মৃদুল কুমাৰ সন্দিকৈ
মানুহৰ মনত বিভিন্ন প্ৰশ্ন উদয় হয়। সাধাৰণতে সকলোৰে মনত উদ্বেগ হোৱা তেনে এটা প্ৰশ্ন হ’ল- ‘কি হ’ব?’ বিভিন্ন সময়ত,বিভিন্ন জনে নিজক বা আনক ভিন্ন বিষয়কলৈ এই প্ৰশ্নটো কৰে।
ভৱিষ্যতৰ কথা কোনেও নাজানে। নাজানে কাৰ কেতিয়া,কি হয়। একেদৰে নাজানে আহি থকা দিনবোৰ কি ঘটনা-পৰিঘটনা সংঘটিত হ’ব।
সামাজিক,ৰাজনৈতিক,ব্যক্তিগত জীৱনত এই কথা খাটে। তথাপিও আপেক্ষিকভাৱে কিছুমান কথা মানুহে অনুমান কৰে। বৰ্তমানৰ প্ৰেক্ষাপটত ভৱিষ্যতৰ কিছু ইংগিত পায়।
সেইবোৰকে আধাৰ কৰি লৈ বহুতে মনৰ ভাৱ প্ৰকাশ কৰে। আগতে এই কথাবোৰ প্ৰকাশৰ বাবে সকলোৰে ওচৰত মাধ্যম নাছিল। সামাজিক মাধ্যমে সেই অভাৱ পূৰণ কৰিলে।
সামাজিক মাধ্যম এতিয়া সকলোৰে বাবে এখন মুক্ত মঞ্চ। এই মঞ্চত ভাবোতাই ভবাৰ ধৰণে কথাবোৰ কাৰো হস্তক্ষেপ নোহোৱাকৈ প্ৰকাশ কৰিব পাৰে।
এনে কথাবোৰকলৈয়ো মানুহে লিখোতাক প্ৰশ্ন কৰে। যেনে- লিখিছা বাৰু এই কথাবোৰ,কিবা লাভ হয়নে বা হ’বনে ? লাভ-লোকচানৰ হিচাপ বহু সময়ত লিখোতাই কৰিবলৈ অৱকাশ নাপায়।
আগতে বাতৰি কাকতত কিবা এটা লিখিলে বা প্ৰকাশ হ’লে তাৰ প্ৰভাৱ সমাজত পৰিছিল। বহুবোৰ বিষয়ত সেই ধৰণেই জনমত গঠন হৈছিল। ইয়াৰ সুপ্ৰভাৱ সমাজে পাইছিল। এতিয়া সেই পৰিবেশ আৰু বিশ্বাসযোগ্যতা দুয়োটাৰে অভাৱ।
সূ্ৰ্য্যোদয় হ’লে সূ্ৰ্য্যাস্তও হয়। ভাল-বেয়াৰ মূল্যায়ন কঠোৰভাৱে সময়ে কৰে। মানুহেও সেইবোৰ চাই থাকে। কিন্তু এতিয়া কোনোও কোনো কথাত ৰিস্ক ল’ব নোখোজে।
নিজৰ ক্ষতি কৰি সঁচাটো ক’বলৈ কুণ্ঠাবোধ কৰে। কোনোমতে মিলি থাকিব বিচাৰে। তাৰমানে এয়া নহয় যে, সেইসকলৰ মনত ক্ষোভ নাথাকে।
সচেতন লোকসকলে ভাবি থকাৰ দৰে তেওঁলোকেও ‘কি হ’ব’ জাতীয় ৰাজনৈতিক উত্তৰ বিচাৰি ফুৰে। সেই খবৰৰ সঠিক আৰু নিশ্চিত উত্তৰ নোপোৱা বাবেহে তেওঁলোক মৌন হৈ ৰয়।
যিদিনাই তেওঁলোকে ইয়াৰ উত্তৰ জানিব,সেইদিনাই পাভলুটি মাৰিবলৈ তেওঁলোক সাজু থাকে। ক্ষমতাশালী এনে লোকসকলৰ পৃষ্ঠপোষকতাত কি বেয়া হৈছিল সেই দীঘল তালিকা তেওঁলোকে লৈ ফুৰে।
সুযোগ আহিলে তেওঁলোকে মৌনতা ভংগ কৰে। সময়ত সৎ সাহস নকৰা এনে লোকসকলে তেওঁলোকৰ স্বৰূপ আনে ধৰিব নোৱাৰাকৈ বহিঃপ্ৰকাশ ঘটায়।
‘কি হ’ব’ এই প্ৰশ্নটো বৰ্তমানৰ প্ৰেক্ষাপটত উত্তৰহীন বুলিয়েই বহুতে ভাবে। তথাপিও স্বস্তিৰ নিশ্বাস এৰিবলৈ এই প্ৰশ্ন বহুতে কৰি ফুৰে।
খেল এখনত সমৰ্থন কৰা দলটোৱে বেয়া খেলিলে সমৰ্থকসকলে ভালৰ প্ৰত্যাশাত আনক প্ৰায়েই এটা প্ৰশ্ন কৰে। কি হ’ব জানিও সোধে-‘কি হ’ব ?
কোনোবাই যদি উত্তৰত কৈ দিয়ে, তেওঁ সমৰ্থন কৰা দলটোৱে জিকিব বুলি,তাতেই বিচাৰি পাই প্ৰাপ্তি। ক্ষন্তেকৰ বাবে এয়াই শান্তি।
সন্তানৰ ভৱিষ্যতকলৈ উদ্বিগ্ন পিতৃ-মাতৃৰ মনত অনবৰতে লাগি থকা প্ৰশ্নটোৱেই হ’ল- ‘ইহঁতৰ কি হ’ব,কি কৰি খাব ?’ সেই প্ৰশ্নৰ উত্তৰ থাউকতে নাথাকে। উত্তৰহীন এই প্ৰশ্ন কিন্তু প্ৰতিজন অভিভাৱকে মনত লৈ ফুৰে।
ফেচবুক,টুইটাৰ,ইউটিউবত বহু কথাই মানুহে কয়। কিছুমান ৰাজনৈতিক,কিছুমান অৰাজনৈতিক। সেই কথাবোৰৰ মাজতো ‘কি হ’ব’ জাতীয় এই প্ৰশ্নই ক্ৰিয়া কৰি ফুৰে।
কিবা এটা বিষয়কলৈ কোনোবাই কিবা এটা লিখিলে,দহজনে পঢ়িলে তাৰপাছত আকৌ নতুন বিষয়কলৈ মানুহ ব্যস্ত হৈ পৰিলে। এয়াই এতিয়া গতানুগতিক বাস্তব। কোনো বিষয়ৰে স্থায়িত্ব নাথাকে।
তাৰ মাজতে কিছু বিষয় ভাইৰেল হয়।দুদিনৰ পাছত তাতেই অন্ত পৰে। আগৰ দৰে দীৰ্ঘ সময়ৰ বাবে মানুহক আত্মসংশোধিত বা ৰাজনৈতিক নেতা,সতৰ্ক,সাৱধান কৰিব পৰা শক্তি লাহে লাহে হ্ৰাস পাই আহিছে।
ব্যস্ত সময়ৰ মাজত সংবেদনশীল এনে বিষয়বোৰ হেৰাই যায়। উপলব্ধি কৰেনে এইবোৰ কথা। মানুহৰ এতিয়া স্মৃতিশক্তিতকৈ পাহৰি যোৱা ক্ষমতা বেছি হৈছে !
যিফালে বতাহ বয়,সেইফালেই উজাই যোৱাতো বহু মানুহৰ স্বভাৱ হৈ পৰিছে। ট্ৰেণ্ডৰ পাছত দৌৰাৰ সময় এয়া। নৈতিকতা,সততা আদি বিসৰ্জন দি ব্যক্তিগত লাভালাভৰ কথা ভবাৰ যুগৰ মানুহ আমি।
এনে প্ৰেক্ষাপটত ‘কি হ’ব’ প্ৰশ্নবোৰ মূল্যহীন। তাতকৈ এই প্ৰশ্নৰ ঊৰ্দ্ধলৈ গৈ ভবা ভাল- ‘যি হ’ব লগা থাকে,হৈ থাকিব।’ সোঁতৰ বিপৰীতে সাঁতুৰিবলৈ চেষ্টা কৰাতে প্ৰত্যাহ্বান থকিলেও বহুতৰ বাবে সন্তুষ্টি থাকে। তেনে নকৰিলে সময়ৰ গতানুগতিক পৰিঘটনাত কোনো বিচিত্ৰতাই বিচাৰি পোৱা নাযায়।
‘কি হ’ব’ এই প্ৰশ্নৰ উত্তৰ বহুতে বিচাৰিব পাৰে। তেওঁলোকক বুজাই দিব লাগে- ‘দেখি-শুনি সকলোৱে ধৃতৰাষ্ট্ৰ হৈ বহি থাকিব নোৱাৰে।’ কি হ’ব ভাবি যি হৈছে তাকেই সহ্য কৰি থকা মানুহৰ অভাব নাই। অৱশ্যে সেই ভাও ভালকৈ ধৰিব জনা সকলৰে দিন এতিয়া।
তেওঁলেকৰ সুবিধাবাদ আৰু প্ৰতিষ্ঠাৰ কথা সুকীয়া। সেই কিটিপ তেওঁলোকে জানে। মাত মাতিব লগা সময়ত তেওঁলোক নীৰৱে থাকে। মাত নামাতিব লগা বিষয়তো মাত মাতি তেওঁলোক সক্ৰিয় হৈ পৰে। এই কামটোৱেই অভিজ্ঞজনৰ বাদে আনে ভালকৈ কৰিব নোৱাৰে।
সাম্প্ৰতিক সময়ত মানুহৰ বাবে এয়াই এক বিশেষ যোগ্যতা। এয়াই বেছিভাগ মানুহৰ জীৱনশৈলী হৈ পৰিছে। মানুহে ভালক ভাল বুলি আৰু বেয়াক বেয়া বুলি ক’ব পৰা সাহসকণো যেন হেৰুৱাই পেলাইছে।
Also Read: জনতাক লাগে বিকল্পঃ কংগ্ৰেছী নেতায়ো চোন কৰিব নোৱাৰে চৰকাৰক প্ৰশ্ন...