দুখীয়া অসমীয়া !

দুখীয়া অসমীয়া !
Published on
Updated on

আমি দুখীয়া হৈ গৈ আছোঁ। আমাক দুখীয়া সাঁজি গৈ আছে। এতিয়া এনে দিন আহিল চৰকাৰী বিনামূলীয়া চাউলৰ মোহত আমি বন্দী হৈ পৰিলোঁ। খেতি কৰিবলৈ পথাৰলৈ যাব এৰিলো। পূৰ্বৰ সেই আত্মনিৰ্ভৰশীল অসমীয়া সমাজৰ চৰিত্ৰই সলনি হৈ পৰিল।

আগতে আন নহ’লেও চাউলমুঠি উৎপাদনৰ চিন্তা অসমীয়া মানুহে কৰিছিল। পুৱাই পথাৰলৈ যোৱাতো এক সংস্কৃতি আছিল। সেই সংস্কৃতি আৰু অভ্যাসত কি ধৰণে কুঠাৰাঘাত পৰিছে সেয়া আমি অনুভৱহে কৰিব পৰা নাই। চৰকাৰী পৰিসংখ্যাই আমাৰ সেই পৰিস্থিতিৰ কথা উদঙাই এখন বাস্তৱ ছবি ইতিমধ্যে তুলি ধৰিছে।

গাঁৱতেই নহয় চহৰতো এতিয়া প্ৰায়বোৰ পৰিয়ালৰে চাউলৰ অভাৱ নহয়। কিন্তু আমি এই কথা ভাবি চোৱা নাই কিমান দিনলৈ এনেদৰে আমাক চৰকাৰে ফ্ৰী চাউল খুৱাই থাকিব ! যিদিনা এই ফ্ৰী চাউল দিয়া বন্ধ কৰিব, সেই দিনা আমাৰ অৱস্থা কি হ’ব ?

এতিয়ালৈ সকলোবোৰ ঠিকে চলি আছে। ওচৰৰ সুলভ মূল্যৰ দোকানখনলৈ ৰেচন কাৰ্ডখন লৈ গ’লেই ফ্ৰী চাউলখিনি পাই যাও। প্ৰয়োজনতকৈ অধিকহে হয় সেই চাউল। বহুতে আকৌ এনে চৰকাৰী চাউলৰ গুণগতমান ভাল নহয় বুলি অতি পানী দৰত ফ্ৰী চাউল বিক্ৰী কৰি দোকানৰ পৰা ৪০/৪৫ টকীয়া চাউল কিনি খায়।

কমদামত পোৱা সেই চাউলৰে এখন পৃথক বজাৰো গঢ়ি উঠিছে। ঠায়ে ঠায়ে এনে চৰকাৰী ফ্ৰী চাউলেৰে প্ৰস্তুত কৰা দেশীয় পানীয়ৰ সুন্দৰ বজাৰ চলি আছে। শেহতীয়াকৈ চৰকাৰে এক পদক্ষেপ লৈছে। ভাল পদক্ষেপ।

খাদ্য সুৰক্ষাৰ সুনিশ্চিতকৰণেৰে চৰকাৰে লোৱা অভিনৱ জনমুখী প্ৰয়াস এয়া চৰকাৰী ভাষাত। ১ৰ পৰা ১০ আগষ্ট ২০২৪ত অন্ন সেৱা দিন উদযাপন কৰা হ’ব। এই বিশেষ দিনকেইটাত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীয়ে অন্ত্যোদয়া অন্ন যোজনা( এ এ ৱাই) আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়াল ( পি এইছ এইছ)ৰ অধীনত নিজৰ বিনামূলীয়া চাউলখিনি সংগ্ৰহ কৰিব পাৰিব।

দিনজোৰাকৈ সুলভ মূল্যৰ দোকানবোৰ খোলা থাকিব। হিতাধিকাৰীয়ে মাহটোৰ চাউল সংগ্ৰহ কৰিব পাৰিব। ভাল ব্যৱস্থা কৰিছে চৰকাৰে। এই আঁচনিৰ অধীনত কিমান হিতাধিকাৰী উপকৃত হ’ব তাৰ হিচাপো দিয়া হৈছে।

চৰকাৰী বিজ্ঞাপনৰ তথ্য অনুসৰি অসমত অন্ন সেৱা দিনে সামৰি লোৱা হিতাধিকাৰীৰ সংখ্যা ২৩১৩৬৫৫৯ গৰাকী। অৰ্থাৎ ২.৩ কোটিৰো অধিক লোকে এই আঁচনিৰ অধীনত ফ্ৰী চাউল লাভ কৰিব। আঁচনিয়ে সামৰি লোৱা পৰিয়ালৰ সংখ্যা ৬৬২৫৯১৭টা।

অসমৰ বাৰু জনসংখ্যা কিমান ? ২০১১ চনত অন্তিমবাৰৰ বাবে অসমত লোকপিয়ল হৈছিল। ২০২১ত সেই লোকপিয়ল অসমত নহ’ল। তথাপিও বৰ্তমান অসমৰ জনসংখ্যা আনুমানিকভাৱে ৩.৬কোটি বুলি ধৰা হয়। এই জনসংখ্যাৰ ভিতৰত ২.৩ কোটিয়েই প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাই সামৰি লৈছে।

এই পৰিসংখ্যাই কি ছবি দাঙি ধৰে ? অসমৰ মাটিকালি ৭৮ হাজাৰ ৪৩৮ বৰ্গকিলোমিটাৰ। ইয়াৰে ৪ মিলিয়ন হেক্টৰ মাটিত অসমৰ মানুহে খেতি কৰে। লেণ্ড ইটিলাইজেশ্যন ষ্টেটিকছৰ ২০২০-২১ৰ তথ্য অনুসৰি ২৩৬০৪৭০ হেক্টৰ মাটিত কৰা হয় ধানখেতি। এইবোৰ ৰাজ্য চৰকাৰৰ নিজা তথ্য।

২০২২-২৩ বৰ্ষত অসমত ধান উৎপাদন হৈছিল ৬০৪৪৮৯৯ টন। প্ৰতি বিঘাত ধানৰ গড় উৎপাদন ২৬৫২ কেজি। ২০২১-২২ বৰ্ষত অসমত প্ৰতি হেক্টৰ মাটিত ধানৰ গড় উৎপাদন আছিল ১৮৮৬ কেজি। ধানৰ উৎপাদন বাঢ়িছে, জি এছ পি এও ৰাজ্যত বৃদ্ধি পাইছে।

২০২৩-২৪ বিত্তীয় বৰ্ষত জি এছ পি এ আছিল ৫৭০২৭৩ কোটি টকা। ২০২২-২৩ বৰ্ষত জি এছ পি এ আছিল ৪৯৩১৬৭ কোটি টকা। সেইবোৰ তথ্যৰ মতে অসমত অৰ্থনৈতিক অৱস্থাৰ পৰিৱৰ্তন ঘটিছে। চৰকাৰেও এই দাবী সময়ে সময়ে কৰি আহিছে।

কিন্তু প্ৰধানমন্ত্ৰী গৰীৱ অন্ন যোজনাৰ হিতাধিকাৰীৰ সংখ্যাই ইয়াৰ বিপৰীত ছবিহে দাঙি ধৰে। এফালে উন্নয়ন আনফালে বিনামূলীয়া চাউলৰ দৰিদ্ৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি। আচলতে আমি উন্নতি কৰিছো নে, দৰিদ্ৰৰ কবলগ্ৰাসত পৰিছো।

আমি দুখীয়া হৈ গৈ আছো। আমাক দুখীয়া সাঁজিলে লাভ হয় শাসকসকলৰ। এনেকৈ আমাক হিতাধিকাৰী সজাই বিনামূলীয়া চাউল খুৱাই, মাহে মাহে হাজাৰ ১৫ শ টকীয়া চৰকাৰী আঁচনিৰ ধন দি এদিন আমাক নিজে ক’বলৈ বাধ্য কৰাব- দুখীয়া, দুখীয়া/ যাতেকৈ মই দুখীয়া/যাতেকৈ মই দুখীয়া/ মোতকৈ দুখীয়া নাই...

দুখীয়া অসমীয়া !
জীৱনৰ ওপৰতো কৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in