কোম্পানীয়ে চলাব চৰকাৰ!

ৰাজ্যত এটাৰ পাছত আন এটা সম্পত্তিৰ দায়িত্ব অৰ্পন কৰা হৈছে ব্যক্তিগত খণ্ডৰ হাতত। এইবাৰ ৰাজ্যত শিক্ষক বদলি কৰণৰ প্ৰক্ৰিয়া অৰ্পন কৰা হৈছে এটা ব্যক্তিগত খণ্ডৰ কোম্পানীক। ইতিমধ্যে ইয়াক লৈ বহু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

author-image
Asomiya Pratidin
New Update
কোম্পানীয়ে চলাব চৰকাৰ!

privatization

মৃদুল কুমাৰ সন্দিকৈ

এনেকুৱা এটা দিনৰ কথা কল্পনা কৰক।জনসাধাৰণে কোনো এটা ৰাজনৈতিক দলক নিৰ্বাচনত জয়ী কৰি শাসনৰ বাঘজৰী তুলি দিলে। তাৰ পাছত শাসকীয় দলটোৱে চৰকাৰ গঠন কৰি চৰকাৰ চলাবলৈ তাৰ সমস্ত দায়িত্ব কোনোবা কোম্পানীক দি দিলে।

সেয়াই হ'বলৈ গৈ আছে। হৈ আছে তেনেকুৱাই। ব্যক্তিগত খণ্ডৰ ওপৰত চৰকাৰৰ আস্থা আৰু ভৰসা ইমানেই বাঢ়ি গৈছে যে সকলো কথাতেই ব্যক্তিগত মালিকাধীন কোনো কোম্পানী নহ'লে নচলা হৈছে।

মনত আছেনে কিছু দিনৰ পূৰ্বে চৰকাৰে যে পুৰণি কৃতি স্তম্ভ সমূহ কোম্পানীক গটাই দিছিল। দেশৰ মৰ্যদা আৰু ঐতিহ্যৰ সেই স্বাক্ষৰ সমূহ এখন চৰকাৰে ৰক্ষণা-বেক্ষণ দিব পাৰিম বুলি বিশ্বাস ৰাখিব নোৱাৰাতো কম পৰিতাপৰ কথা নে।

লাভদায়ক ৰেল বিভাগৰ কেইবাখনো ৰেল, ৰেল ষ্টেচন ইতিমধ্যেই বেচৰকাৰী খণ্ডক গটাই দিয়া হৈছে। দেশৰ লাভজনক ৰেল বিভাগক বেচৰকাৰী খণ্ড বা ব্যক্তিগত খণ্ডক লীজত দিয়া এই প্ৰৱণতাই এখন চৰকাৰৰ পূঁজিপতি গোষ্ঠীৰ ওপৰত কিমান নিৰ্ভৰশীল সেই মানসিকতাক উদঙাই দিয়ে।

এতিয়া অসমতো অনুৰূপ কাৰ্য চকুৰ সন্মুখতেই ঘটি আছে।চৰকাৰী চাকৰি নিযুক্তি প্ৰক্ৰিয়াত সেই ব্যক্তিগত খণ্ডৰ আশীৰ্বাদ নহ'লে সম্পূৰ্ণ নহয়। তেওঁলোকৰ গাত ভেজা দিহে সন্মুখত কাৰোবাক ৰাখি এই কাম কৰি থকা হৈছে।

এছ আই কেলেংকাৰীৰ সময়তেই পোহৰলৈ আহিছিল কেনেকৈ নিযুক্তি পৰীক্ষাৰ মূল্যায়নৰ ঠিকা ব্যক্তিগত খণ্ডক দিয়া হৈছিল। বিদ্যুত, পেট্ৰ' কেমিকেলচ, বিমান বন্দৰ সেইবোৰো ইতিমধ্যে ব্যক্তিগত কৰণৰ কাম পূৰ্ণ গতিত চলি আছে।

বি এছ এন এলৰ অৱস্থা চৰকাৰী পৃষ্ঠপোষকতাতেই অতি কৌশলগত ভাৱে কাহিল কৰি ষ্পেকটাম নিলামৰ নামত দুৰ সংযোগতো ব্যক্তিগত খণ্ডক ৰঙা দলিচা পাৰি আদৰি অনা হ'ল।

চৰকাৰী খণ্ডৰ টেলিকম প্ৰতিষ্ঠানৰ মৃত্যু মুখলৈ ঠেলি দি চৰকাৰে আদৰি অনা ব্যক্তিগত খণ্ডই ইতিমধ্যে চৌদিশ ছানি ধৰিছে।এই ধাৰাবাহিকতা চলি আছে, চলি থাকিব।তাৰ প্ৰমাণ ৰাইজে ইতিমধ্যে পাইছে যদিও দেখি শুনি মাত মাতিবলৈ অৱকাশ পোৱা নাই।

যি দুই এক প্ৰতিবাদ সাৱ্যস্ত হৈছে সেই প্ৰতিবাদ লৈ পিঠি দি আদানী , আম্বানীক ধনী কৰাৰ যেন প্ৰতিযোগীতাত নামিছে চৰকাৰ। কোনো কোনোৱে কৌতুক কৰি এনে কথাও কয় যে দুজন গুজৰাটীয়ে দেশ খন বিক্ৰী কৰিছে আৰু দুজন গুজৰাটীয়ে দেশখনৰ সম্পত্তি কিনিছে।

বেংক, এল আই চি,নিৰ্মাণ খণ্ডৰ প্ৰতিষ্ঠান, বৃহৎ বৃহৎ উদ্যোগ আৰু সংবাদ মাধ্যমতো এই পূঁজিপতিৰ অদৃশ্য হাতোৱা বৰ বেয়াকৈ পৰিছে। তাৰ মাজতেই অসমৰ এক খবৰে সকলোৰে চকু কঁপালত তুলিছে।

মাধ্যম বিতৰ্ক, বিদ্যালয় একত্ৰিকৰণ আদিৰ পাছত শিক্ষক বদলিকৰণৰ প্ৰক্ৰিয়াটোক এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক গটাই দিয়াত প্ৰশ্ন উঠিছে বিদ্যালয়ৰ শিক্ষক সকলো যদি বদলি প্ৰক্ৰিয়াটো শিক্ষা বিভাগৰ কৰ্মচাৰীয়ে কৰিব নোৱাৰে তেনেহ'লে এই বিভাগৰ প্ৰয়োজন ক'ত?

হাজাৰ হাজাৰ বিষয়া কৰ্মচাৰীয়ে ৰাইজৰ ধন দৰমহা হিচাপে লৈ আছে। সেই সকল বিষয়া কৰ্মচাৰীক আঁচৰাই ৰাখি শিক্ষা বিভাগে গ্ৰেচিয়া নামৰ এটা প্ৰতিষ্ঠানক শিক্ষক বদলিকৰণৰ দায়িত্ব অৰ্পন কৰিছে।

শিক্ষক বদলিত অনলাইন আৱেদন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছত একাংশ শিক্ষকে সেই আবেদনৰ বাবে খবৰ বিচাৰি প্ৰাথমিক শিক্ষা সঞ্চালকায়লৈ গৈছিল। তাতেই কোনো শিক্ষা বিভাগৰ কৰ্মচাৰীয়ে তেওঁলোকক সেই সন্দৰ্ভত বিশেষ জনাব নোৱাৰি দেৱালত আঁৰি থোৱা এখন জাননী পঢ়িবলৈ কৈয়ে দায়িত্ব সামৰে।

এই জাননী খনত শিক্ষক বদলি কৰণ সন্দৰ্ভত যিকোনো তথ্যৰ বাবে ৯১২৭৮৪০৩৬৮ নম্বৰত যোগাযোগ কৰিবলৈ কোৱা হৈছিল। এই জাননী খনত লিখা আছে ''টিচাৰ ট্ৰেন্সফাৰ মেনেজমেন্ট''। দিয়া থকা নম্বৰটোত কিবা জানিব লগা থাকিলে পুৱা ১০ বজাৰ পৰা আবেলি ৬ বজাৰ ভিতৰত যোগাযোগ কৰিবলৈ কোৱা হৈছে।

গ্ৰেচিয়া নামৰ এই প্ৰতিষ্ঠানটোক সমগ্ৰ দায়িত্ব অৰ্পন কৰি কি চৰ্তত এই বদলি প্ৰক্ৰিয়া হ'ব আৰু বদলি ক্ষেত্ৰত কি কি চৰ্ত থাকিব তাক লৈ কোনো কথা নিৰ্দিষ্টকৈ জনোৱা হোৱা নাই।সততা আৰু নিকা ভাৱে শিক্ষক বদলিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হওক। কিন্তু তাৰ নামত এক ব্যৱস্থা গঢ়ি তোলাৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ হাতত চৰকাৰী বিভাগৰ বদলি প্ৰক্ৰিয়া এনেদৰে তুলি দিয়াতো ভাবিবলগীয়া।

যিকোনো প্ৰকাৰে সংস্কাৰৰ নামত, লাভৰ দোহাই দি ব্যক্তিগত খণ্ডৰ হাতত যদি সকলোবোৰ তুলি দিবই লগা হয় তেনেহ'লে চৰকাৰ বা চৰকাৰী বিভাগৰ কাম কি? সেই কামবোৰ কৰিব পৰাকৈ ব্যক্তিগত খণ্ডৰ বিপৰীতে চৰকাৰী খণ্ডত তেনে আন্ত:গাঠনি কিয় গঢ়ি তুলিব পৰা হোৱা নাই? তথ্য প্ৰযুক্তিৰ কথা ওলালেই ব্যক্তিগত খণ্ডৰ হাতত সকলোবোৰ গটাই দিয়া হয়।

অথচ ৰাজ্যত বা দেশত তথ্য প্ৰযুক্তি বিয়াগোম বিভাগ আছে। আওপকীয়াকৈ কোনোবা কোম্পানী বা প্ৰতিষ্ঠানক চৰকাৰে সকলোবোৰ দায়িত্ব লাহে লাহে দি দিয়া এই প্ৰৱণতাই চৰকাৰ খনকেই ব্যক্তিগত কৰণ কৰি পেলাইছে।

তেনে স্থলত এদিন পূৰ্বতে উল্লেখ কৰা সেই সময় নাহিবনে? নামতহে এখন চৰকাৰ থাকিব বাকী সকলোবোৰ কাম কাজ চৰকাৰৰ নামত ব্যক্তিগত কোম্পানী বোৰে চলাব। এতিয়া চৰকাৰ চেমি বেচৰকাৰী হৈ আছে। অপেক্ষা কৰক এদিন চৰকাৰ খনেই বেচৰকাৰী হৈ পৰিব। ব্যক্তিগত কোম্পানীয়ে চৰকাৰ চলাব।

assam himanta biswa sarma assam govt privatization