ইয়ে মেৰা ইণ্ডিয়া...

১৪১ কোটি দেশবাসী সুখী। তেওঁলোকৰ মুখত সফলতাৰ হাঁহি। কোনৱে হয়তো ভৱা নাছিল এনেদৰে ভাৰতে চন্দ্ৰ জয় কৰিব।

author-image
Asomiya Pratidin
New Update
ইয়ে মেৰা ইণ্ডিয়া...

মৃদুল কুমাৰ সন্দিকৈ

১৪১ কোটি দেশবাসী সুখী। তেওঁলোকৰ মুখত সফলতাৰ হাঁহি। কোনৱে হয়তো ভৱা নাছিল এনেদৰে ভাৰতে চন্দ্ৰ জয় কৰিব। আজি ভাৰতৰ দিন।অপেক্ষা আৰু উৎকণ্ঠাৰ অন্ত পেলাই চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত ভাৰতে প্ৰেৰণ কৰা বিক্ৰম লেণ্ডাৰে সফল অৱতৰণ কৰিলে।

সেই মাহেন্দ্ৰ ক্ষণলৈকে অপেক্ষা কৰিছিল কোটি কোটি ভাৰতীয়ই। ভাৰতৰ এই চন্দ্ৰ অভিযানৰ প্ৰতিটো মূহুৰ্তৰ ওপৰত নজৰ ৰাখিছিল সমগ্ৰ বিশ্বই। কেনেদৰে চন্দ্ৰপৃষ্ঠত বিক্ৰম লেণ্ডাৰে সফল অৱতৰণ কৰিলে সেয়া সমগ্ৰ বিশ্বই দেখিলে।

ভাৰতৰ এই সপোন এদিনতে সফল হোৱা নাই। দুবাৰকৈ বিফলতাৰ পাছত ভাৰতে সফলতাৰ ইতিহাস লিখিলে। বিশ্বৰ আগশাৰীৰ দেশবোৰক দেখুৱাই দিলে সঁচাকৈয়ে ভাৰত বিশ্বগুৰু হোৱাৰ দিশে।

তথ্য প্ৰযুক্তি আৰু মহাকাশ বিজ্ঞানৰ গৱেষণাৰ দিশত ভাৰততকৈ বহু আগবঢ়া উন্নত ৰাষ্ট্ৰবোৰৰ সৈতে ভাৰতে ফেৰ মাৰিব পাৰে। সেই প্ৰতিযোগিতাত খৰধৰ নাই। তাৰ উদাহৰণ ৰাছিয়া। ভাৰততকৈ পাছত চন্দ্ৰৰ দক্ষিণ মেৰুলৈ প্ৰেৰণ কৰিছিল লুনা-২৫।

ভাৰততকৈ আগতে সেই ৰাছিয়াৰ চন্দ্ৰ অভিযান সফল হ'ব বুলি বিশ্বই গুণাগথা কৰিছিল। কিন্তু সেয়া সম্ভৱ নহ'ল ৰাছিয়াৰ বাবে।ভাৰতেই হ'ল চন্দ্ৰ দক্ষিণ মেৰুত সফল অভিযান চলোৱা বিশ্বৰ প্ৰথমখন দেশ।

চন্দ্ৰ অভিযানৰ বাবে পানীৰ দৰে ভাৰতে ধন ব্যয় কৰা নাছিল। অসমতে নিৰ্মীয়মান এখন উৰণীয়া সেতুতকৈ কম বাজেটেৰে সম্পন্ন হ'ল এই চন্দ্ৰ অভিযান। মাত্ৰ ৬১৫ কোটি টকাৰ ব্যয়ৰে ইছৰোয়ে সফল কৰি তুলিলে চন্দ্ৰ অভিযান।

ভাৰতত এখন ছবি নিৰ্মাণৰ বাবে চন্দ্ৰ অভিযানতকৈ অধিক ধন ব্যয় হয়। 'আদিপুৰুষ' নামৰ ছবিখনৰ বাজেটেই আছিল ৭০০কোটিতকৈ অধিক। তাতকৈ কম বাজেটত ইছৰোই চন্দ্ৰপৃষ্ঠত সফল খোজ পেলালে।

চন্দ্ৰলৈ এতিয়া আৰু বেছি দূৰ নহয়। এয়া আৰাম্ভণীহে। তাৰপাছত চন্দ্ৰলৈ ভাৰতৰ মহাকাশচাৰী যোৱা আন এক বাট মুকলি হ'ব। ভাৰত সঁচাকৈয় এখন বিচিত্ৰ দেশ। জ্যোতিষ শাস্ত্ৰৰ অনুসৰি চন্দ্ৰক লৈ থকা বিশ্বাসৰ বিপৰীতে মহাকাশ বিজ্ঞানৰ এই সফল যাত্ৰাই ভাৰতৰ বৈচিত্ৰতাক ভিন্ন ৰূপ দিলে।

চন্দ্ৰক লৈ আমাৰ ক'ত কল্পনা, ক'ত অনুভৱ। সেই কলাত্মক সৃষ্টিৰ সৈতে বাস্তৱৰ সংমিশ্ৰণ ঘটিল ২৩ আগষ্ট, ২০২৩ ত। চন্দ্ৰপৃষ্ঠৰ বুকুত লেণ্ডৰ বিক্ৰমৰ পৰা নামি যোৱা ৰোভাৰ প্ৰজ্ঞানে ন ন গৱেষণাৰ বাট মুকলি কৰিব।

এতিয়া সেইবোৰলৈ অপেক্ষা কৰাৰ সময়। চন্দ্ৰৰ পৃষ্ঠত এনে সফল অভিযান চলোৱা ভাৰত চতু্ৰ্থখন দেশ। নিজস্ব প্ৰযুক্তিৰে মহাকাশ বিজ্ঞানত ভাৰতৰ এই বৰ্ণিল যাত্ৰাৰ সংগী হ'ল অসমৰ দুগৰাকী বিজ্ঞানী।

চন্দ্ৰ অভিযান-৩ ৰ সৈতে জড়িত আছিল লখিমপুৰৰ চয়ন দত্ত আৰু তিনিচুকীয়াৰ নিধি শৰ্মা। ১৪ জুলাই ২০২৩ ত চন্দ্ৰযান-৩য়ে উৰা মাৰিছিল চন্দ্ৰ অভিমুখে। প্ৰতিটো স্তৰ সফলভাৱে অতিক্ৰম কৰি শেষ পৰ্যায়ত চন্দ্ৰপৃষ্ঠত অৱতৰণৰ বাবে অপেক্ষা কৰিছিল ২৩ জুলাইলৈ।

চন্দ্ৰ অভিযানৰ এই সফলতাই দেশবাসীক এতিয়া মন্ত্ৰমুগ্ধ কৰি ৰাখিছে। দেশৰ সামগ্ৰিক বিকাশ আৰু প্ৰগতিৰ মাইলৰ খুঁটি হৈছে এই অভিযান। আমি কিমান আগবাঢ়ি গৈছো তাৰ প্ৰমাণ এই সফল চন্দ্ৰ অভিযান।

দেশৰ মহাকাশ বিজ্ঞানী সকলৰ অধ্যাৱসায়, ধৈৰ্য, নিৰলস গৱেষণা এই সফলতাৰ আধাৰ। দুবাৰকৈ চন্দ্ৰৰ অভিযানত বিফলহৈও আশা এৰি দিয়া নাছিল ভাৰতৰ মহাকাশ বিজ্ঞানীয়ে। ভাৰতৰ সভ্যতাই এনেকুৱা।

ভাৰতৰ সংস্কৃতিয়ে সংযমতাৰেই কথা কয়। যি সংযমতাত আছে জ্ঞান অন্বেষণৰ গভীৰ আৰাধনা। সেই ভেঁটি ভাৰতে বহু হাজাৰ বছৰ পূৰ্বে তৈয়াৰ কৰিছিল। তাৰ আধাৰতেই বৰ্তমানৰ এই সফলতাৰ পৰিৱেশ ৰচনা হৈছে।

য'ত খৰ ধৰ নাই, য'ত প্ৰদৰ্শনধৰ্মীতা নাই। আছে কেৱল আন্তৰিকতাৰে প্ৰাপ্তিৰ লক্ষ্যৰ দিশে সঠিক পথেৰে আগবঢ়া সংকল্প। ভাৰতৰ এই চন্দ্ৰযানৰ সফলতা সমগ্ৰ বিশ্ববাসীৰ বাবেই ঈৰ্ষণীয়। এই খনেই ভাৰত। য'ত অসম্ভৱ একো নাই।

Also Read: য'ত দোষ, নন্দ ঘোষ নেকি পেট্ৰিছিয়া মুখিম?

chandrayaan 3