লুকা-ভাকু ভাল নালাগে...

লুকা-ভাকু ভাল নালাগে...
Published on
Updated on

মৃদুল কুমাৰ সন্দিকৈ

লুকা-ভাকু ভাল লাগে। এয়া শৈশৱৰ খেল। কিন্তু কিছুমান লুকা-ভাকু ভাল নালাগে। সেয়া শৈশৱৰ খেল নহয়। দৈনন্দিন জীৱনৰ যন্ত্ৰনা হৈ পৰে। নিশা শান্তিৰে শুব পাৰিছেনে? দুপৰীয়া গৰমত জ্বলি পুৰি, ঘামি জামি শেষ হৈ গৈছে। লওঁ বুলি ফেনৰ বতাহ অকনমান লোৱাৰ সৌভাগ্য হৈছেনে?

ৰাজ্যৰ প্ৰায়বোৰ জনতাৰেই একেই দশা। উৎকট গৰমে দহিছে, নিশা নামি আহিছে, প্ৰয়োজনৰ সময়ত বিদ্যুতে লুকা-ভাকু খেলিছে। ৰাজ্যৰ চৌদিশে প্ৰতিবাদ হৈছে। বিদ্যুৎ বিভাগ, এপিডিচিএল বা আন বিদ্যুৎ বিভাগৰ কাৰ্যালয়লৈ লৈ মানুহে প্ৰশ্ন কৰিছে- কাৰেন্ট আৰু কিমান কাটিব?

পুৱা-গধূলি বিদ্যুতৰ এই লৰা-ধেমালি দেখি মানুহৰ ধৈৰ্য সীমা পাৰ হৈছে। প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা দিছে। কিন্তু সেই প্ৰতিবাদৰ প্ৰত্যুত্তৰ দিবলৈ উত্তৰ নাই বিদ্যুৎ যোগানৰে জড়িত সকলৰ ওচৰত।

২৪ ঘন্টাই বিদ্যুতৰ যোগান নিয়মীয়া কৰিম বুলি নিৰ্বাচনৰ আগত তেওঁলোকেও প্ৰতিশ্ৰুতি দিছিল। এনে প্ৰতিশ্ৰুতি সকলোৱে দিয়ে। পাছতহে সেই প্ৰতিশ্ৰুতি ফুটুকাৰ ফেন হৈ পৰে। ৰাজপথৰ ওপৰত ওলমি ৰয় নিৰ্বাচনৰ বতৰত সেই প্ৰতিশ্ৰুতি লিখি তেওঁলোকৰ ডাঙৰ ডাঙৰ ফটোৰে আঁৰি দিয়া হৰ্ডিংবোৰ।

তেনে ডাঙৰ ডাঙৰ বেনাৰ, হৰ্ডিং দেখি মানুহৰ আৰু খং উঠে। নিশা অতিষ্ঠ হৈ ৰাইজ ওলাই আহিছে ৰাজপথলৈ।টুপিয়াত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি মানুহে কৈছে- নাযাঁও আজি ঘৰলৈ। ৰাতি ৰাতিটো কাৰেন্ট নাথাকে। গৰমত শুব নোৱাৰি। আজি ৰাজপতেই শুম।

বিদ্যুৎ যোগান নিয়মীয়া কৰিব নোৱাৰা এপিডিচিএলে বিদ্যুতৰ মাচুল কিন্তু ঠিকেই বৃদ্ধি কৰে। বৰ্ধিত বিদ্যুত মাচুল দিয়াত পলম হ'লে কাৰেন্ট কটা, জৰিমণা বিহা এইবোৰ কৰাত তেওঁলোক ওস্তাদ হৈ পৰিছে। কিন্তু পৰা নাই গ্ৰাহকক প্ৰয়োজনীয় আৰু নিয়মীয়া বিদ্যুৎ যোগান ধৰিবলৈ।

সমস্যা ক'ত? ৫০০ টকাৰ বিল এতিয়া প্ৰায় ৩০০০ টকা হ'ল। পূৰ্বৰ দৰে বিদ্যুৎ ব্যৱহাৰ পাছত নহয়, মোবাইলৰ সেৱাৰ দৰে আগতীয়াকৈ ধন লৈ বিদ্যুৎ যোগান ধৰা স্মাৰ্ট ব্যৱস্থা কৰিলে। তাৰপাছতো গ্ৰাহকৰ প্ৰতি কোনো দায়বদ্ধতা নাই।

ৰাজ্যৰ শক্তি বিভাগৰে এতিয়া শক্তি নাই। কৰিমগঞ্জৰ বাজাৰিচড়াত বিদ্যুতৰ সংযোগ কৰ্তন কৰিবলৈ যাঁওতে এগৰাকী মহিলাই হাতত বাঁহ লৈ কি অৱস্থা কৰিছিল এজন কৰ্মচাৰীক। আপাত দৃষ্টিত মহিলাগৰাকীয়ে অপৰাধ কৰিছে।

কিন্তু বিদ্যুতৰ নামত তেওঁ বা কিমান যান্ত্ৰনা ভোগ কৰিছে সেয়াতো কোনোৱে নাজানে। অসমৰ প্ৰতিজন সাধাৰণ মানুহৰে ক্ষোভ আছে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ ওপৰত। খং আছে এ পি ডি চি এলৰ ওপৰত।

২৪ ঘন্টাই বিদ্যুৎ থাকিব বুলি নেতাইহে কয়, বাস্তৱত সেয়া কাৰ্যকৰী নহয়। কোনো কোনো গ্ৰাম্য অঞ্চলত ২৪ ঘন্টা বাদেই ২৪ মিনিটেই বিদ্যুৎ নাথাকে। প্ৰচণ্ড ক্ষোভত মানুহে কটাক্ষ কৰি এপিডিচিএল বা এএছইবিক কৈছে- বিদ্যুৎ পৰিবাহী তাঁৰ ইমান ওখ ওখ খুঁটা বোৰত দিয়াতকৈ হাতে ঢুকি পোৱা উচ্চতাত দিলে ভাল। কাৰেন্ট নহা এই তাঁৰবোৰত মানুহে অন্তত কাপোৰকে মেলিব পাৰিব।

এয়া কম ক্ষোভ নহয় মানুহৰ। অমৃত কাল চলিছে দেশত। অমৃত কালৰ নমুনা এনেদৰে ৰাইজে পাইছে। জ্বলা-কলা ঠিকেই পাইছে। কোনোবাই এইসকলোবোৰ দেখি শুনি বিহু গীতকেই ৰচিছে।

দ্বীপ নামৰ কণ্ঠশিল্পী এজনে গাইছে- ভীমকলৰ কলডিল বহুত বাঢ়িছে কাৰেন্টৰ বিল/গছৰ তলত বহি বতাহ ল'লে হেনো কমি যাব কাৰেন্টৰ বিল।

এনেকৈয়ে প্ৰতিবাদ চলিছে। ৰাইজে নিয়মীয়া বিদ্যুত বিচাৰি হাহাকাৰ কৰিছে। শক্তি বিভাগৰ দায়িত্বত থকা বিভাগীয় মন্ত্ৰীগৰাকীয়ে এইবোৰ কথা উম-ঘামেই হয়তো পোৱা নাই। কিয়নো দিছপুৰত ঠিকেই চলি আছে এচি, ফেন।

ভাইৰেল হৈছে এপিডিচিএলৰ এখন মুকলি পত্ৰ। ৩-০৯-২০২৩ ত অসমৰ ৰাইজৰ হৈ লিখা এই পত্ৰত ভালদৰে বিদ্যুৎ সেৱা আগবঢ়োৱাৰ বাবে আবেদন জনোৱা হৈছিল। কোনোবাই ধেমালিতে লিখা এই পত্ৰত আছে ক্ষোভৰ উদগীৰন।

এগৰাকী কনমানিয়ে ফোন কৰিছে বিদ্যুৎ বিভাগৰ গ্ৰাহক সেৱাৰ নম্বৰলৈ। সুধিছে কিয় নাথাকে কাৰেন্ট। কাৰেন্টৰ এই অনিয়মীয়া যোগানৰ বাবে তেওঁ কেনেকৈ পঢ়িব বুলি প্ৰশ্ন কৰিছে তেনেই এটা কনমানিয়ে।

সিমূৰত থকা ব্যক্তিজনে কনমানিজনীৰ ফোন পাই কাৰেন্ট দি আছো বুলি উত্তৰ দিছে। কাৰেন্ট নিদিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কৈ দিম বুলিও কনমানিজনীয়ে ফোনতে কৈছে।

সকলো স্তৰতে এনেদৰে ৰাজ্যত বিদ্যুতৰ অনিয়মীয়া যোগানৰ প্ৰভাৱ পৰিছে। চৌদিশৰ পৰা অভিযোগ আহিছে। মানুহ বিৰক্ত হৈ পৰিছে। কিন্তু সেইবোৰকলৈ মন কান নাই চৰকাৰৰ। গৰমৰ মাত্ৰা বাঢ়িছে। বিদ্যুতৰ লুকা-ভাকু বাঢ়ি গৈছে।

এনেকৈয়ে আৰু কিমান দিন ৰাইজে এই অতিশয্য সহ্য কৰিব লাগিব। নিৰ্বাচনৰ পূৰ্বে এতিয়া ২৪ ঘন্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতিবোৰ কেতিয়াও পুৰণ নহ'বই নেকি? কিন্তু বিদ্যুৎ যোগান দিব পাৰক বা নোৱাৰক সাধাৰণ ৰাইজক লুটাত বিদ্যুৎ বিভাগ ওস্তাদে নহয় পাৰ্গত হৈ পৰিছে এতিয়া।

লুকা-ভাকু ভাল নালাগে...
হে আৰক্ষী! অন্তত খাকী পোচাকযোৰৰ সন্মান ৰাখক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in