‘অ’ শৰতৰ শেৱালি/ কিয় গ’লি তই মৰহি’ বুলি শৰতৰ বতৰত শেৱালীৰ ফুল অকালতে মৰহি যোৱাক লৈ আক্ষেপ কৰা মানুহজন এটা দুঃখবৰ হৈ গুছি গ’ল। আহিনমহীয়া নিয়ৰে অশ্ৰু নিগৰাৰ দৰেই তেওঁৰ বিয়োগত গুণমুগ্ধসকলে বেদনাৰে ভৰা অশ্ৰুসিক্ত মন এটা লৈ তেওঁক সোঁৱৰিছে।
যৌৱনৰ সেই ভৰ দুপৰীয়া তেওঁৰ কণ্ঠৰেই নিগৰিছিল অনেক জনপ্ৰিয় গীত। তুমি ৰোৱা সৌ শেৱালী জুপিৰ পৰা আৰম্ভ কৰি অলেখ গীত তেওঁৰ কণ্ঠত প্ৰাণ পাই উঠিছিল।
জয়ন্ত হাজৰিকাৰ মৃত্যুত ব্যৰ্থিত হৈ তেওঁ গাইছিল- অ’ শৰতৰ শেৱালি, কিয় গ’লি তই মৰহি…’- শীৰ্ষক গীতটি। ১৯৪৯চনৰ ৩০ছেপ্তেম্বৰত তেওঁৰ জন্ম হৈছিল। আৰু সেই জন্মদিনৰ প্ৰস্তুতি চলি থকাৰ মাজতে ১৭ছেপ্তেম্বৰ ২০২৪ত আহিছিল এই খবৰ- বিশিষ্ট গায়ক, গীতিকাৰ আৰু সংগীত পৰিচালক দিগেন মহন্ত আৰু নাই।
তেজপুৰৰ বাৰসজীয়াত জন্মগ্ৰহণ কৰা দিগেন মহন্ত আছিল স্বৰ্গীয় হৰেন্দ্ৰ নাথ মহন্ত আৰু স্বৰ্গীয়া লক্ষ্মীপ্ৰিয়া মহন্তৰ কনিষ্ঠ সন্তান। সৰুৰে পৰাই ঘৰতে এক সংগীতৰ পৰিৱেশৰ মাজত ডাঙৰ হোৱা দিগেন মহন্তই বিদ্যালয়ত পঢ়ি থাকোতেই শ্ৰেষ্ঠ গায়কৰ সন্মান অৰ্জন কৰিছিল।
১৯৭৪চনত তেওঁ নগাঁও কলেজৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লৈছিল। নগাঁও কলেজৰ ১৯৭৩বৰ্ষৰ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী আছিল তেওঁ। সংগীতৰ সমান্তৰালভাৱে বেডমিন্টন খেলি ভাল পোৱা মহন্তই এইচ এম ভিৰ বেনাৰত ১৯৭৭চনত প্ৰথমটো গীত বাণীবদ্ধ কৰিছিল।
তেওঁ সেইবাৰ কলকাতাত বাণীৱদ্ধ কৰা গীত দুটা আছিল ক্ৰমে- অ’ শৰতৰ শেৱালি আৰু বতাহ লাগি ইচাট-বিচাট। দুয়োটা গীতেই সেই সময়ত বেচ জনপ্ৰিয় হৈছিল আৰু আজিও এই গীতকেইটা শুনিলে বহুলোক নষ্টালজিক হৈ পৰে।
তেওঁ আছিল গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰৰ দ্বাৰা স্বীকৃত প্ৰথম শ্ৰেণীৰ শিল্পী। ১৯৭৮চনত তেওঁ এই স্বীকৃতি লাভ কৰিছিল। তেওঁৰ জ্যেষ্ঠ ভাতৃ আছিল অসমৰ সংগীত জগতৰ অন্যতম পুৰোধা ব্যক্তি।
খগেন মহন্তৰ কনিষ্ঠ ভাতৃ আছিল দিগেন মহন্ত। কেশৱ মহন্তই ৰচনা কৰা বতাহ লাগি ইচাট-বিচাট গীতটো আছিল তেওঁৰ অন্যতম এটা জনপ্ৰিয় গীত। এই গীতটোৰ সুৰকাৰ আছিল যামিনীধৰ বৰুৱা।
তেওঁ এজন বন্ধু বিচাৰিছিল। যিজন বন্ধুৰ হৃদয় মানৱতাৰে ভৰি থকা, যিজন বন্ধুৱে আইৰ বাবে সচাঁ অৰ্থত কান্দিব পাৰে। তেনে এজন মানৱদৰী বন্ধু আৰু মনত আদৰৰ ছবি কঢ়িয়াই লৈ ফুৰা বন্ধুজনৰ সন্ধানতেই তেওঁ প্ৰবীন লহকৰে লিখা আৰু বিপুল বৰুৱাই সুৰ কৰা- ‘মোক এজন বন্ধু লাগে…’- শীৰ্ষক গীতটো গাইছিল।
তেওঁ শোক কৰাতো বিচৰা নাছিল। বিচৰা নাছিল কোনোবাই দুখ কৰা। মুখত এমোকোৰা হাঁহি লৈ তেওঁ সৰগৰ তৰা আনি দিব পাৰিম বুলি নিজৰ ওপৰতে বিশ্বাস আছিল। ৰঙে-ৰসে ভৰা এই পৃথিৱীত কোনোৱেই শোক বা দুখ কৰাতো তেওঁ নিবিচাৰিছিল।
১৯৭৯চনত মুক্তি পাইছিল এখন অসমীয়া ছবি- মেঘমুক্তি। সেই ছবিতে তেওঁ কেশৱ মহন্তই লিখা আৰু খগেন মহন্তই সুৰ তথা সংগীত কৰা ‘কেলৈই শোক কৰা’ শীৰ্ষক গীতটিত কণ্ঠদান কৰিছিল।
প্ৰকৃতিৰ সৈতে তেওঁৰ আছিল একাত্মবোধ। মানুহৰ সৈতে তেওঁ গঢ়ি তুলিছিল গভীৰ আত্মীয়তা। মৰমৰ নৈখন বেগৱতী হৈ বৈ যোৱা আৰু ঢৌৱে ঢৌৱে ঢৌ খেলি সেই নৈ কেনিবা উটি যোৱা কথাবোৰ তেওঁ কণ্ঠত জী উঠিছিল।
দুখনি পানচৈ মনৰ মোহনা হৈ দূৰ দূৰণিলৈকে গুচি গৈছিল। এই গীতৰ কথা লিখিছিল ডিচেম্বৰ দাসে। সুৰ দিছিল বিপুল বৰুৱাই। আৰু তেওঁ গাইছিল- মৰমৰ নৈ খনি....’
প্ৰথম প্ৰেমৰ, প্ৰথম ফুলৰ সেই সুৱাস তেওঁ কাৰোবাৰ গাত পাইছিল। সেই সান্নিধ্যৰ বাতৰি ফাগুনে আনি দিছিল। তেওঁৰ কণ্ঠত লক্ষহীৰা দাসে লিখা এই গীত জীৱন্ত হৈ উঠিছিল।
দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈও তেওঁ ভাগি পৰা নাছিল। অতীতৰ পাৰই নীৰৱে সংগীত সাধনা কৰি সংগীতকে তেওঁ জীৱনৰ অংগ কৰি লৈছিল। আনকি মৃ্ত্যুৰ কেইদিনমানৰ পূৰ্বে পত্নী প্ৰগতি মহন্তক তেওঁৰে এটা গীত আওৰাবলৈ কৈছিল। এনেকৈয়ে তেওঁ সংগীতৰ সত্বা মৃত্যু পৰ্যন্ত কঢ়িয়াই লৈ ফুৰিছিল।
সেই নীৰৱ সাধকগৰাকীয়ে আজি অতীত হ’ল। বহুবোৰ কালজয়ী গীত সময়ৰ হাতত এৰি থৈ গ’ল। ষষ্ঠ শ্ৰেণীত থাকোতেই তেওঁৰ বাবেই কেশৱ মহন্তই লিখিছিল এটা গীত- এডাল দুবৰি বন, তাৰো যেন আছে এটি মন। সেই গীতটো পৰৱৰ্তী সময়ত আকাশবাণীতো গাইছিল।
তেওঁৰ উপৰিও পুলক মহন্তইও এই গীতটো গাইছিল। তেওঁ প্ৰায়বোৰ বাদ্যযন্ত্ৰ বজাব জানিছিল। তুমি ৰোৱা সৌ শেৱালি জুপি আজি প্ৰথম ফুলিছে। আহিনৰ নিয়ৰত তল সৰা সেই শেৱালিবোৰ তিতিছে। সেই সুৱাস ল’বলৈ আজি কিন্তু নাই তেওঁ।
খগেন মহন্ত, অৰ্চনা মহন্তৰ দৰেই দিগেন মহন্ত আৰু পত্নী প্ৰগতি মহন্ত অসমৰ সংগীত জগতৰ এক প্ৰতিষ্ঠিত যুটি আছিল। আশী-নব্বৈ দশকত তেওঁলোকে ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে বাংগালুৰু, মুম্বাই আদিতো সংগীতানুষ্ঠান পৰিৱেশন কৰিছিল।
তেওঁৰ উল্লেখযোগ্য সংগীতৰ এলবামসমূহৰ ভিতৰত মনময়ূৰী, কেচাঁসোণ ঐ আছিল অন্যতম। তেওঁক এই সংগীতৰ সাধনা আৰু চৰ্চাৰ বাবে কলংপৰীয়া সংগীত কণ্ঠৰ সন্মানেৰে সন্মানিত কৰা হৈছিল। ২০১৬ চনত তেওঁ লাভ কৰিছিল অসম চৰকাৰৰ শিল্পী পেন্সন।
বহু সামাজিক অনুষ্ঠানৰ সৈতে তেওঁ জড়িত হৈ আছিল। অসমৰ লোকসংগীতৰ অন্যতম সাধক আছিল তেওঁ। তেওঁৰ দৰে গুণীজনৰ মৃত্যু অসমৰ সংগীত আৰু সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি...