মৃদুল কুমাৰ সন্দিকৈ
চৌদিশে মা দুৰ্গাৰ বন্দনা। ধৰাৰ বুকুলৈ দুৰ্গা দেৱী যেনেকৈ আহিল তেনেকৈ গুচি যাব। বছৰত এবাৰ এইদৰে ধৰালৈ দুৰ্গা দেৱী নামি আহে বুলি যুগ যুগ ধৰি মানুহে বিশ্বাস কৰি আহিছে। সেই বিশ্বাসৰ মাজতেই ৰীতি- নীতি, আধ্যাত্মিক পৰিৱেশ, পৰম্পৰা গঢ় লৈ উঠিছে।
যদি মা দুৰ্গা দেৱী নহৈ মানৱী হ’লহেঁতেন, স্থায়ীভাৱে এই পৃথিৱীৰ বাসিন্দা হোৱা হ’লে কি দেখিলেহেঁতেন তেঁও এতিয়া ? আধ্যত্মিক বিশ্বাসৰ মাজতে অসমৰ প্ৰেক্ষাপটত দুৰ্গা দেৱীক সেই জনবিশ্বাসৰ চৰিত্ৰৰ পৰা বাস্তৱিক চৰিত্ৰলৈ সলনি কৰিলে হয়তো তেওঁ দেখিলেহেঁতেন- এতিয়া খোজে খোজে কিমান সমস্যালৈ মানুহবোৰ জীয়াই আছে।
দেখিলেহেঁতেন তেঁও চকুৰ সন্মুখত ঘূৰি ফুৰা অজস্ৰজন মহিষাসুৰক। উমান পালেহেঁতেন কিদৰে বজাৰত জ্বলা মূল্যবৃদ্ধিৰ জুয়ে পুৰিছে সাধাৰণ মানুহবোৰক। এতিয়া কেৱল সমস্যা আছে চৌদিশে, নাই সেই সমস্যাবোৰ সমাধান কৰিব পৰা মানুহ আৰু তেঁওলোকৰ শুভ ইচ্ছা।
লাগে লাগে কৰি চিঞৰি ফুৰা বৈচিত্ৰ্যময় মানুহৰ বৈচিত্ৰ্যহীন জীৱনে তেঁওক নিশ্চিতভাৱে হতাশ কৰিলেহেঁতেন ! দেখিলেহেতেঁন তেঁওৰ নামত হোৱা বাণিজ্যকৰণৰ নমুনা। আধ্যাত্মিকতা এতিয়া নামতহে ৰৈছে। প্ৰায়বোৰ মানুহৰ বাবে তেঁওৰ আগমণত অনুষ্ঠিত এই পূজাবোৰ বিলাসীকতাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
কেইদিনমানৰ বাবে পৃথিৱীলৈ আহি ইয়াৰ জাক-জমকতা পৰিৱেশৰ মাজত হেৰাই যোৱা মানুহবোৰ কিমান দুখী তাৰ উমান পালেহেঁতেন তেঁও। প্ৰকৃতিৰ ওপৰত চলা মানুহৰ নিৰ্যাতনৰ কথা বতৰ আৰু জলবায়ুৱে তেঁওক বুজাই দিলেহেঁতেন।
উন্নয়নৰ মায়াত অন্ধ হোৱা আজিৰ আধুনিক মানুহৰ অস্তিত্ব কেনেদৰে নিঃশেষ হোৱাৰ পথত সেয়াও বুজি পাবলৈ তেঁওৰ কঠিন নহ’লহেঁতেন। শুদ্ধতাৰ নামত নকল আৰু ভেজালৰ পয়োভৰ দেখি তেঁওৰ চকু কপালত উঠিলহেঁতেন।
পৃথিৱীৰ স্থায়ী বাসিন্দা হোৱা হ’লে সমস্যাৰ বোজা দেখি মা দুৰ্গাৰো অৱস্থা কাহিল হ’লহেঁতেন। ইটোতকৈ সিটো গুৰুত্বপূৰ্ণ সমস্যাত জুৰুলা হোৱা আধুনিক মনৰ মানুহবোৰৰ সংকুচিত মনবোৰৰ দ্বাৰাই সংঘটিত কামবোৰ দেখি তেঁও ক’বলৈ বাধ্য হ’লহেতেঁন- পৃথিৱীতচোন প্ৰতিজন মানুহে মহিষাসুৰ হৈ গ’ল।
তেঁও বধ কৰা মহিষাসুৰ সঁচাই অসুৰ আছিল। অসুৰত্ব তেঁও প্ৰদৰ্শন কৰিছিল। কিন্তু এতিয়া এই মহিষাসুৰবোৰক ধৰিবই নোৱাৰি। এগৰাকী দুৰ্গাৰ বাবে ইমানবোৰ মহিষাসুৰক দমন কৰা সম্ভৱেই যে নহয়, তেঁও উপলব্ধি কৰিলেহেঁতেন।
প্ৰতিগৰাকী নাৰীৰ মাজত দুৰ্গাৰ শক্তি আৰু অন্যায়, অবিচাৰৰ বিৰুদ্ধে যুঁজা সাহস জাগ্ৰত নকৰিলে এই পৃথিৱী ৰক্ষা কৰা যে অসম্ভৱ সেয়া অনুভৱ কৰা এতিয়া দৰকাৰ। মানৱতা বিধ্বস্ত হোৱাৰ এই আধুনিক যুগৰ সময়ে সৃষ্টি কৰা চয়তানৰ দখলত এতিয়া সমাজ।
কৰ্মৰ সংস্থাপনহীন নিবনুৱা যুৱকৰ নামত ঘোষণা কৰা বিয়াগোম আঁচনি আৰু নিযুক্তি প্ৰক্ৰিয়াবোৰৰ নামত প্ৰচাৰৰ জয়ঢোল বাজে। সেই ঢোলৰ শব্দত কাণতাল মাৰে। দেখিলেহেঁতেন এইবোৰ কৰিবলৈ আমাৰ ৰজাঘৰে কি নকৰে। পণবন্দী এতিয়া সাধাৰণ জনতা।
পুঁজিপতি শ্ৰেণীবোৰৰ উত্থান সকলোতে প্ৰতিফলিত হৈছে। ভূমিহীন লোকে একঠা মাটিৰ বাবে হাহাকাৰ কৰা সময়ত বিচাৰিলে পুঁজিপতিবোৰক হাজাৰ হাজাৰ বিঘা মাটি চৰকাৰে গতাই দিয়ে। তাতেই উদ্যোগ, প্ৰকল্প স্থাপন কৰি দুখীয়া – দৰিদ্ৰকে তেঁওলোকে আকৌ লুটে।
পালেহেঁতেন এই বতৰতে তেঁও পুঁজিপতি হৈও তেজপিয়া হ’ব নোৱাৰা দুই, এক মানৱদৰদী লোক এই পৃথিৱীলৈ আহি তেঁওৰ আগমণৰ সময়তে ইহ সংসাৰৰ পৰা বিদায় লোৱাৰ খবৰ। তেনে লোকৰ বাবে ধৰণী ধুনীয়া আৰু সাধাৰণ মানুহবোৰ কেনেদৰে চিৰঋণী হৈ আছিল সেয়া দেখিলেহেঁতেন স্বচক্ষে।
দেখিলেহেঁতেন মা দুৰ্গাই জনতা হিতাধিকাৰী হোৱা এই ৰূপান্তৰৰ সময়। ৰাজনৈতিক লাভৰ বাবে পংগু কৰা জনসাধাৰণৰ সাম্ভাৱ্য ভৱিষ্যতৰ উমান তেঁও পালেহেঁতেন। কোনে জানে তেঁওৰ নামো কোনোবা চতুৰ ৰাজনৈতিক নেতাই তুলি দিলেহেঁতেন হিতাধিকাৰীৰ তালিকাত।
এইবোৰে এতিয়া জনকল্যাণ কাৰ্যসূচী। সেইবোৰ আঁচনি ৰূপায়ণ কৰাৰ নামত ৰাজকোষৰ পৰা ব্যয় হোৱা হাজাৰ হাজাৰ কোটি টকাৰ বাবে হয়তো তেঁৱো ভৰিব লাগিলহেঁতেন চৰকাৰে ধাৰ্য কৰা কৰ-কাটল।
মহিষাসুৰেৰে ভৰি থকা পৃথিৱীত প্ৰতিটো ক্ষণত সংঘটিত হোৱা অপৰাধবোৰৰ সংখ্যা গণি তেঁও ভাগৰি গ’লহেতেন ! নাৰীৰ ওপৰত চলা অত্যাচাৰ, নিৰ্যাতন আৰু বলৎকাৰৰ স্বৰূপ দেখি তেঁও নিজেই ক’ব লগা হ’লহেঁতেন- পৃথিৱীত এইবোৰ কি ঘটি আছে।
ফুলিছে শেৱালি, বতাহত বলিছে নদীৰ পৰাৰ কহুৱা। নীলা আকাশত উৰিছে ডাৱৰৰ শুভ্ৰ চাদৰ। পূজাৰ মণ্ডপে মণ্ডপে বাজিছে ঢাক-ঢোল। পূজাৰীৰ মন্ত্ৰোচ্চাৰণত ধ্বনিত হৈছে তেঁওৰেই বন্দনা। মণ্ডপে মণ্ডপে তেঁওৰ আশীৰ্বাদ বিচাৰি ভিৰ কৰিছে অগণন ভক্তপ্ৰাণ ৰাইজ।
এইবোৰ দেখি যিকোনো লোকেই ভাবিব- সকলো ঠিকেই আছে। কিন্তু আছেনে ঠিকে সকলো ? আছো নে আমি কুশলে ? মানুহেই য’ত অসুৰ হৈ পৰিছে, তাত দুৰ্গাৰ দশোহাত হৈ পৰে কোঙা !
অহাৰ দৰেই মা দুৰ্গা গুচি যাব এই পৃথিৱী এৰি। আকৌ সেই মহিষাসুৰবোৰৰে তাণ্ডৱ চলিব ইয়াত। তথাপিও আমি আশাবাদী- এই দুৰ্গাৰ পৰাই জন্ম হওঁক সহস্ৰগৰাকী দুৰ্গাৰ, প্ৰতিগৰাকী নাৰীয়েই হওক সেই শক্তিৰ অৱতাৰ।
Also Read: ৰতন টাটা