হিন্দু-মুছলমান সকলোৰে তেওঁ মুখ্যমন্ত্ৰী...

হিন্দু-মুছলমান সকলোৰে তেওঁ মুখ্যমন্ত্ৰী...
Published on
Updated on

মৃদুল কুমাৰ সন্দিকৈ

ৰাজ্যত এতিয়া অৰাজকতা চলিছে। আইন শৃংখলাজনিত সমস্যাই চৌদিশে ছানি ধৰিছে। বিশ্বাস আৰু সমন্বয়ৰ অভাৱ হৈছে মানুহৰ মাজত। যিসময়ত সমন্বয়ৰ বাণীৰে এক সুস্থ পৰিৱেশ গঢ়াৰ চেষ্টা কৰিব লাগিছিল, সেই সময়ত দায়িত্বশীল লোকে ইয়াক বিনষ্ট কৰাৰ চেষ্টাতহে ব্ৰতী হৈ পৰিছে।

সামগ্ৰিকভাৱে চূড়ান্ত বিশৃংখলা আৰু কাণ্ডজ্ঞানহীনভাৱে পৰিচালিত হৈছে চৰকাৰ। সংবিধানৰ নামত এনে কাৰ্য কেতিয়াও নকৰো বুলি শপত লোৱা সকলেই মেৰুকৰণৰ ৰাজনীতিত নামি পৰিছে। এই পৰিৱেশত এনে সমস্যাবোৰ সমাধান কৰাৰ বিপৰীতে প্ৰৰোচিত কৰাৰ প্ৰৱণতাই এক শংকাবোধৰ পৰিৱেশ গঢ়ি তুলিছে তেওঁলোকে।

টিউচনৰ পৰা উভতা এগৰাকী দশম শ্ৰেণীৰ কিশোৰীৰ নিৰাপত্তা নোহোৱা হৈছে এইখন ৰাজ্যত। ঘৰলৈ যাবলৈ গাড়ীত বহি থকা কিশোৰীক অনাঅসমীয়া ব্যৱসায়ীয়ে গুৰুলা- গুৰুলকৈ পিটা সাহস কৰাৰ সময় এয়া। তাৰপাছতো কোনটো নাকেৰে কোনখন মুখেৰে মানুহজনে আত্মসন্তুষ্টি লভে সেয়াহে ডাঙৰ বিচাৰ্য বিষয়।

ফ্লাড জেহাদেৰে উগ্ৰ সাম্প্ৰদায়িকতাৰ পৰিচয় ৰাজহুৱা কৰা লোকসকলে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানসূত্ৰ বিচৰাৰ পৰিৱৰ্তে ইয়াক ধৰ্মীয় আবেষ্টনীৰ মাজলৈ নিব খোজে। কেৱল সম্প্ৰদায়ৰ কথা দোহাই দি সাংবাদিকক মুছলিম-হিন্দু শ্ৰেণীভূক্ত কৰা প্ৰভু সকলে নিজৰ মানসিকতা ইতিমধ্যে উদঙাই দিছে।

অপৰাধীৰ কোনো ধৰ্মীয় পৰিচয় থাকিব নোৱাৰে। কোনেও ক'ব নোৱাৰে কোনো নিৰ্দিষ্ট ধৰ্মাৱলম্বী লোকসকলেহে অপৰাধ সংঘটিত কৰে। সেই লোকসকলৰ ধৰ্মীয় পৰিচয়ৰ কথা বাৰে বাৰে উল্লেখ কৰি ইয়াক এক ভীতিলৈ পৰিৱৰ্তন কৰাৰ আঁৰত কাৰোবাৰ ৰাজনৈতিক উদ্দেশ্য সফল হ'লেও এনে সাধাৰণীকৰণে অপৰাধ নিয়ন্ত্ৰণ কৰিব নোৱাৰে।

ৰাজ্যত এতিয়া নাৰীজনিত অপৰাধে তীব্ৰ ৰূপ ধাৰণ কৰিছে। ড্ৰাগছকে ধৰি বৰবিহ স্বৰূপ মাদকদ্ৰৱ্যৰ প্ৰচলন সেই অপৰাধৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছে। সেইবোৰ নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে এক বিশেষ সম্প্ৰদায়লৈ দোষ ঠেলি দিলেই চৰকাৰ দায়মুক্ত হ'ব নোৱাৰে।

গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে যোৱা তিনিমাহত কিমান বলাৎকাৰৰ ঘটনা ৰাজ্যত সেই বিশেষ সম্প্ৰদায়ৰ লোকসকলে সংঘটিত কৰিলে সেই তথ্য দিলে। একেজন মুখ্যমন্ত্ৰীয়ে এবাৰো ভাবি নাচালে, এইবোৰ তেওঁ সফলতা নহয় বিফলতাৰহে খতিয়ান।

শিৱসাগৰত খিলঞ্জীয়া লোকৰ ওপৰত চলোৱা আক্ৰমণ আৰু তাৰ পাশ্বক্ৰিয়া দেখি ২৬ত অংক নিমিলিব বুলি তেওঁলোকে ঠিকেই অনুমান কৰিছে। সেই হিন্দুত্ববাদৰ অগ্ৰাসনক কিন্তু একেখন মুখেই স্বীকাৰ কৰাৰ সাহস কৰিব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে যদি ৰাজ্যবাসীক নিৰাপত্তা দিব নোৱাৰে, সেই বিফলতাৰ দায়িত্ব তেওঁ নলৈ কোনে ল'ব?

শেহতীয়াকৈ ধিঙত সংঘটিত কিশোৰী বলাৎকাৰৰ ঘটনাই ৰাজ্য জোঁকাৰি গ'ল। ৰাজপথলৈ ওলাই অহা হাজাৰ হাজাৰ লোকে আৰক্ষীক ধিক্কাৰ দি ৰাজ্যৰ প্ৰকৃত ছবিখন উদঙাই দিয়াৰ পাছত এনেবোৰ অপৰাধ বিশেষ সম্প্ৰদায়ৰ লোকে কৰে বুলি মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক সান্ত্বনা দিব বিচৰা কাৰ্য ধিক্কাৰজনক আৰু হাস্যকৰ।

প্ৰতিবাদ ক'ত হৈছে বুলি সাংবাদিকক কটাক্ষ কৰা মুখ্যমন্ত্ৰীয়ে শিৱসাগৰ আৰু ধিঙত প্ৰতিবাদৰ স্বৰূপ আৰু নমুনা দেখিলে। ৰাজ্যত নাৰী কিমান নিৰাপদ সেই ছবিখন যদি মুখ্যমন্ত্ৰীয়ে দেখা নাই, তেনে যোৱা ৩মাহত সংঘটিত কেইটামান নাৰীজনিত অপৰাধৰ খবৰ তেওঁ লওঁক-

• ৩মে’, ২০২৪ত লখিমপুৰৰ খেলমাটিত ধৰ্ষিতা হ'ল এগৰাকী কিশোৰী। আনকি বলাৎকাৰীৰ হাতত কিশোৰীগৰাকীৰ ভাতৃ মৃত্যু হোৱাৰ খবৰে জোকাৰণি তুলিছিল সেই সময়ত।

• ২২জুন, ২০২৪ত ঢেকিয়াজুলিত আন এগৰাকী কিশোৰীৰ একেই দশা হ'ল। বিশেষভাৱে সক্ষম কিশোৰীগৰাকীও বাচি নগ'ল অপৰাধীৰ হাতৰ পৰা।

• ২৭জুলাই, ২০২৪ত শোণিতপুৰৰ ঠেলামৰাত আন এক বলাৎকাৰৰ ঘটনা ঘটিল।

২৮জুন, ২০২৪ত ঢেকিয়াজুলিত লোকপ্ৰিয় অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ ছাত্ৰী নিৱাসত নিশা প্ৰৱেশ কৰিলে দুৰ্বৃত্তই।

• ২৯জুন, ২০২৪ত বাইহাটাৰ ভোমোলাহাটিত এগৰাকী কিশোৰীক ধৰ্ষণৰ চেষ্টা চলিছিল।

• ১জুলাই, ২০২৩ত ঠেলামৰাত এগৰাকী মহিলাক যৌন নিযাৰ্তনৰ চেষ্টা কৰিছিল দুৰ্বৃত্তই।

• ৬জুলাই, ২০২৪ত ৰঙাপৰাতো আন এগৰাকী কিশোৰীৰ সৈতে অপৰাধীয়ে অনুৰূপ কামেই কৰিলে।

• ১৩জুলাই, ২০২৪ত গোৱালপাৰা মাটিয়াত যৌন নিৰ্যাতনৰ অপচেষ্টা চলিল ৭০বছৰীয়া এগৰাকী বৃদ্ধাৰ ওপৰত।

• ২০জুলাই, ২০২৪ত মঙলদৈৰ ৰামহৰিত অপহৃত হ'ল এগৰাকী কিশোৰী।

• ২৫, জুলাই, ২০২৪ত ধিঙত মহিলাৰ ওপৰত আক্ৰমণ চলালে দুবৃৰ্ত্তই।

• ২৮জুলাই, ২০২৪ত হাজোৰ হিদালবৰিত সংঘটিত হ'ল কিশোৰী যৌন নিৰ্যাতনৰ ঘটনা।

• ১৪আগষ্ট, ২০২৪ত মহানগৰীৰ আজাৰাৰ পৰা অপহৃত হ'ল যুৱতী।

• ১৯আগষ্ট, ২০২৪ত শিলচৰ অসম বিশ্ববিদ্যালয়ত ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতন চলোৱা হ'ল। এই দিনটোত বিহালীৰ বুৰৈঘাটত কিশোৰীক যৌন নিৰ্যাতন ঘটনাও সংঘটিত হৈছিল।

• ২২আগষ্ট, ২০২৪ত ধিঙত কিশোৰীক দলৱদ্ধভাৱে বলাৎকাৰ কৰা হ'ল। মূল অভিযুক্ত তফজ্জুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। হাতত হেণ্ডকাফ লৈ ক্ৰাইম শ্বীন ৰিক্ৰিয়েশ্যনৰ সময়ত পলাবলৈ চেষ্টা কৰোতে ২৩আগষ্টত অপৰাধীৰ পুখুৰীত পৰি মৃত্যু ঘটিল।

এইবোৰ থুলমুল এটা হিচাপহে। এনে বহু ঘটনা পোহৰলৈ নাহে বা চৰ্চা নহয়। তেনে ক'ত আছে চৰকাৰ, ক'ত আছে আৰক্ষী ? কিয় এই অপৰাধপ্ৰৱণতা প্ৰতিৰোধ কৰাত বিফল হৈছে আৰক্ষী, প্ৰশাসন।

সাময়িকভাৱে মানুহে বলাৎকাৰীৰ মৃত্যুৰ খবৰ পাই উৎসাহিত হৈছে। হেণ্ডকাফ হাতত থকা অৱস্থাত অপৰাধী পলোৱা কাহিনীয়ে সন্দেহ সৃষ্টি কৰিলেও ইয়াৰ প্ৰতি সৰ্বসাধাৰণে প্ৰশ্ন উত্থাপন কৰা নাই। আৰক্ষীয়ে যি কৈছে, মানুহে তাকেই মানি লৈছে।

অতিষ্ঠ হৈছে মানুহ ! অপৰাধীক কঠোৰ শাস্তি বিহাৰ দাবী উত্থাপন হোৱাৰ সময়তে এনেবোৰ ঘটনাই মানুহক খন্তেকৰ বাবে স্বস্তিৰ নিশ্বাস এৰিবলৈ সুযোগ দিছে। আৰক্ষী আৰু চৰকাৰে কিবা এটা কৰিছে যে, সেয়া দেখুওৱাৰ সুযোগ গ্ৰহণ কৰিছে।

কিন্তু কিমান দিনলৈ এইবোৰ কাণ্ড ঘটি থাকিব? জাত-ধৰ্ম নিৰ্বিশেষে সমাজৰ এই ব্যাধিবোৰৰ বিপৰীতে এক সু্স্থ মানসিকতা তৈয়াৰ কৰাৰ দায়িত্ব আমাৰ সকলোৰে নাইনে? চৰকাৰী পক্ষই যিমানেই এই বিদ্বেষ বিয়পাইছে, সেই বিদ্বেষে ৰোপন কৰা সংঘৰ্ষৰ বীজে বহুতৰ মনত অপৰাধপ্ৰৱণতা গঢ়ি তুলিছে।

ইয়াক সমন্বয়ৰ জৰিয়তে এক কঠোৰ সামাজিক বাণীলৈ ৰূপান্তৰ কৰাৰ সময় এয়া। কোন সম্প্ৰদায়ৰ লোকে বলাৎকাৰ কৰিছে, সেই খতিয়ান জানো আমাক লাগে? আমি বিচাৰো জাত-পাত নিৰ্বিশেষে এখন অপৰাধমুক্ত সমাজ গঢ়ি উঠক।

অপৰাধী হিন্দু নে মুছলমান, সেয়া বিচাৰ কৰাতকৈ অপৰাধীক অপৰাধীৰূপে গণ্য কৰি কঠোৰ আইনী শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগে এতিয়া। অপৰাধীক মান্যতা দিয়াৰ প্ৰতিযোগিতা আৰু এক নিৰ্দিষ্ট সম্প্ৰদায়ক অপৰাধী সজোৱা তুচ্চ কামবোৰৰ পৰা সমাজৰ কোনো উপকাৰ নহয়।

বিশেষ সম্প্ৰদায়ৰ দল-সংগঠন আৰু পুৰোধা ব্যক্তিসকলেও অপৰাধীৰ বিৰুদ্ধে এক মনঃস্তাত্বিক আন্দোলন গঢ়ি তুলিব লাগিব। সমাজতকৈ ডাঙৰ শিক্ষক কোনো নাই। কোনো লোকে অপৰাধী হৈ জন্মগ্ৰহণ নকৰে। মুখ্যমন্ত্ৰীগৰাকীয়েও এইবোৰ উপলদ্ধিৰে তেওঁৰ চিন্তা-চেতনাক বহিঃপ্ৰকাশ কৰাতো মংগলজনক।

তেওঁ নিজেই নিজৰ ব্যৰ্থতাৰ উমান লওক। ভালদৰে তেওঁ অনুধাৱন কৰক স্পৰ্শকাতৰ বিষয়বোৰ। প্ৰশ্ন সুধিলে সাংবাদিকক তেওঁ কোন ধৰ্মৰ সেই পৰিচয় বিচৰাতকৈ এক ৰুচিশীল ব্যক্তি হিচাপে নিজক গঢ়ি তোলক।

মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিলেও নকৰিলেও এতিয়া ৰাজ্যৰ এয়াই বাস্তৱ অৱস্থা। সাধাৰণ মানুহবোৰে আন সমস্যাবোৰ বাদ দি প্ৰশ্ন কৰিব লগা হৈছে- ৰাজ্যত নাৰীক চৰকাৰে নিৰাপত্তা দিব পাৰিব কেতিয়া? সেই প্ৰশ্ন হিন্দু-মুছলমান সকলো নাৰীৰে, কিয়নো তেওঁ সকলোৰে মুখ্যমন্ত্ৰী...

হিন্দু-মুছলমান সকলোৰে তেওঁ মুখ্যমন্ত্ৰী...
যদি বিশাল ফুকনো পলাই যায় !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in