মৃদুল কুমাৰ সন্দিকৈ
অসম সাহিত্য সভা এতিয়া এটা বিতৰ্কিত অনুষ্ঠানৰ নাম হৈ পৰিছে। সাহিত্য সভা জাতীয় আৰু সাহিত্য অনুষ্ঠান হৈ থকা নাই। অনুষ্ঠানটোৰ প্ৰতি মানুহৰ দৃষ্টিভংগী ইমান তললৈ নামি গৈছে যে, অসম সাহিত্য সভাৰ সৈতে বহু বিশিষ্ট লোক জড়িত হ’ব নোখোজে আৰু সাধাৰণ লোকৰ বাবে সাহিত্য সভাৰ খবৰ মূল্যহীন হৈ পৰিছে।
এটা দিন আছিল, অসম সাহিত্য সভা অসমীয়া সাহিত্য, অসমীয়া সমাজ জীৱনৰ অভিভাৱক স্বৰূপ আছিল। এতিয়া সেই মৰ্যদাপূৰ্ণ অনুষ্ঠানটো এচাম ক্ষমতালোভী, বিষয়বাবৰ প্ৰতি লালায়িত লোকৰ ব্যক্তিগত সম্পত্তি সদৃশ হৈ পৰিল।
সাহিত্য সভাৰ সন্মানীয় সভাপতি আসনখনৰ বাবেও বহু উপযুক্ত লোক থকাৰ পাছত এই চক্ৰটোৱে তেওঁলোকৰ হাতৰ পুতলা কৰিব পৰা এচামক আনি ইয়াত প্ৰতিষ্ঠিত কৰেহি। শেহতীয়াকৈ অসম সাহিত্য সভাৰ পৰৱৰ্তী কাৰ্যকালৰ সভাপতি নিৰ্বাচনক লৈ সাহিত্য সভাৰ মজিয়াত যিবোৰ কাণ্ড সংঘটিত হৈছে, সেই ঘটনাবোৰে প্ৰমাণ কৰি দিছে সাহিত্য সভা এতিয়া ‘চাফা’।
সাহিত্য, অসমৰ মৌলিক সমস্যা, জাতীয় জীৱনৰ প্ৰতি থকা দায়ৱদ্ধতা সাহিত্য সভাই কেতিয়াবাই বিসৰ্জন দিলে। সভাত যদি এতিয়া কিবা এটা আছে, সেয়া লবীবাজ আৰু সাহিত্য সভাক কেন্দ্ৰ কৰি কোনে, ক’ত ব্যক্তিগত স্বাৰ্থ সিদ্ধি কৰিব পাৰে তাৰ প্ৰতিযোগিতা।
কুলধৰ শইকীয়া অসম সাহিত্য সভাৰ সভাপতি হোৱাৰ সময়ত মানুহৰ মাজত ন্যূনতম আশাৰ সঞ্চাৰ হৈছিল যদিও সূৰ্য কুমাৰ হাজৰিকা সাহিত্য সভালৈ আগমনে সেই আশাত চেচাঁপানী ঢালিছিল। নামত সভাপতি হৈ তেওঁৰ কাৰ্যকাল সমাপ্ত হোৱাৰ দিশে।
তাৰ সমান্তৰালভাৱেই সাহিত্য সভাৰ পৰৱৰ্তী অৰ্থাৎ নতুন সভাপতি কোন হ’ব, তাৰ তৎপৰতা ইতিমধ্যে চলিছে। প্ৰথমে কেইবাজনৰো নাম চৰ্চালৈ আহিছিল। সেইসকলৰ ভিতৰত বসন্ত কুমাৰ গোস্বামী, জগদীশ পাটগিৰি, জয়ন্ত মাধৱ বৰা আদিৰ নাম আছিল।
সাহিত্য সভাৰ বৰ্তমানৰ কৰ্মকতাসকলে সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়াটোক সংশোধন কৰি এখন উচ্চ পদস্থ কমিটী গঠনেৰে সাম্ভাৱ্য সভাপতিৰ প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিলে। সেই তালিকাত অৱশ্যে চৰ্চিত মূল তিনিজন লোকৰ নাম নুঠিল।
সাহিত্য সভাৰ বৰ্তমানৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাৰ নেতৃত্বত নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ পূৰ্বেই এই তিনিজনে সভাপতি পদৰ বাবে প্ৰচাৰ চলোৱাৰ অভিযোগ তুলি তেওঁলোকৰ নাম সভাপতি প্ৰাৰ্থীৰ তালিকাৰ বিবেচনা লৈকে নানিলে।
অৱশ্যে এই অভিযোগৰ সত্যতা প্ৰমাণ উপেন্দ্ৰজিৎ শৰ্মাৰ হাতত নাছিল। সভাপতি কোন হ’ব, সেয়া কাৰোবাৰ ডাইনিং টেবুলত বহি ঠিক কৰি লৈ বৰ্তমান উপ সভাপতি গিৰীশ সন্দিকৈকে ধৰি আন ৫জন প্ৰাৰ্থীৰ প্ৰস্তাৱত এই উচ্চ পৰ্যায়ৰ কমিটীখনে ছীল-মোহৰ মাৰিছিল।
যিখন উচ্চ পৰ্যায়ৰ কমিটীক সভাপতি নিৰ্বাচনৰ তালিকা প্ৰস্তুত কৰিবলৈ দায়িত্ব দিয়া হৈছিল, সেই কমিটীত থকা দুজন লোকৰ নাম সভাপতি প্ৰাৰ্থীৰ তালিকাতো উঠিল। তেওঁলোক ক্ৰমে- গিৰীশ সন্দিকৈ আৰু নাহেন্দ্ৰ পাদুন।
এক কথাত নিজেই নিজৰ নাম প্ৰস্তাৱ কৰি সেই প্ৰাৰ্থীৰ তালিকাত নিজে অনুমোদন দিয়াৰ সৌভাগ্য হ’ল মূলত গিৰীশ সন্দিকৈৰ। পশু চিকিৎসক সন্দিকৈয়ে ভেটেনাৰী বিভাগৰ যুটীয়া সঞ্চালক পদৰ পৰা অৱসৰ লৈছিল। তেওঁৰ সাহিত্য কৃতি আৰু ইয়াৰ মূল্যায়ন সাহিত্য সভাৰ সভাপতিৰ যোগ্যতাৰ তুলাচনীত উঠিব নে নুঠে, সেয়া সুধীজনে ক’ব।
কিন্তু উপেন্দ্ৰজিৎ শৰ্মাই বিচাৰিছে সাহিত্য সভাৰ সভাপতি এজন নিজৰ মানুহ হোৱাতো। সেই কাৰনেই উচ্চ পৰ্যায়ৰ কমিটীৰ হতুৱাই যিকেইজনৰ নাম প্ৰস্তাৱ কৰি অনুমোদন কৰালে সেইসকলৰ ভিতৰত গিৰীশ সন্দিকৈয়ে পৰৱৰ্তী সভাপতি হোৱাত বাধা নাই।
কিয়নো উচ্চ পৰ্যায়ৰ কমিটীয়ে প্ৰস্তাৱ কৰা হিতেশ ডেকাৰ ৫খন মৌলিক গ্ৰন্থ নাই। সাহিত্য সভাৰ সংবিধান অনুসৰিয়ে তেওঁৰ নাম প্ৰস্তাৱ হ’লেও এই দৌৰৰ পৰা সংবিধানৰ নীতি অনুসৰিয়ে আতঁৰিব লাগিব।
কমিটীয়ে প্ৰস্তাৱ কৰা লীলৱতী শইকীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপনা কৰিছিল। তেখেত বৰ্তমান ৰোগাক্ৰান্ত। প্ৰায় শয্যাসায়ী হৈ থকা লীলাৱতী শইকীয়াক এটা কোঠাৰ পৰা আন কোঠালৈ মানুহে ধৰি নিব লাগে। তেখেতে সাহিত্য সভাৰ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সন্মতি দিয়াৰ প্ৰশ্নই নুঠে।
অৰূপা পটংগীয়া কলিতাৰ নাম এই তালিকাত আছে। সাহিত্য সভাক কঠোৰ ভাষাৰে প্ৰায়ে সমালোচনা কৰা বিশিষ্ট সাহিত্যিকগৰাকীয়ে সাহিত্য সভাৰ বদনামৰ চেকা যে তেওঁৰ গাত পৰিবলৈ দিব, সেয়া সন্দেহ আছে।
সাহিত্য সভাৰ সভাপতি পদৰ পঞ্চমজন প্ৰাৰ্থী নাহেন্দ্ৰ পাদুন এতিয়া ৮৫বছৰীয়া। হৃদৰোগকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত তেওঁ। মনে টানিলেও দেহাই নাটানে। এই ৫জন প্ৰাৰ্থীৰ ভিতৰত গিৰীশ সন্দিকৈয়ে সভাপতিৰ আসন দখল কৰাত সকলোফালৰ পৰাই উপেন্দ্ৰজিৎ শৰ্মাই চিন্তা-চৰ্চা কৰি সভাপতি পদৰ বাবে এই চক্ৰবেহু ৰচনা কৰিছে।
পূৰ্বতে এনে উচ্চ পৰ্যায়ৰ কমিটীৰ গইনাৰে সাহিত্য সভাৰ সভাপতি হোৱাৰ পৰা আঁতৰাই পঠোৱা হৈছিল মামণি ৰয়চম গোস্বামীক। এতিয়া আকৌ একেই ষড়যন্ত্ৰৰে গিৰীশ সন্দিকৈক সাহিত্য সভাৰ সভাপতি পতাতো প্ৰায় নিশ্চিত কৰা হৈছে।
গিৰীশ সন্দিকৈ সাহিত্য সভাত এতিয়া কিমান প্ৰভাৱশালী তাৰ এটা উদাহৰণেই যথেষ্ট। নিজে উপ সভাপতি পদত থাকি পত্নী অৰুণিমা সন্দিকৈক তেঁও তিনিচুকীয়া জিলাৰ শাখা সাহিত্য সভাৰ সম্পাদকৰ পদত অধিষ্ঠিত কৰাই নহয়, তিনিচুকীয়া জিলাৰ কেন্দ্ৰীয় কমিটীৰ প্ৰতিনিধিও কৰি থৈছে।
অথচ এই সন্দৰ্ভত তিনিচুকীয়া জিলাৰ শাখা সাহিত্য সভাৰ পৰা সভাৰ সংবিধান অনুসৰি ‘এক ব্যক্তি এক পদ নীতি‘ উলংঘন কৰা বুলি সভাৰ কেন্দ্ৰীয় কমিটীৰ সভাপতি আৰু প্ৰধান সম্পাদকলৈ আনুষ্ঠানিক অভিযোগ পত্ৰও প্ৰেৰণ কৰা হৈছিল। সেই অভিযোগ পত্ৰক গুৰুত্বই নিদিলে উপেন্দ্ৰজিত শৰ্মাই। কাৰণ অৰুণিমা সন্দিকৈ গিৰীশ সন্দিকৈৰ পত্নী।
এইধৰণেই চলি আছে সাহিত্য সভা। সাহিত্য সভাৰ পুঁজিত জমা থকা ভাষা গৌৰৱ আঁচনিৰ অধীনৰ ১০কোটি টকাৰে এটাও চকুত লগা কাম কৰিবলৈ সক্ষম নহ’ল। কিছুদিনৰ পূৰ্বে কিতাপ ছপাবৰ বাবে ৯০লাখ টকা ব্যয় কৰাৰ পৰিকল্পনা লৈছে সাহিত্য সভাই। তাতো চাগৈ কাৰ কিমান অংক আছে !
সাহিত্য সভা শেষ হৈ যাবলৈ আৰু বাকী নাই। ছদ্মবেশী এচাম সাহিত্যিক আৰু সাহিত্য সংগঠকৰ কৃপাত এই মহান জাতীয় অনুষ্ঠানটোৰ নৰকংকালহে এতিয়া ওলমি আছে।
অসমীয়া জাতি আজি উপস্থিত হোৱা এই সন্ধিক্ষণত সাহিত্য সভাৰ অৱদান আছিল। তেতিয়াও বিতৰ্ক হৈছিল সাহিত্য সভাক লৈ। হৈছিল মনোমালিন্য। কিন্তু আজিৰ দৰে অসম সাহিত্য সভাৰ অৱস্থা হোৱা নাছিল।
এনে অনুষ্ঠান এতিয়া প্ৰয়োজনহীন বুলি সাধাৰণ মানুহে ভাবে। ভাবমূৰ্তিহীন হৈ পৰিছে অসম সাহিত্য সভা। যোগ্যজনৰ য’ত স্থানেই নাই, এচাম ধুৰন্ধৰৰ য’ত ৰাজত্ব। তেনে এক অনুষ্ঠানৰ বাৰু মৰ্যদা কেনেকৈ অটুট থাকিব ?
Also Read: কুলদা কুমাৰ ভট্টাচাৰ্যঃ গতি অপ্ৰতিৰোধ্য...