মৃদুল কুমাৰ সন্দিকৈ
এতিয়া খবৰৰ জোৱাৰ উঠে। কোনটো খবৰ কেতিয়া কোনে দিয়ে আৰু সামাজিক মাধ্যমত সেই খবৰবোৰ ভাইৰেল হৈ পৰে তাৰ কোনো ঠিকনা নাই। স্বাভাৱিক দৃষ্টিত এইটো এটা তেনেই সৰু খবৰ। কিন্তু অলপ গভীৰভাৱে সেই খবৰটোক লৈ চিন্তা কৰিলে সমাজৰ বাবে এইটো এটা অতি ইতিবাচক আৰু সাম্প্ৰতিক সময়ৰ এটা অন্যতম ভাল খবৰ।
মাৰ্ঘেৰিটাৰ মাকুম পথাৰ পাইনীয়াৰ খেলপথাৰত ১৮ জুন ২০২৩ ত এখন মুকলি ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল। সেই ৰাজহুৱা সভাৰ সভাপতিত্ব কৰিছিল সঞ্জীৱ বড়াই। পাপু দত্তই উদ্দেশ্য বাখ্যা কৰা সভাখনত উপস্থিত আছিল এছ কে চবু, জ্যেতিষ ৰায়, ভকত শৰৎ গগৈ, সূৰ্য গগৈ, এলিনা বেগম আদি স্থানীয় গন্য মান্য ব্যক্তি সকল।
এই সভাৰ অন্তত মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক কেচি দাসে ফিটা কাটি এখন এম্বুলেন্স সেৱাৰ গাড়ী মুকলি কৰিলে। সেই অঞ্চলটোৰ বাবে এম্বুলেন্স সেৱা অতিকৈ প্ৰয়োজনীয় আছিল।
স্থানীয়লোকে এই কামক সাধুবাদ দিলে। বহুদিনীয়া প্ৰয়োজন এটা সঠিক চিন্তাৰ পৰিণতিত পূৰণ হ'ল অঞ্চলটোৰ বাবে। এখন এম্বুলেন্স সেৱাৰ গাড়ী মুকলি কৰাৰ খবৰ সাধাৰণতে বিভিন্ন স্থানৰ পৰা আহে।
কোনোবা পুঁজিপতিলোকে, দল-সংগঠনে, ৰাজনৈতিক নেতা-মন্ত্ৰীয়ে এনেদৰে এম্বুলেন্সৰ বাবে প্ৰয়োজনীয় সেৱা মুকলি কৰি সমাজ সেৱা কৰাতো নতুন কথা নহয়। কিন্তু এই কামত নতুনত্ব আছে। সম্ভৱতঃ এইধৰণৰ ৰাজহুৱা পৃষ্ঠপোষকতাত কৰা এইটো প্ৰথম কাম।
মাকুম পথাৰ পাইনীয়াৰ খেলপথাৰত যোৱা ৫ বছৰ ধৰি ৰঙালী বিহু অনুষ্ঠিত কৰি আহিছে। ২০২৩ বৰ্ষতো ২৬ আৰু ২৭ এপ্ৰিলত উক্ত খেল পথাৰত অনুষ্ঠিত কৰা হৈছিল পঞ্চম মাকুম পথাৰ আঞ্চলিক ৰঙালী বিহু।
ৰাইজৰ সহযোগত উলহ-মালহেৰে এই বিহু মেলা অনুষ্ঠিত হৈ গ'ল। বিহু শেষ হোৱাৰ পিছদিনাই মাকুম পথাৰ ৰাজহুৱা নামঘৰত এই অনুষ্ঠানৰ হিচাপ-নিকাচ হ'ল। দেখা গ'ল সকলো খৰচ ব্য়য় কৰিও কমিটীৰ হাতত ১ লাখ ৭০ হাজাৰ টকা জমা থাকিল।
উক্ত মুকলি সভাতেই আলোচনা হ'ল এই ধনেৰে কি কৰা যায়। কোনো কোনোৱে প্ৰস্তাৱ দিলে অঞ্চলটোৰ বাবে এখন এম্বুলেন্স অতিকে প্ৰয়োজন। সেয়েহে এই ৰাহি হোৱা ধনেৰে এখন এম্বুলেন্সৰ ব্যৱস্থা কৰিব পাৰি নেকি সেই কথা আলোচনা হ'ল।
সভাত উপস্থিত ৰাইজে এই প্ৰস্তাৱত সহমত জনালে। কিন্তু ৰাহিৰ ১ লাখ ৭০ হাজাৰ ধনেৰে এম্বুলেন্স এখন ক্ৰয় কৰাতো সম্ভৱ নহয়। তেতিয়াই উক্ত সভাত উপস্থিত থকা আন একাংশ ৰাইজে এই মহৎ কামৰ বাবে কিছু দান দিবলৈ আগবাঢ়ি আহিল।
সেইদিনা তেনেকৈয়ে সংগ্ৰহ হ'ল আৰু ৬০,০০০ টকা। বিহু আয়োজক কমিটীৰ হাতত মূলধন হিচাপে জমা হল ২ লাখ ৩০ হাজাৰ টকা। তাৰপাছত বিহু আয়োজক কমিটী তথা ৰাইজৰ প্ৰতিনিধিৰ এটা দল গুৱাহাটীলৈ আহিল।
২ লাখ ৩০ হাজাৰ টকা ডাউন পেমেন্ট দি ক্ৰয় কৰিলে মাৰুতি ইকো এখন এম্বুলেন্স। ।যিখনৰ মূল্য আছিল ৬ লাখ ৬১ হাজাৰ টকা। ৰাইজ তথা বিহু আয়োজক কমিটীয়ে এই এম্বুলেন্স ক্ৰয় কৰাৰ লগতে হিচাপ কৰি দেখিলে এম্বুলেন্সখনৰ ই এম আইৰ বাবদ মাহে দিব লাগিব ১৩,১০০ টকা। এম্বুলেন্সখনৰ চালকক দৰমহাৰ বাবদ ধাৰ্য কৰিলে ৮,০০০ টকা।
সেই ধনৰ বাবে ৰাইজে আন এক সিদ্ধান্ত ল'লে। যি সকল আৰ্থিকভাৱে পিছপৰালোকে ধন দিব নোৱাৰে তেওঁলোকক বিনামূলীয়াকৈ এই সেৱা প্ৰদান কৰা হ'ব। যি সকলে দিব পাৰে তেওঁলোকে এম্বুলেন্সৰ সেৱা গ্ৰহণ কৰিলে ইয়াৰ তেল আৰু ভাড়াৰ বাবদ ধন পৰিশোধ কৰিব।
তাৰপাছতো মাহটোৰ বাবে প্ৰয়োজন হোৱা ধনৰ দায়িত্ব ল'লে বিহু আয়োজক কমিটী তথা ৰাইজৰ শুভাকাংশীসকলে। এনেদৰেই এটা ভাল কাম সম্ভৱ হৈ উঠিল। এটা ডাঙৰ অভাৱ পূৰণ হ'ল। এখন বিহু আয়োজক কমিটী আৰু ৰাইজৰ ইতিবাচক চিন্তাৰে সমৃদ্ধ এই খবৰে আন অনুষ্ঠান বা বিহু আয়োজন কৰা আয়োজকসকলৰ বাবে এক নিদৰ্শন হৈ ৰ'ল।
সেই খবৰটো ৰাইজৰ মাজলৈ যোৱা অত্যন্ত প্ৰয়োজনীয়। সঁচা অৰ্থত এইটো এটা ভাল আৰু প্ৰকৃতাৰ্থত ডাঙৰ খবৰ আছিল। খবৰৰ ভিৰত সেই খবৰ হেৰাই থাকিল। অতি ক'ম মানুহে এই খবৰ হয়তো পালে। কিন্তু আমি ব্ৰেকিং বা ডাঙৰ খবৰ বুলি প্ৰচাৰ কৰি থকা খবৰবোৰৰ মাজত এম্বুলেন্স ক্ৰয় আৰু মুকলি খবৰটো আছিল ব্যতিক্ৰম।
মাৰ্ঘেৰিটাৰ মাকুম পথাৰৰ ৰাইজে পুনৰ প্ৰমাণ কৰিলে ৰাইজে হাত জোকাৰিলে, সঠিক সিদ্ধান্ত লৈ আগবাঢ়িলে বহু সমস্যা নিজাকৈয়ে সমাধান কৰিব পাৰি।