ড০ পেগু, কিয় পেলাইছে এতিয়া নেগুৰ?

এখন কলেজৰ অধ্যক্ষ কেৱল এটা পদ নহয়। কলেজখন থকা অঞ্চলটোৰ বাবে এই পদবীত থকা ব্যক্তিজন এক সন্মানৰ প্ৰতীক।

author-image
Asomiya Pratidin
New Update
ড০ পেগু, কিয় পেলাইছে এতিয়া নেগুৰ?

মৃদুল কুমাৰ সন্দিকৈ

এখন কলেজৰ অধ্যক্ষ কেৱল এটা পদ নহয়। কলেজখন থকা অঞ্চলটোৰ বাবে এই পদবীত থকা ব্যক্তিজন এক সন্মানৰ প্ৰতীক। সেয়েহে কলেজৰ অধ্যক্ষসকলৰ দৰে সামাজিক সন্মান আৰু মৰ্যদা বহু কম লোকেহে লাভ কৰাৰ সৌভাগ্য হয়।

কলেজখনত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অধ্যক্ষগৰাকী এগৰাকী ৰোল মডেল হয়। সেই অধ্যক্ষগৰাকীও ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এজন সাৰ্বজনীন অভিভাৱক হয়।

অধ্যক্ষসকলৰ মান-মৰ্যদাৰ ওপৰত বহু কথাই নিৰ্ভৰ কৰে। বহুতে এই পদবীৰ মৰ্যদা ৰক্ষা কৰিব নাজানে আৰু আন বহুতে যুদ্ধ কৰি সেই মৰ্যদা ৰক্ষা কৰিবলৈ সংগ্ৰাম কৰিব লগা হয়।

তেওঁলোক সাধাৰণতে সমাজৰ সৈতে থাকে। ৰাজনীতি বা এক গণ্ডীৰ স্বাৰ্থৰ পৰা নিজকে আঁতৰাই ৰাখে। মহাবিদ্যালয়ত অধ্যক্ষৰূপে কৰ্মৰত এজন অধ্যাপকৰ দায়িত্ব অনেক।

কিছুদিনৰ পূৰ্বে এজন অধ্য়ক্ষক তৎকালীনভাৱে বলবৎ হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। এই অধ্যক্ষগৰাকীৰ নাম আছিল ড০ মুকুন্দ শৰ্মা। তেওঁ ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ আছিল।

ড০ শৰ্মাৰ অপৰাধ আছিল সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে হোৱা এক প্ৰতিবাদী কাৰ্যসূচীত তেওঁ অংশ লৈছিল। চাকৰিৰ বিধি অনুসৰি অধ্যক্ষগৰাকীক নিলম্বন কৰি শিক্ষামন্ত্ৰীয়ে ইয়াৰ সপক্ষে যুক্তি দি কৈছিল- এনে ৰাজনৈতিক কাৰ্যসূচীত কলেজৰ অধ্যক্ষ বা ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ আইন বিৰোধী।

চৰকাৰেও ছাত্ৰ-ছাত্ৰীসকলে যাতে কোনো ছাত্ৰ সংগঠনৰ বেনাৰত প্ৰতিবাদী কাৰ্যসূচীত অংশ ল'ব নোৱাৰে তাক বাৰণ কৰিবলৈ কঠোৰ নীতি গ্ৰহণ কৰিছে। দেখাত সেয়া শিক্ষানুষ্ঠানত শৈক্ষিক পৰিৱেশ যাতে বিনষ্ট নহয় তাৰ বাবে লোৱা এক পদক্ষেপ যেনেই লাগে।

অসমৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ এই সংস্কাৰী কথা-বতৰাবোৰৰ মূল্য বৰ বেছি দিনলৈ নাথাকিল। ১ আগষ্ট ২০২৩ ৰ পৰা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ এ বি ভি পিয়ে সদস্যভৰ্তি অভিযান ৰাজ্যখনত আৰম্ভ কৰিছিল।

সেই অভিযান অংশ হিচাপে ছাত্ৰ সংগঠনটোৱে তেওঁলোকৰ ফেচবুক পেজত কিছু আলোকচিত্ৰ আৰু খবৰ আপলোড কৰিছে। এ বি ভি পি অসম নামৰ ফেচবুক একাউন্টৰ পৰা আপলোড কৰা ফটো আৰু খবৰত উল্লেখ কৰিছে ৰাজ্যৰ কেইবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষ , অধ্যাপক, ছাত্ৰ-ছাত্ৰী তেওঁলোকৰ সংগঠনটোৰ সদস্য হৈছে।

সদস্য পদৰ টিকট গ্ৰহণ কৰি থকা অধ্যক্ষসকলৰ ভিতৰত আছে ৩ খন মহাবিদ্যালয়ৰ অধ্যক্ষ। ৰাজ্যৰ এখন আগশাৰীৰ মহাবিদ্যালয় জেবি কলেজৰ অধ্যক্ষ উৎপল জ্যোতি মহন্ত, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বিমান চেতিয়া আৰু গুৰুচৰণ কলেজৰ অধ্যক্ষ বিভাষ দেৱে এ বি ভি পিৰ সদস্যপদ গ্ৰহণ কৰিছে।

এই সকলৰ উপৰিও অসম মহিলা বিশ্ব বিদ্যালয়ৰ অধ্যাপক তথা প্ৰশাসনিক বিভাগৰ মুৰব্বী কৌশিক সন্দিকৈ ,উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ কেইবাজনো অধ্যাপক, নলবাৰী জিলাৰ বিদ্যালয়, মহাবিদ্যালয়ৰ কিছু সংখ্যক শিক্ষক, অধ্যাপক, গুৰুচৰণ কলেজৰ ৰাসায়ন বিজ্ঞান বিভাগৰ সহঃ অধ্যাপক সৈকেতেন্দু দেৱাৰায়ো আছে।

এতিয়া শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে এইবোৰ দেখিছে নে দেখিও নেদেখাৰ ভাও জুৰিছে। এ বি ভি পি আৰএছএছৰ ছাত্ৰ শাখা বুলি সকলোৱে জানে। ১৯৪৯ চনৰ ৯ জুলাইত আৰএছএছৰে এজন সক্ৰিয় নেতা বলৰাজ মধকে জন্ম দিছিল এই সংগঠনটোৰ।

সংগঠনটোৰ লক্ষ্য আৰু উদ্দেশ্য় আছিল বিশ্ববিদ্যালয় বা মহাবিদ্যালয় সমূহৰ সেই সময়ত বাঁওপন্থী চিন্তা-ধাৰাৰ যি প্ৰভাৱ আছিল তাৰপৰা মুক্ত কৰা। বিজেপি, এবিভিপি সংঘ পৰিবাৰৰে সদস্য।

সেয়েহে ইয়াত নিৰ্দিষ্ট ৰাজনৈতিক লক্ষ্য, উদ্দেশ্য থকাতো স্বাভাৱিক। সেই ধৰণৰ এক সংগঠনৰ সদস্য পদ কোনোবা মহাবিদ্যালয়ৰ অধ্যক্ষই গ্ৰহণ কৰাতো বা তেওঁক সদস্য কৰাতো জানো যুক্তিসংগত হ'ব পাৰে?

প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱাৰ বাবে যদি এজন অধ্যক্ষক চাকৰি সেৱা বিধি অনুসৰি নিলম্বন কৰিব পৰা যায়, এটা ৰাজনৈতিক দলৰে সংস্পৰ্শ থকা ছাত্ৰ সংগঠনৰ সদস্য পদ লোৱা অপৰাধত এই সকল অধ্যাপক, অধ্যক্ষক কিয় শাস্তিৰ পৰা ৰেহাই দিয়া হ'ব সেই প্ৰশ্নৰ উত্তৰ জানো দিব পাৰিব এতিয়া শিক্ষামন্ত্ৰীয়ে?

ছ'চিয়েল মিডিয়াত ফটো আপলোড কৰা লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বিমান চেতিয়াই ইয়াক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছত তেওঁ এ বি ভি পিৰ সদস্যপদ গ্ৰহণ কৰাৰ কথা অস্বীকাৰ কৰিছে।

মহাবিদ্যালয়লৈ আহি এ বি ভি পিৰ সদস্যই তেওঁৰ পৰা ১০০ টকা আদায় নিয়া কথা অৱশ্যে স্বীকাৰ কৰিছে। লগতে তেওঁ লখিমপুৰ জিলাৰ আন কোন কোন মহাবিদ্যালয়ৰ অধ্যাপক, অধ্যক্ষ এ বি ভি পি কৰ্মকৰ্তা হৈ আছে সেই তালিকাও উল্লেখ কৰিলে।

লখিমপুৰ কন্যা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰবীন কাকতিয়ে হেনো এ বি ভি পিৰ ৰাজ্যিক বিষয়ববীয়া। একেদৰে হাৰ্হি কলেজৰ অধ্যক্ষগৰাকীও হেনো লখিমপুৰ জিলাৰ এ বি ভি পিৰ বিষয়-ববীয়াৰ পদত আছে।

ড০ চেতিয়াক আমাৰ পোণপটীয়া প্ৰশ্ন আছিল। এ বি ভি পিয়ে নিজেই তেওঁৰ সদস্য পদ লৈ থকা ফটো সামাজিক মাধ্যমক আপলোড কৰি দিয়াৰ পাছত তেওঁ এই কথা অস্বীকাৰ কৰিলে মানি ল'ব পাৰিনে? তেওঁঁৰ এই স্থিতিয়ে এখন মহাবিদ্যালয়ৰ পৰিচালনাৰ ক্ষেত্ৰত তেওঁৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উত্থাপন নকৰিবনে?

উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীৰ মতে ছাত্ৰ অৱস্থাত তেওঁ এ বি ভি পি আছিল। এই কথা তেওঁ স্বীকাৰ কৰিলে তেখেতৰ এনে পৰিচয়ে ছাত্ৰ সমাজৰ মাজত নিৰপেক্ষতাক লৈ অৱশ্যেই প্ৰশ্ন উত্থাপন কৰিব।

এয়া হ'ল এ বি ভি পিৰ সদস্য ভৰ্তি অভিযানৰ পাৰ্শ্বক্ৰিয়া। এতিয়া গহীন গম্ভীৰ ভাষাৰে যুক্তি প্ৰদৰ্শন কৰি কলেজৰ অধ্যক্ষক এদিন নিলম্বন কৰা শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে এইবোৰ গুৰুত্বপূৰ্ণ অভিযোগত নিমাত কিয়? সেই সক্ৰিয়তা কিয় এতিয়া তেওঁৰ নাই? কিয় নেগুৰ পেলাই দিছে শিক্ষামন্ত্ৰী ড০ পেগুয়ে ?

কোনোবা আন মহাবিদ্যালয়ৰ অধ্যক্ষ বা অধ্যাপকে এন এছ ইউ ৱাই বা বাঁও দলৰ ছাত্ৰ সংগঠনৰ সদস্য হ'ব খুজিলে এই সকলৰ দৰে সদস্য হ'ব পাৰিব নেকি সেই কথাও শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে স্পষ্ট কৰি দিয়া ভাল। কিছুৰ কাম-কাজ দেখিও নেদেখাৰ ভাও জুৰি থকা শিক্ষামন্ত্ৰীয়ে সংবাদ মাধ্যমৰ খবৰবোৰ মিছা বুলি ভাবিলে এ বি ভি পি অসমৰ ফেচবুক পেজলৈ গৈ সেই খবৰৰ নিশ্চিত কৰিব পাৰে।

Also Read: যদি ভাল বন্ধু আছে, তেন্তে আপুনি সৌভাগ্য়বান...

ranoj pegu abvp