'মাতৃ' নহ'লেও 'মানুহ' আছিল অনুপমা দত্ত...

মৃত্যুৰ পাছত কাৰ কি গতি হয় কোনোৱে কব নোৱাৰে। মৃতকৰ প্ৰতি ন্যুনতম সন্মান প্ৰদৰ্শন কৰাত শত্ৰুৱেও কৃপনালি নকৰে।

author-image
Asomiya Pratidin
New Update
'মাতৃ' নহ'লেও 'মানুহ' আছিল অনুপমা দত্ত...

মৃদুল কুমাৰ সন্দিকৈ

মৃত্যুৰ পাছত কাৰ কি গতি হয় কোনোৱে কব নোৱাৰে। মৃতকৰ প্ৰতি ন্যুনতম সন্মান প্ৰদৰ্শন কৰাত শত্ৰুৱেও কৃপনালি নকৰে। যোৰহাটৰ বাহনাৰ ধোৱাপুখুৰী গাঁৱৰ এটা ঘৰৰ ভিতৰত উদ্ধাৰ হৈছিল উৱলি যোৱা এগৰাকী মহিলাৰ মৃতদেহ।

অনুপমা দত্ত নামৰ ৭৫ বছৰীয়া মহিলাগৰাকী এমাহৰ পূৰ্বে মৃত্যু হৈছিল বুলি ইতিমধ্যে চৰ্চা হৈছে।একেটা ঘৰতে আন এটা কোঠাত থকা মহিলাগৰাকীৰ কন্যা আৰু দুই পুত্ৰই মাতৃক চৰম অৱহেলা কৰা বুলি অভিযোগ উঠিছে।

এই ঘটনাক সকলোৱে ধিক্কাৰ দিছে। মানুহৰ ক্ষেত্ৰত মানুহে এনে অৱহেলা কৰিব নাপায় বুলি মন্তব্য কৰিছে। ২ অক্টোবৰ ২০২৩ ত অনুপমা দত্তৰ মৃতদেহ উদ্ধাৰ হৈছিল। তাৰপাছত এই দুখজনক ঘটনা আৰু মহিলাগৰাকীৰ উৱলি যোৱা মৃতদেহৰ ছবি সামাজিক মাধ্যমত, সংবাদ মাধ্যমত ভাইৰেল হৈ পৰিল।

গাঁওখনৰ স্থানীয়লোক আৰু গাঁওবুঢ়াৰ সৈতে এই সমগ্ৰ কাণ্ড সন্দৰ্ভত কিছু কথা পতা হৈছিল। স্থানীয় গাঁওবুঢ়া জনে কথা প্ৰসংগত বহু কেইটা কথা জনালে। প্ৰায় ৬০ বছৰ মানৰ আগতে এই পৰিয়ালটো আহিছিল ধোৱাপুখুৰী গাঁৱলৈ।

কিছু আঁতৰৰ তাতীচুুকত আছিল তেওঁলোকৰ ঘৰ। সামাৰিক বাহিনীক কাম কৰা পদ্মধৰ দত্তই পূৰ্বতে এগৰাকী মহিলাক বিয়া পাতিছিল।তেওঁৰ আছিল ৩ সন্তান ক্ৰমে- জিতুল, নিতুল আৰু মামনি।

তিনিওটা ল'ৰা-ছোৱালী পঢ়া-শুনাত বৰ মেধাৱী আছিল। ডাঙৰ ল'ৰা জিতুল দত্ত থাকে গেংটকত, সৰু ল'ৰা নিতুল দত্ত আমেৰিকাৰ কেলিফৰ্ণিয়াত আৰু ছোৱালী মামনি দত্তও আমেৰিকাতেই আছিল।

প্ৰায় এক-ডেৰ বছৰমানৰ পূৰ্বে পদ্মধৰ দত্তৰ মৃত্যু হৈছিল। সেই সময়চোৱাতেই ওচৰ-চুবুৰীয়াই জানিবলৈ দিয়া মতে আমেৰিকাৰ পৰা ঘূৰি আহি ঘৰত থাকিবলৈ লৈছিল মামনি দত্ত।

মামনি আছিল পৰিয়ালটোৰ ডাঙৰ। কিবা কাৰণত পৰিয়ালটোৰ সমাজৰ সৈতে বৰ বিশেষ সম্পৰ্ক নাছিল।একেখন গাঁৱত থকাৰ পাছতো আন মানুহৰ সৈতে সম্পৰ্ক নকৰিছিল। অৱশ্যে জিতুল, নিতুল আৰু মামনিৰ প্ৰকৃত মাতৃৃৰ ইতিমধ্যে মৃত্যু হৈছিল।

শেষ সময়ত ল'ৰা-ছোৱালী ডাঙৰ হোৱাৰ পাছত পদ্মধৰ দত্তই বিবাহ-পাশত আৱদ্ধ হৈছিল অনুপমা দত্তৰ সৈতে। ইয়াক লৈ পৰিয়ালটোৰ মাজতেই সংঘাতৰ সৃষ্টি হৈছিল আৰু দেউতাকৰ এনে সিদ্ধান্ত তেওঁলোকে মানি ল'ব পৰা নাছিল।

এয়া আছিল বাহান ধোৱাপুখুৰীৰ সেই ঘৰখনৰ প্ৰেক্ষাপট। অনুপমা দত্ত জন্মদাত্ৰী মাতৃ নহ'লেও পিতৃয়ে বিবাহ কৰি অনা সূত্ৰে তেওঁলোকৰ মাতৃ আছিল। সেই সূত্ৰে অনুপমা দত্তৰ চোৱা-চিতা কৰাৰ দায়িত্ব তেওঁলোকৰ আছিল।

পিতৃৰ অনুপস্থিতি সেই দায়িত্ব কোনো এজনেই নিষ্ঠাৰে পালন নকৰাৰ ফলতেই এই ঘটনা সংঘটিত হয়। ইয়াৰ বাবে তেওঁলোক দায়ী আৰু ই মানৱতাৰ পৰিপন্থী।সমাজত এনে বহু উদাহৰণ আছে যি নিজৰ পিতৃ-মাতৃক অৱহেলা কৰে। জীৱনৰ শেষ বয়সত এনে ব্যৱহাৰ কৰে যে সেয়া কল্পনাতীত।

এসময়ত ৰাজ্যত দপদপাই থকা এজন মন্ত্ৰীয়েও তেনে পৰিস্থিতিত গাড়ী গেৰেজত দিন কটাবলগীয়া হৈছিল। যোৰহাটৰ এই ঘটনা কেৱল এটা ঘটনাই নহয়। অঢ্যবন্ত বুলি গৌৰৱ কৰা, উচ্চ শিক্ষিত বুলি অহংকাৰ কৰা বহু লোকৰ বাবে ই এক শিক্ষা হোৱা উচিত।

বৃদ্ধাশ্ৰমবোৰত বিচাৰি গ'লে এনে বহু কাহিনী বিচাৰি পোৱা যাব। চকুলো টুকি টুকি জীৱনৰ শেষ বয়সৰ এই কৰুণ কাহিনী এজন বৃদ্ধ বা বৃদ্ধাই কৈ থাকোতে শুনোতা জনৰো বুকু দুখেৰে ভৰি পৰিব।

অনুপমা দত্তৰ জীৱন নাটৰ অন্ত পৰিল। কিন্তু তাৰ পাছতো যেন এই কাহিনী অন্ত পৰা নাই। কথাবোৰ সৰু যদিও চিন্তনীয়। অনুপমা দত্তৰ পৰিয়ালে তেওঁৰ তিলনী অনুষ্ঠিত কৰিব নোৱাৰিলে। কোনদিনা তেওঁৰ মৃত্যু হৈছিল সেই নিশ্চিয়তা নোহোৱাৰ বাবে এই আনুষ্ঠানিকতা সম্ভৱ নহল।

ইয়াৰোপৰি পৰিয়ালটোৰ সংঘপন্থী হোৱাৰ বাবে সেই গাঁৱখনত থকা বামুনীয়াপন্থী লোকসকলৰ মাজত এক মত পাৰ্থক্যই দেখা দিছে। খবৰৰ মতে কিছুলোক গৈ স্থানীয় ভোগদৈ থানা পাইছেগৈ। মহিলাগৰাকীক মৃত্যুৰ সন্দৰ্ভত আৰক্ষীৰ পৰা কাৰণ জানিব বিচাৰিছে।

আৰক্ষীয়ে মৃত্যুৰ কাৰণ উল্লেখিত কোনো প্ৰমাণ পত্ৰ দিব নোৱাৰো বুলি ইতিমধ্যে জনাই দিছে স্থানীয় গাঁওবুঢ়াক। তৰাজানৰ শ্মশানত অনুপমা দত্তৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন হৈছে। মৃত্যু চাগে তেওঁৰ বৰ যন্ত্ৰণাদায়ক হৈছিল।

ইয়াৰ পাছত তেওঁ কৃতকৰ্মক লৈ সৃষ্টি হৈছে জটিলতা। এনেবোৰ দিশতে সমাজখন বিজ্ঞানমনস্ক আৰু প্ৰকৃত আধুনিক মনৰ হোৱাতো প্ৰয়োজন হৈ পৰিছে। যিসকলে তেওঁক জীৱনৰ অন্তিম সময়কনত শেষ সন্মান জনাব নোৱাৰিলে সেই সকলৰ দৰে আন সকলে আচৰণ কৰিলে কাৰো মাজতেই পাৰ্থক্য নাথাকিব।

অনুপমা দত্তৰ কাণ্ড এক সামাজিক ব্যাধি। সেই ব্যাধিত আক্ৰান্ত বহু পৰিয়াল। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহ অতি বাস্তৱতাবাদৰ পৰা উভতি আহি মানৱতাক আঁকোৱালি ল'বই লাগিব। নহ'লে এনেবোৰ ঘটনা ঘটিয়েই থাকিব। মৃত এগৰাকী মহিলাক 'মাতৃ' বুলি স্বীকৃতি নিদিলেও 'বুঢ়ী' বুলি কৰা সম্বোধন কোনো শিক্ষিত আৰু বিবেকবান লোকৰ মুখৰ ভাষা হ'ব নোৱাৰে কেতিয়াও।

Also Read: এখন কিতাপৰ কাহিনী...

jorhat