মৃদুল কুমাৰ সন্দিকৈ
ইমান কোৱাৰ পাছতো কিয় গা লৰা নাই। আবাহন থিয়েটাৰ কৰ্তৃপক্ষই আৰু কিমান প্ৰতিবাদ হ'লে নিজৰ দোষ স্বীকাৰ কৰি ল'ব। সামাজিক দায়বদ্ধতাৰ বাবেই জ্যোতিপ্ৰসাদৰ 'লভিতা' নাটকৰ আলামত এই একে নামৰ নাটকখন মঞ্চস্থ কৰা বুলি কৈছিল।
সেই দায়বদ্ধতাৰ বিপৰীতে জ্যোতিপ্ৰসাদৰ সৃষ্টিক অংগক্ষত কৰা প্ৰস্তুতি পৰাশৰ আৰু অভিজিৎ ভট্টাচাৰ্যই ব্যৱসায় কৰিবলৈ এই নাটক যে কৰিছিল তাক সকলোৱে বুজি উঠিছে। মুখত জ্য়োতিৰ নাম লৈ কামত জ্যোতি প্ৰসাদকেই অপমান কৰা এই সকলে ৰাজহুৱা কৈ ক্ষমা খোজাৰ প্ৰয়োজন আছে।
ভ্ৰাম্যমাণত চিণ্ডিকেট চলে। ধন ঘটিবলৈ আৰু বহু পন্থা আছে। নিজস্বৰ সৃষ্টিশীলতাৰ অবিহনে নকল আৰু চৌৰ্য বৃত্তিৰে নাট্যকাৰৰ নামত অভিজিত ভট্টাচাৰ্যই যি গ্লানি বুটলিছে তাক সমালোচনাৰ ভাষা নাই।
আৰু কিমান সমালোচনা হ'লে আবাহন থিয়েটাৰৰ প্ৰযোজকে এই অক্ষমণীয় ভুল স্বীকাৰ কৰি ল'ব। অভিজিৎ ভট্টাচাৰ্য নামৰ নাট্যকাৰ জনৰ নুন্যতম লাজ থকা হ'লে এনে কাম তেওঁ কৰিবলৈ নগ'লহেতেন।
অনিমা গগৈৰ মূলাগাভৰু নাটকখনো তেওঁলোকৰ উদ্যোগতেই কি কৰা হৈছিল সেয়াও পোহৰলৈ আহিছে। আনৰ নাটক এখন নিজৰ বুলি কেনেকৈ তেওঁলোকে দাবী কৰিব পাৰে। মূলাগাভৰু নাটকৰ কথা কৈ সামাজিক দায়বদ্ধতা প্ৰমাণ কৰিবলৈ যোৱা প্ৰস্তুতি পৰাশৰে এতিয়া কি ক'ব।
অভিজিৎ ভট্টাচাৰ্যই কৌশলেৰে ইমান দিনে কপি পেষ্ট কৰি নাটকৰ নামত যি কুম্ভলিক বৃত্তি সহায় লৈছিল সেয়া আৰু পোহৰলৈ আহিবলৈ বাকী নাই। মেৰীকমক লৈ প্ৰিয়ংকা চোপ্ৰাই নিৰ্মাণ কৰা চিনেমা খনৰ আধাৰত ভ্ৰাম্যমাণৰ নাটক এইজন অভিজিৎ ভট্টাচাৰ্যই ৰচনা কৰা নাছিল নে।
তেওঁৰ মনত আছে নে নাই জীৱিত মেৰীকমকেই বিকৃত কৰি নাটকত মচলা মৰাৰ বাবে মেৰীকমৰ তৰফৰ পৰা অসন্তুষ্টি ব্যক্ত কৰি যোগাযোগ কৰিছিল। নাটকখন চাবলৈ ইচ্ছা কৰি পত্ৰ দিছিল।
কিয় মেৰীকমক চাম বুলি কোৱাৰ পাছতো সেই নাটকখন চাবলৈ মাতিব পৰা নাছিল। অসমৰ নাট্যজগতৰ স্বনামধন্য নাট্যকাৰ প্ৰয়াত মহেন্দ্ৰ বৰঠাকুৰৰ এখন জনপ্ৰিয় নাটক নিজাকৈ লিখিব খুজিছিল এইগৰাকী নাট্যকাৰে।
বৰঠাকুৰ পৰিয়ালৰ পৰা কিছু বছৰ পূৰ্বে এটা ভ্ৰাম্যমাণ গোষ্ঠীৰ প্ৰযোজকে ইয়াৰ বাবে অনুমতি বিচাৰিছিল। কিন্তু পৰিয়ালে তেনে সস্তীয়া কাৰবাৰৰ বাবে অনুমতি নিদি প্ৰয়োজনত মহেন্দ্ৰ বৰঠাকুৰৰ মূল নাটকখনেই কৰিলে কৰিব পাৰে বুলি উভতাই পঠাইছিল।
সকলোৰে এটা সীমা থাকে। সেই সীমা প্ৰস্তুতি পৰাশৰ, অভিজিৎ ভট্টাচাৰ্য আদিয়ে কেতিয়াবাই অতিক্ৰম কৰিছে। অসমৰ ৰাইজে জ্যোতিপ্ৰসাদৰ সৃষ্টিত কেচি চলাই নিজৰ নামত নাটক ৰচনা কৰা অভিজিৎ ভট্টাচাৰ্যক মুকলি ভাৱে সমালোচনা কৰিছে। সতৰ্ক কৰি দিছে এই কাম নকৰিবলৈ।
বিশ্বৰ প্ৰতিষ্ঠিত আন নাট্যকাৰ সকলৰ নাটক পাৰে যদি অভিজিত ভট্টাচাৰ্যই অনুবাদ কৰক। তেওঁ নিজেই মৌলিকতাৰে যি মন যায় তাকেই লিখক। কিন্তু জ্যোতি প্ৰাসদৰ সংলাপ,চৰিত্ৰ, পটভূমি লৈ ৰজাঘৰৰ বন্দনাৰে সাংস্কৃতিক হিতাধিকাৰি হোৱাৰ অভিপ্ৰায় এৰক।
কোনোবাই যদি এই অভিজিৎ ভট্টাচাৰ্যই নিজৰ বুলি দাবী কৰা নাটকৰ দুই এটা সংলাপ ইফাল-সিফাল কৰি নিজৰ নামত নাটক ৰচে তেতিয়া তেওঁ বহি থাকিবনে। প্ৰস্তুতি পৰাশৰ জাতীয় জীৱনক লৈ কিছু সচেতন বুলি ভৱা হৈছিল। কিন্তু এতিয়া যি দেখা গৈছে তেওঁ নিজেও সাংস্কৃতিক বেপাৰীহে হৈ পৰিছে।
হয়, জ্যোতি প্ৰসাদৰ সৃষ্টিৰ কপি ৰাইট নাই। অসমৰ ৰাইজৰ বাবে এইবোৰ অমূল্য সম্পদ। জ্যোতিৰ মহান সৃষ্টিৰ ৰখীয়া অসমৰ সচেতন ৰাইজ। গতিকে কপি ৰাইট নাই বুলিয়েই অভিজিৎ ভট্টাচাৰ্যৰ দৰে লোকক এনে কৰিবলৈ কেতিয়াও দিয়া নহ'ব।
গুৰুদুজনাৰ বৰগীত, কীৰ্তন, নামঘোষা, অংকীয়া নাট সমূহো কি অভিজিৎ ভট্টাচাৰ্যই ৰিমিক্স কৰিব নেকি? জাতি এতিয়াও সাৰে আছে। এনে সাংস্কৃতিক দুৰ্বৃত্ত সকলক ৰাইজে শিক্ষা দিব জানে।
অক্ষমণীয় ভুল কৰাৰ পাছত অচিৰেই ভুল স্বীকাৰ কৰক।এই অভিজিৎ ভট্টাচাৰ্যই পিতৃ হেম ভট্টাচাৰ্যৰ মুখ খন মনত পেলাওক। জীৱিত থকা হ'লে পুত্ৰৰ এনে কামক হয়তো গৰিহনা দিলে হেতেনে এই গৰাকী নিষ্ঠাবান নাট্যকৰ্মীয়ে।
নাটকক তেওঁ বুজিছিল। নাটৰ বাবেই তেওঁৰ জীৱন আছিল। এখন নাটক কৰোতে তেওঁ নিজেই অতি দায়বদ্ধতাৰে সকলো দিশ উপলব্ধি কৰিছিল। তাৰ প্ৰমাণ হিচাপে অসমৰ ভ্ৰাম্যমাণৰ এখন অতি সফল নাটক 'দধিচি'ৰ কথা ক'ব পাৰি।
সেইজন নাট্য়কৰ্মীৰ পুত্ৰ অভিজিৎ ভট্টাচাৰ্যই এতিয়া ভ্ৰাম্যমাণত এইবোৰ কি কৰিছে। তেওঁ চৌদিশৰ ইমান গৰিহনা, গ্লানি, সমালোচনা শুনি কিয় নুশুনা ভাও ধৰিছে। প্ৰস্তুতি পৰাশৰে কিয় সিদ্ধান্ত ল'ব পৰা নাই? ভাবিছে নেকি যে এদিন এই সমালোচনাৰ জোৱাৰ অন্ত পৰিব আৰু এনেদৰে তেওঁলোকে যি ইচ্ছা তাকেই কৰি যাব।
দল-সংগঠন সকলো ক্ষোভিত আজি। জ্যোতিপ্ৰসাদৰ কান্ধত বন্দুক থৈ নুফুটালে ভ্ৰাম্যমাণলৈ ভাল দিন ঘূৰি নাহিলহেতেন নেকি? দৰ্শকক সদায় বুৰ্বক সজাই আৰু কিমান দিনলৈ এই বেপাৰ তেওঁলোকে চলাই যাম বুলি ভাবিছে।
মানুহে কৈছে এয়া বেয়া হৈছে। জ্যোতি, বিষ্ণু , শংকৰদেৱ, ভুপেন হাজৰিকা আমাৰ সাংস্কৃতিৰ আধাৰ। তেজে তেজে বৈ আছে সেই মহান শিল্পী সকলৰ সত্ত্বাৰ প্ৰবাহ। কেনেকৈ মানি ল'ব পাৰো অভিজিৎ, প্ৰস্তুতি হতৰ এই ধৃষ্টতা।
জ্যোতি প্ৰসাদক সন্মান জনাই প্ৰস্তুতি পৰাশৰ হতে লভিতা নাটকৰ প্ৰদৰ্শনী বন্ধ কৰক। অসমৰ ৰাইজৰ আগত কৰযোৰ কৰি ক্ষমা খোজক। প্ৰতিশ্ৰুতি দিয়ক এনে ভুল কেতিয়াও নহয়, নকৰো।