মৃদুল কুমাৰ সন্দিকৈ
সাংবাদিকৰ ওপৰত নিৰ্যাতন ৰাজ্যত নতুন কথা নহয়। নিৰ্যাতন চলোৱা সেই লোকসকলক বিভিন্ন ধৰণে সুৰক্ষা দিয়াৰ লোকৰো অভাৱ নাই। সাংবাদিকক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰ তথা সমাজৰ এক ভূমিকা থাকে।
মাজৰাতি ''অসমীয়া প্ৰতিদিন''ৰ জ্যেষ্ঠ সাংবাদিক বনজিৎ ঠাকুৰীয়া এক খবৰৰ সন্ধানত কাৰ্যালয়ৰ পৰা ওলাই গৈছিল। গুৱাহাটী কমাৰ্চ কলেজৰ সন্মুখত থকা এখন ৰেষ্টুৰেন্টত জুই লগাৰ সেই খবৰ সংগ্ৰহ কৰিবলৈ গৈ কেৱল কি হৈছে জানিবলৈ বিচৰাত তেওঁক যদি এনেদৰে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱা হয় তেনেহ'লে সাংবাদিকৰ সুৰক্ষা বিষয়টোৱেই মূল্যহীন।
এজন সাংবাদিকে জুই জ্বলাৰ এটা খবৰ সংগ্ৰহ কৰিবলৈ গৈ সেই স্থানৰ ফটো বা ভিডিঅ', কি পৰিস্থিতিত জুই লাগিল, জুইত কিমান ক্ষয়-ক্ষতি হ'ল সেই তথ্য নিশ্চিত ভাৱে সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিব। তাতে তেওঁ অপৰাধ বা কাক এই প্ৰশ্ন সুধিলে সেয়া ভুল বুলি যদি খোদ আৰক্ষী বিষয়াই প্ৰতিপন্ন কৰিব খোজে তেনেহ'লে তাত কিবা ৰহস্য লুকাই থাকিবই লাগিব।
জ্যেষ্ঠ সাংবাদিক বনজিৎ ঠাকুৰীয়া সেই সময়ত সমগ্ৰ ঘটনা সন্মুখীন হৈছিল যদিও নিশা জুই লগা স্থানত গৰিষ্ঠ সংখ্যক ৰেষ্টুৰেন্টখনৰ কৰ্মচাৰী বা মালিক পক্ষ উপস্থিত আছিল।এতিয়া পাভ লুটি মাৰি চানমাৰী থানা আৰক্ষীয়ে সাংবাদিক গৰাকীকে দোষী সাৱ্যস্ত কৰিবলৈ কৰা চেষ্টা কেনে আইনৰ আওতাত পৰে।
সাংবাদিকক প্ৰশ্ন কৰাৰ বাবে আৰক্ষীয়ে এজাহাৰ লৈ ভুক্তভোগী সাংবাদিক জনকে কোনোবা প্ৰভাৱশালী চক্ৰৰ ইছাৰাত জামিন ল'বলৈ বাধ্য কৰাতো পৰিতাপৰে নহয় দুৰ্ভাগ্যজনক কথা। আজিও ৰাজ্যত সততাৰে, নিষ্ঠাৰে আৰু বিনম্ৰতাৰে সাংবাদিকতা কৰা সাংবাদিক আছে।
বনজিৎ ঠাকুৰীয়া নামৰ সাংবাদিক জনৰ সৈতে হোৱা এই নিৰ্যাতনৰ মূল অভিযুক্ত কেইজনক আৰক্ষীয়ে ৰেহাই কৰি দিবলৈকে এনে নাটকৰ ৰচনা কৰিলে নেকি? সেই সময়ত ৰেষ্টুৰেন্টৰ মালিক পক্ষই আৰক্ষী বা সাংবাদিকে অগ্নিকাণ্ডৰ কোনো দৃশ্য বা বাতৰি সংগ্ৰহ কৰাতো বিচৰা নাছিল।
আনকি আৰক্ষীকো তেওঁলোকে বাধা দি উৰহৰ খং ঢাৰি পাতি সৰাৰ দৰে সাংবাদিক জনৰ ওপৰত এই আক্ৰমণ চলাই ক্ষোভ উজাৰিলে। কিন্তু প্ৰশ্ন হয় কিহৰ বাবে তেওঁলোকে এই কাম কৰিলে?
কি কাৰণত মালিক পক্ষই সাংবাদিক জনক বাতৰি সংগ্ৰহত বাধা দিছিল? 'ফুড বেলী' নামৰ এই ৰেষ্টুৰেন্ট খনৰ এটাৰে অংশ আছিল সন্মুখৰ ভাগত থকা 'ফেট জু'।
যি খন ৰেষ্টুৰেন্টত এই অগ্নিকাণ্ড সংঘটিত হৈছিল সেয়া অতি বিপদজনক স্থানত আছিল। ৰেষ্টুৰেন্ট খনৰ গাতে লাগি আছিল এটা হাই ভল্টেজ ট্ৰেন্সফৰ্মা।
কোনো পৰিস্থিতিতেই সেই ট্ৰেন্সফৰ্মাটোৰ তলত এখন ৰেষ্টুৰেন্ট বা হোটেল খোলা অনুমতি প্ৰদান কৰাতো অসম্ভৱ। এইবোৰ প্ৰতিষ্ঠানৰ বাবে গুৱাহাটী পৌৰ নিগমৰ অনুমতিৰ প্ৰয়োজন।
এতিয়া প্ৰশ্ন হয় সেই স্থানত এই ৰেষ্টুৰেন্টখন খুলিবলৈ পৌৰ নিগমৰ অনুমতি লোৱা হৈছিল নে? যদি অনুমতি দিছিল তেনেহ'লে কেনেদৰে অনুমতি দিয়া হ'ল? ৰেষ্টুৰেন্ট থকা সূত্ৰে সেই স্থানত দিনে নিশাই ব্যাপক জন সমাগম হয়।
এদিন ইয়াতকৈ ভয়াবহ পৰিস্থিতি যদি হয় তাৰ বাবে দায়ী হ'ব কোন? এইবোৰ প্ৰশ্ন উত্থাপন হয় বুলিয়েই হয়তো ৰেষ্টুৰেন্ট কৰ্তৃপক্ষই কৌশলেৰে বাতৰি সংগ্ৰহত বাধা প্ৰদান কৰিছিল সাংবাদিক গৰাকীক।
জি এম চিয়ে সেই বিষয়টো পৰীক্ষা কৰিবলৈ আৰু অকৰ্তৃত্বশীলভাৱে তেনে স্থানত ৰেষ্টুৰেন্ট খোলা লোক সকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। ৰেষ্টুৰেন্ট খনৰ মালিক কোনোবা পৰিক্ষীত ভট্টাচাৰ্য।
তেওঁৰ উপৰিও ৰেষ্টুৰেন্ট খনত সহ মালিক হিচাপে থকা সকলক আৰক্ষীয়ে, জি এম চিয়ে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণ কি? সাংবাদিকক আক্ৰমণ কৰা মালিক পৰিক্ষীত ভট্টাচাৰ্য, নৰেন চন্দ্ৰ বড়ো, নৱনীল গোস্বামী গ্ৰেপ্তাৰ কৰি জামিনত এৰি দিছে।
চানমাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে ৰেষ্টুৰেন্ট খনৰ আন এগৰাকী স্বত্বাধিকাৰী মনজিতা কলিতা চৌধুৰীয়ে দিয়া এজাহাৰৰ ভিত্তিত সাংবাদিক জনকে দোষাৰোপ কৰাৰ চেষ্টা কৰিলে।তেওঁ ক'লে-''আপুনি কতনো আঘাত পাইছে। আপুনি আঘাত পোৱা হ'লে আপোনাৰ মুখ ফুলি থাকিল হেনে। হাড় ভাগিল হেতেন। তেনে হোৱা নাই।তেওঁলোকৰ ৰেষ্টুৰেন্ট পুৰি গৈছে। গতিকে তেওঁলোকৰ খং উঠিছে আপুনি তেওঁলোকক কিয় প্ৰশ্ন কৰিবলৈ গৈছে। আপোনাকতো মৰা নাই, ঠেলা হেঁচাহে কৰিছে''।
এয়া কেনে বিচাৰ পুলিচৰ। চানমাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে কিহৰ বাবে অপৰাধী পক্ষত এনেদৰে ওকালতি কৰিলে? সংবাদিকক হেঁচা ঠেলা, ভয়-ভাবুকি দিয়তো অপৰাধ নহ'ল। অপৰাধ হ'ল কি হৈছে বুলি প্ৰশ্ন কৰাতো।
বিচাৰ হ'বনে সাংবাদিকক গুৱাহাটীৰ মাজ মজিয়াত চলোৱা এই নিৰ্যাতনৰ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৃহ বিভাগৰ দায়িত্বত আছে।কমাৰ্চ কলেজৰ সন্মুখত দিনে নিশাই কি চলে আৰক্ষীয়ে নিশ্চয় তেওঁক জনায়। ঘটনা সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তকো জনোৱা হৈছিল। মহানগৰ আৰক্ষীকো ঘটনাৰ বিষয়ে অৱগত কৰিছিল। মাজনিশাই এজাহাৰ দিছিল কিন্তু শেষত নিৰ্যাতনৰ বলি হোৱা সাংবাদিক গৰাকীয়ে জামিন ল'বা লগা পৰিৱেশ আৰক্ষীৰ পৃষ্ঠপোষকতাত সৃষ্টি কৰা হ'ল।
আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ অপৰাধীক দিয়া হুংকাৰ এতিয়া ক'ত হেৰাল। হাতে কামে তেওঁ কিয় ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। সেই স্থানত থকা চিচিটিভি ফুটেজ আৰক্ষীয়ে সংগ্ৰহ কৰি আৰক্ষীয়ে পৰীক্ষা কৰক। সাংবাদিকক চলোনা নিৰ্যাতনৰ বিৰুদ্ধে সাংবাদিক সকলো সৰৱ হওক।
অপৰাধীয়ে কৌশলেৰে হাত সাৰি গ'লে আকৌ আন কোনোবাই সাংবাদিক নিৰ্যাতনৰ ধাৰাবাহিকতা অব্যাহত থাকিব। আৰক্ষীয়ে এনে যুক্তি দিলে অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ সাধাৰণ লোক কাৰ ওচৰলৈ যাব।