মৃদুল কুমাৰ সন্দিকৈ
সকলো কথাতেই ব্যক্তিগত খণ্ডৰ কোম্পানী বা প্ৰতিষ্ঠানৰ ওচৰত হাত পতাতো চৰকাৰৰ যেন এক নিয়মত পৰিণত হৈছে। চৰকাৰী খণ্ডৰ দায়িত্বশীল কাম কাজবোৰ কৰিবলৈ নিয়োজিত বিষয়া কৰ্মচাৰীৰ ওপৰত চৰকাৰে আস্থা হেৰুৱাইছে।
গুৱাহাটী মহানগৰ উন্নয়ন আৰু বিভিন্ন দিশ তদাৰক কৰিবলৈ ১৯৭১ চনতেই গুৱাহাটী পৌৰ নিগম এক্ট ১৯৭১ গৃহীত হৈছিল। তাৰপাছত ১৯৭৪ চনত গঠন কৰা হৈছিল গুৱাহাটী পৌৰ নিগম।
গুৱাহাটী পৌৰ নিগমৰ কাম কাজৰ ওপৰত এতিয়া আৰু ভৰষা নাই গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী তথা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। পৌৰ নিগমৰ এলেকাধীন বাসিন্দাৰ সম্পত্তি কৰ আদায় কৰাৰ দায়িত্ব এতিয়া অৰ্পন কৰিব বিচৰা হৈছে ব্যক্তিগত প্ৰতিষ্ঠানক।
গুৱাহাটী বাসীয়ে দিব লগা কৰ এই ব্যক্তিগত প্ৰতিষ্ঠানৰ জৰিয়তে সংগ্ৰহ কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। ইয়াৰ বাবে তেনে প্ৰতিষ্ঠানৰ পৰা নিবিদাও আহ্বান কৰা হৈছে। গুৱাহাটীৰ দায়িত্বত থকা মন্ত্ৰী অশোক সিংঘালৰ যুক্তি-গুৱাহাটীত হেনো বাস কৰা ৪০ শতাংশ লোকেই সম্পত্তি কৰ আদায় নিদিয়ে।
সেয়েহে ঘৰ -দুৱাৰ, মাটি বাৰীৰ কৰ কোনোবা বহিৰাগত ঠিকাদাৰী প্ৰতিষ্ঠানক গটাব। মহানগৰবাসীক নতুন অভিজ্ঞতা দিয়াৰ বাবে চলোৱা এই পদক্ষেপৰ বিৰুদ্ধে শাসকীয় দলৰ গুৱাহাটীৰ পৌৰ নিগমৰ এলেকাধীন সমষ্টিৰ একাধিক শাসকীয় বিধায়কে ইয়াৰ বিৰোধিতা কৰিছে।
মহানগৰত বাস কৰা মহানগৰবাসীয়ে কৰ সময়মতে আদায় দিয়াতো দায়িত্ব আৰু কৰ্তব্য। সেই কৰ সঠিকভাৱে সংগ্ৰহ কৰাতো গুৱাহাটী পৌৰ নিগমৰো গুৰুত্বপূৰ্ণ দায়িত্ব। ইয়াৰ বাবে সচেতনতা, সহজ সৰল ব্যৱস্থাৰ আৰু তথ্য প্ৰযুক্তি সম্পন্ন এক প্ৰক্ৰিয়াৰ প্ৰয়োজন আছিল।
তাকে নকৰি এই চৰকাৰে ৰাজহ বৃদ্ধিৰ বাবে যি ইচ্ছা তাকেই কৰাৰ প্ৰৱণতাৰ ফল এদিন নহয় এদিন সাধাৰণ ৰাইজে ভোগ কৰিব লাগিব। বেংকৰ পৰা ঋণ লৈ বাহন ক্ৰয় কৰা গ্ৰাহকে ইষ্টলমেন্ট সময়মতে আদায় নিদিলে এনে ব্যক্তিগত প্ৰতিষ্ঠান বা যুৱক-যুৱতীক ৰিকোভাৰী এজেন্ট ৰূপে নিয়োগ কৰাৰ দৰে অসম চৰকাৰেও অনুৰূপ কাম কৰিবলৈ আগবাঢ়িছে।
গুৱাহাটী পৌৰ নিগমৰ দায়িত্ববোৰ যদি ব্যক্তিগত খণ্ড প্ৰতিষ্ঠানক গটায়েই দিব লগা হয় তেনেহ'লে এনে পৌৰ নিগম থকাতকৈ নথকাই ভাল। জাবৰ নিষ্কাষনৰ কাম মূলত ব্যক্তিগত খণ্ডৰ হাতত, পানী যোগান আঁচনিৰ কামো ব্যক্তিগত খণ্ডৰ জৰিয়তে আজিও ৰূপায়ণ কৰিব পৰা নাই । বাট পথত থাকিব লগা ষ্ট্ৰিট লাইট মন গ'লে জ্বলে মন নগ'লে নজ্বলে।
কৃ্ত্ৰিম বানৰ সমস্যা সমস্যা হৈয়েই থাকিল। মহানগৰত থকা ঘৰবোৰত হাউচ হোল্ডিং নম্বৰ লগাবলৈ ব্যক্তিগত প্ৰতিষ্ঠানকেই দায়িত্ব দিয়া হৈছে। সেইবোৰ কাম কিন্তু সম্পূৰ্ণ নহ'ল। চৰকাৰে শেহতীয়াকৈ কি ধৰণে কৰ, ফাইন আদি লগাই ৰাজহ সংগ্ৰহ কৰিব পাৰে তাক লৈ ব্যস্ত।
গুৱাহাটীৰ মাজ মজিয়াত সমগ্ৰ নিশা পৰিবহন বিভাগৰ অভিযান চলিছে। সুৰাসক্ত চালক, নথি পত্ৰ নোহোৱা যান-বাহন আদি বিৰুদ্ধে এই অভিযান চলোৱা বুলি কোৱা হৈছে যদিও প্ৰকৃত কাৰণ কিন্তু ধন সংগ্ৰহ।
প্ৰতিজন পৰিবহন বিষয়াক নিৰ্দিষ্ট লক্ষ্য দিয়া হৈছে। যিকোনো উপায়েৰে ধন সংগ্ৰহ কৰি ৰাজ ভৰালত জমা দিব লাগিব তেওঁলোকে। আনকি যধে-মধে এনেদৰে জৰিমণাৰ নামত ধন সংগ্ৰহ কৰা এই কাৰ্য প্ৰতিবাদ কৰি সাধাৰণ জনতাই কব লগা হৈছে মই জৰিমণা দিব নোৱাৰো মোৰ কিডনী লৈ যাঁওক।
চৰকাৰে যুক্তি দিব যদি ধন বা ৰাজহ সংগ্ৰহ নহয় তেন্তে উন্নয়ন কেনেকৈ সম্ভৱ হ'ব? কেনেকৈ ৰাজ্য চলিব? যোৱা সময়চোৱাত ঢাক-ঢোল বজাবলৈ চৰকাৰে কিমান ধন পানীত পেলাইছে তাৰো এক তদন্ত হোৱাৰ প্ৰয়োজন।
হিতাধিকাৰী সৃষ্টিৰ নামত ইখনৰ পাছত সিখন আঁচনি ঘোষণা কৰিছে। আমাৰেই ডিঙিত টেঁটু চেপা দি ধন নি তাৰেই এই আঁচনিবোৰ ৰূপায়ণ কৰিছে।সাধাৰণ মানুহক মন্ত্ৰমুদ্ধ কৰিবলৈ চৰকাৰে বিনামূলীয়া আঁচনি ৰূপায়ণৰ বাবে ব্যয় কৰা ধনৰ বাবদ কি হৈছে সেয়া কেগৰ প্ৰতিবেদনত ধৰা পৰিছে।
কেগৰ প্ৰতিবেদনত উল্লেখ কৰা মতে ৰাজকোষৰ অধিকাংশ ধন বিনামূলীয়া আঁচনিত ব্যয় কৰাৰ বাবে মূলধনী ব্যয় হ্ৰাস পাইছে। এইবোৰ কথা সাধাৰণ লোকে বুজি নাপায়। আপাত দৃষ্টিত চৰকাৰে বিনামূলীয়াকৈ সামগ্ৰী, নগদ ধন দিছে ভাল কৰিছে।
একেখন চৰকাৰে যে মানুহক বিভিন্ন প্ৰক্ৰিয়াৰে অতিৰিক্ত বোজা দি হাৰাশাস্তি কৰিছে সেই কথা কোৱাৰ সাহস কাৰ আছে? এনে অৱস্থা থাকিলে এদিন হয়তো দেখিবলৈ পোৱা যাব আন বিভাগবোৰৰ দৰে আৰক্ষী বিভাগকো চৰকাৰে ব্যক্তিগতকৰণ কৰিব।
অপৰাধৰ সংখ্যা বাঢ়ি গৈয়েই আছে। মানুহৰ অনুপাতে আৰক্ষীৰ সংখ্যা কমি আছে। কোনো জানে কোনোবা এদিন চৰকাৰে কৈ দিব- কাৰোবাৰ গোচৰ তদন্ত কৰিবলৈ হ'লে ব্যক্তিগত ডিটেক্টিভ বা ব্যক্তিগত নিৰাপত্তাৰক্ষী সংস্থাৰ সহায় ল'ব পাৰিব নাগৰিকে।
ইয়াৰ বাবদ হয়তো কিছু ধন গোচৰীয়াই ভৰিব লাগিব। কল্পনা কৰকচোন তেনে এটা দিনৰ কথা। বিমান বন্দৰ লীজত, ৰে'লৰ মাটি লীজত, ৰে'ল ষ্টেচন লীজত, এল আই চি ব্যক্তিগত খণ্ডৰ হাতত, পেট্ৰ' কেমিকেল, ঐতিহাসিক স্থান চোৱা চিতাৰ দায়িত্ব, টেলিকমিউনিকেশ্যন খণ্ড আদি ইতিমধ্যে ব্যক্তিগত কৰণ কৰা হৈছে বা কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।
গুৱাহাটী পৌৰ নিগমত স্থায়ী ২৪৬০ ৰো অধিক বিষয়া কৰ্মচাৰী আছে।অস্থায়ীও বহু কৰ্মচাৰী নিয়োজিত হৈ আছে। ১৯৭৪ চনত ৰাধা গোবিন্দ বৰুৱা গুৱাহাটী পৌৰ নিগমৰ প্ৰথম গৰাকী মেয়ৰ আছিল। তাৰ পাছত লক্ষ্যধৰ চৌধুৰীয়ে ১৯৭৫ চনত, বিলয় ফুকন চৌধুৰীয়ে ১৯৭৯ ৰ পৰা ১৯৮২ লৈ মেয়ৰৰ দায়িত্ব লৈছিল।
এসময়ৰ এই গতিশীল আৰু দায়িত্বশীল গুৱাহাটী পৌৰ নিগমত আয়ুক্ত হিচাপে লক্ষ্মীনাথ তামুলীয়ে ১৩ আগষ্ট ১৯৯৬ ত দায়িত্ব লৈছিল। দেৱাশীষ শৰ্মাই ২৫ জুন ২০২১ ৰ পৰা দায়িত্ব লৈ পৌৰ নিগমৰ ভিতৰ ভাগত সংঘটিত কেলেংকাৰী পোহৰলৈ আনিছিল।
বোকা নিষ্কাষণৰ নামত কোটি কোটি টকা কেলেংকাৰী কৰিছিল জিএমচিৰ একাংশ বিষয়া কৰ্মচাৰীয়ে মিলি। সততাৰে এই কেলেংকাৰী উন্মোচন কৰাৰ পুৰষ্কাৰ তেওঁ কি পালে। আয়ুক্ত পদৰ পৰা তেওঁক বদলি কৰা হ'ল।
ৰাইজৰ পৰা সংগ্ৰহ কৰা ধন বিভিন্ন প্ৰক্ৰিয়াৰে অনিয়মৰ জৰিয়তে ঠিকাদাৰ, বিষয়া-কৰ্মচাৰীৰ জেপত সোমাই। বৰ্তমান ১৬ টা বিভাগ আছে জিএমচিত। বিল্ডিং পাৰমিশ্যন, হৰ্ডিং-বিজ্ঞাপন, পাব্লিক ৱাৰ্ক, এনফোৰ্চমেন্ট, ইলেক্ট্ৰিক, ট্ৰেড লাইচেঞ্চ এণ্ড প্ৰপাৰ্টী, জাবৰ নিষ্কাষণ আদি।
৬ টা ডিভিজনত বিভিক্ত কৰি চেন্ট্ৰেল ইষ্ট, চাউছ, ৱেষ্ট, দিছপুৰ, লখৰা দায়িত্ব পৃথক পৃথক বিষয়াক দি থৈছে। তাত থকা বিষয়া কৰ্মচাৰী সকলে কি কৰে? চৰকাৰী কামবোৰৰ ওপৰত চৰকাৰৰেই বিশ্বাস নাই।
এপিডিচিএলৰ তথ্য মতে গুৱাহাটীত মুঠ হাউচ হোল্ডাৰৰ সংখ্যা ৩ লাখ ১৫ হাজাৰ। কিন্তু জি এম চি হাতত থকা তথ্য় অনুসৰি এই সংখ্যা প্ৰায় ১ লাখ।সেয়েহে জি এম চিয়ে এপিডিচিএলৰ লগত এক চুক্তি কৰি স্মাৰ্ট মিটাৰৰ জৰিয়তে কাৰেন্টৰ বাবে ৰিচাৰ্জ কৰা উপভোক্তা সকলে ৰিচাৰ্জৰ সময়ত হাউচ হোল্ড নম্বৰ দিয়াতো বাধ্যতামূলক কৰিছে।
গুৱাহাটীত কিমান হাউচ হোল্ডাৰ আছে সেয়াও ইমান দিনে সঠিক তথ্য নাই জি এম চিৰ হাতত। এতিয়া কৰ সংগ্ৰহৰ বাবে এই হাউচ হোল্ডাৰ সকলক বিচাৰি উলিয়াবলৈ এপিডিচিএলৰ সহায় লৈছে।
জি এম চিয়ে সঠিক ভাৱে কৰ সংগ্ৰহ কৰক। কৰ সংগ্ৰহৰ নামক যাতে ব্যক্তিগত প্ৰতিষ্ঠানক দায়িত্ব দি মহানগৰবাসীক অতিষ্ঠ নকৰে তাৰ প্ৰতিও দৃষ্টি ৰাখিব লাগিব চৰকাৰে। কেৱল ধনৰ পাছত পৰি যি মন যায় তাকে কৰাৰ প্ৰৱণতাৰ এই চৰকাৰে ত্যাগ কৰাতো মংগলজনক।
শাসকীয় দলৰ বিধায়কে অভিযোগ কৰিছে একনায়ত্ববাদ চলিছে। সাধাৰণ ৰাইজে সেইবোৰ কথা শুনিছে।কৰ সংগ্ৰহ কৰাৰ নামত জি এম চি থকাৰ পাছতো ইয়াক বগা হাতী সাজি ব্যক্তিগত প্ৰতিষ্ঠানক ৰঙা দলিচা পাৰি আদৰিব খোজা কাৰ্যৰ বিৰুদ্ধে খোদ নিজৰ দলৰ বিধায়ক গুজৰি গুমৰি উঠাৰ পাছত চৰকাৰে কথাতো পুনৰবাৰ চিন্তা কৰক।