বাবুল বৰাই কি কি অনিয়ম কৰিছিল ?

বাবুল বৰাই কি কি অনিয়ম কৰিছিল ?
Published on
Updated on

শ্ৰীমন্ত শংকৰদেৱ সংঘ কেতিয়াও বিতৰ্কিত নহয়। এই পৱিত্ৰ অনুষ্ঠানটোৰ সৈতে জড়িত একাংশ ক্ষমতা আৰু ধনলোভী বিষয়ববীয়াৰ বাবেহে চৰ্চালৈ আহে সংঘ। সংঘৰ কোনো লোকেই নিবিচৰাৰ দৰেই সংঘৰ বাহিৰৰ বিবেকবান লোকেও নিবিচাৰে সংঘকলৈ বিতৰ্ক হওক।

যদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভিতৰচ’ৰাত সংঘটিত কোনো অনিয়ম সংবাদ মাধ্যমৰ চকুলৈ আহে, তেনেহ’লে ইয়াৰ বিৰুদ্ধে মাত মতাতো সংবাদ মাধ্যমৰো এক সামাজিক দায়ৱদ্ধতাৰ ভিতৰত পৰে। সংঘৰ সৈতে জড়িত নিষ্ঠাৱান লোকসকলেও অনুষ্ঠানটোৰ ভাবমূৰ্তিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ বিৰুদ্ধে সময়ত মাত নামাতিলে এয়া গুৰুজনাৰ আদৰ্শ আৰু আধ্যাত্মিকতাৰ ভিত্তিত প্ৰতিষ্ঠিত অনুষ্ঠানটোৰ বাবেই ক্ষতিকাৰক হৈ পৰে।

অসম সাহিত্য সভাৰ ক্ষেত্ৰত এচাম তেনে ক্ষমতালিপ্সু লোকে এই জাতীয় অনুষ্ঠানটোক কি পৰ্যায়লৈ অৱনমিত কৰিলে সেয়া সকলোৱে চকুৰ সন্মুখতে দেখি আছে। তাৰ পাছত অনুৰূপ ধৰণৰ কোনো ব্যক্তি বিশেষৰ মইমতালি আৰু অনিয়মে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভাবমূৰ্তিকো স্খলিত কৰাৰ পূৰ্বে ইয়াৰ বিৰুদ্ধে থিয় দিয়াতো এতিয়া কৰ্তব্যৰ ভিতৰতে পৰে।

শ্ৰীমন্ত শংকৰদেৱ সংঘ নিজস্ব ধৰণে চলা ধৰ্মীয় অনুষ্ঠান। ইয়াৰ সৈতে জড়িত গৰিষ্ঠসংখ্যক লোকে অনুষ্ঠানটোৰ প্ৰতি গভীৰ দায়ৱদ্ধ আৰু সংবেদনশীল। প্ৰাণতকৈ আপোন হৃদয়ত স্থাপন কৰা অনুষ্ঠানটিক কুঠাৰাঘাত কৰিবলৈ কোনো লোকৰে অধিকাৰ আৰু সাহস থাকিব নালাগে।

এনে স্বাভিমানত আঘাত হানি কোনোবাই সংঘৰ ভিতৰৰ এইবোৰ অনিয়ম বুলি থাপি-থুপি থ’লেও ইয়াৰ জৰিয়তে সৃষ্টি হোৱা পৰিৱেশে সকলোকে চুই যায়। ভক্তিৰ মাজত ভক্তৰ বেশেৰে কোনোবাই দেখুওৱা অতি ভক্তি কেতিয়াবা শুভ লক্ষণ নহয় বোলা কথাষাৰ এতিয়া প্ৰমাণ হ’ল।

বাবুল বৰাই হওক বা আন কোনোবাই হওক, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উৰ্দ্ধত কোনো নহয়। লাখ লাখ ভকত-বৈষ্ণৱৰ আগ্ৰহ আৰু পৰিশ্ৰমৰ বলত এই অনুষ্ঠানটোৰ ভেঁটি গঢ় লৈ উঠিছে। তাত যদি কোনোবা বাবুল নামৰ ভাইৰাছৰ সংক্ৰমণ ঘটে, তেনে তাৰ বিধান কৰাটোৱেই জ্ঞানীজনৰ কাম।

সংঘৰ বাপ-আইসকলে আঁতৰত থাকি বহু কথাৰ ভু নাপায়। তেঁওলোকৰ মনত বিষয়ববীয়াসকলৰ প্ৰতি এক ইতিবাচক ধাৰণা গঢ়লৈ উঠে। তেঁওলোকে কেতিয়াও নাভাবে, ভকতি কৰা এই পৱিত্ৰ স্থানত মুখা পিন্ধি বহুলোক পিয়াদি ফুৰে।

কোনোবাই যদি সেই লোকসকলৰ মুখা খুলি দিয়ে, তাত সংঘৰ প্ৰতি অন্যায় কৰা বুলি ভবাৰ যুক্তি ক’ত? যিসকলে এনেদৰে ভাবে তেঁওলোক হয় এই ভাইৰাছৰূপী লোকসকলৰ লবীত বন্দী হোৱা লোক নতুবা সেইসকলৰ ইচাৰাত ছটফটাই ফুৰা সুবিধাবাদী ফৰিং।

হাঁহ-কুকুৰা পোহা, অনাসংঘৰ লোকৰ ঘৰত বিয়া-সবাহ খাবলৈ যোৱা সংঘৰ সংগীক বহিষ্কাৰ কৰা হয়, কিন্তু সংঘক লুটি-পুতি খোৱা, ক্ষমতাৰলিপ্সাত মগ্ন হৈ ভৱিষ্যতৰ স্বপ্নত ৰাজনীতিক আধ্যাত্মিকতাৰ সৈতে একাকাৰ কৰি ফুৰা সকলৰ বিৰুদ্ধে ব্যৱস্থাগ্ৰহণ নকৰিলেহে আচৰিত হ’ব লগা। এইসকল সংঘৰ বাবে অতি ক্ষতিকাৰক।

বহুতে ভাবিব পাৰে, সংঘৰ ভিতৰৰ খবৰ মছলা মাৰি সাংবাদিকে প্ৰকাশ কৰিছে ! বাবুল বৰাক লক্ষ্য কৰি লৈছে। তেনে ধৰণে ভবা লোকসকলৰ বাবে এই স্পষ্ট লেখা।

প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা আৰু শ্ৰীমন্ত শংকৰদেৱ শৈক্ষিক আৰু আৰ্থ-সামাজিক ন্যাসৰ পৰিচালন ন্যাসৰক্ষী খগেন্দ্ৰ মহেলাক তদন্তৰ আওতালৈ কোনো সাংবাদিকে অনা নাছিল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত উত্থাপিত অভিযোগৰ ভিত্তিতেই সংঘই তেঁওলোকৰ বিৰুদ্ধে তদন্ত কমিটি গঠন কৰি তেঁওলোকক তদন্তৰ আওতালৈ আনিছিল।

বাবুল বৰাই কি ক্ষমতাৰে বলীয়ান হৈ প্ৰাক্তন পদাধিকাৰ কমলা গগৈক চূড়ান্ত অপমান কৰিছিল সেই কথা এতিয়া বহুতে মনত পেলাইছে। পদাধিকাৰ আসনত সেই সময়ত বহিবলৈ নিদি বাবুল বৰাৰ নিৰ্দেশতে তেতিয়াৰ পদাধিকাৰজনে এটা বিশেষ জনগোষ্ঠীক পৰিস্থিতিজনিত কাৰণত ভুল নুবুজিবলৈ বিনম্ৰভাৱে কোৱাতোৱেই অপৰাধ নাছিল জানো?

সংঘৰ বিষয়ববীয়াসকলে সেই দৃশ্য দেখিছিল। সাধাৰণ বাপ-আয়ে এই দৃশ্য দেখা নাছিল। কল্পনা কৰিব নোৱাৰে তেঁওলোকে আশীৰ উৰ্দ্ধৰ, তেঁওলোকৰ পূজ্যৰ এই পদাধিকাৰগৰাকীক সেইদিনা কি পৰ্যায়ত বাবুল বৰা আৰু তেঁওৰ কোম্পানীয়ে অপমান কৰিছিল।

চতুৰ বাবুল বৰা বা সংঘৰ বহুলোকে গম নোপোৱাকৈয়ে সংঘৰ প্ৰতিটো খবৰ বাহিৰৰ বহু লোকে ৰাখে। তেঁওলোকে সংঘৰ অনিষ্ট হোৱাতো নিবিচাৰে। সংঘৰ উত্তৰণত তেঁওলোকো এজন শুভাকাঙ্খী হিচাপে সুখী হয়।

শ্ৰীমন্ত শংকৰদেৱ সংঘ বহু ক্ষেত্ৰত অনাসংঘৰ লোকৰ বাবেও এক উদাহৰণ হৈ ৰয়। সেই শৃংখলাৱদ্ধতা, কৰ্মস্পৃহা, দায়ৱদ্ধতাই সংঘক মহান কৰি তোলে। সংঘৰ ভিতৰৰ বিশৃংখলতাৰ খবৰে আমাৰ দৰে সাধাৰণ লোককো উদ্বিগ্ন কৰি তোলে।

সংঘৰ সৈতে আমি প্ৰত্যক্ষভাৱে জড়িত নহ’লেও গুৰুজনাৰ আধ্যাত্মিকতা আৰু সাংস্কৃতিক চেতনাই আমাক অসমীয়া কৰি ৰাখিছে। তাৰ পাছৰ পৰা কথাখিনি ভাবক। এজন সাংবাদিকে কিয় কলম তুলি ল’ব লগা হৈছে, সেই প্ৰশ্ন নিজকে সোধক। বাবুল বৰাৰ সৈতে আমাৰ কোনো প্ৰত্যক্ষ-পৰোক্ষ সম্পৰ্ক নাই। সংঘৰ ভিতৰচ’ৰাত অনিয়মৰ পাহাৰ গঢ়লৈ উঠিলেও অনাসংঘৰ লোক হিচাপে আমাৰ লাভ-লোকচান একো নহয়।

তাৎক্ষণিকভাৱে বাবুল বৰা আৰু খগেন্দ্ৰ মহেলাক সকলো দায়িত্বৰ পৰা নিষ্ক্ৰিয় কৰি ৰখা হ’ল। সেই বিষয়ে জিলা, আঞ্চলিক, প্ৰাথমিকলৈ প্ৰেৰণ কৰা বাৰ্তাত উল্লেখ কৰা হ’ল যে এই দুয়োগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰা তদন্ত কমিটিৰ প্ৰতিবেদনত অধিকাংশতে দুয়োকে জগৰীয়া কৰা গৈছে।

তদন্ত কমিটিৰ প্ৰতিবেদনতনো কি আছে ? সংঘৰ বাহিৰৰ লোকে এইবোৰ কথা লিখোতে সেই প্ৰতিবেদনখন জানো পঢ়িছে ? স্বাভাৱিকতে এই প্ৰশ্ন উত্থাপন হ’ব। তাৰ উত্তৰো লিখোতাজনে সৰ্ব সাধাৰণ বাপ-আইসকলক স্পষ্ট ভাষাৰে দিব লাগিব। বাবুল বৰাৰ প্ৰতি অনুকম্পা লৈ ফুৰা কোনোবা গগৈ, কোঁৱৰ আদি বিষয়ববীয়াই ইয়াৰ ন্যায্যতা অস্বীকাৰ কৰিলেও সাংবাদিকতাৰ স্বাৰ্থতে সেই তথ্য প্ৰমাণো দাঙি ধৰিব লাগিব।

এজন সাংবাদিক কেতিয়াও তেঁওতকৈ উৎস ৰাজহুৱা কৰাৰ প্ৰতি দায়ৱদ্ধ নহয়। কিন্তু সত্য অন্বেষণৰ প্ৰতি দায়িত্বশীল। যি উপায়ৰে নহওক সেই প্ৰতিবেদন পঢ়িহে কিছু কথা মুকলিকৈ কোৱাৰ চেষ্টা কৰা হৈছে।

প্ৰতিবেদনৰ আধাৰতে কথাবোৰ উত্থাপন কৰা হৈছিল। তাৰ ইংগিত আৰু তথ্য পৰ্যায়ক্ৰমে উল্লেখ কৰা হ’ব। অৱশ্যে একাধিক উৎসৰ পৰা সংগ্ৰহ কৰা তথ্য কেইবাবাৰো পৰীক্ষা কৰা আৰু অভিযুক্তসকলক সেই সন্দৰ্ভত তেঁওলোকৰ মতামত জানিবলৈ যোগাযোগো কৰা হৈছিল।

কিয় এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে, সেই কথা প্ৰত্যক্ষভাৱে বাবুল বৰাক সোধা হৈছিল। তেঁওৰ উত্তৰ আছিল- এয়া ষড়যন্ত্ৰ। সংঘৰ বৰ্তমানত প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই কৌশলগত কাৰণত মুখ নুখুলিলেও তেঁও হয়তো জনা নাছিল সকলোবোৰ নিশ্চিত হোৱাৰ পাছতহে তেঁও এই বিষয়ে সোধা হৈছিল।

কেইবাখনো জিলাৰ সভাপতি, সম্পাদকৰ পৰা সমগ্ৰ ঘটনাপ্ৰবাহৰ এক আভাস লোৱা হৈছিল। তাৰ ভিতৰত কোঁৱৰ, গগৈ, দত্ত আদি বিষয়ববীয়াসকলো আছিল। বাবুল বৰা আৰু আনসকলৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে গঠন কৰা অনুসন্ধান কমিটিৰ দুজন আহ্বায়ক আছিল। তেঁওলোক ক্ৰমে- তোষেশ্বৰ বৰা আৰু হৰেন্দ্ৰ বৰা।

অনুসন্ধান সমিতি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় নামেৰে গঠিত এই কমিটিত আছিল আন ৪জন সদস্য। তদন্ত কমিটিয়ে পৰিশিষ্ট ১২ত ইয়াৰ সকলোবোৰ দিশ আৰু পৰামৰ্শ উল্লেখ কৰিছে।

এই তদন্ত হৈছিল মূলতঃ মহাপুৰষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ লগতে যোৰহাট আৰু দুমৰদহ গোটৰ ভৱন নিৰ্মাণত হোৱা অনিয়মকলৈ। প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাৰ পৃষ্ঠপোষকতাত চলা অনিয়ম আদিকলৈ উত্থাপিত অনিয়মৰ তালিকা যথেষ্ট দীঘল আছিল।

প্ৰতিবেদনৰ পৰিশিষ্টত ক, খ কৈ ৬টা অনিয়ম উল্লখ কৰা হৈছে। সেই সমূহ আছিল ১) কোনো পূৰ্ব পৰিকল্পনা নকৰাকৈ যোৰহাট আৰু দুনৰদহত বিশ্ববিদ্যালয়ৰ গোট খোলা, ২) দুয়োটা গোটৰ নিৰ্মাণ কাৰ্য নিবিদা আহ্বান নকৰা, ৩) আৱণ্টনৰ ধনৰ অনুপাতে নিম্মমানৰ সামগ্ৰীৰে কাম সম্পন্ন কৰা, ৪) পৰিকল্পনা বিহীনভাৱে আটোৱাটীকাৰ চৌহদৰ ৫টা কোঠাৰ মাজৰ বেৰ ভঙা, ৫) ছাত্ৰ-ছাত্ৰী অনুপাতে অত্যধিক শিক্ষক নিযুক্তি, ৬) আটোৱাটীকাৰ ভৱন নিৰ্মাণ সম্পূৰ্ণ নোহোৱাকৈ লক্ষাধিক টকাৰ ডেস্ক-বেঞ্চ কিনা আদি।

প্ৰতিবেদনত অনুসন্ধান কমিটীয়ে উল্লেখ কৰা মতে প্ৰাক্তন পদাধিকাৰ কমলাকান্ত গগৈয়ে সমষ্ট নিযুক্তিত প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাই যুগুতাই দিয়া নিযুক্তি পত্ৰত বিশ্বাসৰ আধাৰত তেঁও চহী কৰিছিল। আচাৰ্যগৰাকীৰ সৰলতাৰ সুযোগ লৈছিল বাবুল বৰাই।

খগেন্দ্ৰ মহেলা আৰু বাবুল বৰাই ব্যৱস্থাপক সমিতি আৰু গভৱৰ্নিং বডীৰ সৈতে জড়িত থকাৰ সূত্ৰে ক্ষমতাৰ অপব্যৱহাৰ কৰিছিল। প্ৰতিবেদনত লিখিছে- প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাৰ কাৰ্যকালত বিশ্ববিদ্যালয়খনৰ সকলো ধৰণৰ নিযুক্তিৰ ক্ষেত্ৰত শ্ৰী বাবুল বৰা বাপ আৰু শ্ৰী খগেন্দ্ৰ মহেলা বাপ প্ৰত্যক্ষভাৱে জড়িত থকা প্ৰমাণ পোৱা গ’ল। (পৰিশিষ্ট পৃষ্ঠা ১, নং ০৫)

পৰিশিষ্টৰ ৫ নম্বৰ পৃষ্ঠাত দুমৰদহ প্ৰকল্প ভূমিত চৰজমিন তদন্ত কালত ডেকা এন্টাৰপ্ৰাইজ নামৰ এটা প্ৰতিষ্ঠানত ভূমিখিনি ব্যৱহাৰৰ বাবে কোনো অনুমতি অবিহনে দিয়া কথা উল্লেখ আছে।

আটাইতকৈ গুৰুত্বপূৰ্ণ অভিযোগতো হ’ল- বিশ্ববিদ্যালয়ৰ নামত ৯০ লাখ টকা ঋণ লোৱা হৈছিল তেঁওৰ কাৰ্যকালত। তদন্ত কমিটীৰ প্ৰতিবেদনত উল্লেখ থকা মতে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক মৃণাল কুমাৰ বৰাই সেই ধন কম্পিউটাৰ ক্ৰয়ৰ বাবে লোৱা হৈছিল বুলি কোৱাৰ বিপৰীতে বাবুল বৰাই যোৰহাট আৰু দুমৰদহৰ বিশ্ববিদ্যালয় গোটৰ ভৱন নিৰ্মাণৰ বাবে ধনখিনি লোৱা বুলি ভাষ্য প্ৰদান কৰিছে।

টেলিফোনিক সাক্ষাতকাৰ লৈয়ে বহু নিযুক্তি প্ৰদান কৰা হৈছে। নিবিদা বিহীনভাৱে বাবুল বৰাৰ মৌখিক নিৰ্দেশত যোৰহাট আৰু দুমৰদহ বিশ্ববিদ্যালয়ৰ ভৱন নিৰ্মাণ কৰিবলৈ দিয়া হৈছিল। যিটো আছিল নিয়ম বহিৰ্ভূতঃ দুমৰদহৰ ভৱনত ব্যাপক অনিয়ম হৈছিল। ১০০ কাৰ্টুন অনুপযোগী টাইলছ পৰিত্যক্ত অৱস্থাত পৰি আছে আজিও।

যোৰহাট ভৱনৰ বাবে ৫২,১৯,৮৫১.৩৮টকা আৱণ্টন দি মাত্ৰ ৩২ লাখ টকাহে ব্যয় কৰা হৈছে। দুমৰদহত ৭৭,৪৩,৬৩১.৮২টকা আৱণ্টনৰ বিপৰীতে ব্যয় কৰিছিল ৫৫ লাখ টকাহে। ৰহস্যজনকভাৱে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিছিল এই নিৰ্মাণ কাৰ্যত।

অনভিজ্ঞ পকা মিস্ত্ৰী ছাহিদুল ইছলাম নামৰ লোকজনক কি স্বাৰ্থত আটোৱাটীকাৰ নিৰ্মাম কাৰ্যত জড়িত কৰিছিল সেই প্ৰশ্ন অনুসন্ধান কমিটীয়ে প্ৰশ্ন হিচাপে উত্থাপন কৰিছে।

এনে অনিয়মৰ কথা বাবুল বৰাক জনোৱাৰ পাছতো বৰাই বিষয়টোৰ গুৰুত্ব দিয়া নাছিল। কেবাজনো অধ্যাপকক নিযুক্তি সন্দৰ্ভতো সন্দেহৰ অৱকাশ ৰৈ গৈছে। ছাত্ৰ-ছাত্ৰীৰ কামত নহা বহু লক্ষাধিক টকাৰ কিতাপ ক্ৰয় কৰা হৈছিল। বৰ্তমান সেইবোৰ অনাদৰ হৈ পৰি আছে।

পঞ্জীয়ক মৃণাল কুমাৰ বৰাই বাবুল বৰাৰ ব্যক্তিগত একাউণ্ট ২লাখ টকা জমা দিছে। সেই ধন বিশ্ববিদ্যালয়লৈ পৰিদৰ্শনৰ বাবে অহা ইউ জি চি দলক দিয়া হৈছিল বুলি বাবুল বৰাই স্বীকাৰ কৰিছে। অৰ্থাৎ ইউ জি চিক বাবুল বৰাৰ জৰিয়তে ২লাখ টকা উৎকোচ দিয়া হৈছিল।

এই কথা কিমান সঁচা, সেয়াও এক তদন্তৰ বিষয়। যদি সঁচাকৈ ইউ জি চিৰ ভ্ৰমণকাৰী দলে ২লাখ টকা উৎকোচ লৈছে তেন্তে সেয়া ইউ জি চি কৰ্তৃপক্ষই গুৰুত্বসহকাৰে ল’ব লাগে। বাবুল বৰাক জবাবদিহি কৰিলেই সমগ্ৰ তথ্য পোহৰলৈ আহিব।

ইতিমধ্যে বিষয়টোৰ সন্দৰ্ভত ইউ জি চিলৈ এজন ব্যক্তিয়ে পত্ৰ প্ৰস্তুত কৰিছে। কিছুদিনৰ ভিতৰতে তেঁও সেই পত্ৰ ইউ জি চিলৈ প্ৰেৰণ কৰিব। বাবুল বৰাই নিজৰ একাউণ্টত ধনলৈ ইউ জি চি দলক সেই ধন ঘোচ হিচাপে দিছিল নে সেয়া এক সন্দেহৰ বিষয়।

এনেবোৰ গুৰুতৰ অভিযোগ অভিযুক্ত বাবুল বৰা। তদন্তৰ প্ৰতিবেদনৰ পাতে পাতে আছে তেঁওৰ বিৰুদ্ধে উত্থাপিত অভিযোগ, অনুসন্ধানৰ বৰ্ণনা। তাৰ পাছতো কেনেকৈ কঁও- ধোৱা তুলসীৰ পাত বাবুল বৰা !  

বাবুল বৰাই কি কি অনিয়ম কৰিছিল ?
বৰা দোষী! এতিয়াহে সংঘৰ আই-বাপ সকল সুখী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in