মৃদুল কুমাৰ সন্দিকৈ
মাজনী, মাজনী...!- মায়ে তোমাক মাতিছে। কি হৈছিল তোমাৰ স'তে জানিব বিচাৰিছে। চিঞৰি চিঞৰি মানুহজনীয়ে কান্দিছে। কাকো যে বিশ্বাস কৰিব নোৱাৰি তেওঁ ভালদৰে বুজি উঠিছে।
বিহু চাবলৈ আহি মানুহজনীয়ে তোমাৰ কষ্ট হ'ব বুলি তেওঁলোকৰ ঘৰত থৈ গৈছিল। পুৱা ৪ বজাৰ কেঁচা টোপনি নাভাঙক বুলিয়েই চিনাকী মানুহঘৰক কৈ গৈছিল- ''তাই শুইছে শুৱক।আৱেলি ৫ বজাত মই ডিউটিৰ পৰা আহি তাইক লৈ যামহি ঘৰলৈ''।
কথা দিয়া মতেই মানুহজনী আহিছিল। নাছিলা তুমি! তোমাক বিচাৰি পাগলীৰ দৰে হৈ পৰিছিল তোমাৰ মা। বেয়া চিন্তা হয়তো সেই মুহূৰ্তত মনলৈ অহা নাছিল তেওঁৰ। আকাশ-পাতাল ভাৱি ইজনৰ-পাছত সিজনলৈ ফোন কৰি কেৱল জনাইছিল তুমি নথকাৰ খবৰ।
১২ বছৰ তোমাক তুলি তালি ডাঙৰ কৰাই নহয়, বুকুত সুমুৱাই ৰাতি কটোৱা মানুহজনীৰ মুখৰ পৰা হুমুনিয়াহ হৈ সৰিছিল ইটোৰ পাছত সিটো উশাহ। আশা এৰি দিয়া নাছিল তেওঁ। মাঁথো ভাৱি পোৱা নাছিল ক'লৈ যাব পৰা তুমি।
সঁচা জানো লুকাই থাকে? দুৰ্ভাগ্য়ই তোমাক অজানমূলকলৈ লৈ গ'লেও তোমাৰ নিথৰ দেহটো শৌচাগাৰৰ টেংকিত ওলোৱা সময়ত মানুহজনী জ্ঞানশূণ্য হৈ পৰিছিল। ভাবি পোৱা নাছিল সেয়া দিঠক নে সপোন।
মানুহৰূপী দানৱৰ এই কাণ্ডই কাকোৱেই চোন বিশ্বাসত ল'ব নোৱাৰা পৰিৱেশ এটা আকৌ গঢ়ি দিলে। মানুহৰ ওচৰত মানুহৰ এই ভয়ে তোমাৰ দৰে আন বহুতকে খুলি খুলি খাইছে।
সেই সকলো অসহায় হৈ নিজৰ তোমাৰ বয়সীয়া ছোৱালীৰ চকুলৈ চাই ভিতৰি শংকিত হৈ পৰিছে। মাৰ্ঘেৰিটাৰ চেগুণবাৰী মাজনী সৈতে যি হৈ গ'ল সেয়া আন কাৰোবাৰ সৈতে নহ'ব বুলি কোনে নিশ্চিয়তা দিব পাৰে এতিয়া?
কিমান যে ঘটনা ঘটিছে চকুৰ আগতে। এই পশুত্ব এতিয়াও অন্ত পৰা নাই। কেনেকৈ এচাম লোক ইমান তললৈ যাব পাৰে নামি? কেনেকৈ পাহৰিব পাৰে সকলো? কেইটামান মুহূৰ্তৰ বাবে নিজৰ সংযমতা ৰক্ষা কৰিব নোৱাৰা মানুহবোৰ পশুতকৈ চোন অধম।
এই ব্যাধিৰ অন্ত ক'ত? কিয় আমি আজিও নাৰীৰ বাবে এখন সুৰক্ষিত পৃথিৱী গঢ়াত বিফল হৈছো? আমিতো সকলোৱে জানো A safe society is when it's rape free । বলাৎকাৰ কেতিয়াও ভুল হ'ব নোৱাৰে। কৰো বুলিয়েই অপৰাধীয়ে কৰে এই অপৰাধ- rape is never a mistake...
নাৰীক লৈ কিয় পদে পদে এই ভয়? বিশ্ব জয় কৰা নেপ'লিয়নতো কেতিয়াও এনে ভয়ৰ পৃষ্ঠপোষকতা কৰা নাছিল। তেওঁ চিন্তাত আছিল নাৰীক শক্তিৰূপত প্ৰতিষ্ঠা কৰাৰ দুৰ্দান্ত হেঁপাহ। সেয়ে তেওঁ বিশ্বাস কৰিছিল- let her sleep, for when she wakes, she will move mountains .
বাস্তৱ জানো এয়া? নিৰ্ভয়া কাণ্ড সংঘটিত হওঁতেই ক'ত প্ৰতিবাদৰ জোৱাৰ উঠিছিল। বলাৎকাৰৰ বিৰুদ্ধে সকলো গৰ্জিছিল। দোষীক ফাঁচী কাঠত ওলোমাইছিল, কঠোৰ আইন হৈছিল। কিন্তু তাৰ পাছতো নিৰ্ভয়াৰ দৰে দুৰ্ভগীয়া চোন ওলায়েই আছে।
এইখন ভাৰততে প্ৰতিদিনে গড়ে ৮৬ গৰাকী নাৰীৰ বলাৎকাৰৰ গোচৰ ৰুজু হয়। ৯০ শতাংশৰো অধিক বলাৎকাৰ আঁৰতে ৰৈ যোৱাৰ পাছত নেছনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰৰ এই তথ্য।
২০২১ত পঞ্জীয়ন হোৱা বলাৎকাৰৰ গোচৰৰ সংখ্যায়েই আছিল ৩১,৬৭৭ টা। যৌন নিৰ্যাতন, অপহৰণ আদি নাৰী কেন্দ্ৰিক গোচৰবোৰৰ তথ্যই চকু কপালত তোলে। মহিলাৰ বিৰুদ্ধে প্ৰতি ঘন্টাত আমাৰ দেশত ৪৯ টা এই ধৰণৰ অপৰাধ সংঘটিত হয়।
বাঢ়ি আছে এইবোৰ অপৰাধ।মানুহে এতিয়া তোমাৰ পক্ষত থিয় দিছে। অপৰাধীক কঠোৰ শাস্তি বিহাৰ দাবী উঠিছে।চকুপানীয়ে বাট নেদেখা হোৱা তোমাৰ মায়ে হিয়া ঢাকুৰি কান্দিছে।
নিজকে দোষ দি কৈছে সেইদিনা যদি তোমাক সেই চিনাকী মানুহঘৰত থৈ নগ'লহেতেন তেনেহলে আজি তুমি তেওঁৰ বুকুৰ মাজত থাকিলাহেতেন। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই কাণ্ডৰ মূল অভিযুক্ত হিচাপে চিহ্নিত কৰা আনন তাঁতীক।
মাৰ্ঘেৰিটাৰ জয়া নগৰৰ এটা ভাড়াঘৰত কি যে হৈ গ'ল। চিৰদিনৰ বাবে আকৌ এবাৰ মানুহৰ অবিশ্বাসৰ কাহিনী মানুহৰ দৰেই লিখা হ'ল। বলি হ'লা তুমি। আনন তাঁতীৰ ল'ৰাৰ সৈতে তুমি একে লগেই পঢ়া।
আনন তাঁতীৰ পত্নীৰ সৈতে তোমাৰ মাৰ বন্ধুত্ব এতিয়া অবিশ্বাসৰ নামান্তৰলৈ সলনি হ'ল। হয়তো প্ৰথমে বলাৎকাৰ পাছত হত্যা। অৰুণাচলৰ দেওমালিত আত্মগোপন কৰি থকা অৱস্থাত আটক কৰা আনন তাঁতীয়ে ক'ব সেই সভ্য সমাজক লজ্জিত কৰাৰ কাহিনী।
যি হৈ গ'ল সেই কাহিনী সলাব কোনে? চিৰস্থায়ী হ'ল আৰু এক দুৰ্ভাগ্যজনক ঘটনাৰ। এইবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উপাই কি তাক বিচাৰি হায়ৰান তোমাৰ মাৰ দৰে অনেকজন পিতৃ-মাতৃ, অভিভাৱক।
কেতিয়া, ক'ত কি দুৰ্ভাগ্যই আগা-ভেটা কৰে সেয়া কোনোৱে নাজানে। তেওঁলোকৰ মনতো চৰম শংকা। যদি তেওঁলোকৰ সৈতেও হৈ যায় তোমাৰ দৰে অনুৰূপ ঘটনা। কিয়নো তেওঁলোকৰো আছে তোমাৰ দৰেই কন্যা।
তেওঁলোকে এই ঘটনাত মৰ্মাহত হৈ নিজেই নিজক কৈছে এতিয়া- মাজনী, মইয়ো যে তোমাৰ দৰে ছোৱালীৰ মাক-বাপেক...
(মাৰ্ঘেৰিটাৰ জঘন্য কাণ্ডৰ বলি হোৱা কিশোৰী গৰাকীৰ নাম উক্ত লেখাটোত সলনি কৰি দিয়া হৈছে)
Also Read: উশৃংখল 'শৃংখল' !