মৃদুল কুমাৰ সন্দিকৈ
এজন শিক্ষাগুৰুৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিৰুদ্ধে এই পৰ্যায়ত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা উদাহৰণ বিৰল। উজনি অসমৰ এখন গুৰুত্বপূৰ্ণ আৰু উল্লেখযোগ্য মহাবিদ্যালয় হ'ল উত্তৰ লখিমপুৰ মহাবিদ্যালয়।
সেই অঞ্চলটোত উচ্চ শিক্ষাৰ প্ৰসাৰ আৰু মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত এই মহাবিদ্যালয়খনৰ বৰেণ্য অৱদান কোনোৱে অস্বীকাৰ কৰিব নোৱাৰে। এক বৰ্ণিল ইতিহাসৰ গৰাকী এই মহাবিদ্যালয়খন।
মহাবিদ্যালয়খনৰে অসমীয়া বিভাগৰ অধ্যাপক ড০ হেমন্ত শৰ্মাৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হ'ল সেই অভিযোগৰ সত্যতা অস্বীকাৰ কৰিছে মহাবিদ্যালয়খনৰেই ছাত্ৰ-ছাত্ৰীয়ে।
আনকি অভিযোগ দাখিল কৰা ৫৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়েও সহকাৰী প্ৰৱক্তা ড০ শৰ্মাৰ ক্ষেত্ৰত স্থিতি সলনি কৰাৰ পৰিৱেশে বিষয়টোক ৰহস্যৰ মাজলৈ ঠেলি দিছে। অভিযোগ উঠিছিল এইগৰাকী শিক্ষাগুৰুয়ে সুৰাৰ ৰাগীত মতলীয়া হৈ শ্ৰেণীকোঠাত পাঠদান কৰাৰ লগতে সুৰাসক্ত অৱস্থাত কেইবাগৰাকী ছাত্ৰীক অশালীন ব্যৱহাৰ কৰিছিল।
তাৰ ভিত্তিত মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ড০ শৰ্মাক লখিমপুৰ সদৰ থানাত ২৭৫/২৩ নম্বৰৰ এটা গোচৰ তৰি ৩৫৪ এ/৩৫৪/৫০৯/৫০৬ ধাৰাত গ্ৰেপ্তাৰ কৰে। তাৰপাছতেই মহাবিদ্যালয়খনৰ বৰ্তমানৰ আৰু একাংশ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অভিযুক্ত শিক্ষাগুৰু গৰাকীৰ নিৰ্দোষী আৰু তেওঁৰ চৰিত্ৰক লৈ উঠা প্ৰশ্নক খাৰিজ কৰিছে।
এয়া কিয় হ'বলৈ পালে? এই প্ৰশ্ন এতিয়া সকলোৰে মুখে মুখে। কি কাৰণত সহকাৰী প্ৰৱক্তা গৰাকীৰ বিৰুদ্ধে এই ষড়যন্ত্ৰৰ জাল ৰচা হ'ল সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ উঠিছে। ছাত্ৰ-ছাত্ৰীসকলে এই নিশ্চিয়তা দিছে যে ড০ হেমন্ত শৰ্মাই অতি সৰলতাৰে শ্ৰেণীকোঠাত পাঠদান কৰে আৰু তেওঁৰ এই সৰলতাত সততা আৰু আত্মীয়তাৰ বাদে তেনে কোনো কলুষতা কেতিয়াও নাছিল।
সামাজিক মাধ্যমত শিক্ষকগৰাকীৰ সপক্ষে সকলোৱে মাত মাতিছে। সংবাদ মাধ্যমত শিক্ষকগৰাকীৰ এই খবৰ ভাইৰেল হৈ পৰিছে। অসমীয়া বিভাগৰ সেই ৫৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে উত্থাপন কৰা অভিযোগৰ বিপৰীতে অধ্যাপক গৰাকীৰ সপক্ষে থিয় দয়া ছাত্ৰ-ছাত্ৰীসকলে যে শিক্ষকগৰাকীৰ সৈতে হোৱা ঘটনাক লৈ যথেষ্ঠ মনোকষ্ট পাইছে সেই কথা ইতিমধ্যে ফুটি উঠিছে।
ড০ শৰ্মা মানুহজন কেনে সেই সন্দৰ্ভত বিশ্ববিদ্যালয়ত তেওঁৰ সৈতে একেলগে পঢ়া সতীৰ্থ তথা একালৰ তলৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়েই মত প্ৰকাশ কৰিছে। সকলোৰে মুখত এটায়েই কথা এইগৰাকী শিক্ষক কেতিয়াও এনে হ'ব নোৱাৰে।
তাৰপাছতো তেখেতৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সত্যতা আইনী প্ৰক্ৰিয়াৰে সঁচা বা মিছা বুলি প্ৰমাণিত হ'ব। এতিয়া সেই সময়লৈ অপেক্ষা কৰাৰ বাবে গত্যন্তৰ নাই। কিন্তু তাৰ মাজতে অভিযোগ উত্থাপন হোৱা অধ্যাপকগৰাকী সন্দৰ্ভত বিভিন্ন বিশেষণযুক্ত খবৰে শিক্ষকজনৰ অনুৰাগীসকলক বাৰুকৈয়ে হতাশ কৰিছে।
সমগ্ৰ ঘটনা সন্দৰ্ভত কেইবাটাও দিশ মন কৰিবলগীয়া। যদি সঁচাকৈয়ে সুৰাপান কৰি শিক্ষকগৰাকীয়ে শ্ৰেণী কোঠালৈ আহিছিল তেনেহ'লে ইমান দিনে তেওঁৰ বিৰুদ্ধে মহাবিদ্যালয় কৰ্তৃপক্ষই উপযুক্ত প্ৰমাণসহ ব্যৱস্থা গ্ৰহণ কৰা নাছিল কিয়?
আজিকালি এক মিনিটৰ ভিতৰতেই সুৰাপান কৰা ব্যক্তিক চিনাক্ত কৰিব পৰা যায় বা তেওঁক দেহত থকা সুৰাৰ উপস্থিতিৰ পৰিমাণ নিৰ্ণয় কৰিব পাৰি। সেই দিশত কিন্তু ব্যৱস্থা গ্ৰহণকাৰীসকলে উদাস ভুমিকা গ্ৰহণ কৰিলে।
ছাত্ৰ-ছাত্ৰীসকলৰ এই সমস্যা আৰু অভিযোগ বিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সৈতে আলোচনা নকৰাকৈ তৎপৰতাৰে গ্ৰহণ কৰা পদক্ষেপতো আন এক সুৰুঙা ৰৈ গৈছে। সৰল অধ্যাপকজনে যি আত্মবিশ্বাসেৰে এই ঘটনাক অস্বীকাৰ আৰু তেওঁৰ পক্ষত ছাত্ৰ-ছাত্ৰীসকলে যি হাৰত থিয় দি ইয়াক নসাৎ কৰিছে সেয়াও মন কৰিবলগীয়া বিষয়।
এইটোও ঠিক যে আৱেগেৰে সকলো নচলে। কোনোবাই ভাল বুলি ক'লে আইনে তথ্য প্ৰমাণ নাপালে ভাল বুলি নকয়। সেই দৃষ্টিভংগীৰে হয়তো অপৰাধী হ'লেও বা নহ'লেও এনে এক গুৰুতৰ অভিযোগত অভিযক্ত হৈ সৰবৰহী শিক্ষকগৰাকীয়ে জেলৰ ভাত খাব লগা পৰিৱেশ সৃষ্টি হৈছে।
খবৰ এই ধৰণেও আহিছে যে অধ্যাপকগৰাকীক লঘু শাস্তি বিহিবলৈ অভিযোগ দাখিল কৰা ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয় কৰ্তৃপক্ষক অনুৰোধ কৰিছিল। হেমন্ত শৰ্মা ছাৰ এনে হ'বই নোৱাৰে বুলি বিশ্বাস ৰখা সকলৰ বাবে এই খবৰ অত্যন্ত বেদনাদায়ক। মহাবিদ্যালয় সমূহত এইধৰণৰ ঘটনা প্ৰায়েই সংঘটিত হয়।
এনে উদাহৰণো আছে, মহাবিদ্যালয়লৈ আহোতে মাৰ্জিত সাজ-পোচাক পৰিধান কৰি আহিবলৈ অনুৰোধ কৰোতে ঠিকাভিত্তিত নিযুক্তি লাভ কৰা কলেজৰ শিক্ষত্ৰীয়ে মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধেই গৰ্জি উঠিছিল। সংবাদ মাধ্যমৰ সহায় লৈ খবৰ বা বাতৰি নিজৰ ধৰণে প্ৰকাশ কৰাৰ প্ৰৱণতা মুক্ত হ'ব নোৱাৰিলে। যি খবৰে প্ৰকৃত সত্যক ঢাকি শৃংখলাবদ্ধতাৰ আৰু মৰ্যদাবোধৰ স্বাৰ্থত উপদেশ দিয়া এজন অধ্যক্ষকক দোষী সাৱ্যস্ত কৰিবলৈ কুচকাৱাজ চলাইছিল।
সেই ধৰণৰ নেতিবাচক খবৰক আধাৰ কৰি কৰবাত কোনোবাই কাৰোবাৰ বিৰুদ্ধে প্ৰতিশোধ পূৰণৰ এই প্ৰতিযোগিতা চলি আছে চলি থাকিব। নিৰ্দোষী প্ৰমাণ হোৱাৰ পাছত হেৰুওৱা সন্মান কোনোৱে ঘূৰাই দিব নোৱাৰে।
লখিমপুৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকজনৰ ক্ষেত্ৰতো সেয়াই হৈছে নেকি? তেনেকৈ ভৱা অৱকাশ বহুতে বিচাৰি পাইছে। অপৰাধী হয় নহয় তাৰ চূড়ান্ত নিৰ্ণয় হোৱাৰ পূৰ্বেই এজন অধ্যাপকক এনেদৰে মানসিকভাৱে হত্যা কৰাৰ ষড়যন্ত্ৰত আমিও চামিল হৈছো নেকি কেনেবাকৈ সেয়াও বিচাৰ্য বিষয়।
অধ্যাপকজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মিছা প্ৰমাণিত হ'লেও ষড়যন্ত্ৰকাৰীয়ে ইতিমধ্যে সামাজিকভাৱে তেওঁৰ সন্মান লাঘৱ কৰাত সফল হৈছে। কিন্তু ব্যতিক্ৰমী কথাতো হ'ল তেখেতৰ সান্নিধ্য পোৱা ছাত্ৰ-ছাত্ৰীয়ে খামীডাঠ হৈ এই প্ৰমাণ পত্ৰ দিছে- আমাৰ ছাৰ এনে হ'বই নোৱাৰে। এয়াও তেখেতৰ বাবে কম প্ৰাপ্তি নহয়। প্ৰকৃত সত্য এতিয়া পোহৰলৈ অহাৰ অপেক্ষাত সকলো অপেক্ষাৰত।
Also Read: ৩ টা জীয়া কাহিনী আৰু ৰণভূমিত ন্যায়লৈ অপেক্ষাৰত ধৰ্ষিতা ছোৱালীজনী...