গিৰীশদাৰ নাম কিন্তু কাটিব নোৱাৰে...

গিৰীশদাৰ নাম কিন্তু কাটিব নোৱাৰে...

New Update
গিৰীশদাৰ নাম কিন্তু কাটিব নোৱাৰে...

য়েছে দৰ্জে ঠংছিলৈ পুৱাই ফোন কৰিছিলোঁ। কুশলবাৰ্তা বিনিময় কৰাৰ পাছত উলিয়াইছিলো- সাহিত্য সভাৰ সভাপতি প্ৰসংগ। তেওঁ চিধা-চিধিকৈ কৈ দিলে- সভাপতিৰ দৌৰত তেওঁ আৰু নাই। কোনো কাৰণতে অসম সাহিত্য সভাৰ সভাপতি তেওঁ নহয়।

বহুতে অসম সাহিত্য সভাৰ সভাপতিকেন্দ্ৰিক বিতৰ্কৰ মাজত তেওঁৰ নাম উচ্চাৰণ কৰি বিশিষ্ট সাহিত্যিকগৰাকীক এই আসনত অধিষ্ঠিত কৰাৰ দাবী তুলিছিল। সেই দাবী আৰু প্ৰস্তাৱক অগ্ৰাহ্য কৰিলে বৰেণ্য সাহিত্যিকগৰাকীয়ে।

অসম সাহিত্য সভাকেন্দ্ৰিক কোনো কথাতে মন্তব্য বা প্ৰতিক্ৰিয়া দিব নিবিচাৰিলে তেওঁ। এতিয়াচোন সাহিত্যিকসকলে সাহিত্য সভাৰ সভাপতিৰ আসনত বহিব নোখোজে। আন এগৰাকী বিশিষ্ট সাহিত্যিকে এই প্ৰসংগতে বৰ আক্ষেপেৰে ক’লে- সাহিত্য সভাৰ বিতৰ্কৰ বোকা গাত সানি লোৱা ইচ্ছা নাই।

গিৰীশ সন্দিকৈ কেন্দ্ৰিক সাহিত্য সভাৰ সভাপতি বিতৰ্কই জোকাৰি যোৱাৰ পাছত ১২ নবেম্বৰ ২০২৪ত সভাপতি নামৰ সংশোধিত পেনেল তালিকা প্ৰস্তুত কৰিবলৈ সভাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব। ৭জনীয়া এই উচ্চস্তৰীয় কমিটিখনৰ বৈঠক ৩১ অক্টোবৰত ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত অনুষ্ঠিত হৈছিল।

সেই বৈঠকতে এই উচ্চস্তৰীয় কমিটিয়ে এখন ৫জনীয়া তালিকা প্ৰস্তুত কৰিছিল। যিখন সভাপতি পেনেলৰ তালিকাত আছিল উচ্চস্তৰীয় কমিটিৰ দুই সদস্যৰ নাম। গিৰীশ সন্দিকৈ আৰু নাহেন্দ্ৰ পাদুনৰ নাম এই তালিকাত থকাকলৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল।

বিশেষকৈ সাহিত্য সভাৰ বৰ্তমানৰ উপ সভাপতি গিৰীশ সন্দিকৈৰ নাম কেনেকৈ এই পেনেলত সোমাল আৰু তেওঁ সাহিত্য সভাৰ সভাপতি পদৰ যোগ্য হোৱাকৈ সাহিত্যৰ অৱদান কি, তাকলৈ প্ৰশ্ন উঠিছিল। বৰ্তমানৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাৰ কৃপাধন্য গিৰীশ সন্দিকৈক সভাপতি পাতিবলৈ এটা লবী উঠি- পৰি লাগিছিল আৰু সেই চেষ্টা এতিয়াও অৱ্যাহত আছে।

১২ নবেম্বৰত অনুষ্ঠিত হ’ব লগা উচ্চস্তৰীয় বৈঠকত সভাপতি পেনেলৰ বাবে কাৰ কাৰ নাম চূড়ান্ত কৰা হ’ব সেই অনানুষ্ঠানিক সিদ্ধান্ত ইতিমধ্যে লোৱা হৈছে। উপেন্দ্ৰজিৎ শৰ্মাই কোনো কাৰণতে বিচৰা নাই এই নতুনকৈ প্ৰস্তুত কৰিব লগা সভাপতি নামৰ পেনেলৰ তালিকাৰ পৰা গিৰীশ সন্দিকৈৰ নাম বাদ পৰাতো।

নতুনকৈ আন ৩টা নাম অন্তৰ্ভূক্তিৰে এই মুহূৰ্তলৈকে সভাপতি নামৰ ৫জনীয়া তালিকা সাজু কৰিছে এই লবীটোৱে। সেই তালিকাত পূৰ্বৰ গিৰীশ সন্দিকৈৰ উপৰিও নাহেন্দ্ৰ পাদুনৰ নাম থাকিব। নতুনকৈ অন্তৰ্ভূক্ত কৰিব বসন্ত গোস্বামী, দয়ানন্দ পাঠক আৰু জগদীশ পাটগিৰিৰ নাম।

কোনো কাৰণতে এই লবীটোৱে জয়ন্ত মাধৱ বৰাৰ নাম এই তালিকাত অন্তৰ্ভূক্ত নকৰাৰ সিদ্ধান্ত লৈছে। অৱশ্যে আৰু দুজনৰ নাম বিবেচনা কৰি থৈছে যদিও সভাৰ পৰিস্থিতি চাই সেই নাম দুটা সভাপতিৰ ৫জনীয়া তালিকাত অন্তৰ্ভূক্ত কৰা, নকৰাৰ সিদ্ধান্ত ল’ব।

তেতিয়া বৰ্তমান চূড়ান্ত কৰি থোৱা তালিকাৰ পৰা দুটা নাম বাদ দিয়া আন এক ব্লু-প্ৰিণ্টো তেওঁলোকে সাজু কৰিছে। সংবিধান সংশোধনৰ জৰিয়তে উচ্চস্তৰীয় কমিটিৰ দ্বাৰাই সভাপতি নামৰ ৫জনীয়া পেনেল প্ৰস্তত কৰাৰ এই প্ৰক্ৰিয়াটোকে বহুতে ইতিমধ্যে অসাংবিধানিক আখ্যা দিছে।

তথাপিও প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা নাচোৰবান্দা হৈ আছে। তেওঁৰ ইচ্ছা মতে সমগ্ৰ প্ৰক্ৰিয়াটোক চূড়ান্ত কৰিবলৈ কৰাৰ চেষ্টাৰ পৰিণতি বৰ্তমানৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকাৰ সৈতে মতান্তৰো ঘটিছে। পিছে উচ্চস্তৰীয় কমিটিৰ এই বৈঠকলৈ ৭জন সদস্যৰ ভিতৰত গৰিষ্ঠসংখ্যকে নহাৰ সম্ভাৱনা আছে।

এই কমিটিত আছিল- বৰ্তমানৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকা, প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা, উপ সভাপতি গিৰীশ সন্দিকৈ, মৃণালনী দেৱী, কুলধৰ শইকীয়া, নাহেন্দ্ৰ পাদুন আৰু ড০ সত্যেন গোস্বামী। এই ৭জন সদস্যৰ ভিতৰত ১২ নবেম্বৰৰ এই গুৰুত্বপূৰ্ণ সভাত উপস্থিত থকাৰ সম্ভাৱনা নাই কুলধৰ শইকীয়া, মৃণালিনী দেৱীৰ।

সভাপতি পেনেলত নাম থকা সূত্ৰে এই উচ্চস্তৰীয় কমিটিৰ সভাত উপস্থিত নথকাৰ কৌশল লৈছে নাহেন্দ্ৰ পাদুন আৰু গিৰীশ সন্দিকৈয়ে। ৩১ অক্টোবৰৰ উচ্চস্তৰীয় কমিটিৰ সভালৈ সত্যেন গোস্বামী আহিছিল যদিও সভাৰ এই বিতৰ্কবোৰ দেখি তেওঁকো সভাখনলৈ আহিবলৈ দিয়াৰ সম্ভাৱনা নাই পৰিয়ালৰ।

৯০ ঊৰ্ধৰ বিশিষ্ট সাহিত্যিকগৰাকীক প্ৰধান সম্পাদকে প্ৰথমখন সভালৈ সাহিত্য সভাৰ এক সম্বৰ্ধনা অনুষ্ঠানত যোগ দিবলৈ ঘৰৰ পৰা মিছা কথাকৈ অনা অভিযোগ উত্থাপন হৈছে। বহু কথা বয়সৰ বাবে তেখেতে পাহৰি গৈছে। এনে অসুস্থতাৰ মাজতে তেখেতক এই বিতৰ্কৰ আৱৰ্তলৈ ঠেলি দিয়া কথাতো সৈত্যেন গোস্বামীৰ পৰিয়ালে সহজভাৱে লোৱা নাই।

তেনে পৰিস্থিতিত প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাই পূৰ্বতে কৰা দাবী অনুসৰি প্ৰচাৰ হৈ থকা সভাপতি পেনেলৰ তালিকাখন মিছা বুলি কৈ নতুন নাম সংযোজনেৰে এইখনহে আচল তালিকা বুলি ক’বলৈ সাজু হৈছে। গিৰীশ সন্দিকৈয়ে ইতিমধ্যে কৈছে যে তেওঁৰ নাম সভাপতিৰ পেনেলত অন্তৰ্ভূক্ত হৈছে।

সভাপতিৰ লগতে সাহিত্য সভাৰ পৰৱৰ্তী প্ৰধান সম্পাদক পদত যাতে তেওঁৰ সম্বন্ধীয় ভাতৃক জয়যুক্ত কৰাব পাৰে, তাৰো কুচকাৱাজ উপেন্দ্ৰজিৎ শৰ্মাই চলাই আছে। ৰাজ্যজুৰি সৃষ্টি হোৱা বিতৰ্ক, সমালোচনা আৰু বৌদ্ধিক মহলৰ প্ৰতিক্ৰিয়াও সাহিত্য সভাৰ কৰ্মকৰ্তাসকলক গা লৰাব পৰা নাই।

Also Read: মোৰ চাহকাপত চেনি নিদিব...

অসম সাহিত্য সভা