মৃদুল কুমাৰ সন্দিকৈ
ডেৰশ বছৰৰ উৰ্ধৰ এজন বৃদ্ধ। শুভ্ৰ চুলি, শুভ্ৰ কাপোৰ আৰু হাতত এডাল সোণৰ লাখুঁটি। থৰক-বৰক খোজেৰে মাজৰাতি নামি আহিল আকাশৰ পৰা। আহিয়েই নাতি ভূপেন বৰাৰ বিচনাৰ কাষত থিয় হৈ বৰাক জগালে। ককাকক দেখি দিনটো চিন্তিত হৈ থকা ভূপেন বৰাই প্ৰণাম জনালে।
ঠিক এনে এটা পৰিৱেশৰ কথা আপুনি কল্পনা কৰি লওঁক। তাৰ পাছত কি হ’ল শুনক বা ভাৱক। পৰলোকৰ পৰা নামি অহা ভূপেন বৰাৰ ককাকে তেওঁক উদ্দেশ্যি ক’লে- প্ৰভূ কৃষ্ণ আৰু ধৃতৰাষ্ট্ৰৰ সন্দৰ্ভত তুমি যি কথা ক’লা, সেয়া ভাল নকৰিলা। ভূপেন বৰায়ো ককাকৰ কথাবোৰ মন দি শুনিলে।
পিছদিনা ভূপেন বৰাই পুৱাই সংবাদ মাধ্যমৰ লোকক মাতি আনি সেই সপোনৰ কথাকে ক’লে-যোৱাৰাতি সপোনত ককাদেউতা মোৰ কাষলৈ আহিল। আৰু মোক মোৰ ভুল স্বীকাৰ কৰিবলৈ ক’লে। আজি এটা নামঘৰত গৈ আত্মশুদ্ধি কৰিবগৈ বুলিও জনালে।
ককাকে আঙুলিয়াই দিয়া বুলি কৈ দুবছৰ সভাপতিৰূপে থাকি বৰাই দুটা অপ্ৰয়োজনীয় কথা অলাগতীয়ালভাৱে সংযোজিত কৰাৰ কথা স্বীকাৰ কৰিলে। সেই কথাৰ বাবে ৰাতিপুৱাই নামঘৰত গৈ থাপনাত চাকি-বন্তি জ্বলাই এটা প্ৰাৰ্থনা গালে। সংবাদ মাধ্যমৰ আগতে সেই প্ৰাৰ্থনাও দোহাৰিলে ভূপেন বৰাই।
ভকত বৈষ্ণৱ সমস্তে যাতে বেয়া নাপায়, তাৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰি উৎসৰ্গিত মনোভাৱেৰে বৰাই প্ৰাৰ্থনাও জুৰিলে- মই দুৰাচাৰ কেৱল তোমাৰ/... অপৰাধী নাৰায়ণ/ ক্ষমিয়োক হৰি লৈয়ো দাস কৰি/ পশিলো হেৰা শৰণ/ হে কৃষ্ণ স্বামী তযু পাৱে আমি/ কেৱল শৰণ চাওঁ।
এনেকৈয়ে আগদিনা কৰা নিজৰ মন্তব্যক লৈ পিছদিনা ক্ষমা খুজিলে ভূপেন বৰাই। মহাভাৰতত ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী আৰু কৃষ্ণ-ৰুক্মিণীৰ প্ৰেমত লাভ জেহাদ বিচাৰি পোৱা ভূপেন বৰাই সেয়া ভুল হৈছিল বুলি স্বীকাৰ কৰিলে।
এই আখ্যান ক’ত পাইছিল ভূপেন বৰাই। এবাৰো এই দায়িত্বশীল মানুহজনে কিয় এনে কথাবোৰ কওঁতে ভাৱি নাচালে ইয়াৰ প্ৰতিক্ৰিয়া কি হ’ব পাৰে। বিজেপিৰ সৃষ্ট লাভ জেহাদৰ সৈতে ভূপেন বৰাই কৃষ্ণ-ৰুক্মিণী, ধৃতৰাষ্ট্ৰ একাকাৰ কৰি ভাৰতীয় সভ্যতা-সংস্কৃতিক পদাঘাত কৰিলে।
বিজেপিয়ে দীৰ্ঘদিন ধৰি লাভ জেহাদৰ নাটকখন মঞ্চস্থ কৰি আহিছে। সেই সাম্প্ৰদায়িকতাৰ মঞ্চত ভূপেন বৰাই খলনায়কৰ ভাও দিবলৈ গ’ল কিয় ? অধিক চৰ্চাত থকাৰ প্ৰৱণতাই ভূপেন বৰাৰ বাবে কাল হৈছে নেকি ! কিছুমান মন্তব্যৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিবলৈ কৰাৰ চেষ্টাই ভূপেন বৰাকে ক্ষতি কৰা নাই, বৰঞ্চ এই কংগ্ৰেছৰ বাবেও ক্ষতিকাৰক বিবেচিত হৈছে।
বিজেপিয়ে যি সাম্প্ৰদায়িকতাৰে লাভ জেহাদৰ প্ৰসংগক আগুৱাই নিয়াৰ পৰিৱেশ ৰচনা কৰিছে সেই পৰিৱেশত তিষ্ঠি থাকিবলৈ ভূপেন বৰাই এনেবোৰ নৃত্য-নাটিকা ত্যাগ কৰিব লাগিব। এতিয়া ৰাজনীতি সহজ হৈ থকা নাই। একাত্মতাক নৈতিকতাবিহীনভাৱে এচামে কৰা আচৰণৰ প্ৰত্যুত্তৰত হকে-বিহকে মাত মতাৰ প্ৰৱণতা অতি বিপদজনক হৈ পৰিব পাৰে সেই প্ৰমাণৰ পৰা ভৱিষ্যতে শিক্ষা লোৱা উচিত।
এতিয়া সাম্প্ৰদায়িকতাৰ যুঁজ শীতল মস্তিষ্কৰে চলে। কোনোবাই সেই যুঁজৰ সন্মুখত ৰৈ সেনাপতিৰ ভূমিকা পালন কৰে। তেঁওলোকৰ এই সাম্প্ৰদায়িকতাৰ উগ্ৰ প্ৰৱণতাই সমাজখনক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে। তথাপিও তেওঁলোক অসাম্প্ৰদায়িক হৈ ৰৈ যায়।
ভূপেন বৰাক হয়তো ককাকে সপোনত এইবোৰ কথাও ক’লে। যদি কোৱা নাই এদিন আহি এনেবোৰ কথাও ক’বহি বুলি আশা কৰিব পাৰি। ককাকৰ সতৰ্কবাণী এতিয়া ভূপেন বৰাই মনত ৰখাৰ দৰকাৰ। মুখ থাকিলেই সকলো কথা কোৱা নাযায়।
Also Read: ছিণ্ডিকেটৰ ধনঃ সকলোৱেচোন কৰে মন...