মৃদুল কুমাৰ সন্দিকৈ
বন্ধন বেংকৰ ঋণ লৈ সৰ্বস্বান্ত হোৱা বহু উদাহৰণ চকুৰ সন্মুখতে আছে। মাইক্ৰফাইনেঞ্চৰ প্ৰতিষ্ঠানৰ পৰা ধন ধাৰ কৰি পুত্ৰক বাইক কিনি, ঘৰ সাজি অন্যান্য উৎপাদন নোহোৱা কামত ব্যয় কৰা মানুহৰ সংখ্যায়েই বেছি।
'বিদুৰভাই' নামৰ এখন ধাৰাবাহিকত সেই পৰিৱেশ পৰিস্থিতিক বৰ ধুনীয়াকৈ উপস্থাপন কৰা হৈছিল। এক মহৎ উদ্দেশ্যত এই ঋণ প্ৰদান কৰা হৈছিল যদিও সেই লক্ষ্যত বিভিন্ন কাৰণত উপনীত হ'ব পৰা নগ'ল।
গাঁৱত আজিও মহিলা সকলৰ মাজত আত্মসহায়ক গোটবোৰ আছে যদিও সেই গোটবোৰে দুই একক বাদ দি বেছি ভাগেই কেৱল আনক ধন ধাৰে দিয়া এক অনুষ্ঠান হৈ পৰিছে।
অথচ চৰকাৰে দান কৰা এককালীন সাহায্য, অন্যান্য সা সুবিধা লৈ মহিলা সকলে নিজকে সৱল আৰু আৰ্থিক ভাৱে স্বচ্ছল কৰিব পাৰিলেহেতেন। কৃষক সকলৰ ক্ষেত্ৰতো কিষান ক্ৰেডিট কাৰ্ড বা আন আঁচনি এক ভেকোভাওনাহে হৈ পৰিছে গৈ।
এই কথাবোৰ আমি ভৱাৰ অৱকাশ পাঁও যেতিয়া এনে কামবোৰ কৰিয়েই এখন দেশে নিজৰ অৰ্থনীতি সৱল কৰিছে। দেশখনৰ পৰা দৰিদ্ৰতা নিৰ্মূলৰ বাবে এই চিন্তাই ভাবিব নোৱাৰা ধৰণৰ বৰঙণি আগবঢ়াইছে।
১ মাৰ্চ ২০২৩ ত এজন বিশেষ ব্যক্তিক লগ পোৱাৰ সৌভাগ্য হৈছিল। এক অনুষ্ঠানৰ বাবে আহি গুৱাহাটীৰ এখন পঞ্চতাৰকা হোটেলত ৰাতিটো কটাইছিল তেওঁ। পিছদিনা আৱেলিলৈ তেওঁ উভতি যাব লগা বিমান থকাৰ বাবে পুৱা ১০.৩০ বজাত মাত্ৰ ৫ মিনিটৰ বাবে তেখেতক লগ পোৱাৰ অনুমতি লাভ কৰা হৈছিল।
আকস্মিকভাৱে অহা সেই সুযোগ হয়তো জীৱনৰ বাবে এক বিৰল অভিজ্ঞতা হৈ ৰ'ব। তেওঁ আছিল প্ৰফেচাৰ মহম্মদ ইউনুছ। ২০০৬ চনত তেওঁ শান্তিৰ ন'বেল বঁটা লাভ কৰিছিল।
ন'বেল বঁটা বিজয়ী এগৰাকী অৰ্থনীতিবিদক সাক্ষাৎ আৰু দুই এটা কথা পতাৰ বাবে সেইদিনা নিৰ্দিষ্ট হোটেল খনলৈ যাঁওতে কেইবাগৰাকী বিশিষ্টি ব্যক্তি তেখেতৰ সাক্ষাতৰ বাবে আহি ৰৈ আছিল।
এখন ৰাষ্ট্ৰীয় কাকতৰ কনচালটেন্ট এডিটৰে তেখেতৰ সাক্ষাৎ গ্ৰহণ কৰি থকা সময়তেই তেখেতৰ টেবুল খনৰ কাষত খালী হৈ থকা দুখন চকীৰ এখনত বহাৰ সুযোগ পাইছিলো।
ৰাষ্ট্ৰীয় কাকতখনে লোৱা সাক্ষাতকৰাৰ প্ৰশ্নবোৰ আছিল তেখেতৰ জীৱন দৰ্শন আৰু ভৱিষ্যতক লৈ। অতি আময়িক আৰু হাস্যমুখী ন'বেল বিজয়ী গৰাকীক ৫ টা প্ৰশ্ন এখন হাতেৰে মোবাইল ভিডিঅ' সংগ্ৰহ কৰি লোৱা সেই ক্ষণটো আছিল অতি বিৰল। তাৰ পাছতো তেখেতৰ সৈতে আৰু কিছু সময় থাকি তেখেতৰ বিষয়ে তেখেতৰ মুখেৰে শুনাৰ সুযোগ লাভ কৰিছিলো।
১৯৪০ চনত জন্মগ্ৰহণ কৰা বাংলাদেশৰ এইগৰাকী অৰ্থনীতিবিদে ঢাকা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। ভেন্দাৰ বিল্ট বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰি বিদেশত অধ্যাপনাও কৰিছিল তেওঁ। পুনৰ বাংলাদেশলৈ ঘূৰি আহি চিতাগাং বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগত যোগদান কৰাৰ সময়তে তেওঁ এবাৰ বিশ্ববিদ্যালয়ৰ কাষৰেই এখন গাঁৱলৈ গৈছিল।
গাঁৱলৈ যাঁওতে তেওঁ দেখিছিল জব্ৰা নামৰ ঠাইত থকা সেই গাঁওখনৰ মানুহবোৰ অতি দুখীয়া। মহিলা সকলে বাহৰ ফাৰ্ণিচাৰ প্ৰস্তুত কৰে যদিও সেই ফাৰ্ণিচাৰ প্ৰস্তুত কৰিবলৈ এক শ্ৰেণী মহাজনৰ পৰা ধাৰ ল'ব লগা হয়।
সেই ধাৰ আৰু ধাৰৰ সুদ দিওতেই তেওঁলোকৰ অৱস্থা কাহিল হয়। এই কথা প্ৰফেচাৰ মহম্মদ ইউনুচে লক্ষ্য কৰিছিল। তেওঁ কৈছিল ''মানুহবোৰৰ অৱস্থা দেখি মই হতাশ হলো। য'তেই সমস্যা তাত সমাধানৰ পথ থাকে।
মোৰ মনলৈ এক চিন্তা আহিল।এটা কনচেপ্ট লৈ মই ৪২ জনী মহিলাক মোৰ জেপৰ পৰাই মুঠ ২৭ ডলাৰ ধাৰ দিলো। মই বিশ্বাস কৰো দানতকৈ কাৰোবাক ভাল কামৰ বাবে ঋণ দিলে তেওঁলোক উপকৃত হয়।
বিশ্বাসেই আছিল মোৰ আধাৰ। কেনেকৈ ধনৰ সৎ ব্যৱহাৰ কৰিব লাগে সেয়া তেওঁলোকক বুজালো। মোক তেওঁলোকে ধাৰৰ ধন ঘূৰাই দিলে। তেওঁলোকো লাভান্বিত হ'ল। সেয়া ১৯৭৪ চনৰ কথা।
তাৰ পাছত জনতা বেংকৰ পৰা কিছু ঋণ লৈ তেওঁলোকক পুনৰ ঋণ দিয়াৰ কাম আৰম্ভ কৰিলো। ১৯৮২ চনত এনেকৈ ঋণ লোৱা মহিলাৰ সংখ্যা ২৪,০০০ হ'লগৈ।
তেতিয়া মোৰ মনলৈ বেংক এটা প্ৰতিষ্ঠা কৰাৰ কথা আহিল। নাম দিলো 'ভিলেজ বেংক'। ১৯৮৩চনৰ ১ অক্টোবৰত পাইলট প্ৰজেক্টৰ কাম আৰম্ভ কৰিলো। পাছলৈ অৱশ্যে সেই বেংকৰ নাম 'গ্ৰামীণ বেংক' কৰা হ'ল। বৰ্তমান ইয়াৰ উপভোক্তাৰ সংখ্যা ৭.৪ মিলিয়ন। মহিলা বোৰত এটা এটা গোট কৰি পৰস্পৰে পৰস্পৰৰ প্ৰতি দায়বদ্ধশীল হ'বলৈ শিকালো''।
তেওঁ কৈ গ'ল সেই কাহিনী।মাছ, জলসিঞ্চন, গ্ৰামীণ টেলিকম, গ্ৰামীণ ফোনৰ ব্যৱস্থা কৰিলে। এদিন দুদিনত নহয়, বহু অধ্যাৱসায় -পৰিশ্ৰমৰ ফলত লাহে লাহে সফলতা আহিল।
আন বেংকৰ দৰে ঋণ বিচাৰি গ্ৰাহক বেংকলৈ দৌৰিব নালাগে। তেওঁলোক নিজেই যায় গ্ৰাহকৰ ওচৰলৈ। মুঠ উপভোক্তাৰ ৯৫ শতাংশই মহিলা।ঋণ দিয়াৰ সময়ত কোনো আইনী চুক্তি নহয়, কেৱল বিশ্বাসেই আধাৰ।
মাইক্ৰক্ৰেডিট, মাইক্ৰফাইনেঞ্চৰ এই ধাৰণাই বাংলাদেশৰ দুখীয়া লোক সকলৰ বুনিয়াদে সলনি কৰি দিলে। গ্ৰামীন ফোনৰ জৰিয়তে ৫০ হাজাৰ গাঁৱৰ ২ লাখ ৬০ হাজাৰ লোকক ছেলফোন দিয়াত সফল হ'ল।
সেই ফোন নিৰ্মাণ কৰিছিল গ্ৰামীণ ফোন নামৰ সংস্থাটোৱে।বাংলাদেশৰ সেই মাইক্ৰক্ৰেডিট আৰু মাইক্ৰ কনচেপ্ট এতিয়া আমেৰিকাৰ দৰে দেশতো গ্ৰহণ কৰা হৈছে। ভাৰততো একেই কনচেপ্টতে আত্ম সহায়ক গোট, মহিলা গোট, বন্ধন বেংকৰ ঋণ, কৃষকৰ বাবে কিষান ক্ৰেডিট কাৰ্ড আদি দিয়াৰ ব্যৱস্থা কৰা হৈছে।
কিন্তু চুবুৰীয়া বাংলাদেশ সফল হ'ল, আমি বিফল হলো। ধাৰ লৈ বিলাস কৰিলো। কোনো কোনো গোটে আত্মসহায়কৰ জমা ধন উচ্চ হাৰত সুদলৈ দি পাভ চোচা দিয়াত সুদ ভৰিব নোৱাৰি ঘৰ বাৰী বিক্ৰী কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হ'ল। সেই ঋণৰ ধনেৰে কি কৰিছে তাক পৰ্যবেক্ষণ কৰিবলৈ কোনো নাই আমাৰ ইয়াত। অসমতো প্ৰতিষ্ঠা কৰা হল কেইবাটাও গ্ৰামীণ বেংক। কিন্তু লাভ একো নহ'ল। ইয়াৰে একাংশ বেংকৰ কাৰ্যালয় সমূহ বন্ধ হৈ যোৱাৰ লগে একাংশ এতিয়া প্ৰায় নোহোৱাৰ নিচিনাই।
বাংলাদেশৰ এইজন অৰ্থনীতিবিদৰ বাবে এতিয়া সেই দেশৰ অৱস্থা উন্নত।ন'বেল বিজয়ী জনৰ সান্নিধ্যত কথাবোৰ ভবাৰ অৱকাশ পালো।কেৱল আঁচনিৰেই নহ'ব, সেইবোৰৰ সফল প্ৰয়োগ আৰু উপযুক্ত পৰ্যালোচনা, পৰ্যবেক্ষণৰ প্ৰয়োজন। নহ'লে বন্ধন বা মাইক্ৰ ফাইনেঞ্চৰ ঋণ লৈ দুদিনমান বিলাস কৰিব পাৰিব তাৰ পাছত ঋণ ঘূৰাই দিব নোৱাৰে। সৰ্বস্বান্ত হৈ পৰিব। চৰকাৰে সেই ঋণ মাৰিব বা মাফ কৰিব লাগিব।
Also Read: উত্তৰ-পূৱৰ হাত ধৰি ২০২৪ লৈ মোডী...