তিনি বছৰ আগৰ কথা। ৩জনীয়া জুৰি মিলিত হৈছিল সাহিত্য অকাডেমীৰ সেই বৰ্ষৰ অসমীয়া ভাষাৰ বঁটা কাক দিব সেই সিদ্ধান্ত ল'বলৈ। এই জুৰিত আছিল এজন সম্পাদক, লেখক-সমলোচক, এজন বিশিষ্ট কবি আৰু এজন প্ৰাক্তন অধ্যাপক তথা সাহিত্য সমালোচক।
মূলতঃ দুটা নাম সেইবাৰ চৰ্চালৈ আহিছিল। তাৰে এটা নাম আছিল প্ৰণৱ জ্যোতি ডেকা। সম্পাদক তথা লেখক-সমালোচক গৰাকীৰ নিৰ্বাচনত সেই বঁটাৰ বাবে প্ৰণৱ জ্যোতি ডেকাৰ নামেই উঠিছিল। কিন্তু আন দুজন জুৰিয়ে পূৰ্বতেই এক প্ৰকাৰৰ সিদ্ধান্ত লৈছিল তেওঁলোক দুয়োৱে নিৰ্বাচন কৰিব আন এজন গল্পকাৰক।
সেইবাৰ সেইগৰাকী গল্পকাৰে সাহিত্য অকাডেমী বঁটা লাভ কৰিলে। প্ৰণৱ জ্যোতি ডেকা উপেক্ষিত হৈ ৰ'ল। এনে বঁটা বাহন নিৰ্বাচনৰ ক্ষেত্ৰত ব্যক্তিগত সম্পৰ্ক, লবীকেন্দ্ৰিক সহানুভূতিয়ে এক ডাঙৰ ভূমিকা পালন কৰি আহিছে।
মহেন্দ্ৰ বৰাৰ দৰে কবি-সাহিত্যিকো বঞ্চিত হৈছিল সাহিত্য অকাডেমী বঁটাৰ পৰা। বঞ্চিত সেই ৰ'ব নেকি তেনেদৰেই বিশিষ্ট গল্পকাৰ, উপন্যাসিক, গৱেষক প্ৰণৱ জ্যোতি ডেকা? তেওঁৰ গল্পবোৰ অতি উন্নতমানৰ।
অভিধান প্ৰণেতা হিচাপেও তেওঁৰ আন এক পৰিচয় আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ব বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা প্ৰণৱ জ্যোতি ডেকাৰ গল্পসমূহৰ বিস্তৃত সমালোচনা আজিলৈকে নহ'ল।
তেখেতৰ আত্মজীৱনী ''সোণৰ চামুচ মুখত লৈ'' যিয়ে পঢ়িছে তেওঁ অনুভৱ কৰে তেখেতৰ স্পষ্টবাদীতা, লিখনিৰ চোক আৰু লিখনশৈলীৰ দক্ষতা। নিসন্দেহে অসমীয়া আত্মজীৱনীবোৰৰ ভিতৰত অন্যতম এখন শ্ৰেষ্ঠ আত্মজীৱনী হোৱাকৈ সকলোখিনি আছে ইয়াত।
বহু সমালোচকে ক'ব খোজে বিপিন চন্দ্ৰ পালৰ পাছত এইখন এখন শ্ৰেষ্ঠ আত্মজীৱনী। সকলো কথা তেওঁ খুলি কৈছে। ক'তো আঁৰ-বেৰ নাই। আনকি যৌন জীৱনৰ গোপন কৰিব পৰা কথাবোৰ তেওঁ উদঙাই দিছে নিৰ্ভীকভাৱে।
তেওঁ খেয়ালী। কাৰো ওচৰত তেওঁ স্বাৰ্থৰ বাবে হাতযোৰ নকৰে। নিজস্বতাক লৈ নিজস্বভাৱে জীৱন নিৰ্বাহ কৰিব খোজে তেওঁ। সাহিত্যৰ ক্ষেত্ৰতো নিজৰ বাবে তেওঁ এই নীতি মানি চলে।
সেয়েহে কৈলাশনাথ, একুৰ বছৰৰ গল্প, এজাক এলেহুৱা কাউৰীৰ সাধু, বেৱাৰিছ লাছ আৰু অন্য গল্প,বিহুৱতী চৰাই আৰু অন্য গল্প, ড৹ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প আদি গল্প সংকলনৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰাৰ পাছতো তেওঁক লৈ চৰ্চা হোৱা নাই সমালোচকৰ মাজত।
পৰমেশ্বৰ আছে নাই, চৰ্যাগীত আৰু বৌদ্ধ তন্ত্ৰ, ধৰ্মৰ প্ৰাণতত্ত্ব, Nilachal Kamakhya: Her History and Tantra, Scientific Evidence for Vedic Astrology, ৰত্নজ্যোতিষ আৰু বিজ্ঞান, Century old Castes, Tribes and Guild, জ্যোতি দ্বিভাষিকৰ বুৰঞ্জী, ৰূপোপজীৱিনী বনাম দেহোপজীৱিনী (প্ৰাপ্তবয়স্কৰ যৌনজ্ঞান গ্ৰন্থ) আদি তেওঁৰ প্ৰৱন্ধ পুথি।
১৯৩৯ চনৰ ২১ জুলাইত প্ৰণৱ জ্যোতি ডেকাৰ জন্ম হৈছিল কলকাতাত।তেওঁৰ পিতৃ আছিল প্ৰথমজন অসমীয়া বিচাৰক হলিৰাম ডেকা। গুৱাহাটীৰ ড'নবস্কৰ পৰা প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল তেওঁ ১৯৫৫ চনত। কটন কলেজ আৰু বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি অৰ্থনৈতিক ভূ-তত্ব বিষয়ত লেনিনগ্ৰাড খনি বিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ডেকাই।
ৰাছিয়াত কিছুদিন কাম কৰাৰ পাছত ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ব বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰি তাৰপৰাই অৱসৰ গ্ৰহণ কৰে। গৱেষণাৰ ক্ষেত্ৰত তেওঁ বহু মাইলৰ খুঁটি স্থাপন কৰিছিল যদিও মেধাৱী গৱেষকগৰাকী বিভিন্ন সময়ত অৱজ্ঞাৰ বলি হৈছিল।
আনকি চৰ্যাপদৰ ক্ষেত্ৰত তেওঁ কৰা অধ্যয়ন আছিল ব্যতিক্ৰম। ইয়াক মূল্যায়ন কৰাৰ সলনি তথাকথিত বৌদ্ধিক তথা সাহিত্য-সমালোচক সকলে অস্বীকাৰ কৰিব নোৱাৰি মৌনতা অৱলম্বন কৰিছিল।
দেখাত খঙাল যেন লাগিলেও মানুহজন অতি মৰমিয়াল। ভাষা, জাতি আৰু গৱেষণাৰ প্ৰতি তেওঁৰ আছিল প্ৰচুৰ দায়িত্ববোধ। কি পাইছো সেয়া তেওঁ কেতিয়াও ভাবি নাচাইছিল। যিসকল ছাত্ৰ তথা লোকৰ সৈতে তেওঁৰ সম্পৰ্ক গঢ় লৈ উঠিছিল সেই সম্পৰ্ক সদায় বন্ধুত্ব সুলভ হৈ পৰিছিল।
বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ সময়ত যিসকল ছাত্ৰই তেওঁৰ সান্নিধ্য লাভ কৰিছিল সেই সান্নিধ্যৰ কথা এতিয়াও সোঁৱৰে- ''ছাৰে আমাক বন্ধুৰ দৰে জ্ঞান কৰিছিল। ছাৰৰ লগত থাকিলে আমি পকেটত হাত ভৰাবই লগা হোৱা নাছিল। এদিন ছাৰে আমাক কৈছিল মোৰ লগত থাকিলে তহঁতে পকেটত হাত ভৰাবলৈ পাহৰিবি চোন''।
এইগৰাকী গৱেষক, সাহিত্যিকে নিসন্দেহে সাহিত্য অকাডেমী বঁটা কেতিয়াবাই লাভ কৰিব লাগিছিল। তেওঁৰ সৃষ্টিৰাজি আৰু গৱেষণাৰ সঠিক মূল্যায়ন কৰাতো প্ৰয়োজন আছিল। নিজক লৈ তেওঁ কেতিয়াও এনে বঁটা, সন্মানৰ প্ৰতি আকৰ্ষিত নহয়। কিন্তু তেওঁৰ গুণগ্ৰাহী আৰু তেওঁৰ মহত্ব বুজি পোৱা সকলে আশা কৰে আন নহ'লেও সাহিত্য অকাডেমী বঁটা প্ৰণৱ জ্যোতি ডেকাৰ দৰে সাহিত্যিক-গৱেষকে কেতিয়াবাই পোৱা উচিত আছিল। হয়তো পলম হ'লেও এদিন এই খবৰ আহিব।
Also Read: নিমাত প্ৰধানমন্ত্ৰী মোডীঃ অসহায় বিৰোধী...