা চৰকাৰে বহুবল্কী নেতাক এদিনৰ বাবে গ্ৰেপ্তাৰ কৰাৰ সাহস নাই ।

সকলোবোৰ দেখি শুনি মানুহ অতিষ্ঠ হৈছে। তেওঁলোকৰ মাত কথাত এনে নীচ মানসিকতা ফুটি উঠে যে তেওঁলোক এজন মানুহ হোৱাৰেই যোগ্য নহয়। সেই যোগ্যতাৰ অবিহনেই ৰাজনীতিৰ দৰ-দামত তেওঁলোক সিদ্ধসস্ত। এই শ্ৰেণীৰ লোক ক্ষমতাবান হৈ পৰাৰ পাছত শাসকপক্ষৰ সৈতেও আঁৰ কাপোৰৰ ভিতৰত সু-সম্পৰ্ক ৰক্ষা কৰি যে চলে সেয়া অনুমান কৰিব পাৰি।

সংবাদ মাধ্যমৰ সন্দৰ্ভতো অতি শেহতীয়াকৈ দিয়া বিতৰ্কিত মন্তব্যৰ পাছত তেওঁলোকৰ বিৰুদ্ধে গৰ্জন কৰা নাই কোনোৱে। কেৱল এটা সেই মানুহজনে এনেদৰে মন্তব্য কৰিছে বুলি এটা খবৰ হৈয়ে ৰৈছে। যিটো খবৰত সাংবাদিকো পিটিম বুলি ক'বলৈ তেওঁ কুণ্ঠাবোধ নকৰাৰ কথা উল্লেখ আছে।

দেখাত বিৰোধীৰ আসনত থাকিলেও অদৃশ্য ক্ষমতাৰাগীত তেওঁ বলিয়ান। সেয়েহে দম্ভালিপূৰ্ণ মন্তব্যৰে নিজক প্ৰাসংগিক কৰি ৰখা আৰু আনকো প্ৰাসংগিক কৰি ৰাখিবলৈ তেওঁ এইদৰে সাৰ-পানী যোগাই আহিছে। নহ'লে অতি ক্ষমতাশালী বুলি ভৱা ৰাজ্যৰ মুখ্যমন্ত্ৰীজনকে 'ফাল্টু' আখ্যা দিবলৈ কাৰ ইমান সাহস আছে?

তেওঁলোকক সাম্প্ৰদায়িক মন্তব্য দিবলৈ লাইচেন্স দিয়া হৈছে নেকি? আপাত দৃষ্টিত তেওঁ এআইইউএফক নেতৃত্ব দিও বিজেপিৰ এজেন্ট হিচাপে মানুহে ধৰিব নোৱাৰাকৈ ৰাজনীতি কৰি গৈছে নেকি?

সকলো গমি পিটি চালে তেনে এক ধাৰণাই হয় সাধাৰণ মানুহৰ। বেছি নহয়, অতি বেছি হৈ গৈছে এই চামলোকৰ। কিন্তু সংবেদনশীল বুলি নিজে দাবী কৰা চৰকাৰৰ এই দিশলৈ কানসাৰ নাই। ইয়াতকৈ আৰু অতি সাম্প্ৰদায়িক মন্তব্য তেওঁলোকৰ মুখত ওলাব হয়তো পৰৱৰ্তী দিনত।

বিদেশী পুঁজি আনি সমাজ সেৱাৰ নাটক কৰা, আদৰ্শবিহীন ৰাজনৈতিৰ পৃষ্ঠপোষক সকলে ইয়াতকৈ আৰু বেছি কি কৰিব পাৰে। এইসকল সুস্থ সমাজৰ বাবে অভিশাপ। তেনে অপৰাধীক এদিনৰ বাবে আইনৰ আওতালৈ আনিব নোৱাৰাতো মুখ্যমন্ত্ৰীৰ বাবেও কম বিফলতা নহয়।

ভয় হয়, বদৰুদ্দিনে আৰু বা কি কয়?
আমাৰ বাবে খৰি ফলা খৰিকটীয়াজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in