মৃদুল কুমাৰ সন্দিকৈ
লাচিত বৰফুকন বৰ অসমৰ বৰবীৰ আছিল। অসমীয়া জাতিৰ আৰু আহোম ৰাজত্ব কালৰ এক শৌৰ্য, বীৰ্য সত্বা হৈ চিৰকালৰ বাবে তেওঁঁ জিলিকি থাকিব। এই বীৰ পুৰুষ জনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে যি বিশাল আয়োজন আৰু আলোচনা চলিছে সেয়া অসমীয়া জাতিৰ বাবে শুভ লক্ষণ।
এনেবোৰ ইতিবাচক চৰ্চাৰ মাজতেই আন কিছু বিতৰ্কৰ সৃষ্টি হৈছে লাচিত বৰফুকনক লৈ। অপ্ৰয়োজনীয়ভাৱে লাচিত বৰফুকনক সেইবোৰ বিতৰ্কৰ মাজলৈ একাংশই টানি অনাত লাচিত বৰফুকন কেন্দ্ৰিক আন কিছু সন্দেহ বা ধাৰণাই গা কৰি উঠিছে।
আনকি একাংশই লাচিত বৰফুকন এক কল্পিত চৰিত্ৰ বুলি কবলৈও কুণ্ঠাবোধ কৰা নাই। আন এচামে চৰকাৰী উদ্যোগত এই আহোম সেনাপতি গৰাকীৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ মহা আয়োজনেৰে অনুষ্ঠিত কৰাত তাত ৰাজনীতিৰ গোন্ধ থকা বুলিও নাক কোচাইছে।
অন্য একাংশই লাচিত আহোম নাছিল, লাচিতৰ মাক কোন বংশৰ আছিল, লাচিতৰ কাষত বাঘ হাজৰিকা আছিল আদি কথাবোৰকলৈও ব্যস্ত হৈ পৰিছে। বুৰঞ্জীয়ে কি কয়। বা লাচিত বৰফুকনৰ সন্দৰ্ভত প্ৰকাশিক অপ্ৰকাশিক বিভিন্ন আহোম যুগৰ তথ্যই কি কৈ গৈছে তাক লৈ প্ৰণালীবদ্ধ গৱেষণাও চলিছে।
২০১৩ চনতেই লাচিত বৰফুকনক লৈ এটা অধ্যয়নশীল আৰু গৱেষণা লব্ধ লেখা লিখিছিল শৰৎ ফুকনে। লাচিত দিৱস উপলক্ষে লিখা এই প্ৰৱন্ধটো ২০২২ চনত ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ সময়ত আন কিছু তথ্য সন্নিবিষ্ট কৰি পুনৰূপ দিছিল ড০ ফুকনে।
লাচিতৰ বিষয়ে এই লেখাটো লিখিবলৈ যিবোৰ ঐতিহাসিক তথ্য সমলৰূপে ব্যৱহাৰ কৰিছিল তাৰ ভিতৰত ৰায় চাহাব গোলাপ বৰবৰাৰ আহোম বুৰঞ্জী, সূৰ্য কুমাৰ ভূঞাই সম্পাদনা কৰা কামৰূপ বুৰঞ্জী, হৰকান্ত বৰুৱা সদৰামিন দেৱৰ অসম বুৰঞ্জী, হিতেশ্বৰ বৰবৰুৱাৰ আহোমৰ দিন, হেৰম্ব কান্ত বৰপূজাৰীৰ দ্যা কম্পেহেঞ্চিভ হিষ্ট্ৰৰি অফ আসাম, ভৰত চন্দ্ৰ কলিতাৰ মিলিটাৰী এক্টিভিটিজ এফ মেডিভিল আসাম, ছাৰ যদুনাথ সৰকাৰৰ ঔৰংগজেৱৰ ইতিহাস আৰু আন কিছু তথ্য উল্লেখযোগ্য।
আনকি লাচিত বৰফুকনৰ বংশাৱলী তেওঁৰেই বংশধৰ গুণীন্দ্ৰ ঢেকিয়ালফুকনৰ ঘৰৰ পৰা সংগ্ৰহ কৰি এই প্ৰৱন্ধত সন্নিবিষ্ট কৰিছিল। ইয়াত উল্লেখ কৰা মতে লাচিত বৰফুকনৰ আদিপুৰুষ হ'ল মুংমাও দেশৰ পূৰ্ব মুলিং ৰাজ্যৰ মাও বংশৰ আদিপুৰুষ ফ্ৰেকেন।
ফ্ৰেকেনৰ বংশধৰ হ'ল লোপফিমা। এয়া হ'ল লাচিতৰ মূল বংশৰ ঠাল। চিৰিং ফিদেং ওৰফে মোমাই তামুলী প্ৰথম বৰবৰুৱা পদৰ অধিকাৰী। এওঁ লাচিতৰ পিতৃ। মুঠ ৮ টা সন্তান আছিল মোমাই তামুলী বৰবৰুৱাৰ। তেওঁলোক ক্ৰমে- লান মুং, লাল মুং, লান মুং কপ, কন্যা, লান ব লিক, কন্যা, লানচিং ওৰফে লাচিত বৰফুকন, লাঙী ডেকা।আদিতে এই বংশক চাংঘৰীয়া, কুমতিখোৱা, লুখুৰাসন বংশ বোলা হৈছিল।
লাচিত বৰফুকনৰ দেশপ্ৰেম, বীৰত্ব আৰু স্বাভিমানৰ প্ৰমাণ পাব পাৰি শৰাইঘাটৰ যুদ্ধৰ সময়ত। মোগলৰ বিৰুদ্ধে লাচিতক সেনাপতি পাতি আহোম ৰজাই পঠাইছিল। কিন্তু শৰাইঘাটৰ যুদ্ধৰ সময়ত নৰিয়া হোৱা লাচিতে নৰিয়া গাৰেই মোগলৰ বিৰুদ্ধ যুজিছিল।
আহোম সেনাৰ সাহস আৰু অনুপ্ৰেৰণাৰ প্ৰতীক হৈ কাললৈ খ্যাতি থৈ গ'ল এইগৰাকী বীৰে। লাচিত বৰফুকন আছিল মোমাই তামুলী বৰবৰুৱাৰ সপ্তম সন্তান। টাই ভাষাত লা শব্দই সন্তান চিৎ শব্দই সপ্তম বুজাই।
লাচিত বৰফুকনৰ জন্ম ক'ত হৈছিল তাক লৈ মতান্তৰ আছে। একাংশ ইতিহাসবিদে গোলাঘাট জিলাৰ ঢেকিয়াল তিনিআলিৰ পৰা কেইকিলোমিটাৰমান পশ্চিমলৈ থকা বৰগুৰী অঞ্চলত লাচিত বৰফুকনৰ জন্ম বুলি ক'ব খোজে।
এই লেখাত শৰৎ ফুকনে উল্লেখ কৰা মতে বকতাৰ খালৈঘুগুৰা মৌজাৰ প্ৰয়াত নন্দনাথ দেউধাই ফুকনৰ ঘৰত বহু সমল লাচিতৰ সন্দৰ্ভত আছে। লিখকৰ মতে সেই সাঁচিপতীয়াৰ বুৰঞ্জীৰ শলি নং১ আৰু শলি নং ৬ ত বহু খিনি কথা লাচিতৰ উপৰি পুৰুষ সন্দৰ্ভত লিখা হৈছে।
ইয়াৰোপৰি লাচিত বৰফুকনৰ পৰিনাতি জখলাবন্ধাৰ প্ৰয়াত ব্ৰজেন ফুকনৰ ঘৰত ৪৫ খন ফলি সম্বলিত গড়গঞা লিপিৰে লিখা সাঁচিপাতৰ পুঠিত লাচিত বৰফুকনৰ ল'ৰালি, যুৱকাল, আন আন বিষয় বাবৰ কথা আৰু শৰাইঘাটৰ ৰণৰ বিসদ বিৱৰণ সন্নিবিষ্ট আছে।
লাচিত বৰফুকনৰ সমৰ কলা সন্দৰ্ভতো এই লেখাত আলোচনা কৰা হৈছে। প্ৰাচীন চীনৰ বিখ্যাত দাৰ্শনিক আৰু সমৰ কলাবিদ ছানজুৰ ৰণকৌশলৰ গুণৰাশি লাচিতৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছিল। তাৰ ভিতৰত শত্ৰু পক্ষৰ শক্তি অধ্য়য়ন, আকস্মিক আক্ৰমণৰ কৌশল,চোৰাং চোৱা নিয়োগ, ক্ষীপ্ৰ সিদ্ধান্ত গ্ৰহণ আদি উল্লেখযোগ্য।
শৰাইঘাটৰ যুদ্ধক লৈয়ে আচলতে গৱেষণাৰ প্ৰয়োজন। মধ্যযুগত লাচিত বৰফুকনৰ গেৰিলাৰ পদ্ধতিৰ যুদ্ধ, ভূ প্ৰাকৃতিক আৰু ভূ ৰাজনৈতিক জলবায়ু অধ্যয়নেৰে মোগলৰ বিৰুদ্ধে সজাই লোৱা ৰণক্ষেত্ৰ সমূহ মন কৰিবলগীয়া।
মহাবীৰ লাচিত বৰফুকনৰ শীৰ্ষক লেখাত তেনে কিছু দিশ আলোচনা কৰা হৈছে। লাচিত বৰফুকনে ৰণক্ষেত্ৰৰ মূল স্থান হিচাপে লৈছিল আগিয়াঠুটি পাহাৰ, ৰংমহল (উত্তৰ গুৱাহাটী), বাঁহবাৰী, শৰাইঘাট(আমিনগাঁও), ইটাখুলি(পাণ বজাৰস্থিত উপায়ুক্তৰ বাসস্থান),অমৰাজুৰিঘাট(কামাখ্যাৰ সমীপত), আন্ধাৰুবালি(কামাখ্যাৰ পূৱ দিশত), ফুলুং মণিকৰ্ণেশ্বৰ গড়, মোমাইকটা গড়( ব্ৰহ্মপুত্ৰ দলঙৰ উত্তৰ পাৰ), গুৱাহাটী গড় ( এমজিৰোড), ৰাজগড়, হাজিখোৱা গড় (ভৰলুৰ আশে-পাশে), দক্ষিণস্থ মোমাইকটা গড় ( সাতমাইলৰ আশে পাশে), মইনাখুৰুং গড়, ফটাশিল গড় (গোটানগৰ অঞ্চল), বৰুৱাশোলা গড় (ইঞ্জিনিয়াৰিং কলেজৰ পৰা দক্ষিণেদি মইনাোৰোং চুই), বৰনদী, ভৰলু নৈ, ব্ৰহ্মপুত্ৰ নদী, উমানন্দ, অশ্বক্লান্ত, দীৰ্ঘেশ্বৰী, শুক্ৰেশ্বৰ, ঘোঁৰাজান, পাণ্ডুকোঠ, বৰগড়( উত্তৰ পাৰত), বেলতলা, ৰাণী, চাহ বুৰুজ, ৰাঙলি বুৰুজ (মণিকৰ্ণেশ্বৰ)।
লাচিত বৰফুকনে মোগলৰ বিৰুদ্ধে নেতৃত্ব দিয়া আহোম সেনাৰ মূল বিষয়া সকল আছিল ক্ৰমে- পানী ফুকন, পানী দিহিঙীয়া ফুকন, চেতিয়া ফুকন, চাংৰুং ফুকন, ডেকা ফুকন, কৰ্ঢ়ালৰ হাজৰিকা, খৰঙী হাজৰিকা, আখিৰঙা হাজৰিকা, কলীয়াবৰীয়া হাজৰিকা, শৰাইঘটীয়া ফুকন, জাগীয়াল ফুকন, কাজলিমুখীয়া বৰুৱা, ৰহিয়াল বৰুৱা, নীলাচল বৰুৱা, মজিন্দাৰ বৰুৱা, বুজন্দাৰ বৰুৱা আৰু সত্ৰীয়া বৰুৱা আদি।
শৰাইঘাটৰ যুদ্ধৰ মূল স্থানক দুটা ভাগত বিভক্ত কৰা হৈছিল। উত্তৰ পাৰ আৰু দক্ষিণ পাৰ। লাচিত বৰফুকন আছিল দক্ষিণ পাৰৰ। তেওঁ বাহৰপাতি আছিল ফাঁচী বজাৰত। বৰ্তমানৰ সোণাৰাম হাইস্কুল পথাৰৰ খেল পথাৰত।
স্বৰ্গদেউ চক্ৰধ্বজসিংহ আৰু স্বৰ্গদেউ উদয়আদিত্য সিংহৰ ৰাজত্ব কালত বৰসেনাপতি হৈ থকা লাচিত বৰফুকনে কূটনৈতিকভাবেও আছিল দক্ষ। আহোম আৰু মোগলৰ সৈতে খবৰ আদান প্ৰদানৰ বাবে দুই পক্ষই নিযুক্তি দিয়া কটকী সকল আছিল ক্ৰমে- দোৰ্বেগ, ৰুস্তমবেগ,চন্দ্ৰকন্দলি, সনাতন কটকী, পণ্ডিত ৰায়, শ্বেখ কমল, মাধৱচৰণ কটকী, পূৰ্ণানন্দ কটকী, চৈদয় জাফৰ, ৰাম কটকী, ৰাম হৰি কাৰ্জি, মিৰ, শ্ৰীনাৰায়ন আদি।
সেই সময়ৰ আহোম ৰজাৰ মহামন্ত্ৰী আঁতন বুঢাগোঁহাইয়ে লাচিত বৰফুকনক সকলো ধৰণৰ মন্ত্ৰনাৰে সহায় কৰিছিল। শৰাইঘাটৰ মূল যুদ্ধৰ পূৰ্বে আলাবৈ ৰণত ১০ হাজাৰ আহোম সৈণিকক হেৰুৱাই লাচিত বৰফুকন ম্ৰিয়মাণ হৈছিল। সেই সময়ত লাচিত বৰফুকনক সাহস আৰু প্ৰেৰণা দিছিল এইগৰাকী মহা মন্ত্ৰীয়ে।
লাচিত বৰফুকনৰ মৃত্যুৰ পাছত তেওঁক মৈদাম দিয়া হৈছিল সেই স্থানকলৈও মতান্তৰ আছে। হেৰেম্বো বৰপূজাৰীৰ মতে কলিয়াবৰৰ কাষৰ ৰূপদৌলত তেওঁৰ মৈদাম আছে। আন একাংশ বুৰঞ্জী বিদৰ মতে কাজিৰঙাৰ বনাঞ্চলতহে তেওঁক সমাধি দিয়া হৈছিল। অৱশ্যে এই বিষয়টো ঐতিহাসিক দৃষ্টিৰে গৱেষণা কৰি যোৰহাটৰ হোলোঙাপাৰাতহে লাচিত বৰফুকনৰ মৈদাম দিয়া হৈছিল বুলি সিদ্ধান্ত লোৱা হয়।
আন এটা বিষয় হ'ল- লাচিত বৰফুকনৰ এই ঐতিহাসিক চৰিত্ৰৰ সৈতে আন এচামে নতুন চৰিত্ৰ সংযোজন কৰিলে নেকি? বিশেষকৈ বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকি সঁচাকৈয়ে লাচিতৰ কাষত আছিলনে?
শৰাইঘাটৰ ৰণৰ সময়ত এনে পালি সেনাপতি উপস্থিতিৰ কথা বহুতেই নুই কৰিব খোজে। বাঘ হাজৰিকা, থকুৱা, গেথুৱা আদি চৰিত্ৰ কাৰোবাৰ সংযোজিত চৰিত্ৰ নেকি? কিয়মো শৰাইঘাটৰ ৰণ সন্দৰ্ভত উল্লেখ থকা প্ৰায়ভাগ বুৰঞ্জীতেই তেনে কোনো চৰিত্ৰৰ উপস্থিতিৰ কথা লিখা হোৱা নাই।
সূৰ্য কুমাৰ ভূঞাই স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ নামৰ এখন গ্ৰন্থত অসমীয়া মুছলমান শিতানত বাঘ হাজৰিকাৰ চৰিত্ৰ অংকিত কৰিলে। ১৯৭৫ চনত প্ৰকাশন পৰিষদে প্ৰকাশ কৰা এই গ্ৰন্থৰ বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকিৰ কথা লিখিছে যদিও মূল উৎসৰ সন্দৰ্ভত তেওঁ কোনো কথা উল্লেখ কৰা নাছিল।
সেয়েহে এই চৰিত্ৰটোক লৈ সদায় সন্দেহ ৰৈ যায়। উপযুক্ত গৱেষণা আৰু অধ্যয়নে নিসন্দেহে সেই বিতৰ্কৰ বা মতান্তৰ অন্ত পেলাব। লাচিত বৰফুকন সকলো সময়ৰে এজন সৰ্বশ্ৰেষ্ঠ বীৰ। তেওঁৰ ৰণকৌশল, বীৰত্ব, স্বাভিমান ৰাষ্ট্ৰীয় পৰ্যায়তে নহয়, বিশ্ব পৰ্যায়ত চৰ্চা হোৱা বা প্ৰতিষ্ঠা হোৱাৰ যোগ্য।
দেৱকান্ত বৰুৱাৰ কবিতাৰ ভাষাত- লাচিত ফুকন! লাচিত ফুকন!মোৰ স্বদেশৰ বীৰ/দেশৰ কাৰণে তাহানি এদিন যাঁচিলা নিজৰ শিৰ। এই কবিতাতেই কবিয়ে আৰু লিখিছিল- দেশৰ বাতৰি শুনিবানে বীৰ? নিদিওঁ তোমাক ফাঁকি,/ তোমাৰ অসম নাই আৰু আজি জকাটোহে তাৰ বাকী।
আৰু পঢ়ক: ৰাহুল গান্ধী দেখিবলৈ এতিয়া ছাদ্দাম হুচেইনৰে দৰে: হিমন্ত