কোনে দিব নিৰাপত্তা ?

কোনে দিব নিৰাপত্তা ?

Published on

মৃদুল কুমাৰ সন্দিকৈ

আকৌ এবাৰ নিৰাপত্তাৰ প্ৰশ্নত সৰৱ হ’বলৈ বাধ্য হ'ল চিকিৎসক। ৯আগষ্ট, ২০২৪ত কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালত এগৰাকী ৩১বছৰীয়া মহিলা চিকিৎসকৰ সৈতে বৰ্বৰ কাণ্ড সংঘটিত হৈছিল। তাৰ পাছত দেশজুৰি চিকিৎসকসকলে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰে চৰকাৰক তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী তুলিছে।

১৭আগষ্টৰ পুৱা ৬বজাৰ পৰা ১৮আগষ্টৰ পুৱা ৬বজালৈ ধৰ্মঘটত নমাৰ সিদ্ধান্ত লৈছে চিকিৎসকসকলে। চৰকাৰী বেচৰকাৰী খণ্ড চিকিৎসকসকলে এই ২৪ঘন্টাত কোনো ৰোগীক চিকিৎসা সেৱা প্ৰদান নকৰে। জৰুৰীকালীন সেৱাসমূহ বাদ দি চিকিৎসকসকল এই সময়ছোৱাত আঁতৰি থাকিব তেওঁলোকৰ সেৱাৰ পৰা।

কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজত স্নাতকোত্তৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰী আছিল এইগৰাকী কনিষ্ঠ চিকিৎসক। ৮আগষ্ট, ২০২৪ত নিশাৰ ডিউটি আছিল তেওঁৰ। নিশা ২বজালৈকে দায়িত্ব পালন কৰি কিছু বিশ্ৰাম লোৱাৰ কথা ভাবিছিল চিকিৎসকগৰাকীয়ে।

চিকিৎসা মহাবিদ্যালয়খনত চিকিৎসকসকলৰ বিশ্ৰামৰ বাবে সুব্যৱস্থা নাই। সেয়েহে দ্বিতীয় মহলাত থকা ছেমিনাৰ হলতেই কাৰোবাৰ বিশ্ৰাম ল’ব লগা থাকিলে বিশ্ৰাম লয়। মহিলা চিকিৎসকগৰাকীয়েও সেই ছেমিনাৰ হলতে আহি বিশ্ৰাম লৈছিল।

৯আগষ্ট ২০২৪ৰ পুৱা কনিষ্ঠ চিকিৎসকগৰাকীৰ পিতৃলৈ এটা ফোন গৈছিল। মহাবিদ্যালয়খনৰ এগৰাকী অধ্যাপকে ফোনত তেওঁক জনাইছিল তেঁৰ চিকিৎসক কন্যাই আত্মহত্যা কৰিছিল। পৰিয়ালৰ লোক, আৰক্ষী আহি দেখে সেয়া আত্মহত্যা নহয়, এক জঘন্য কাণ্ডহে তেওঁৰ সৈতে সংঘটিত হৈছে।

মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ আহে বিস্ফোৰক তথ্য। চিকিৎসকগৰাকীৰ দেহৰ হাড় ভঙা আছে। মুখত কোনোবাই বহু সময় ধৰি সোঁপা দি থোৱা আৰু দুই হাত দেৱালত হেঁচি ধৰাৰ চাঁপ এই পৰীক্ষাত ধৰা পৰিল। তাতোকৈ ডাঙৰ কথা কনিষ্ঠ চিকিৎসকগৰাকীৰ যৌনাংগত পোৱা গ’ল ১৫০ মিঃগ্ৰামৰো অধিক বীৰ্য।

এই কথা নিশ্চিত হোৱা গ’ল যে, কনিষ্ঠ চিকিৎসকগৰাকীক একাধিক দুৰ্বৃত্তই যৌন নিৰ্যাতনৰ অন্তত হত্যা কৰিছে। তাৰ পাছতেই পশ্চিম বংগৰ আইন-শৃংখলা পৰিস্থিতিয়ে গতি সলালে। নৃশংসতাৰ সকলো সীমা অতিক্ৰম কৰিছিল এই ঘটনাই। কিন্তু প্ৰতিবাদৰ নামত এই মেডিকেল কলেজ আৰু হাস্পতালত একাংশ প্ৰতিবাদকাৰীয়ে আক্ৰমণ চলাই ৰোগী জীৱনৰ প্ৰতি আৰু এক ভাবুকি কঢ়িয়াই আনিলে।

জৰুৰীকালীন বিভাগত কৰ্তব্যৰত চিকিৎসক আৰু নাৰ্ছকো এই দুৰ্বৃত্তৰ দলটোৱে মাৰপিট কৰিলে। প্ৰাণৰ ভয়ত চিকিৎসক আৰু চিকিৎসাকৰ্মী চিকিৎসালয়ৰ পৰা পলাব লগা হ’ল। আনকি কলিকতা উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক সাৱধান কৰি ক’ব লগা হ’ল, যদি নিৰাপত্তাৰ ব্যৱস্থা কৰিবই নোৱাৰে, তেনেহ’লে এই চিকিৎসালয়বোৰ বন্ধ কৰি দিয়ক।

আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা অভিযুক্তজনৰ নাম সঞ্জয় ৰয়। এই সমগ্ৰ ঘটনা তদন্তৰ দায়িত্ব ইতিমধ্যে চি বি আইক দিয়া হৈছে। চি বি আয়ে যুৱতী চিকিৎসকগৰাকীক তিনি সহকৰ্মী চিকিৎসকসহ ৮জন চিকিৎসাকৰ্মীক সোধা-পোচা কৰিছে।

আনহাতে, চিকিৎসা মহাবিদ্যালয়খনত প্ৰতিবাদৰ নামত আক্ৰমণ চলোৱা ১৯জনক আৰক্ষীয়ে সামাজিক মাধ্যমৰ ফটো চাই চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিছে। এই ধৰণৰ ঘটনা কেৱল পশ্চিম বংগতেই সংঘটিত হোৱা নাই। মহিলা চিকিৎসক তথা চিকিৎসাকৰ্মীৰ লগতে চিকিৎসকসকলেও বিভিন্ন সময়ত ৰোষৰ বলি হ’ব লগা হয়।

সেইবোৰ ঘটনা প্ৰতিহত কৰিবলৈ এখন কঠোৰ আইন প্ৰণয়নৰ বাবে চিকিৎসক আৰু চিকিৎসকসকলৰ সংগঠনসমূহে দাবী তুলি আহিছে। ৰাজ্য চৰকাৰৰ বিপৰীতে দেশৰ সকলো প্ৰান্তত প্ৰৱৰ্তন কৰিব পৰাকৈ কেন্দ্ৰীয় চৰকাৰক তেনে এখন আইনৰ ব্যৱস্থা কৰিবলৈ চিকিৎসকলে জনোৱা আহ্বান আজিও কাৰ্যকৰী হোৱা নাই।

পশ্চিম বংগত এই কাণ্ডৰ বিৰদ্ধে ৰাজনৈতিক দলসমূহেও মুকলি প্ৰতিবাদ কৰিছে। ভুক্তভোগী চিকিৎসকগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰা মমতায়ো প্ৰতিবাদত নামিবলৈ সাজু হৈছে। কলিকতা উচ্চ ন্যায়ালয়ে এই গোচৰৰ তদন্ত নিজাববীয়াকৈ চি বি আইলৈ হস্তান্তৰ কৰাৰ পাছত মমতাৰ দাবী এই গোচৰৰ সন্দৰ্ভত চি বি আয়ে কি কি পাইছে সেয়া ৰাজহুৱা কৰিব লাগে।  গোচৰৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতত সম্পন্ন কৰিবলৈ মমতাই দাবী জনাইছে।

এইবোৰ এই কাণ্ডক লৈ হোৱা প্ৰতিবাদ আৰু ৰাজনীতিকৰণৰ এক অংশ। চিকিৎসক তথা চিকিৎসাকৰ্মীসকলে তেওঁলোকৰ নিৰাপত্তা প্ৰসংগত কিয় ইমান অৰণ্যৰোদন কৰিব লগা হৈছে, সেয়াহে আলোচ্য বিষয়। নিজ কৰ্মক্ষেত্ৰতেই এগৰাকী চিকিৎসকক নিৰাপত্তাহীনতা, মহিলা চিকিৎসকৰ সৈত হোৱা আনুষাংঙ্গিক বিষয়বোৰ চৰকাৰে সমাধান কৰিব কেতিয়া !

অসমতো চিকিৎসা বৃত্তি এতিয়া প্ৰত্যাহ্বানমূলক হৈ পৰিছে। বহুতে পাহঁৰি যায়, চিকিৎসকসকল ভগৱান সদৃশহে ভগৱান নহয়! চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ প্ৰতি দায়ৱদ্ধশীল হ’ব পৰাকৈ এক সুস্থ পৰিৱেশ গঢ়াৰ দায়িত্ব প্ৰতিজন লোকৰ। অৱশ্যে একাংশ চিকিৎসকৰ ৰোগী মানেই ধন ঘটাৰ এক উৎস সেই ধাৰণাও সলনি কৰি ইয়াক সেৱাপূৰ্ণ মনোভাৱেৰে গ্ৰহণ কৰাতো প্ৰয়োজন হৈ পৰিছে...

কোনে দিব নিৰাপত্তা ?
নিশাবোৰ নাৰীৰ হ’ব কেতিয়া?
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in