ধনী পত্নী...

ধনী পত্নী...
Published on
Updated on

মৃদুল কুমাৰ সন্দিকৈ

ৰাজ্যৰ তিনিজন মুখ্যমন্ত্ৰী আৰু তেওঁলোকৰ পত্নীৰ স্থাৱৰ সম্পত্তিৰ এক তুলনামূলক অধ্যয়ন কৰিলে দেখা যায়, মুখ্যমন্ত্ৰীসকলতকৈ তেওঁলোকৰ পত্নী বেছি ধনী। অৱশ্যে ব্যতিক্ৰম তিনিবাৰকৈ মুখ্যমন্ত্ৰীৰ আসনত বহা প্ৰয়াত তৰুণ গগৈ।

অসম আন্দোলনৰ পাছত অসম চুক্তিৰ অন্তত ১৯৮৫চনত ছাত্ৰ নেতাৰ পৰা অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল প্ৰফুল্ল কুমাৰ মহন্তই। দুটাকৈ কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা প্ৰফুল্ল মহন্তৰ নামত আছে ৰাজ্যৰ তিনি স্থানত মাটি।

কলিয়াবৰৰ দাগ নম্বৰ ৩০৩, পট্টা নম্বৰ ২১৬ত মহন্তৰ নামত আছে এবিঘা একঠা দুই লোচা মাটি। এই মাটি মহন্তই উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা। ইয়াৰোপৰি নামগাঁও কিছমতত দাগ নম্বৰ ৩০২, পট্টা নম্বৰ ২১৬ত থকা এবিঘা ৪কঠা ১৪লোচা মাটি মহন্তৰ নামত পঞ্জীয়ন হৈ আছে।

এইখিনি মাটি মহন্তই ১৯৯৩চনৰ ২৫জুনত ক্ৰয় কৰিছিল। সেই মাটি ক্ৰয় কৰা মূল্য মহন্তই চৰকাৰী তথ্যত জনোৱা মতে মাত্ৰ ১১হাজাৰ টকা আছিল। একেই স্থানতে দাগ নম্বৰ ৩০৭, পট্টা নম্বৰ ২৫ত মহন্তই ক্ৰয় কৰিছিল ২বিঘা ২কঠা ৮লোচা মাটি। ১৯৯৩চনৰ ১ফেব্ৰুৱাৰীত মহন্তই এই মাটি ক্ৰয় কৰিছিল ৩৭হাজাৰ টকাত।

দক্ষিণগাঁৱত দাগ নম্বৰ ৪৪৭, ৪৪৮ আৰু পট্টা নম্বৰ ৬৪ত থকা দুবিঘা মাটিও মহন্তই ১জানুৱাৰী ১৯৯৩ত নিজৰ নামত ক্ৰয় কৰিছিল। সেই মাটি তেতিয়া মহন্তই ৫৪হাজাৰ টকাত ক্ৰয় কৰা দেখুৱাইছিল চৰকাৰী তথ্যত।

এয়া হ'ল প্ৰফুল্ল মহন্তৰ নামত থকা ভূ সম্পত্তি। প্ৰফুল্ল মহন্তৰ পত্নী জয়শ্ৰী মহন্ত এগৰাকী সুলেখিকা। কটন কলেজত অধ্যাপনাও কৰিছিল তেখেতে। সক্ৰিয় ৰাজনীতিতো অংশ লৈছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ততকৈ জয়শ্ৰী মহন্তৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ বেছি।

দক্ষিণগাঁৱত জয়শ্ৰী মহন্তৰ নামত আছে এবিঘা দুকঠা ১০লোচা মাটি। এই মাটি অৱশ্যে তেওঁ উত্তৰাধিকাৰী সূত্ৰে পোৱা। নগাঁৱত দাগ নং ১৭১, পট্টা নং ১৩৮ত থকা তিনি কঠা ১০লোচা মাটিৰো মালিক জয়শ্ৰী মহন্ত।

মহানগৰীৰ ৰুক্মিণী গাঁৱত জয়শ্ৰী মহন্তৰ আছে দুকঠা ৫লোচা মাটি। সেই মাটিৰ দাগ নং ২০৯ আৰু পট্টা নং ৫২। গুৰগাঁৱৰ ৰিজেন স্কোৱাৰত জয়শ্ৰী মহন্তৰ নামত আছে এটা ফ্লেট। ১,০০০বৰ্গফুটৰ সেই ফ্লেটটোৰ মূল্য এতিয়া কোটি টকাৰো অধিক। খাৰঘূলিত থকা দুকঠা ১০লোচা মাটিৰ গৰাকী জয়শ্ৰী মহন্ত। বৰ্তমান তাতেই তেওঁলোকৰ বাসস্থান।

সেই মাটিৰ মূল্য ১কোটি ২৮লাখ। নগাঁৱৰ দাগ নং ৪৭২, প্লট নং ৭৭২ত জয়শ্ৰী মহন্তৰ নামত আছে এবিঘা ১লোচা মাটি। এই স্থাৱৰ সম্পত্তিৰ মূল্য হয়তো বজাৰত বহু বেছি হব, কিন্তু তেওঁলোকে চৰকাৰী তথ্যত যি মূল্য নিৰূপন কৰি দিছে সেয়া হিচাপ কৰিলে প্ৰফুল্ল মহন্ততকৈ পত্নী জয়শ্ৰী মহন্ত ৯গুণ ধনী।

মহন্তৰ নামত থকা স্থাৱৰ সম্পত্তিৰ মূল্য ৩৪লাখ ৪০হাজাৰ হোৱাৰ বিপৰীতে জয়শ্ৰী মহন্তৰ নামত থকা স্থাৱৰ সম্পত্তিৰ মূল্য ২কোটি ৯২লাখ ৫০হাজাৰ টকা।

অসমৰ আন এজন মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ। তৰুণ গগৈ পত্নীৰ ডলী গগৈৰ নামত বেলতলা মৌজাৰ বৰসজাইত আছে দুকঠা মাটি। এই মাটিৰ দাগ নম্বৰ ৪০৮। পট্টা নম্বৰ ১৭০/৫৭১(পুৰণি)। এই মাটি ডলী গগৈৰ নামত কিনা হৈছিল ২৯এপ্ৰিল ২০১০ত। ৪লাখ ৫২হাজাৰ টকাত কিনা সেই মাটিৰ মূল্য ২০১১চনত হৈছিল ১১লাখ টকা।

একে স্থানতে ডলী গগৈৰ নামত কিনা হৈছিল আন এটুকুৰা মাটি। সেই মাটি কিনিছিল ২৩মাৰ্চ ২০০৭ত। মাটিখিনি ক্ৰয় কৰিছিল ৩লাখ ৪০হাজাৰ ৮১০টকাত। যি মাটিৰ মূল্য এতিয়া কোটিৰ ঘৰত হ'ব। তৰুণ গগৈৰ পত্নীৰ নামত এইখিনিয়ে ভূ সম্পত্তি আছে।

বেলতলা মৌজাৰ মৈদাম গাঁৱৰ অন্তৰ্গত অজন্তা পথত বাস কৰিছিল তৰুণ গগৈ। সেই স্থানত গগৈয়ে দাগ নম্বৰ ৫৩৭, পট্টা নং ৬৮১ত ক্ৰয় কৰিছিল ২কঠা ১লোচা মাটি। ১৯৭৩চনৰ ৯ মে'ত সেই মাটি গগৈয়ে ক্ৰয় কৰিছিল মাত্ৰ ৫হাজাৰ টকাত। এতিয়া সেই মাটিৰ মূল্য ১কোটি ৫লাখৰো অধিক।

বৰসজাইত তৰুণ গগৈয়ে ১৯৫৯চনৰ ৪জুনত মাটি ক্ৰয় কৰিছিল। ১৪,৪০০বৰ্গফুটৰ সেই মাটি ক্ৰয় কৰিছিল মাত্ৰ ২৫শ টকাত। তৰুণ গগৈয়ে নতুন দিল্লীত ক্ৰয় কৰিছিল এটা ফ্লেট। বসন্তকুঞ্জত থকা সেই ফ্লেটৰ নম্বৰ C-4/4084। ১৮১৭.২৫বৰ্গফুটৰ এই ফ্লেটতো কিনিছিল ১৯মে' ১৯৯৮ত। সেইসময়ত তেওঁ এই ফ্লেটটো ক্ৰয় কৰিছিল ৫৮৯৯৬০.৬০টকা টকাত।

পত্নী ডলী গগৈৰ নামত ৫৬লাখ টকাৰৰ স্থাৱৰ সম্পত্তি থকাৰ বিপৰীতে তৰুণ গগৈৰ নামত আছিল ৩কোটি ৬৫লাখ টকাৰ স্থাৱৰ সম্পত্তি।

অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ নামত নাই কোনো কৃষিভূমি। নাই তেওঁৰ নামত কোনো বাণিজ্যিক বিল্ডিং নাইবা আবাসিক ঘৰ বা ভূমি। যি আছে সেই সকলোবোৰ পত্নী ৰিণিকি ভূঞাৰ নামতেই আছে।

নুনমাটিত দাগ ৪৬, পট্টা নং ২ত ৰিণিকি ভূঞা শৰ্মাৰ নামত আছে ১২,৯৬০বৰ্গমিটাৰ ভূমি। ৫ডিচেম্বৰ, ২০০২ত এই মাটি তেওঁৰ নামত ক্ৰয় কৰা হৈছিল মাত্ৰ ৩০, ২১১টকাত। আৰ জি বৰুৱা ৰোডৰ উদয় পথত দাগ নম্বৰ ৩৯৬, পট্টা নম্বৰ ১৪০৩ত ৰিণিকি ভূঞাৰ নামত আছে ৭হাজাৰ বৰ্গমিটাৰৰ এক ভূমি।

উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত দাগ নম্বৰ ২৫৫৪, পট্টা নম্বৰ ২৪৫ত ৰিণিকি ভূঞাৰ আছে ৯০৪ বৰ্গমিটাৰ ভূমি। ১৪লাখ ৪১হাজাৰ ৫৭০টকাত তেওঁৰ নামত এই মাটি ক্ৰয় কৰা হৈছিল ২৮জানুৱাৰী, ২০১৬ত।

উত্তৰ গুৱাহাটীৰ গৌৰীপুৰতেই দাগ নম্বৰ ২৩৪০, পট্টা নম্বৰ ২৬৩ত আন এক প্লট কিনা হৈছিল ৰিণিকি ভূঞাৰ নামত। ১৯জানুৱাৰী ২০১৮ত এই মাটি কিনা হৈছিল ১৫লাখ ১৫হাজাৰ টকাত।

নুনমাটিৰ দাগ নম্বৰ ৪৬, পট্টা নং২ত আছে এটা অট্টালিকা। এটা স্বেচ্ছাসেৱী ন্যাসৰ নামত থকা এই বিল্ডিঙটোৰ মূল্য ৬০লাখৰো অধিক হ'ব। একেদৰে উদয় পথত থকা ৰেছিডেন্সিয়েল বিল্ডিঙৰ মূল্য নিৰূপণ কৰা হৈছে ১কোটি ৫০লাখ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নামত নাই কোনো স্থাৱৰ সম্পত্তি। তাৰ বিপৰীতে পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নামত ২০২১ৰ লৈকে থকা স্থাৱৰ সম্পত্তিৰ মূল্য ৪কোটি ৩০লাখ টকা। অৱশ্যে ড০ শৰ্মাৰ অস্থাৱৰ সম্পত্তিৰ মূল্য ১কোটি, ৭২লাখ ৪৯হাজাৰ ৩৫৪টকা। তাৰ বিপৰীতে পত্নী ৰিণিকি ভূঞাৰ অস্থাৱৰ সম্পত্তিৰ মূল্য ১০কোটি, ১৭লাখ, ৩৫হাজাৰ, ৯৬১টকা।

এইবোৰ চৰকাৰী তথ্যত ৩বছৰৰ পূৰ্বেই দেখুওৱা সম্পত্তি। ক্ষমতাত থকা জনে, লালসা কৰা জনে ৩বছৰতে কিমান ধনী হ'ব পাৰে সেয়া কোনে কল্পনা কৰিব পাৰে ! সেই সম্পত্তিৰ সঠিক তালিকা হয়তো কেতিয়াও নহ'ব পাৰে ৰাজহুৱা।

নেতা মন্ত্ৰীয়ে এতিয়া কেৱল নিজৰ নামতেই নিকিনে সা-সম্পত্তি। বাগান, ৰিজ'ৰ্ট, বিলাসী বিদ্যালয়, বিশ্বজুৰি প্ৰতিষ্ঠিত ফেনছাইজী, বস্ত্ৰ উদ্যোগ আদিৰ পৰোক্ষ-প্ৰত্যক্ষ মালিকো হ'ব পাৰে নেতা-মন্ত্ৰীৰ পত্নী।

ইয়াত কেৱল দিয়া হৈছে ভূ সম্পত্তিৰ এক তুলনামূলক হিচাপ। কলিয়াবৰ, নুমলীগড়, ৰঙাপাৰা আদি বহু স্থানত ইচ্ছা গ'লেই তেওঁলোকে কিনি থ'ব পাৰে বিঘাই-বিঘাই মাটি। সঁচাই ধনী নেতা-মন্ত্ৰী সকলতকৈ ধনী তেওঁলোকৰ পত্নী...

ধনী পত্নী...
ডাঃ সৰিতা নামৰ এগৰাকী চিকিৎসক আছিল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in