মৃদুল কুমাৰ সন্দিকৈ
''যেতিয়া আমি আৰক্ষী সেৱাত যোগ দি চৰ্দাৰ বল্লৱভাই ৰাষ্ট্ৰীয় পুলিচ একাডেমী হায়দৰাবাদত প্ৰৱেশ কৰিছিলো, তেতিয়া আমাক কোৱা হৈছিল বা ভৱাৰ অৱকাশ দিয়া হৈছিল থানা সমূহেই আমাৰ বাবে মন্দিৰ। নাগৰিকৰ বাবে সুৰক্ষিত ঠাই।
আজি মই গভীৰভাৱে ভাগি পৰিছো এটা ঘটনাক লৈ। এজন আৰক্ষী পৰিদৰ্শকে আমাক বহু তললৈ লৈ গ'ল''- এয়া এজন অসহায় আৰক্ষী সঞ্চালক প্ৰধানৰ এক স্বীকাৰোক্তি বা উপলব্ধি।
নিশা নিজৰ টুইটাৰ হেণ্ডেলত এইদৰে টুইট কৰি আৰু বহু কথা লিখিলে অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। সেই টুইটতেই তেওঁ সেই কথাও জনাইছিল যে আৰক্ষী পৰিদৰ্শক বিমান ৰয়ক অসম আৰক্ষীৰ পৰা বৰ্খাস্ত কৰা হ'ল।
এই ঘটনাৰ পৰা অসম আৰক্ষীক শিক্ষা ল'বলৈ আহ্বান জনাই অসমৰ ৰাইজৰ ওচৰত আৰক্ষীক দায়বদ্ধশীল কৰি গঢ়ি তুলিবলৈ যত্ন কৰাৰ আশ্বাস দিলে তেওঁ। ঘগ্ৰাপাৰ থানাত ২১ জুন,২০২৩ ত এগৰাকী কিশোৰীৰ সৈতে সংঘটিত হোৱা দুৰ্ভাগ্য়জনক ঘটনাৰ পাছত লজ্জানত হৈ পৰা অসম আৰক্ষীক লৈ উত্থাপন হৈছে বহু প্ৰশ্ন।
৩০ জুন ২০২৩ ত ঘগ্ৰাপাৰ থানাত উপস্থিত হৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে নিজেই সমগ্ৰ ঘটনাৰ বুজ ল'লে। ২৬ জুন ২০২৩ ত ঘগ্ৰাপাৰ থানাত নিৰ্যাতনৰ বলি হোৱা কিশোৰীগৰাকীয়ে দাখিল কৰা দুই পৃষ্ঠাৰ এজাহাৰখনত এই ঘটনাৰ সৱিশেষ বৰ্ণনা আছিল।
ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, পৰিদৰ্শক বিমান ৰয়ে সেইদিনা এই যুৱতীগৰাকীৰ সৈতে দুৰ্ভাগ্যজনক কাণ্ড সংঘটিত কৰিছে। মাজৰাতি ২ বজাত অসামৰিক পোছাকত থকা ৰয়ে ছোৱালীজনীক সকলো কাপোৰ খুলি উলংগ হ'বলৈ নিৰ্দেশ দিছিল। প্ৰতিবাদ কৰাত এডাল লাঠি লৈ কিশোৰীগৰাকীয়ে নুখুলিলে নিজেই খুলি দিয়াৰ ভাবুকি প্ৰদান কৰিছিল।
কেৱল কাপোৰ খোলাতেই ক্ষান্ত থকা নাছিল আৰক্ষী বিষয়াগৰাকী। হাতত থকা মোবাইলেৰে কিশোৰীগৰাকীৰ উলংগ ফটো, ভিডিঅ' তুলি আসুৰিক তৃপ্তি লৈছিল এই বিষয়াজনে। সংবাদ মাধ্যমত এই খবৰ প্ৰকাশ পোৱাৰ পাছতেই আৰক্ষীৰ উচ্চ মহলত জোকাৰণি উঠিল। নহ'লে হয়তো আন বহু ঘটনাৰ দৰেই এই ঘটনাও আঁৰতেই ৰৈ গ'লহেতেন।
কিশোৰীগৰাকীয়ে এটা বেলেগ সম্প্ৰদায়ৰ এজন ল'ৰাক ভাল পাইছিল। ২১ জুনৰ দিনা সেই ল'ৰা জনৰ সৈতে পলাই যাঁওতেই কিছুলোকে আৰক্ষীক খবৰ দিছিল আৰু নলবাৰী আৰক্ষীয়ে আটক কৰি ঘগ্ৰাপাৰ থানাত চমজাই দিছিল।
তাৰপাছতেই সেই থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কৰা কাণ্ড আছিল সেয়া। ইতিমধ্যে ঘগ্ৰাপাৰ থানাৰ এই গোচৰৰ অনুসন্ধানকাৰী বিষয়া আৰু আন জোৱান, কনিষ্টবলে সেই কাণ্ড যে ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ে কৰিছিল সেই স্বীকাৰোক্তি দিছে।
এই ঘটনা পোহৰলৈ অহাৰ পাছতেই অভিযুক্ত বিষয়াগৰাকীয়ে আত্মগোপন কৰিলে। চোৰ বিচাৰিব লগা আৰক্ষীয়ে বিচাৰিব লগা হৈছে আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াক। আৰক্ষী সঞ্চালক প্ৰধানে বিমান ৰয়ৰ সন্ধান দিওতালৈ পুৰস্কাৰ ঘোষণা কৰিব লগা হ'ল।
অসম আৰক্ষীত আৰক্ষীৰ দ্বাৰাই সংঘটিত দুৰ্ভাগ্যজনক কাহিনী এয়াই প্ৰথম নহয়। সৌ সেইদিনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে মুকলিকৈ ভৎসৰ্না কৰিলে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষকক। এটা শিশু আৰু মাতৃক মাজৰাতি ধৰি আনি কোনো গোচৰ ৰুজু নকৰাকৈ থানাত আটক কৰি থোৱাকলৈ খোদ ন্যায়াধীশে আচৰিত হৈ পৰিছিল।
এনে আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱাত কেৱল নিলম্বন আৰু বদলি ইয়াৰ বাবে একমাত্ৰ শাস্তি হ'ব নোৱাৰে বুলি মন্তব্য কৰিলে ন্যায়ালয়ে। তাৰপূৰ্বেও এগৰাকী বনকৰা ছোৱালীক হত্যা কৰাৰ অভিযুক্তক বচাবলৈ এখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে লাখৰ ঘৰত ধন লৈ সেই ঘটনাক আত্মহত্যাৰ ৰূপ দিছিল।
মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত পোহৰলৈ আহিছিল আৰক্ষীয়ে কেনেদৰে সঁচাক মিছা কৰে তাৰ প্ৰকৃত স্বৰূপ। আৰক্ষীয়ে জব্দ কৰা সোণ আৰক্ষীয়েই চুৰি কৰা ঘটনা অসম আৰক্ষীতেই সংঘটিত হৈ গৈছে।
জোনমণি কাণ্ডৰো আৰক্ষীকেন্দ্ৰিক কম মেৰপাক নাই। একেদৰে কোনো কোনো থানাত আৰক্ষী বিষয়াসকলে নিযুক্তিৰ বাবে যিমান ধন ব্যয় কৰিবলৈ সাজু থাকে তাৰো নিশ্চয় কাৰণ আছে। সেই সকলোবোৰৰ মূলতেই হ'ল বাহিৰা ধন।
আৰক্ষী সঞ্চালকপ্ৰধানে একেই পদত ৭ বছৰৰো অধিককাল নিযুক্ত হৈ থকা আৰক্ষী বিষয়াসকলক বদলিৰ নিৰ্দেশ দিছিল যদিও সেই নিৰ্দেশেই বহু বিষয়াৰ ক্ষেত্ৰত কাৰ্যকাৰী নহ'ল।
ঘগ্ৰাপাৰ কাণ্ডৰ পাছত অসম আৰক্ষী সঞ্চালক প্ৰধানে বা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুজি পোৱা উচিত কেৱল এনকাউন্টাৰে অপৰাধ নিৰ্মূল বা অপৰাধমুক্ত এখন সমাজ গঢ়তো সহজ নহয়।
বাহিৰত যিমান অপৰাধী আছে, আৰক্ষীৰ ভিতৰৰ ভাগতো খাকী পোছাক পিন্ধা বহু অপৰাধীয়ে ছদ্মৱেশ লৈ আছে। সেইসকলক চিনাক্ত আৰু নিয়ন্ত্ৰণ কৰাতো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে।
আৰক্ষীৰ কাষলৈ মানুহ কিয় যায়। বিপদত পৰি সহায় বিচাৰি আৰক্ষীৰ কাষ চাপে কোনোলোক। কিন্তু থানালৈ যোৱা সেই অভিজ্ঞতা জানো সুখকৰ হয়। মাজুলীত এজন উপ-পৰিদৰ্শকে কি কৰিলে। গণ প্ৰহাৰৰ পৰা উদ্ধাৰ কৰি অনা এজনলোকক মুক্তি দিয়াৰ বিনিময়ত পিতৃৰ সৈতে দৰদাম চলালে।
দীৰ্ঘদিন ধৰি অসম আৰক্ষীক সংস্কাৰৰ প্ৰয়োজনৰ কথা কৈ অহা হৈছে। মুখ্যমন্ত্ৰীয়ে সুযোগ পালেই আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে বহি আৰক্ষীক জনমুখী কৰাৰ পাঠ দি আহিছে। কিন্তু ফল জানো সেই ধৰণে পাইছে?
সেই কেৰোণবোৰ ক'ত আছে? সেইবোৰৰ সমাধান নকৰিলে যিমান গাই বাই থাকিলেও অসম আৰক্ষীক ভৱাৰ দৰে ৰূপত পোৱাতো সম্ভৱ নহয়। আৰক্ষী বিভাগত সৎ আৰু দক্ষ বিষয়াও আছে। কিন্তু সেইসকলক ক'ৰবাত আঁতৰাই যেন ৰখা হয়। এতিয়া অসম আৰক্ষীত দক্ষতাৰ আন এক মান কোনে, কাক, কি ধৰণে সন্তুষ্ট কৰি ৰাখিব পাৰে।
সেই সন্তুষ্টিৰ বাবে দুহাতেৰে ধন ঘটে একাংশ আৰক্ষীয়ে। সেই ধনেৰে ওপৰৰ বিষয়াক মেনেজ কৰি ধন ঘটাৰ বাট মুকলি কৰাজনেই এতিয়া সফল আৰক্ষীবিষয়া। ৰাজনৈতিকভাৱেও কিছুলোকে তাত হাত উজান দিয়ে।
২০১৭ চনৰ মে'ত দুৰ্নীতি নিবাৰক শাখাই এজন আৰক্ষী উপ-পৰিদৰ্শকক গ্ৰেপ্তাৰ কৰিছিল। বকুল চেতিয়া নামৰ এই উপ-পৰিদৰ্শকগৰাকী সেইসময়ত বকো থানাৰ কৰ্মৰত আছিল । ভেটাপাৰৰ এজন ব্যৱসায়ী নৱজ্যোতি কলিতাৰ এ এছ ০১ ডিচি ৭৭৬৭ নম্বৰৰ ট্ৰাকখন জব্দ কৰিছিল আৰক্ষীয়ে।
সেই ট্ৰাকখন মুকলি কৰি দিবলৈ এছ আই চেতিয়াই ট্ৰাকখনৰ মালিকৰ পৰা দাবী কৰিছিল ৫০,০০০টকা। সেই অনুসৰি ১০,০০০ টকা উৎকোচ লওঁতেই ২ মে' ২০১৭ ত উপ-পৰিদৰ্শক বকুল চেতিয়াক গ্ৰেপ্তাৰ কৰিছিল দুৰ্নীতি নিবাৰক শাখাই।
জেৰাত ধৃত উপ-পৰিদৰ্শকগৰাকীয়ে স্বীকাৰ কৰিছিল ট্ৰাকখন মোকলাই নিয়াৰ নামত ৫০,০০০ টকা উৎকোচ লবলৈ তেওঁক নিৰ্দেশ দিছিল সেই সময়ৰ বকোৰ ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ে।
এই স্বীকাৰোক্তিৰ ভিত্তিতেই বিমান ৰয়কো দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল। জেললৈ গৈছিল এইজন দুৰ্নীতিগ্ৰস্ত বিষয়া। কাৰাগাৰৰ পৰা তেওঁ কেতিয়া ওলাল, সেই খবৰ আৰু মানুহে নাৰাখিলে। কাৰাগাৰৰ পৰা ওলোৱাৰ পাছত তেওঁৰ ওপৰতেই অৰ্পন কৰা হ'ল এখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব।
সেই দায়িত্ব ল'ব পৰা আন পৰিদৰ্শক পৰ্যায়ৰ বিষয়া হয়তো আৰু বহু আছিল। কিন্তু তেওঁলোকক এনে দায়িত্ব নিদিয়াৰ কাৰণ হ'ল উচ্চ পদস্থ বিষয়াক মেনেজ আৰু সন্তুষ্ট কৰিব পৰা কিটিপ তেওঁলোকে নাজানে।
এইবোৰৰ পৰিণামেই জানো ঘগ্ৰাপাৰ থানাত সংঘটিত হোৱা ঘটনা নহয়? সেই অসাৱধানতাৰ ফল ৰাইজে ভোগ কৰিবলগীয়া হয়। অসম আৰক্ষীত ভাৰপ্ৰাপ্ত বিষয়া হ'ব পৰা, গাত চেকা নলগা বিষয়াৰো ইমান অভাৱনে? সেই প্ৰশ্নও এবাৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে নিজক কৰা উচিত।
কোনোবা এটা ঘটনা সংঘটিত হৈ যোৱাৰ পাছত যি তৎপৰতা প্ৰদৰ্শন কৰে সেই তৎপৰতা কেইদিনমানৰ পাছতেই হেৰাই যায়। কোনো ঘটনাৰ পৰাই সঁচা অৰ্থত শিক্ষা লোৱাৰ নজিৰ নাই অসম আৰক্ষীৰত। নহ'লে এইবোৰ কাণ্ড পুনৰাবৃত্তি হোৱাৰ সম্ভাৱণা থকা সকলক কোনো কাৰণতেই এই গুৰুত্বপূৰ্ণ দায়িত্ববোৰ অৰ্পন কৰা নহ'লহেতেন।
Also Read: থানাতো সুৰক্ষিত নহয় কিশোৰী ! আৰক্ষী আৰু অপৰাধীৰ মাজত পাৰ্থক্য থাকিল কি?