স্বৰ্গপুৰী নে মন্ত্ৰী কলনী?

আচৰণ ভাল হোৱা নাই। কথাবোৰ মানুহৰ বিশ্বাসযোগ্যভাৱে উপস্থাপন তেওঁলোকে কৰিব পৰা নাই। সেই কথা ধৰা পৰিছে মুখ্যমন্ত্ৰীৰ দৃষ্টিত।

author-image
Asomiya Pratidin
New Update
স্বৰ্গপুৰী নে মন্ত্ৰী কলনী?

মৃদুল কুমাৰ সন্দিকৈ

আচৰণ ভাল হোৱা নাই। কথাবোৰ মানুহৰ বিশ্বাসযোগ্যভাৱে উপস্থাপন তেওঁলোকে কৰিব পৰা নাই। সেই কথা ধৰা পৰিছে মুখ্যমন্ত্ৰীৰ দৃষ্টিত। সেয়েহে শাসকীয় বিজেপিৰ মুখপাত্ৰসকলৰ সৈতে হোৱা এক বৈঠকত মুখ্যমন্ত্ৰীয়ে তেওঁৰ অসন্তুষ্টি ব্যক্ত কৰি মুখপাত্ৰসকলক উদ্দেশ্যি কিছু পৰামৰ্শ দিয়া বুলি সংবাদ মাধ্যমত বাতৰিৰ শীৰ্ষ হৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে আত্ম প্ৰচাৰ বাদ দি দল আৰু চৰকাৰৰ কাম-কাজ সঠিকভাৱে আৰু ৰুচিপূৰ্ণ ধৰণে মানুহৰ মাজলৈ লৈ যাব লাগে। টিভিৰ টক শ্ব'ত উত্তেজিত হোৱাৰ সলনি যুক্তি সহকাৰে কথাবোৰ উপস্থাপন কৰাতো তেওঁ গুৰুত্ব দি কোন কি বিষয়ত পাৰ্গত সেই ভিত্তিত এই বিষয়বোৰ আলোচনাত ভাগ লোৱা বক্তাসকলক নিৰ্বাচন কৰাৰ ক্ষেত্ৰতো জোৰ দিয়ে।

মুখ্যমন্ত্ৰীৰ এই উপলব্ধি মিছা নহয়। শাসনত থকা দল এটাৰ কৰ্মকৰ্তাসকলৰ, মন্ত্ৰী বিধায়কৰ অহংপূৰ্ণভাৱে বহু সময়ত দলটোক ক্ষতি কৰে। সেয়েহে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ এনে উপদেশ আৰু উপলব্ধি শাসকীয় নেতা-মন্ত্ৰীসকলে অনুভৱ কৰিব পাৰিলে সেয়া দলৰ বাবে মংগলজনক হ'ব।

একেদৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও অসমৰ ৰাইজে এই সময়চোৱাত বৰ্তমানৰ চৰকাৰখনৰ বাবে কি দৃষ্টিভংগী পোষণ কৰিছে তাৰ ওপৰতো নজৰ ৰখাৰ প্ৰয়োজন। একাংশ মন্ত্ৰীৰ উচ্চ বাক্যই আৰু তেওঁলোকৰ গুৰু গোসাই নমনা আচৰণে অসমৰ ৰাইজক হতাশ কৰিছে নেকি সেই বিষয়েও ভূ লোৱা উচিত।

অসম এনেও উৎসৱমুখী ৰাজ্য। বিভিন্ন জাতি-জনগোষ্ঠীয়ে উদযাপন কৰে ভালেমান উৎসৱ। সেই উৎসৱৰ সংখ্যা এতিয়া আৰু বৃদ্ধি পাইছে। চৰকাৰেও সুবিধা পালেই উৎসৱ আয়োজন কৰি ৰাজ্যখনক উৎসৱমুখী কৰি ৰখাত হাত উজান দিছে।

প্ৰচাৰৰ নামত আয়োজিত এই উৎসৱবোৰৰ পাৰ্শ্বক্ৰিয়াই মানুহৰ মনত সৃষ্টি কৰা প্ৰতিক্ৰিয়া কিন্তু বৰ শুভদায়ক হৈ থকা নাই। একেদৰে চৰকাৰী ভঁৰালত ধন নাথাকিলেও ঋণ লৈ হ'লেও উৎসৱত মতলীয়া হৈ থকা চৰকাৰে কোনো কৃপনালী নকৰাকৈ পানীৰ দৰে ধন ব্যয় কৰিছে।

প্ৰশ্ন উঠিছিল বিভিন্ন জিলাই জিলাই কেবিনেট বৈঠক পতাৰ নামত চৰকাৰে কোটি কোটি ধন ব্যয় কৰাতো ভাল হোৱা নাই। চৰকাৰেও তেতিয়া কেবিনেট বৈঠকৰ আয়োজনে জিলা বা সেই স্থান সমূহৰ আন্তঃগাঠনি উন্নত হৈছে বুলি যুক্তি দাঙি ধৰিছিল।

পিছে সেই যুক্তি বেছি দিন স্থায়ী হৈ নাথাকিল। কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ নামত জিলা প্ৰশাসনে কিমান ধন ব্যয় কৰিব পাৰিব তাৰ স্পষ্ট নিৰ্দেশনা জাৰি কৰিবলৈ বাধ্য হ'ল চৰকাৰ। ৫ লাখ টকাৰ ভিতৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ নতুন নিয়ম বান্ধি দিয়াৰ লগতে অন্যান্য মেৰামতি আৰু নিৰ্মাণ কাৰ্যত অতিৰিক্ত ধন ব্যয় কৰিব নোৱাৰিব বুলিও চৰকাৰে নিৰ্দেশ দিব লগা হ'ল।

এতিয়া এনে দিন চলি আছে চাকৰি নিযুক্তি পত্ৰ, হিতাধিকাৰীৰ ধন বিতৰণ, কোনোবা আঁচনিৰ শুভ উদ্বোধন, ছাত্ৰ-ছাত্ৰীৰ বাবে উন্নয়নমূলক আঁচনি, সামগ্ৰী বিতৰণ আদি অনুষ্ঠান আয়োজন কৰিবলৈ কোটি কোটি টকা ব্যয় কৰা হয়। যি ব্যয় অনাৱশ্যক ।

সেই উপলব্ধিও যোৱা আঢ়ৈ বছৰত ৪৫ হাজাৰ কোটিৰ ঋণ লোৱা চৰকাৰখনে অনুভৱ কৰাতো ভাল নে বেয়া সেয়া কাকো বুজাই কব নালাগে। কেৱল ইমানেই নে? ঋণৰ ওপৰত নিৰ্ভৰশীল হৈ থকা এখন চৰকাৰে এফালে কৌশলেৰে কৰৰ বোজা, আনফালে নেতা-মন্ত্ৰীসকলৰ বিলাসৰ বাবে কোটি কোটি টকা ব্যয় কৰাৰ প্ৰৱণতাও অত্যন্ত দুৰ্ভাগ্যজনক।

চৰ্চা হৈছে দিছপুৰৰ মন্ত্ৰী আৱাসৰ পুনৰ মেৰামতিৰ নামত ব্যয় কৰা ধন ৰাশিক লৈ। ৩৫ কোটি ৮৮ লাখ টকা ইয়াৰ বাবে ব্যয় হৈছে বুলি অভিযোগ উঠিছে। মন্ত্ৰীৰ নিৰাপত্তাৰ নামত ব্যয়, মন্ত্ৰীক বিভিন্ন সা-সুবিধা প্ৰদানৰ নামত কৰা ব্যয় সংকোচন নকৰি আনবোৰ দিশত ব্যয় সংকোচনৰ মহামন্ত্ৰ মাতি থকাতো শাকত লোন নাখাই পিতিকাত তিনি গুণ ব্যয় কৰাৰ দৰে হৈছে।

মন্ত্ৰীৰ আৱাসৰ ভিতৰত পুলিচ বেৰেক নিৰ্মাণৰ নামতেই ২ কোটিৰো ওপৰৰ টকা ব্যয় কৰিছে চৰকাৰে। মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰিব পৰাকৈ মন্ত্ৰী আৱাস চৌহদৰ ভিতৰত ১৪ নং আৱাসটো এটা অত্যাধুনিক সভা গৃহলৈ উন্নীত কৰা হৈছে।

এজন মন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে তেওঁৰ আৱাসৰ ভিতৰতেই সকলো সুবিধা লাভ কৰিব লাগিব বুলি কিবা নীতি আছে নেকি? মন্ত্ৰীসকলৰ প্ৰতি চৰকাৰ ইমান দায়বদ্ধশীল যে তেওঁলোকৰ বাবে মন্ত্ৰীৰ আৱাস কলনীৰ ভিতৰতেই এখন ইণ্ডো ষ্টেডিয়াম, বেডমিন্টন কোৰ্টো সজাই লোৱা হৈছে।

ইয়াৰ বাবদ ১১ কোটি ৫২ লাখ টকা ব্যয় কৰিছে চৰকাৰে। এইবোৰ বিলাস নহয় কি? দিছপুৰত এতিয়া বিলাসৰ সকলো প্ৰস্তুতি আৰু আন্তঃগাঠনি আছে। লেপটপ প্ৰদান কৰি বিধায়কসকলকে চৰকাৰে হিতাধিকাৰী কৰি পেলোৱাৰ পাছতো কাৰো মুখত ইয়াক লৈ কোনো প্ৰতিবাদ নাই।

মন্ত্ৰী বিধায়কৰ বাবে ডেৰ কোটি টকা ব্যয়ৰে জিমখানা আৰু ক্লাবো নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। তেওঁলোক সু-স্বাস্থ্যৰ গৰাকী হৈ থাকিবলৈ যি ধৰণৰ সুবিধা লাগে সকলো সুবিধা তেওঁলোকৰ প্ৰাপ্য অধিকাৰ হৈ পৰিছে।

ইয়াৰ বাবে ধন কৰ পৰা খৰচ হৈছে। এজন মন্ত্ৰী বা বিধায়কে নিজা খৰচত শাৰীৰিক ব্য়ায়াম কৰিবলৈ জিমলৈও যাব নোৱাৰেনে। এই ধৰণৰ প্ৰৱণতাৰ পৰা নেতা-মন্ত্ৰীক চৰকাৰে আঁতৰাই ৰাখিব নোৱাৰিলে ব্যয় সংকোচনৰ মিছা শ্লোগান দি লাভ নাই।

ৰাজকীয় সা-সুবিধা গ্ৰহণেৰে তেওঁলোক বিলাসী জীৱনত অভ্যস্ত হৈ পৰিছে । তাৰ বিপৰীতে কৰ কাতালৰ ভৰ সহিব নোৱাৰি সাধাৰণ লোক নিশকতীয়া হৈ গৈছে। তাৰ মাজতে ঋণ লৈ হলেও হিতাধিকাৰীসকলক সন্তুষ্ট কৰিবলৈ নতুন নতুন আঁচনিৰে চৰকাৰ ব্যস্ত হৈ পৰিছে। ইয়াৰ ফল এদিন অসমৰ জনতাই ভোগ কৰিব লাগিব।

নেতা-মন্ত্ৰী আজি আছে কালি নাথাকিব। মুখ্যমন্ত্ৰীয়েও চিৰদিন মুখ্যমন্ত্ৰী হৈ দিছপুৰত থাকি নাযায়। কিন্তু অসমবাসীৰ মূৰত জাপি দিয়া এই ধাৰৰ বোজা ৰৈ যাব ঋণ পৰিশোধ নকৰালৈকে।

Also Read: ইজৰাইলত বিভৎস দৃশ্য! ক'ত আছে শান্তিৰ উশাহ?

himanta biswa sarma assam govt