মৃদুল কুমাৰ সন্দিকৈ
ধন আৰু ক্ষমতাই মানুহক অহংকাৰী কৰে। অহংকাৰে মূৰত ধৰিলে মানুহে আবোল-তাবোল বকে। সেইয়া কিন্তু তেৰাসৱে ইচ্ছা কৰিয়েই কৰে। ইয়াৰ জৰিয়তে বিদ্বেষৰ দোকানখন ভালকৈ চলে।
সমন্বয়ত তেওঁলোকৰ লাভ নহয়। সংঘাত আৰু বিদ্বেষেৰে ধৰ্মীয় মেৰু বিভাজনৰ খেলখন খেলি ৰাজনীতিত নিজৰ অস্তিত্ব স্থায়ী কৰে। নহ'লেনো তেওঁলোকৰ মূল্য ক'ত?
ক্ষোভ আৰু ঘৃণাৰে এইসকল ৰাজনৈতিক বেপাৰীয়ে নিজৰ ব্যৱসায় চলাই গৈছে। নিৰ্বাচন সন্মুখত থাকিলে তেওঁলোকৰ মুখবোৰ বেছিকৈ চলে। বিদ্বেষৰ ভাষাবোৰ আৰু চোকা হৈ পৰে।
কেতিয়াবা তেওঁলোকে ভাল কথা কোৱা শুনিছেনে ? মিঞা বনাম অসমীয়া যুঁজখনৰ আঁৰৰ এক শক্তি হৈ কিমান বছৰৰ পাছত কোনে কাৰ ভৰিৰ পানী খাব লাগিব সেই হিচাপ তেওঁলোকে কৰিব পাৰে। কাক কিনিব পাৰিব তাৰ হিচাপ দিয়ে। কিন্তু এইসকলে ৰাজনীতিৰ পথাৰত বিৰোধ কৰা সকলৰ ওচৰতে নিলামত বিক্ৰী হয়। ৰাজ্যসভা নিৰ্বাচনত তেওঁলোকৰ আচৰণে সেই প্ৰমাণ দি থৈছে।
কি প্ৰয়োজন এনে লোকক গুৰুত্ব দিয়াৰ ? তেওঁলোকে কাৰ সমস্যা সমাধান কৰিব পাৰিছে ? সংখ্যালঘুসকলৰ ত্ৰাণকৰ্তা ৰূপত অধিষ্ঠিত কৰাৰ নতুন কৌশলেৰে নিজক প্ৰাসংগিক কৰি ৰাখে।
কোনে কি ক'লে তাক লৈ আমি ব্যস্ত। তেওঁ কি কৰিলে তাৰ হিচাপ কোনেও নিবিচাৰে। জৰা-ফুকা পানীৰে ধৰ্মীয় গুৰুৰ ৰূপত মৌলবাদক সাৰ-পানী দিয়া এইসকলেই আজিৰ শনি।
বাকী সকলৰ বাবেও তেওঁলোকৰ উগ্ৰ ধৰ্মীয় গোড়ামী সহায়ক হয়। বিনা কষ্টত সাম্প্ৰদায়িক মেৰু বিভাজনৰ কাম হৈ যায়। এনে লাগে কেতিয়াবা এইসকল সেইসকলৰে এজেণ্ট। মোৰো হ'ব, তোৰো হ'ব নীতিৰে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ পাছতো তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নহয়।
'তেওঁলোক কোন' ?- সেই প্ৰশ্ন এতিয়া কোনোৱে নকৰে। মুখ্যমন্ত্ৰী কিনিব বুলি দম্ভালি মৰাজনে দিনত গালি দিলেও ভিতৰি নিজৰ কেমেষ্ট্ৰি চৰকাৰী পক্ষৰে মিলাই থয়। নহ'লেনো ইমান আন্দোলন কৰা সাহস আছেনে ?
ৰাজনীতি তেওঁলোকে ব্যৱসায় সাম্ৰাজ্যত বাধা নহ'বৰ বাবে কৰে। বিদেশী ৰাষ্ট্ৰৰ পুঁজি অনীতিগতভাৱে অনা আৰু ব্যৱহাৰ কৰা এন জি অ'বোৰৰ সংখ্যাহে চৰকাৰে দিলে। যিবোৰ এন জি অ' এইসকল দম্ভালিৱান লোকৰ কিন্তু আইনগত ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। CBI,ED তেওঁলোকৰ পাছত মেলি দিয়া সুযোগ পাইও এনে নকৰাৰ আঁৰত নিশ্চয় কাহিনী আছে।
সেই কাহিনী ৰাইজে নাজানে,কিবা এটা কিন্তু অনুমান কৰে। যি অনুমান সঁচা যেনো লাগে। নহ'লে কিয় এই প্ৰীতি এনে লোকৰ মন্তব্যৰ ওপৰত ভিত্তি কৰি হিন্দুত্ব ধ্বজ্জাখন উৰুৱাবলৈও সহজ হয়।
ৰাইজে বুজি পালে ভাল। বুজি নোপোৱালৈকে তেওঁলোকৰ দোকান চলি থাকিব। ভাঁও ধৰি নিজৰ মুনাফা লুটি খাব। ৰাজনীতিত ফেক্টৰ হৈয়ে থাকিব।
দৰিদ্ৰ আৰু দিশহাৰা মানুহবোৰে আশা পালি থাকে। শুভ দিনৰ সন্ধানত এনে মানুহৰ ওপৰতে বিশ্বাস ৰাখে। এইসকল চৰ্দাৰে তাৰ লাভ তুলি আছে। এইসকল লোকক ভগৱানে/আল্লাই মাফ কৰি দিয়ক। তেওঁলোকৰ বাবে মাত্ৰ ক'ব পাৰি "তৌবা আস্তাগফিৰুল্লাহ।" যাৰ অৰ্থ-ক্ষমা কৰি দিয়া। এইসকল একোজন ৰাজনৈতিক ফক্কৰ।
Also Read: সংঘত বদৰক আদৰ...