এবাৰ খবৰ ল'বা বুলি, বৃদ্ধাশ্ৰমত ৰৈ আছে দেউতা...

এবাৰ খবৰ ল'বা বুলি, বৃদ্ধাশ্ৰমত ৰৈ আছে দেউতা...
Published on
Updated on

মৃদুল কুমাৰ সন্দিকৈ

দেউতাক মই আছিলো সিহঁতৰ। এতিয়া আৰু সিহঁতৰ বাবে মই দেউতাক হৈ থকা নাই- ভাবুক মনেৰে মানুহজনে কথাখিনি কৈ হাতত বাঁহীটো তুলি লৈছিল। কি অপূৰ্ব আছিল সেই বাঁহীৰ সুৰ।

প্ৰথমে এটা বিহুসুৰীয়া গীত তেওঁ বাঁহীত বজাইছিল। তাৰ পিছত এটা লোকগীত। বিয়া নামৰ সুৰটো বাঁহীত বুলোৱা আঙুলিবোৰৰ ফাঁকেৰে ভাহি আহোতে তেওঁ নিজেই বৰ আৱেগিক হৈ পৰিছিল।

কেইবাবছৰো হ'ল সংগীবিহীন যাযাবৰ হোৱা তেওঁ। এদিন এখন সুখৰ ঘৰ আছিল। আছিল এটা পুত্ৰ আৰু এজনী কন্যা। সময়ৰ সোঁতত এতিয়া সকলো তেওঁৰ পৰা আঁতৰত।

এই কাহিনী তেওঁৰ জীৱনৰ। এজন দেউতাকে বিষণ্ণ মনে কৈ যোৱা হেপাঁহৰ কাহিনী। ক'লৈ লৈ যায় কাক সময়ে, কোনেও ক'ব নোৱাৰে। সেই অনিশ্চয়তাৰ মাজতে কেৱল আশাৰ ক্ষীণ পোহৰে তেওঁক আশাবাদী কৰি ৰাখিছে।

পাঠশালাৰ বনগাঁৱত তেওঁৰ জন্ম। গুচি আহিছিল চাকৰিৰ সন্ধানত গুৱাহাটীলৈ। ৬৫ৰ পাৰ হৈছে তেওঁৰ বয়স। গুৱাহাটীলৈ আহি তেওঁ এটা চাকৰি কৰিছিল। গোৱেংকা অ'টো মোবাইলত সোমাইছিল তেওঁ। এয়া ৮০/৮১চন মানৰ কথা।

১০বছৰ মান তেওঁ চাকৰি কৰিছিল এই প্ৰতিষ্ঠানটোত। তেওঁ আছিল টেলিফোন অপাৰেটৰ। চাকৰি কৰিলেও তেওঁৰ আছিল আন কিছু প্ৰতিভা। ভাল গান গাই তেওঁ। বজাব পাৰে বহুকেইটা বাদ্য। তাৰ ভিতৰত বাঁহী প্ৰধান।

দিল্লীৰ প্ৰগতি মৈদানত অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈছিল ৰামকৃষ্ণ তালুকদাৰৰ সৈতে। এই সত্ৰীয়া নৃত্যৰ অনুষ্ঠানত তেওঁ বজাইছিল বাঁহী। লৈ যোৱা ছুটিতকৈ বেছিদিন থাকিবলগা হৈছিল দিল্লীত। উভতি আহি হেৰুৱাইছিল চাকৰিটো।

দেহত বল আছিল। মনত আছিল হেঁপাহ। আৰম্ভ কৰিলে জাপৰিজোগৰ কৃষ্ণনগৰত এখন জোতাৰ দোকান। ইতিমধ্যে সেই স্থানতেই তেওঁ ঘৰ-মাটি কৰিছিল। ভাড়া ৰূম এটা লৈ চাকৰি হেৰুৱাই খোলা দোকানখনৰ নাম দিছিল- বিতু শ্ব' চেন্টাৰ।

বিতু তেওঁৰ পুত্ৰৰ নাম। একমাত্ৰ ছোৱালীজনীৰ নাম সাগৰিকা। দোকানখন কিছুদিন ভালেই চলিছিল। কিন্তু বাকী বেছি হ'ল। বাকী মানেইতো ফাঁকি। দোকানত লালবাটি জ্বলিল।

কৃষ্ণনগৰত থকা ঘৰ মাটি বিক্ৰী কৰি দিলে তেওঁ। সেই ধনেৰে নলবাৰীত এডোখৰ মাটি কিনিলে। ৰাহি হোৱা টকা কেইটাৰে এখন অ'টো ল'লে। চিৰিয়াখানাৰ অ'টো ষ্টেচনত যাত্ৰীৰ অপেক্ষাত ৰৈ থাকে। অ'টো চলোৱাৰ মাজে মাজে শিল্পী টিকেন্দ্ৰজিত ভৰাঁলীৰ সৈতে পৰিৱেশন কৰে বাঁহী।

প্ৰভাত শৰ্মাৰ সংগ পালে। টিভি-ৰেডিঅ'ত বহু প্ৰগেম কৰিলে। বিহু বতৰত বিহুতলীয়ে বিহুতলীয়ে ঘূৰিলে। নিজেও বহুকেইটা বিহুসুৰীয়া আৰু বিপ্লৱী গীত লিখি গালে। নলবাৰীৰ মাটিখিনি তেওঁ পত্নীৰ নামত লৈছিল। পত্নী আছিল শিক্ষয়ত্ৰী।

ঘৰুৱা কন্দলে তেওঁক বিধ্বস্ত কৰিলে। তেওঁৰ দেহত ৰোগৰ উপসৰ্গই দেখা দিলে। ভৰিৰ বিষ, স্নায়ুজনিত ৰোগত তেওঁ আক্ৰান্ত হ'ল। বেমাৰী মানুহটো ঘৰৰ মানুহবোৰৰ বাবে এলাগী হৈ পৰিল। হৈ পৰিল বোজা।

চলাব নোৱাৰা অ'টোখন তেওঁ বিক্ৰী কৰি দিলে। সেই ধনেৰে চিকিৎসা কৰালে। পৰিয়ালৰ পৰা অনাদিত হৈ তেওঁ এক সিদ্ধান্ত ল'লে- গুচি যাব বৃদ্ধাশ্ৰমলৈ। এদিন বৃদ্ধাশ্ৰমৰ বাসিন্দা হ'ল তেওঁ।

পত্নীয়ে বিবাহ বিচ্ছেদ দিলে তেওঁক। আঁতৰাই লৈ গ'ল তেওঁৰ কাষৰ পৰা পুত্ৰ-কন্যাক। পিতৃ হৈও তেওঁ পিতৃ হৈ নাথাকিল ! নলবাৰীত তেওঁ মন নভৰিল। শুনি আছিল মাডাৰ্ছ অল্ড এজ হোমৰ কথা।

উৎপললৈ ফোন কৰিলে। তেওঁ গুৱাহাটীলৈ আহিব বিচাৰিলে। উৎপলে নিৰাশ নকৰিলে। তেনেকৈয়ে এবছৰৰ পূৰ্বে তেওঁ আহি মাডাৰ্ছ অল্ড এজ হোমৰ বাসিন্দা হ'লহি। এজন দেউতাকৰ দুখ এয়া।

মাজতে সম্বন্ধীয় মামীয়েক এগৰাকীয়ে তেওঁক এটা খবৰ দিলে। সেই খবৰ শুনি তেওঁ বিষন্ন পৃথিৱীখনলৈ ঘূৰি গৈছিল। মনত পৰিছিল অতীতৰ সেই মধুৰ স্মৃতিবোৰ। কিমান মৰমৰ আছিল তাই।

কামৰ পৰা ঘৰলৈ যাওতে দেউতাকৰ কোলাত নুঠাকৈ নেৰিছিল। কিন্তু সেইদিনা মামীয়েকে কৰা ফোনটোৰ পৰাহে গম পাইছিল তাই ডাঙৰ হ'ল। সাগৰিকাৰ বিয়া হ'ল। মানুহজনৰ চকুযোৰ চলচলীয়া হৈ পৰিছিল।

এজন দুভৰ্গীয়া পিতৃ হিচাপে তেওঁ সেইদিনা হেনো ভাবিছিল ক'লৈ বা বিয়া দিছে তাইক ! এবাৰো বাৰু সিহঁতৰ তেওঁলৈ মনত নপৰিল নে ! নপৰিল নে সাগৰিকাৰ দেউতাকলৈ সচাঁকৈয়ে এবাৰ মনত ?

মই বিয়া পাতিলে বুলি শুনিলো। মানুহে মোকেই বেয়া বুলি ক'ব। মই ভাল-বেয়া সেই কথা নকঁও। কিন্তু সংসাৰে মোক বিধ্বস্ত কৰি গ'ল। মই শিল্পী মনৰ মানুহ। সেই খেয়ালী মনটো লৈয়ে থাকি গ'লো। কিন্তু মই সিহঁতৰ যে দেউতাক সেই কথা মনৰ পৰা মচিব নোৱাৰিলো।

গভীৰ আত্মবিশ্লেষণ আছে মানুহজনৰ। এজন সহজ-সৰল মানুহ। সংসাৰৰ জটিলতা নুবুজা, চিধা এই মানুহজনৰ বুকুত গঢ় লৈ উঠিছে বিষাদৰ এটা পাহাৰ। তেওঁ এতিয়া কাৰো ওপৰতে কোনো ক্ষোভ নাই ।

মনে কেতিয়াবা বিচাৰে, কিজানিবা খবৰ লয় কোনোবাই ! কিজানিবা বিতু বা সাগৰিকাই ফোন কৰি সুধে- কেনে আছ দেউতা তই? সেই ফোন অহা নাই তেওঁলৈ। নাহিব বুলি জানিও তেওঁ ক্ষীণ আশা এটা কিন্তু লৈ ফুৰিছে।

জীৱনৰ কথাবোৰেই যে সুকীয়া। দেউতাকবোৰৰ চিন্তাবোৰো সন্তানৰ কুশলকামী ভাবনাৰে ভৰা। সেই ভাবনাই তেওঁকো বন্দী কৰি ৰাখিছে। সিহঁতৰ কুশল কামনাই কৰে এতিয়া এইজন পিতৃয়ে।

কথাবোৰ শেষ কৰিব নোৱাৰি। সময়বোৰ বিচাৰিলেও উভতাই আনিব পৰা কাৰ সাধ্য আছে ! তথাপিও কল্পনা বিলাস মানুহ আমি। কল্পনাতেই অন্য এখন পৃথিৱী গঢ়ি নিজকে সুখী কৰি ৰাখো। বিদায় পৰত তেওঁ এটা গীত জুৰিলে-

চকু নেদেখা দুৰণিতে/ আছোহি পিয়নৰ চাকৰিতে.../ দেউতা বেগতে আহিবি/ আহোতে জুনুকা আনিবি/ অবুজ চকুলো মোৰ সৰে সৰে/ জেউতি অ', পোণাটি অ'/ কুশলে আছনে চাগে...।

সেই দেউতাকজন কোন? নিশ্চয় বুজা জনে বুজি পাইছে। দেউতাকে আশা কৰাৰ দৰে এদিন এবাৰ তেওঁ খবৰ ল'বলৈ আহক বিতু-সাগৰিকা...!

এবাৰ খবৰ ল'বা বুলি, বৃদ্ধাশ্ৰমত ৰৈ আছে দেউতা...
বিকাশ শৰ্মাঃ বাতৰিৰ নিচা লগা মানুহজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in