মৃদুল কুমাৰ সন্দিকৈ
অস্থিৰতাৰ বিপৰীতে অতি নীৰৱে কাম কৰা বহুলোক আছে। খবৰ দিয়াৰ নামত ভুল-শুদ্ধ/ সঁচা-মিছা বিচাৰ নকৰা প্ৰৱণতাই একাংশ সংবাদ মাধ্যম, সামাজিক মাধ্যমক কুলষিত কৰিছে। সেইবোৰ পৰিৱেশৰ মাজত হঠাৎ চৰ্চিত হৈ পৰা কিছু বিষয়ক লৈ আমি অনাবশ্যকীয়ভাৱে ব্যস্ত হৈ পৰো।
কালী পূজাৰ পৰিৱেশ। কিনকিনীয়া বৰষুণে সেই পৰিৱেশ কিছু নিস্তেজ কৰি তুলিলেও এটা ভাল লগা অভিজ্ঞতাই মন ভৰাই তুলিছে। ৰংগোলী অঁকা প্ৰসংগত সেই যুৱকজনৰ ঘৰৰ কথা চৰ্চা হৈছিল।
যুৱকজনে খুব ভাল ছবি আঁকে বুলি কৈ যুৱকজনৰ সহধৰ্মীনীয়েও চিত্ৰ কৰ্মৰ সৈতে জড়িত বুলি অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই(প্ৰকাশ দাই) পৰিয়ালটোৰ কথা কৈ গৈছিল।
পিতৃ চন্দ্ৰকান্ত বেজবৰুৱাৰ সৈতে চিনাকী থকাৰ সূত্ৰে তেওঁৰ পৰিয়ালটোৰ কথা জানিছিল । সেয়েহে তেওঁ কোৱা কথাবোৰ শুনি তেওঁৰ পৰামৰ্শ মতেই নিউ গুৱাহাটীত থকা চন্দ্ৰকান্ত বেজবৰুৱাৰ ঘৰত উপস্থিত হৈছিলো।
ড্ৰয়িং ৰুমটোত আঁকি থোৱা কেইবাখনো পেইন্টিং দেখি অভিভূত হৈ পৰিছিলো। পিতৃৰ পৰা পুত্ৰৰ চিত্ৰ কৰ্মৰ বিষয়ে জানিব পাৰিলো। প্ৰায় আধা ঘন্টা সময় আমি বহিব লগা হৈছিল। কিয়নো পুত্ৰ, বোৱাৰী আৰু পত্নী নতুনকৈ জন্ম হোৱা নাতিৰ ভেকচিন দিয়াবলৈ যোৱাৰ বাবে আমি তেওঁলোকৰ বাবে অপেক্ষা কৰিছিলো।
ধুনীয়া আৰু পৰিপাটী ঘৰটোত আঁৰি থোৱা ছবিবোৰ উচ্চমানৰ । দেউতাক চন্দ্ৰকান্ত বেজবৰুৱাই আমাক ঘৰৰ পাছফালে থকা এটা ষ্টুডিঅ'লৈ লৈ গ'ল। দেউতাকে সেই ষ্টুডিঅ' বিশেষ ভাৱে পুত্ৰৰ কাৰণে ব্যৱস্থা কৰি দিছে।
তাতে বহি ছবি অঁকাৰ উপৰিও আন শিশুসকলকো তেওঁ চিত্ৰকলাৰ শিক্ষা প্ৰদান কৰে। অৱশেষত আহিল হিমন। সম্পূৰ্ণ নাম হিমন বৰুৱা। মাতৃও আহিল তেওঁৰ সৈতে ষ্টুডিঅ'ৰ ভিতৰলৈ। পিতৃয়ে তেওঁক কথাবোৰ বুজাই দিলে।
হিমন বৰুৱাই কেইবাখনো ছবি উলিয়াই দেখুৱালে। দেখুৱালে এটা ঘৰ। তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সেই ঘৰটো বৰ ভাল পাইছিল। তেওঁক উপহাৰ হিচাপে দিছিল হিমনে ঘৰটো। নিজৰ বাবে অনুৰূপ ঘৰ এটা তেওঁ বনাই ৰখাই থ'লে।
প্ৰত্যাহ্বানক সম্ভাৱণালৈ সলনি কৰা এয়া এক অনুপ্ৰাণিত হ'ব পৰা সঁচা কাহিনী। পুত্ৰ হিমন তেওঁলোকৰ ডাঙৰ সন্তান। কথা ক'ব নোৱাৰা আৰু কাণেৰে নুশুনা হিমনক লৈ তেওঁলোক যথেষ্ঠ চিন্তিত হৈছিল।
বিচাৰি উলিয়াইছিল হিমনৰ প্ৰতিভা। কি কৰি ভাল পাই হিমনে। ছবিত ৰাপ থকা হিমনক আৰ্ট স্কুলত ভৰ্তি কৰি দিলে। আগবাঢ়ি গ'ল হিমন। ছবিয়েই তেওঁৰ বাবে হৈ পৰিল প্ৰাণ।
পিতৃ চন্দ্ৰকান্ত বেজবৰুৱাই পত্নীক ক'লে- ''তুমি ইয়াৰ দায়িত্ব লোৱা, মই ঘৰ চম্ভালিম''। অশেষ কষ্ট কৰিলে মাতৃয়ে । ত্ৰিপুৰা বিশ্ব বিদ্যালয়ত চিত্ৰকলাত স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিলে।
প্ৰথম অৱস্থাত পুত্ৰৰ সৈতে মাতৃ যদি ১৫ দিন থাকে মাহটোৰ আন ১৫ দিন পিতৃয়ে গৈ পুত্ৰৰ লগত ত্ৰিপুৰাত থাকি শিক্ষা গ্ৰহণ কৰাইছিল। তেনেকৈয়ে স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি চিত্ৰশিল্প সাধনাত ব্যস্ত এতিয়া।
হিমন বৰুৱাই প্ৰথমে এখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবি দেখুৱালে। তেওঁ আগ্ৰহ কৰিলে সেইখন মুখ্যমন্ত্ৰী শৰ্মাক নিজ হাতে দিব বিচাৰে। তাৰ পাছত আন ছবিবোৰ, শিল্পকৰ্মবোৰ তেওঁ দেখুৱাই গ'ল।
ধুনীয়া ল'ৰাটোক দেখিলে কোনোৱে নক'ব তেওঁ যে মুখেৰে মাত মাতিব নোৱাৰে। হিমনৰ বাবে পৰিয়ালে নিৰ্বাচন কৰা যুৱতী গৰাকীয়েও ভালদৰে ক'ব বা কথাবোৰ শুনা নাপায়। মৰম লগা বোৱাৰী গৰাকীয়েও বৰ ধুনীয়া ছবি আঁকে।
দুয়োৰে ইচ্ছা আছে এখন প্ৰদৰ্শনী পাতিব যুটীয়াভাৱে। কথাবোৰ পাতি থাকোঁতে লক্ষ্য কৰিছিলো। হিমন আৰু তেওঁৰ পত্নী আনন্দিতা চক্ৰৱৰ্তীৰ পৰস্পৰে পস্পৰৰ প্ৰতি থকা প্ৰেম আৰু আন্তৰিকতা তেওঁলোকৰ আচৰণতেই ফুটি উঠিছিল।
ইতিমধ্যে দুটাকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান লাভ কৰিছে হিমনে। ছবিবোৰ চাই থকাৰ মাজতে হিমনে দেখুৱাব বিচাৰিলে আন কিছু সামগ্ৰী। লৈ গ'ল হিমন আৰু তেওঁৰ পত্নীয়ে এটা কোঠালৈ।
কোঠাটোত বিভিন্ন প্ৰতিযোগীতাত লাভ কৰা পুৰস্কাৰ সমূহ সজাই থৈছে। আছে এখন হিমনে অঁকা ধুনীয়া ফটো। চকুৰে নেদেখিলে এই কথা কল্পনা কৰিবই নোৱাৰি যে দুয়োৱে কিমান ভাল ছবি আঁকে।
নিসন্দেহে অনাগত দিনত হিমন- আনন্দিতাই চিত্ৰশিল্পৰ মাজেৰে তেওঁলোকৰ পৰিচয় গঢ়ি তুলিব। সাধনাৰ এই সুন্দৰ বাটত দুয়ো দুয়োৰে কাষত। এমাহৰ আগতে তেওঁলোকৰ মাজলৈ আহিছে এটি সন্তান।
এই খবৰবোৰ আমি গুৰুত্ব নিদিও। ইয়াত নাই কোনো তৰ্ক-বিতৰ্ক। সেই প্ৰেৰণাদায়ক কথাবোৰ আমি দেখিও নেদেখাৰ দৰে থাকো। হিমন-আনন্দিতাৰ সৃষ্টি কৰ্মই এদিন হয়তো ৰাইজৰ মৰম বুটলিব। হিমনৰ ইচ্ছা নিশ্চয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰণ কৰিব।
হিমনক অৱহেলা নকৰি পিতৃ-মাতৃয়ে গঢ়িলে। এতিয়া সেই হিমন পিতৃ-মাতৃৰ বাবে গৌৰৱ হৈছে। পুৰণি কথাবোৰ কৈ থাকোতেও হিমনৰ মাতৃৰ চকুত বিৰিঙিছিল চকুপানী। একেদৰে হিমনৰ কাষত থিয় হৈ থকা আনন্দিতাই বাৰে বাৰে চাইছিল হিমনৰ চকুলৈ। ইছাৰাতেই পাতিছিল যেন দুয়ো সকলো কথা।