ছিণ্ডিকেট চলি থাকে, চলি আছে আৰু চলি থাকিব। মাথোঁ সলনি হয় ছিণ্ডিকেটৰ স্বৰূপ, ইয়াৰ চৰ্ডাৰ আৰু জড়িত হোৱা লোক। লাহ-বিলাসৰ জীৱনৰ গৰাকী হোৱা বহু নেতা-পালিনেতাৰ আয়ৰ মূল উৎস হয় ছিণ্ডিকেট। এইবোৰৰ উপৰিও এই চৰ্ডাৰ জাতীয় লোকসকলৰ তলত আন এচাম পৰজীৱী লোক থাকে যি ছিণ্ডিকেটৰ বতাহ, পানী লৈ তিষ্টি থাকে।
ক্ষমতাত থকাসকলৰ পদবী সলনি হ’লে ক্ষমতাত অহাসকলে পূৰ্বৰ ক্ষমতাধাৰীসকলে চলোৱা ছিণ্ডিকেট বন্ধ হ’ব বুলি কোৱাটো এটা ৰাজনৈতিক ফেশ্বন। মিছা আস্ফালন। ইয়াকে সঁচা বুলি ভাৱি আমি সাধাৰণ মানুহবোৰে সুখৰ নিশ্বাস পেলাও যদিও তলে-তলে নতুন ছিণ্ডিকেটৰ শিপাই পূৰ্বতকৈ অধিক ৰূপত বিয়পি পৰে।
ভাইৰেল হৈছিল দুজন ব্যক্তিৰ কথোপকথনৰ অডিঅ’। এজন লাচিত, আনজন মিলন। দুয়োৰে কথোপকথনৰ অডিঅ’ ভাইৰেল হৈছিল সামাজিক মাধ্যমত। প্ৰথমটো অডিঅ’ ৰাজনৈতিক বাৰ্তালাপ। নিৰ্বাচনী কেন্দ্ৰিক এই অডিঅ’ত জাতীয় সংগঠনক কেনেদৰে নেতাই বন্ধকত থব পাৰে তাৰ প্ৰমাণ আছিল। সেই বাৰ্তালাপত দাবী কৰাৰ দৰে মুখ্যমন্ত্ৰীৰ সৈতে বহি এতিয়াই ২০২৪ৰ লোকসভা নিৰ্বাচনৰ যোৰহাট সমষ্টিৰ টিকটৰ বুকিঙৰ ব্লুপ্ৰিণ্ট সঁচাকৈ ৰচিছিল নে? সন্দেহ ৰৈ যায়।
সঁচা বুলিও ধৰিব নোৱাৰি, এইবোৰ কথা মিছা বুলিও এৰিব নোৱাৰি। আহোম সম্প্ৰদায়ৰ ৭০/৮০ লাখ মানুহক আগত থৈ কি যে দৰদাম চলাইছিল। এনেকৈয়ে চলি থাকে জাতিৰ সেৱা, জাতীয়তাবাদৰ পূজা আৰু আন বহু কাৰবাৰ।
দিনত দিয়া হুংকাৰবোৰ দেখুৱাবলৈ। নিজৰ জাতিকে বিক্ৰী কৰিবলৈ কুণ্ঠাবোধ নকৰা সকলে বাৰে বাৰে আৱেগৰ ঢৌ সৃষ্টি কৰি এনে কৰি থাকে। হিচাপ নাৰাখেহে কোনো। মিলনৰূপী এই বদনবোৰৰ টিঘিল-ঘিলনিয়ে এতিয়া বেছি। টাই আহোম ছাত্ৰ সন্থাৰ সভাপতিৰ আসনত বহি শাসকীয় দলৰ নেতাৰ টিকট আগতীয়াকৈ নিশ্চয়তা কৰিবলৈ ৰচা হৈছিল এই জাল। এয়াও কম দক্ষতা নহয়। নিজৰো লাভ ইয়াত। সেয়েহে প্ৰথমতে কি উপহাৰ ল’ব সেই কথাতে জোৰ দিছিল বেছি।
এইজন মিলন বুঢ়াগোহাঁই আৰু বিজেপি অ বি চি মৰ্চাৰ সেইসময়ৰ ৰাজ্যিক উপ সভাপতিৰ দায়িত্বত থকা লাচিত গগৈৰ আনটো অডিঅ’ কিন্তু ৰাজনৈতিক নাছিল। সেই কথোপকথন হৈছিল ধনকেন্দ্ৰিক। ইয়াৰ উপলক্ষ বা কাৰণ আছিল আৰক্ষীক মেনেজ। চুপাৰি ছিণ্ডিকেটৰ কাৰবাৰ চলাবলৈ লাচিতে আৰক্ষীৰ সহযোগিতা বিচাৰি মিলনৰ হাতত গুজি দিছিল প্ৰায় ১৬ লাখ টকা।
ধন গ’ল। কাম নহ’ল। সেয়ে লাচিত গগৈয়ে ধন বিচাৰি এই কথোপকথনত মিলন বুঢ়াগোহাঁইক জোৰ দিছিল। মণিপুৰৰ ঘটনা নোহোৱা হ’লে ভাল আছিল। এতিয়া টান পৰিছে, গতিকে কাম নোহোৱাৰ বাবে ধন ঘূৰাই লাগে।
মিলনে যে আৰক্ষীক ধন দিছে, মনে নধৰে। এজনক ১৪ লাখ, আনজনক ২ লাখ। লাচিতক কোৱা মতে দুখন জিলাৰ আৰক্ষী অধীক্ষকক মেনেজ কৰিবলৈ দিয়া হৈছিল ধন। সেয়েহে লাচিতে মন্ত্ৰীৰ নাম লৈয়ো মিলনক কৈছে- কাম নহ’ল যেতিয়া তেওঁলোকৰ পৰা ধন ঘূৰাই অনা। মই কৈ দিম দাদাক চতুৰ লাচিতে পৰীক্ষা কৰিও চাইছে এই ধন আচলতে শিপাত পৰিছেগৈ নে নাই। মিলনো কম চতুৰ নহয়, সেইবোৰ কথা পাহৰি যাবলৈ কৈ তেওঁ ধন লৈছে, তেওঁৰ ঘূৰাই দিয়াৰ দায়িত্ব বুলি কাহিনী শুনাইছে।
সেই অডিঅ’তে ওলাইছে আৰু কিছুৰ নাম। মিছাতে আৰক্ষীয়ে বদনাম কিয় ল’ব। কোনোবাই আৰক্ষীৰ নামত ধন খাব, আৰক্ষী কিয় বহি থাকিব। আৰম্ভ হ’ল তদন্ত। ছিণ্ডিকেটৰ শিপাই সাংবাদিক, নেতা, মন্ত্ৰী, কাৰোবাৰ পি এ সকলোৱে চোন গা বেৰি আছে।
কোনোবা গৈ পালেগৈ মালেয়ছিয়া। কোনোবাজন পলাল। মুঠতে, কেঁচু খান্দোতে সাপ ওলাও ওলাও। বিপদত পৰিল ভবেশ কলিতা। স্পষ্টিকৰণ দি অৱস্থা নাই বেচেৰাৰ। ৰাইজ, সংবাদ মাধ্যম জানো কম। সকলোৱে ভবেশ কলিতাৰ প্ৰতিও প্ৰশ্ন তুলিছে। কলিতাই এই ছিণ্ডিকেট মেনেজ কাৰবাৰেৰে নাম সাঙোৰ খোৱা জিতুমণি দাসক পি এ নহয় বুলিলে। আৰম্ভ হৈ গ’ল তথ্য প্ৰমাণ দিয়াৰ।
ৰাজ্যিক কাৰ্য নিৰ্বাহকৰ সদস্য জিতুমণি দাসক হায়দৰাবাদত ২০২২ চনৰ ২ জুলাইৰ পৰা অনুষ্ঠিত কাৰ্য নিৰ্বাহকলৈ কোনে নিছিল? তেওঁৰ কান্ধত ওলমি থকা প্ৰক্সিমেট পাছত কাৰ অনুমতি লৈ লিখা হৈছিল দাসৰ পৰিচয়।
পঢ়াইতো পঢ়ি পেলালে সেই পৰিচয় পত্ৰ, য’ত লিখা আছিল দাস, ৰাজ্যিক বিজেপিৰ ব্যক্তিগত সহায়কাৰী বুলি। সহায়কাৰী মানে পি এ। তেতিয়া অসম ৰাজ্যিক বিজেপিৰ সভাপতিও কলিতা। তেনে কলিতাৰ পি এ বুলি পৰিচয় পত্ৰত লিখি ওলমাবলৈ ইমান সাহ কেনেকৈ পালে দাসে?
সংবাদ মাধ্যমক গালি পাৰা দাসে প্ৰথমে এইটো স্বৰূপ খোলোচা। ২০২২ৰ ২১ মে’ৰ পৰা ৰাজস্থানৰ জয়পুৰত হোৱা বিজেপি ৰাষ্ট্ৰীয় বিষয়ববীয়া বৈঠকতো একেই মৰ্যদা ল’বলৈ জিতু দাসক কোনে কৰি দিছিল সুবিধা?
আৰক্ষীয়ে জিতু দাসক গ্ৰেপ্তাৰ কৰক বা নকৰক মানুহৰ সন্মুখত আন এখন ছৱি ধৰা দিলে। আন এটা সত্য মানুহে উপলব্ধি কৰিলে। ছিণ্ডিকেটৰাজ কলৈকে বিয়পি আছে সেয়া মানুহে বুজিলে। কি সাংবাদিক, কি জাতীয় সংগঠনৰ নেতা, কি নেতা-মন্ত্ৰী সকলোৰে চোন হাতীৰ নিচিনা দাঁত দুটা। এটা চোবাবলৈ, আনটো দেখুৱাবলৈ।